পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. অসমত নতুনকৈ কোনো ভেঞ্চাৰ স্কুল স্থাপন কৰাৰ প্ৰয়োজন নাই বুলি ঘোষণা কৰিলে শিক্ষামন্ত্ৰীয়ে। কালি প্ৰাদেশীকৃত ৫৭খন মহাবিদ্যালয়ৰ ১১৩০ গৰাকী শিক্ষক-কৰ্মচাৰীক নিযুক্তি পত্ৰ বিতৰণ কৰি প্ৰয়োজন সাপেক্ষে এতিয়াৰ পৰা চৰকাৰী পৃষ্ঠপোষকতাতে স্কুল স্থাপন কৰা হব বুলিও তেখেতে ঘোষণা কৰিছে। অহা ৩-৪ মাহৰ ভিতৰতে ভেঞ্চাৰ এল পি আৰু এম ই স্কুলৰ সমস্যা সমাধান হব বুলিও তেখেতে ঘোষণা কৰিছে।


২. তেজপুৰৰ বাণ থিয়েটাৰত অহা ১৭-২০ জুনলৈ আয়োজিত হৈছে বিষ্ণু ৰাভা দিৱসৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ। প্ৰথমবাৰৰ বাবে  দূৰদৰ্শন কেন্দ্ৰ আৰু অনাঁতাৰ কেন্দ্ৰৰ বিশেষ উদ্যোগত আয়োজিত হৈছে এই অনুষ্ঠান।  সদৌ অসম ভিত্তিত একাংক নাট, গীত আৰু কবিতা আবৃত্তি প্ৰতিযোগিতাৰ চলিছে প্ৰস্তুতি।

৩. কৰ্মচাৰী ভৱিষ্যনিধি সংগঠনৰ (ই.পি.এফ অ')ৰ  দ্বাৰা আৰম্ভ হব লগা নুন্যতম ১০০০টকাৰ মাহেকীয়া পেঞ্চন আঁচনি এই বৰ্ষৰ পহিলা এপ্ৰিলৰ  পৰাই কাৰ্যকৰী হব বুলি বাতৰি প্ৰকাশ পাইছে। এই আঁচনিৰ দ্বাৰা দেশৰ ২৮লাখ পেঞ্চনাৰ উপকৃত হব।
 
গুৱাহাটীৰ ৰেডিঅ' টেক্সি সেৱাৰ জনপ্ৰিয়তালৈ লক্ষ্য ৰাখি প্ৰাইম কেব নামৰ সংস্থাটোৱে পূৰ্বৰ ৭০খন গাড়ীৰ সৈতে নতুনকৈ ৩০খন মাৰুতি চুইফট ডিজায়াৰ সংযোজন কৰি গ্ৰাহকৰ চাহিদা পূৰণ কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰিছে। দৈনিক ৭০০ৰো অধিক গ্ৰাহকে কল-চেণ্টাৰলৈ ফোন কৰি সেৱা বিচৰাৰ তথ্যৰ প্ৰতি লক্ষ্য ৰাখিয়েই ১০০খন গাড়ীৰে গুৱাহাটীত সৰ্ব-বৃহত ৰূপত সংস্থাটোক গঢ়ি তুলিবলৈ এই পদক্ষেপ লোৱা বুলি প্ৰকাশ কৰিছে মুখ্য কাৰ্যবাহী বিষয়া ধীমন্ত বাঞ্চালে।

৫. ব্যৱসায়িক লেনদেনৰ ক্ষেত্ৰত অধিক স্বচ্ছতা আনিবৰ বাবে নুমলীগড় শোধনাগাৰে "ট্ৰেক ৱান" পদ্ধতিৰ কৰিলে আনুষ্ঠানিক ভাৱে উদ্বোধন। এই পদ্ধতিৰে ঠিকাদাৰ, যোগনীয়া তথা সেৱা আগবঢ়োৱা সকলে নিজৰ বিলৰ অগ্ৰগতিৰ সবিশেষ জানিব পৰাকৈ কোম্পানীটোৰ বেৱচাইটতে ব্যৱস্থা সংযোজন কৰিছে। এন আৰ এলৰ বিত্ত সঞ্চালকে এই তথ্য-প্ৰযুক্তি সেৱাৰ শুভ উদ্বোধন কৰিলে যোৱা ২জুনত।

৬. অহা ২০১৬চনত অসমত বিজেপি চৰকাৰ প্ৰতিষ্ঠা কৰাৰ বাবে তৃণমূল পৰ্যায়ত ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই ব্যাপক সাংগঠনিক পদক্ষেপ হাতত লৈছে। বড়ো, মিচং, চাহ-জনগোষ্ঠী, কাৰ্বি আদি জনগোষ্ঠীয় ছাত্ৰ সংগঠন সমূহৰ প্ৰাক্তন আৰু বৰ্তমানৰ বিষয়ববীয়া সকলক বিজেপি মুখী কৰাৰ বাবে পদক্ষেপ হাতত লোৱা বুলি খবৰ প্ৰকাশ পাইছে। দলটোত সৰ্বস্তৰৰ তথা সকলো জনগোষ্ঠীৰে অংশগ্ৰহণ সুনিশ্চিত কৰিবলৈ আৰ.এছ.এছয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে।

