হাঁহিৰে জগত জিনি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাঁহিৰে জগত জিনি

হাঁহিৰে জগত জিনি

Share This
বিজ্ঞাপন বিশেষ ৰসাল হিতোপদেশ
১. যদি অফিচত আপোনাৰ মূৰব্বীয়ে তেখেতৰ ব্যক্তিগত সহকাৰী অথবা সহৰ্কমীৰ ওপৰত যৌন নিৰ্যাতন বা অশ্লীল ইংগিত দিয়াৰ প্ৰয়াস কৰিছে, তেন্তে তাৰ প্ৰতিবাদ কৰিব পৰাকৈ সাহস গোটাই "ঐ...." বুলি চিঞৰিব পাৰিবলৈ আপুনি "অফিচাৰচ চয়ছ নীলা" নামৰ ব্ৰেণ্ডটোৰ চ'ডা পান কৰাৰ অভ্যাস গঢ়িব লাগিব।


২. গাড়ী বা মটৰ চাইকেলৰ কিনাৰ লগে লগে আপুনি ৰেজিষ্ট্ৰেচন কৰিবলৈ পৰিবহন বিষয়াৰ অফিচলৈ যাওতে আপোনাক উল্লু বনাব পাৰে, সেয়া বাটতে এটি "আইডিয়া" চীম আৰু কানেকচন লৈ যাবলৈ নাপাহৰিব।

৩. আপুনি যদি প্ৰথমবাৰ দৰমহা পোৱাৰ টকাৰে ফাইভ ষ্টাৰ হোটেলত খাবলৈ গৈছে, তেন্তে কাপোৰ যোৰ উজ্বলা দি ৰিন ছুপ্ৰীমেৰে ধুই যাবলৈ নাপাহৰিব। নহ'লে কোনোৱে কটুক্তি কৰিলে, এয়া প্ৰথমবাৰহে, শেষবাৰ নহয় বুলি সজোৰে প্ৰতিবাদ কেনেকৈ কৰিব?

৪. ছোৱালীৰ ঘৰলৈ ল'ৰাই ছোৱালী চাবলৈ আহিলে আলহী বহা কোঠাত ফেচবুক থকা লেপটপ বা টেব ৰাখিবলৈ নাপাহৰিব। নহ'লে আপুনি বীয়েৰ অথবা সুৰাপান কৰি মাজৰাতি পাৰ্টি কৰি ফুৰা অথচ মাকৰ আগত ভদ্ৰতম ল'ৰাকনৰ মুখাখন কেনেকৈ খুলিব!

৫. এতিয়া গৰম বুলি আপুনি পাহাৰ-পৰ্বত ভ্ৰমি ফুৰিবলৈ বেছি খৰছ কৰিব নালাগে, মাত্ৰ দহ টকাহে লাগিব। স্পাইটৰ ঠাণ্ডা কৰা সৰু বটল এটা খুলি ঘোট-ঘোটকৈ পি দিয়ক.. দেখিব বৰফ পৰা পাহাৰত ফুৰাৰ মজা থিতাতে লাভ কৰিছে। আহি গ'ল নহয়.. ভাল দিন হয়নে নহয়?

৬. চকলেট খাবলৈ ল'লে ৰাজহুৱা স্থানত সকলোৱে নহ'লেও অন্ততঃ সুদৰ্শন যুৱকে দেখাকৈ চকলেট মেৰিয়াই ৰখা চিলভাৰ ফইলখন চেলেকিবলৈ নাপাহৰিব। আচলতে চকলেটত নহয়, শেষত সেইখন চেলেকি গালে মুখে সানি লোৱাতহে আচল আনন্দ!

৭. ছোৱালীৰ ডিঙিৰ সৌন্দৰ্ষ চাই ফুৰাতকৈ গৰমত কোকাকোলা খাওক..প্ৰতিটো বটলৰ ডিঙিত লিখি থোৱা উপযুক্ত দামত আপুনি কোকাকোলা কিনি খাই ছোৱালীৰ ৰূপ সূধা পান কৰাতকৈ বেছি আনন্দ লাভ কৰিব। গাৰাণ্টি....ভেবা লাগি কি চাই আছে... পাগল কৰবাৰ!

৮. ঘৰত কাৰেণ্ট নাই যদি ৰাতি ভাত খোৱাৰ আগতে হেপ্পি ডেণ্ট চোবোৱা কৰক। দেখিব দাঁতৰ উজ্জ্বলতাৰ পোহৰে আপোনাৰ গোটেই পৰিয়ালকে অতি সুখেৰে ভাত মুঠি খোৱাত সহায় কৰিছে। অৱশ্যে ফেন নুঘুৰাৰ বাবে বিদ্যুত বৰদলৈক উন্নত গালি পাৰিবলৈ নাপাহৰিব!

৯. সুৰাপান কৰি গাড়ী চলোৱাৰ আগতে ইণ্টাৰনেটত স্থানীয় এছ.পি, ডিএছপি অথবা ডিজিপিৰ বয়স, পুত্ৰৰ বয়স আদি আগতীয়াকৈ জানি লব। নহ'লে কৰবাত মিছা কথা কওঁতে আজিকালি কনিষ্টবলেও আপোনাক উল্লু বনাই পঠাব পাৰে। সাৱধান!

১০. গাড়ী আপুনি নেমুটেঙা আৰু জলকীয়াৰ সুতাৰে বান্ধি সেই ভৰসাত নচলাব, ইৰফানে কোৱাৰ দৰে বিশেষ ব্ৰেণ্ডৰ টায়াৰ কিনি চলাওক। দুৰ্ঘটনা নহবৰ বাবে সেই টায়াৰ কোম্পানীয়ে হেনো ইতিমধ্যেই ওপৰৱালাৰ লগত বুজাবুজি  কৰি ৰাখিছেই! আপুনিও সুবিধা লওক!

আন আন ৰসাল হিতোপদেশ পঢ়িবলৈ ইয়াত ক্লিক কৰক!

No comments:

Post a Comment