মিচা ক'লে কি ডাল হব? (হাস্য ব্যংগ) - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মিচা ক'লে কি ডাল হব? (হাস্য ব্যংগ)

মিচা ক'লে কি ডাল হব? (হাস্য ব্যংগ)

Share This

বদলি যেতিয়া বাতৰি হয়




"ওপৰত ধন নিদিলে ভাল ঠাইলৈ বদলি নহয়" শীৰ্ষক বাতৰি সিদিনা পেপাৰত দেখি চৰকাৰী কৰ্মচাৰী সংঘই হেনো তীব্ৰ গৰিহণা দিছে।  গৰিহণা দিবৰ কথাওহে, ইমান দিনে ধ্ৰুৱ সত্য কথা এটা আজি প্ৰথম পৃষ্ঠাত শিৰোনামা দি ছপা কৰি, যেন সেইটো নতুন কিবাহে তেনেধৰণে প্ৰকাশ কৰি চৰকাৰী কৰ্ম-সংস্কৃতিৰ ভুল ছবি এখন ৰাইজৰ মাজত প্ৰচাৰ কৰিবলৈ কৰা প্ৰয়াস কৰাৰ প্ৰয়োজন নাই বুলিও অভিমত প্ৰকাশ কৰিছে। ঘোঁচ নিদিলে যে পোষ্টিং বাদেই দিয়ক, নিযুক্তিও নহয়, সেই কথাহে সত্য বুলি প্ৰকাশ কৰিছে। 


তেওঁলোকে বাতৰি কাক বোলে তাৰ উদাহৰণ এটা দিয়ো তেওঁলোকে প্ৰচলিত বাতৰিৰ চলন্ত সংজ্ঞাটি আগবঢ়াইছে। কুকুৰে মানুহক কামোৰেই, সেয়া নৈমিত্তিক, বাতৰি নহয়। পিছে যদি কোনোবা নৰ-মনিচে যদি কুকুৰ কামোৰাৰ খবৰ আহে, সেয়া আচলতে বাতৰি..বাতৰি মানে ব্ৰেকিং বিধৰেই! তেনেস্থলত ঘোঁচ আৰু বদলিৰ যি সম্পৰ্ক তাত বাতৰিৰ সন্ধান কৰোতে উপৰোক্ত
সংজ্ঞাটোলৈ চকু দিয়াৰ প্ৰয়োজন আছে বুলিও সংস্থাই দোহাৰিছে।

লগতে সময়ে সময়ে পোষ্টিং, বদলি আদি ড্ৰামা মাত্ৰ ওপৰৱালাৰ বতৰৰ ফল চপোৱাৰ একোখন নাটকহে সেইকথাও অসমৰ গাখীৰ খোৱা ল'ৰায়েও বুজি পায়। তাক শিৰোনামা দি "নতুন কথা" ধৰণে প্ৰকাশ কৰাটোহে অতি গৰিহণাযোগ্য। চৰকাৰী চাকৰিৰ এই পৰম্পৰাগত কথাক বাতৰি কৰিবৰ কোনো দৰকাৰ নাই। নোহোৱা নোপোজা ঘটনাইহে আচলতে বাতৰি কাকতৰ শিৰোনামাত স্থান পাব লাগে।  যেনে টকা নিদিয়াকৈ মেধাৰ ভিত্তিত কাৰ্বি-আংলংৰ পৰা দিছপুৰলৈ বদলি, কোকৰাঝাৰৰ পৰা যোৰহাটলৈ বদলি, ধেমাজিৰ পৰা শ্ৰীৰামপুৰলৈ! বিনা লেনদেনত!


