পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. মহিলাৰ বাবে বিশেষ "পিংক অটো সেৱা" কালি উৰিষ্যাৰ ৰাজধানী ভূৱনেশ্বৰত উদ্বোধন কৰিলে মুখ্যমন্ত্ৰী নবীন পাটনায়কে। ৩০০ অটোচালকৰ চাইক'লজিকেল পৰীক্ষাৰ কৰোৱাই অপৰাধৰ ইতিহাস নথকা দুশ অটোচালকক মহিলাৰ বাবে মুকলি কৰা গুলপীয়া ৰঙৰ বিশেষ অটো চালনাৰ বাবে অনুমতি প্ৰদান কৰা হৈছে। কৰ্মস্থানলৈ যোৱা মহিলাৰ মনোবল বৃদ্ধিৰ বাবেই এই প্ৰচেষ্টা হাতত লোৱা বুলি প্ৰকাশ পোৱাৰ লগতে চৰকাৰখনে
চাৰি লাখ কিশোৰীক আত্ম-ৰক্ষাৰ প্ৰশিক্ষণৰ বাবেও যোৱা বছৰ ছয় কোটি টকা ব্যয় কৰা বুলিও সুখবৰ প্ৰকাশ পাইছে।

২. দক্ষিণ পূৱ এছিয়াৰ অন্যতম দেশ মালয়েছিয়াত কালিৰে পৰা অহা ৩ জুলাইলৈ অনুষ্ঠিত হোৱা সৰ্ব-ভাৰতীয় মহিলা কবি সন্মিলনৰ আন্তঃৰাষ্ট্ৰীয় দ্বাদশ অধিবেশনখনত অসমৰ পৰা পোন্ধৰগৰাকী কবিয়ে অংশ লবলৈ ৰাওনা হৈছে। সৰ্বভাৰতীয় মহিলা কবি সন্মিলনৰ উপ-সভানেত্ৰী তথা অসমৰ সমন্বয়ক তথা ডিব্ৰুগড় জিলা সাহিত্য সভাৰ কাব্য সংকলন "জোনাক"ৰ সম্পাদিকা নিৰদা সন্দিকৈৰ নেতৃত্বত যোৱা অসমৰ মহিলা কবি সকলে কবিতাপাঠৰ লগতে অসমৰ কলা-সংস্কৃতিও প্ৰদৰ্শন কৰিব বুলি জানিব পৰা গৈছে।

৩. গুৱাহাটীত হোৱা বানপানীৰ বাবে চৰকাৰে খুলিলে হেল্পলাইন ১০৭৭ আৰু ০৩৬১-২৭৩৩০৫৩ । এদিনৰ বৰষুণৰ ফলতে ৯ জনকৈ লোকৰ প্ৰাণহানি, এছ.ডি.আৰ.এফৰ ব্যৰ্থতাৰ বাবে উদ্ধাৰ অভিযান নমালে এন.ডি.আৰ.এফৰ জোৱানকো। এন.চি.আৰ.এফৰ যোগাযোগৰ নম্বৰ ৯৪৩৫১-১২৯৫৯ বুলিও কৰিলে প্ৰকাশ। মুখ্যমন্ত্ৰীয়ে কৰিলে বান প্ৰতিৰোধৰ ক্ষেত্ৰত ব্যৰ্থতা স্বীকাৰ, বানপানী চাবলৈ গৈ হ'ল ৰাইজৰ ৰোষৰ সন্মুখীন।

৪. অচিৰেই গুৱাহাটীৰ পৰা শ্বিলং হৈ বাংলাদেশীৰ ৰাজধানী ঢাকালৈ চলিব বাছসেৱা। কালি বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী সুষমা স্বৰাজে এই কথা প্ৰকাশ কৰিছে। ভূমি হস্তান্তৰ চুক্তি আইনত পৰিণত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি অহা বুলি প্ৰকাশ পোৱা বাতৰিত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম ছাত্ৰ সন্থাই অসমৰ স্বাৰ্থ কোনোপধ্যেই বিঘ্নিত হবলৈ দিয়া নহব বুলি সঁকিয়াই দিছে।

৫. অসম লোকসেৱা আয়োগৰ মূল পৰীক্ষা আজি অনুষ্ঠিত হোৱাৰ কথা আছিল যদিও ৰাজ্য চৰকাৰৰ অনুৰোধ মৰ্মে গুৱাহাটীত অভাৱনীয় বান পৰিস্থিতিলৈ চাই এই পৰীক্ষা শনিবাৰৰ পৰীক্ষাটো অহা ২৭জুলাইলৈ পিছুৱাই দিয়া হৈছে। লগতে সংবাদ মাধ্যমত প্ৰশ্নকাকত ফাদিল হোৱা ঘটনাতো শুদ্ধ নহয় বুলি আয়োগে স্পষ্ট কৰি দিছে। আজি মহানগৰৰ সকলো স্কুলো বন্ধ ঘোষণা কৰা হৈছে।

