আজিৰ ভাল খবৰবোৰ
১. বিদ্যায়তনিক উত্তৰণৰ অহৰহ প্ৰচেষ্টাৰ স্বীকৃতি স্বৰূপে গুৱাহাটী বিশ্ববিদ্যালয়লৈ ইউৰোপিয়ান ছ'চাইটী ফৰ কোৱালিটী ৰিছাৰ্চে আগবঢ়ালে "ইউৰোপিয়ান এৱাৰ্ড ফৰ বেষ্ট প্ৰেক্টিচেচ-২০১৪" বঁটা। বেলজিয়ামৰ ব্ৰুছেলছত ১জুনত হোৱা বঁটা প্ৰদান অনুষ্ঠানত উপাচাৰ্য ডঃ মৃদুল কুমাৰ হাজৰিকাই বিশ্বৰ মুঠ ৫৯খন দেশৰ ৭৩গৰাকী প্ৰতিনিধিৰ সৈতে অংশগ্ৰহণ কৰি এই বঁটা গ্ৰহণ কৰে ।
২. গুপ্তঘাতকৰ হাতত পিতৃহাৰা হৈও জীৱন যুঁজত অবিচল হৈ থাকি সাংবাদিক পৰাগ কুমাৰ দাসৰ কন্যা প্ৰেৰণা দাসে তুলি ধৰিলে অন্য এক উদাহৰণ। টাটা ইনষ্টিটিউট অৱ চ'চিয়েল ছাইন্সেছৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান লাভ কৰি সোণৰ পদকসহ উত্তীৰ্ণ হোৱাৰ কৃতিত্ব লভি অসমলৈ প্ৰেৰণাই গৌৰৱ কঢ়িয়াই আনিছে। প্ৰেৰণাৰ এই সাফল্যত পৰাগদাৰ গুণগ্ৰাহী সকলৰ লগতে অসমৰ সচেতন ৰাইজে সন্তোষ প্ৰকাশ কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছে আৰু সামাজিক অৱদানেৰে ভৱিষ্যতে অধিক উজ্বলি উঠিব বুলিও আশা প্ৰকাশ কৰিছে।
৩. অৱশেষত এসপ্তাহৰ পাছত উদ্ধাৰ হ'ল শিৱসাগৰৰ বিস্ময় বালিকা তথা সৰ্বকনিষ্ঠ জাভা প্ৰগ্ৰেমাৰ ৰূপে খ্যাতি লাভ কৰা ফৰহিন আহমেদ। শিৱসাগৰৰ পৰা অপহৰণ হোৱা ফৰহিনক আৰক্ষীয়ে বৰপেটা জিলাৰ সৰভোগত উদ্ধাৰ কৰিবলৈ সক্ষম হোৱাৰ সুখবৰ।
৪. কাহিলীপাৰাত টোপধ্বনিৰে সামৰিক মৰ্যদাৰে চিৰবিদায় দিয়া হ'ল উগ্ৰপন্থীৰ গুলীত নিহত হোৱা হামৰেনৰ আৰক্ষী অধীক্ষক আৰু দেহৰক্ষী ৰাতুল নুনিছাক। কৰ্তব্যত গাফিলতিৰ অভিযোগত গোস্বামীৰ চাৰি গৰাকী দেহৰক্ষীক নিলম্বনৰ নিৰ্দেশ জাৰি কৰিলে গৃহবিভাগৰ দ্বায়িত্বত থকা মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
৫. অসমত বৃদ্ধি পোৱা সন্ত্ৰাসবাদীৰ কাৰ্যকলাৰ ৰোধৰ বাবে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেণ ৰিজ্জুৱে বৈঠকত মিলিত হ'ল অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে। এই বৈঠকতে উগ্ৰপন্থী বিৰোধী অভিযানৰ বাবে পোনপ্ৰথমবাৰৰ বাবে কোব্ৰা বাহিনী নিয়োগ কৰিবলৈকো সিদ্ধান্ত গ্ৰহণ কৰে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত অহা ৯জুনত এক নিৰ্দেশনা প্ৰকাশ কৰিব বুলি জানিব পৰা গৈছে।
৬. অসমৰ পৰা অবৈধ বাংলাদেশী বহিস্কাৰ কৰাৰ ক্ষেত্ৰত কঠোৰ পদক্ষেপৰ নিবাৰ্চনী প্ৰতিশ্ৰুতি দিয়া নৰেন্দ্ৰ মোদীক চৰকাৰৰ প্ৰথম ১০০দিনৰ কাৰ্যসূচীতে বিষয়টো অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। এই বিষয়টোত ১০লাখ লোকৰ হস্তাক্ষৰ সহ এক স্মাৰক পত্ৰ কেন্দ্ৰীয় চৰকাৰক প্ৰদান কৰাৰো প্ৰস্তুতি পৰিষদে চলাই থকা বুলি খবৰ প্ৰকাশ পাইছে।
৭. অসম মেডিকেল কলেজত প্ৰাণ হেৰুৱা ডাঃ সৰিতা তছনিৱালৰ পৰিয়াললৈ মুখ্যমন্ত্ৰী সাহাৰ্য পুঁজিৰ পৰা পাঁচলাখ টকাৰ এককালীন সাহাৰ্য প্ৰদান কৰিছে। প্ৰয়াত সৰিতাৰ জ্যেষ্ঠ ভাতৃ সুশীল তছনিৱালক মুখ্যমন্ত্ৰীৰ কইনাধৰাস্থিত বাসভৱনতে এই সাহাৰ্য প্ৰদান কৰাৰ খবৰ।
৮. অসম চৰকাৰৰ বন বিভাগে "বন আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষন প্ৰকল্প, অসম"ৰ জড়িয়তে আৰম্ভ কৰিছে শিলাচাং, কোলাহাট সংৰক্ষিত বনাঞ্চলত "বৃক্ষৰোপন আঁচনি"ৰ। আজি এই বৃক্ষৰোপন আঁচনিখন বন মন্ত্ৰী ৰকিবুল হুছেইনে শুভাৰম্ভ কৰিছে ।
৯. আম আদমী পাৰ্টিক বিশ্লেষণাত্মক পৰ্যালোচনাৰে পুনৰ গঠনৰ প্ৰস্তাৱ তুলি ধৰিছে অৰবিন্দ কেজৰীৱালে। শেহতীয়াকৈ আভ্যন্তৰীণ বিবাদ-মনোমালিন্যই সংগঠনটোলৈ বিপৰ্যয় আনিব বুলি অনুভৱ কৰিয়ে এই মত-পাৰ্থক্য সমূহ দূৰ কৰি, অতীতৰ কৰ্মাৰাজিৰ বিশ্লেষণ আৰু ভৱিষ্যত পন্থা নিৰূপণ কৰাৰ বাবে প্ৰচেষ্টা হাতত লব বুলি কেজৰীৱালে ঘোষণা কৰিছে।
১০. খৰালিৰ দিন কেইটাত বন্ধ হৈ থকা জলসম্পদ বিভাগৰ নিবিদাৰ কাম-কাজ হঠাত আহ্বান কৰাৰ বাবে প্ৰস্তুতি চলাৰ খবৰ। ১৫মে'ৰ পৰা বাৰিষা আৰম্ভ হোৱাৰ পাছত এই নিবিদা আহ্বান কৰাক লৈ সচেতন মহলে প্ৰশ্ন উত্থাপন কৰিছে। নিৰ্বাচনী বিধিৰ বাবেও এই নিবিদা গ্ৰহণত বিলম্ব হোৱা বুলিও সূত্ৰত প্ৰকাশ।

No comments:
Post a Comment