বদলি হবলৈ বাদ দিয়ক,
বদলি কৰাৰ সম্ভাৱনাৰ খবৰ অহুকানে-পহুকানে আহিলেও আগতীয়া ধন দি "প্ৰতিষেধক" লোৱাৰ ব্যৱস্থা লবলগীয়া কপালহে এইখন দেশৰ কৰ্মচাৰীৰ!  নিৰ্বাচনৰ আগত, তিনিওটা বিহুৰ আগত, পূজাৰ আগত শেৱালি ফুলিল কি নফুলিল কিন্তু চৰকাৰী দপ্তৰত বদলিৰ ফাইলৰ খলকনি উঠিলেই! আপোনাৰ শুভাকাংখী ওপৰৱালাই, "এইবাৰ কিন্তু আপোনাক ৰাখিব নোৱাৰিম" বুলিও ফোন কৰি আগতীয়া খবৰ দিবই! তাৰ পাছত "প্ৰতিষেধক" যোগাৰ নকৰি উপায় কি?
সেয়ে কওঁ, সাংবাদিক মহাপ্ৰভু সকল, ধন নিদিয়াৰ বাবে শাস্তিমূলক বা বাহানা মূলক পোষ্টিং কেতিয়াও বাতৰি হবই নোৱাৰে। এয়া চিৰসত্য, এয়া পৰম্পৰাহে! অথবা নিয়মমাফিক!

ভাল কাম কৰি কাৰোবাক লুটি খোৱাত বাধা দিলে বদলিৰ অৰ্ডাৰ যদি নাহিল, তেতিয়াহে সেয়া বাতৰি! ঠিকাদাৰৰ লগত সহযোগ নকৰিলে লগে লগে এম.এল.এৰ পৰা যদি ফোনেই এটা যদি নাহে, ভদ্ৰ ভাষাত আপোনাৰ পৰিয়ালৰ প্ৰতি সহানুভূতি প্ৰকাশ কৰি আপোনাৰ কিবা এটা হ'লে পৰিয়ালটো কোনে চাব বুলি যদি এবাৰ চিন্তা প্ৰকাশ কৰা ফোনেই নাহিল, তেন্তে সেয়া চৰকাৰী চাকৰিনে? যদি আহিছে, সেয়াহে চাকৰি, যদি নাহে, সেয়াই বাতৰি!

কাৰ্বি পাহাৰ কিবা কোকৰাঝাৰ আদিত পোষ্টিং পাই উপস্থিত হোৱাৰ পাছত চৌবিশ ঘণ্টাত যদি সন্ত্ৰাসবাদী সংগঠনৰ আদৰণিমূলক বাৰ্তা নাহিল, সেয়াহে বাতৰি। আহিল যদি নিশ্চিন্ত হওক, সেয়াই স্বাভাৱিক! দৰমহাৰ কিমান শতাংশ, বাহিৰা ইনকামৰ কিমান শতাংশ ক'ত কেনেকৈ মাহে মাহে দিব লাগিব, তাৰো হিচাব ভাৰতীয় আয়কৰ বিভাগতকৈ সঠিক আৰু কাৰ্যকৰী ৰূপত নিৰ্ভুল হিচাব যদি আদৰণি চিঠিত নাহিলেই তেন্তে আপোনাৰ চৰকাৰী চাকৰি নহয়েই!

সহযোগ কৰক, অসহযোগ নহয়, এয়াই আজি কৰ্মচাৰীয়ে মানি লোৱা নীতি। ঘোঁচ দিছে লওক, নলৈ দুৰ্গতি নামাতিব। ঘোঁচ বিচাৰিছে ওপৰৱালাই দিয়ক, নিদি দুৰ্গতি মাতি নানিব। আদৰণি চিঠিত যিমান বিচাৰিছে অৰিহণা দি থলুৱা ডেকা সকলৰ সামাজিক কামলৈ অৰিহণা যোগাওক, অসহযোগ কৰি দুৰ্গতি মাতি নানিব! সহযোগিতা কৰালৈকে নিশ্চিন্ত থাকক, অসহযোগিতা কৰাৰ দিনাই আপুনিও এটা বাতৰিলৈ যে ৰূপান্তৰিত হব সেয়া হ'লে নিশ্চিত থাকক!

No comments:

Post a Comment