৬.
ধুবুৰী জিলা মীন বিষয়াৰ উদ্যোগত যোৱা ২৪জুনত ধুবুৰীৰ সাহিত্য সভা ভৱনত মীন আইন সম্পৰ্কীয় এখন সজাগতা সভা জিলা মীন বিষয়া হৰেন্দ্ৰ নাথ দাসৰ সভাপতিত্বত অনুষ্ঠিত হৈ যায়। মীন আইন আৰু মাছৰ পোনা আইনৰ সম্পৰ্কে মীন পালক সকলক অৱগত কৰে ভোলানাথ কলেজৰ অধ্যাপক ডঃ আজাদ আলীয়ে।

৭. ভৰ বাৰিষা মথাউৰি সবলীকৰণৰ কাম আৰম্ভ কৰাৰ প্ৰস্তুতি চলাইছে অসমৰ জলসম্পদ বিভাগে। ভৰ-বাৰিষা নৈৰ পাৰত মথাউৰি বন্ধাৰ কাম সম্পন্ন কৰিব নোৱাৰে বুলি জানিও এই কাম আবণ্টনৰ বাবে দিহা কৰি কেন্দ্ৰই মুকলি কৰি দিয়া ১৫০০কোটি টকা লুণ্ঠনৰ বাট মোকোলাবলৈ চেষ্টা কৰিছে বুলি সংবাদ পত্ৰই সম্ভাৱনা প্ৰকাশ কৰি সচেতন মহলৰ দৃষ্টি আকৰ্ষণ কৰিছে।

৮. দিল্লী বিশ্ববিদ্যালয়ৰ নামভৰ্তিৰ ক্ষেত্ৰত চলি থকা অচলাৱস্থাৰ অৱশেষত ঘটিল অৱসান। দিল্লী বিশ্ববিদ্যালৰ উপাচাৰ্যই ইউ.জি.চিৰ নিৰ্দেশনাকে পালন কৰিব বুলি প্ৰকাশ পোৱাৰ লগতে চাৰি-বছৰীয়া প্ৰাক-স্নাতক পাঠ্যক্ৰম প্ৰত্যাহাৰ কৰি পূৰ্বৰ দৰেই তিনি বছৰীয়া পাঠ্যক্ৰমৰ বাবেই নামভৰ্তি আৰম্ভ কৰিব বুলি প্ৰকাশ কৰিছে।

৯. অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ সৌজন্যত হস্তশিল্প প্ৰবৰ্ধন আঁচনিৰ অধীনত ৰঙিয়াত কালিৰে পৰা এক হস্তশিল্প সপ্তাহ মেলা আয়োজিত গৈছে। ৰঙিয়া মহকুমাৰ ৩০টা শিল্পগোটে নিজৰ উতপাদিত সামগ্ৰী বিক্ৰীৰ বাবে এই মেলা যোগে ৰাইজৰ সমুখলৈ তুলি ধৰাৰ সুযোগ লাভ কৰিছে।

১০. শীঘ্ৰেই মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব নৰেন্দ্ৰ মোদীয়ে। দহ-বাৰজন নতুন মন্ত্ৰী অন্তৰ্ভুক্তিৰ সম্ভাৱনা প্ৰকাশ। আজিৰে পৰা হাৰিয়ানাৰ সূৰষকুণ্ডত অনুষ্ঠিত হৈছে বিজেপিৰ প্ৰথমবাৰ নিৰ্বাচিত হোৱা সাংসদ সকলৰ বাবে প্ৰশিক্ষণৰ কাৰ্যসূচী। সংসদৰ ভিতৰে বাহিৰে ভাল ব্যৱহাৰ প্ৰদৰ্শন কৰাৰ লগতে নিজৰ নিজৰ সমষ্টিৰ যত্ন লবলৈ আৰু সঠিক ৰাজহুৱা স্বাৰ্থ জড়িত কামত সমষ্টি উন্নয়ন পুঁজি  ব্যয় কৰিবলৈ আহ্বান জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

১১.
বি.পি.এফ দলৰ সৈতে কংগ্ৰেছৰ আঠ বছৰীয়া মিত্ৰতাৰ আনুষ্ঠানিক ভাৱে অন্ত পৰিছে। কালি পৰিবহন আৰু পৰ্যটন মন্ত্ৰী চন্দ্ৰ ব্ৰহ্ম, দুই সংসদীয় সচিব আৰু পণ্যাগাৰ নিগমৰ অধ্যক্ষ ৰিহণ দৈমাৰীয়ে মুখ্যমন্ত্ৰীৰ ওচৰত পদত্যাগ পত্ৰ দাখিল কৰাৰ কথা প্ৰকাশ পাইছে।

No comments:

Post a Comment