৭. কাইলৈ ৫জুনত বিশ্বৰ লগতে অসমতো পালিত হব বিশ্ব পৰিবেশ দিৱস। এই উপলক্ষত গুৱাহাটীৰ চেণ্টাৰ ফৰ ৰুৰেল ডেভেলপমেণ্টে "পৰিবেশ প্ৰদূষিত নোহোৱা পৰিবহন ব্যৱস্থা"ৰ সম্পৰ্কে সজাগতাৰ বাবে আয়োজন কৰিছে এখনি চাইকেল আৰু ৰিক্সা শোভযাত্ৰাৰ। খানাপাৰাৰ বিজ্ঞান যাদুঘৰৰ সন্মুখৰ পৰা পুৱা ১০-০০ বজাৰ শোভাযাত্ৰা আৰম্ভ হৈ ১২-০০ বজাত দিশপুৰৰ চুপাৰ মাৰ্কটেৰ কাষত অন্ত পৰিব। ৰাইজক পুৱা ১০-০০ বজাৰ পৰা ১২-০০ বজালৈ যান্ত্ৰিক, প্ৰদূষণ সৃষ্টিকাৰী বাহন চলোৱা/ব্যৱহাৰৰ পৰা বিৰত থাকিবলৈকো ৰাইজক আয়োজক সকলে অনুৰোধ জনাইছে।

৮. ঝাৰখণ্ডত ৰাজ্যিক বিদ্যুত পৰিষদৰ মহাপ্ৰৱন্ধকক বিজেপিৰ প্ৰতিবাদকাৰীয়ে  মাৰপিট কৰি ৰছীৰে বান্ধি ৰখাৰ খবৰ। এই গোচৰত জামিন লবলৈ অস্বীকাৰ কৰাৰ পাছত বিজেপৰ জ্যেষ্ঠ নেতা যশোৱন্ত সিনা আৰু ৫৪জনক এখন স্থানীয় আদালতে ১৪দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ খবৰ। মহিলা কৰ্মকৰ্তাসকলে মহাপ্ৰৱন্ধককজনক ৰছীৰে বান্ধি আটক কৰি ৰাখিছিল বুলি সংবাদ পত্ৰত প্ৰকাশ পাইছে।

৯.
অহা ২৭জুন তাৰিখৰ পৰা ৭জুলাই পৰ্যন্ত মাইম একাডেমি, গুৱাহাটীয়ে সংগীত নাটক অকাডেমিৰ সৌজন্যত মুকাভিনয়ৰ প্ৰশিক্ষণৰ এক কৰ্মশালাৰ আয়োজন কৰিছে। উক্ত কৰ্মশালাত বিশিষ্ট মুকাভিনেতা মইনুল হকে পাঠদান কৰিব। অংশ গ্ৰহণৰ বাবে ৯৮৬৪০-২৪২০৫ নম্বৰত যোগাযোগ কৰিব পাৰিব।
 
১০.  অগপ দলক নতুন ৰূপত গঢ়ি তোলাৰ বাবে অচিৰেই ব্যাপক সংস্কাৰমূলক কাৰ্যসূচী হাতত লোৱা হব বুলি ঘোষণা কৰিছে দলটোৰ কাৰ্যকৰী সভাপতি অতুল বৰাই। নৱ-প্ৰজন্মক দলটোত যোগদান কৰি আঞ্চলিকতাবাদক শক্তিশালী কৰি তুলিবলৈকো তেখেতে আহ্বান জনাইছে।
১১. অসমৰ এক ইঞ্চি মাটিও নাগালেণ্ডক এৰি দিয়া নহব বুলি প্ৰকাশ কৰিলে গৃহ বিভাগৰ সংসদীয় সচিব এটোৱা মুণ্ডাই সীমান্তৰ সুৰক্ষাৰ বাবে অধিক নিৰাপত্তাৰক্ষী নিয়োগ কৰা হব বুলিও ঘোষণা কৰিছে। লগতে অসম আৰক্ষীৰ আন্তঃগাঁথনি উন্নীতকৰণৰ বাবে অচিৰেই ৪৫০কোটি টকাৰ আঁচনি গ্ৰহণ কৰা হব বুলি তেখেতে প্ৰকাশ কৰিছে।

১২. ৰাজ্যখনৰ অনুসূচিত জাতিৰ লোকসকলৰ সমস্যাসমূহৰ বুজ লবলৈ অসম ভ্ৰমণ কাৰ্যসূচী গ্ৰহণ কৰিব কেন্দ্ৰীয় সামাজিক ন্যায় আৰু সৱলীকৰণ মন্ত্ৰী থাৱাৰচান্দ গেহলটে। বিশেষকৈ চাহ-জনগোষ্ঠী আৰু জনজাতীয় ৰাইজে বিজেপি দলটোক আকোঁৱালি লোৱাৰ পাছত ২০১৬চনৰ নিৰ্বাচন মুখী আঁচনিৰে লোকসকলৰ প্ৰতি কল্যানকামী আঁচনি গ্ৰহণ কৰাই মন্ত্ৰীৰ এই যাত্ৰাৰ লক্ষ্য হব বুলিও জানিব পৰা গৈছে।

No comments:

Post a Comment