আজিৰ ভাল খবৰবোৰ
১. জন্মসূত্ৰে ভাৰতীয় তথা বৰ্তমান মেক্সিকান নাগৰিক ডঃ সঞ্জয় ৰাজাৰামলৈ ২০১৪ৰ বিশ্ব খাদ্য পুৰস্কাৰ আগবঢ়োৱা হৈছে। বিশ্বৰ আগশাৰীৰ কৃষি বিজ্ঞানী ৰাজাৰামলৈ এই বঁটা বিশ্বলৈ গুণগত আৰু সংখ্যাগত ভাৱে খাদ্য পৰ্যাপ্তকৰণৰ বাবে আগবঢ়োৱা বৈজ্ঞানিক তথা শৈক্ষিক অৰিহণাৰ স্বীকৃতি স্বৰূপে আগবঢ়োৱা হৈছে। দুই লাখ পঞ্চাশ হাজাৰ আমেৰিকান ডলাৰৰ সমৃদ্ধ এই পুৰস্কাৰ "বিশ্বৰ সকলোৰে বাবে পুষ্টিকৰ খাদ্য" যোগোৱাৰ লক্ষ্যৰে মানৱ সভ্যতালৈ যোগোৱা বৰঙণিৰ বাবে আগবঢ়োৱা হয়।

২. সমগ্ৰ উত্তৰ-পূৱৰ জনগণৰ স্বাস্থ্য সেৱাৰ বাবে অসমতো স্থাপিত হব এইমছ সদৃশ উন্নত চিকিতসালয়। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী ডাঃ হৰ্ষ বৰ্ধনে ইয়াৰ বাবে যাৱতীয় ২৫০০ একৰ ভূমি বিচাৰি ৰাজ্য চৰকাৰলৈ পত্ৰ প্ৰেৰণ কৰিছে। ভূমি দিবলৈ ৰাজ্য চৰকাৰে সন্মতি দিলেই কেন্দ্ৰীয় চৰকাৰৰ এটি প্ৰতিনিধিৰ দলে অসমলৈ গৈ এই বিষয়ে কাম-কাজ আগবঢ়াই নিয়াৰ বাবে ক্ষেত্ৰভিত্তিক পৰিদৰ্শন কৰিব।
৩. ইৰাকৰ পৰা ১৬গৰাকী ভাৰতীয়ক সুকলমে উদ্ধাৰ কৰি দেশলৈ ঘূৰাই অনাৰ সুখবৰ। বন্দী হৈ থকা ৩৯গৰাকী এতিয়াও সুৰক্ষিত অৱস্থাত থকা বুলি বৈদেশিক মন্ত্ৰণালয়ে প্ৰকাশ কৰিছে। ভাৰতলৈ উভতি অহাৰ বাবে বৈদেশিক মন্ত্ৰালয়ে বিমানৰ টিকট দিয়াৰ সুব্যৱস্থা কৰিছে বুলি জানিব পৰা গৈছে।
৪. তেজপুৰ শৈক্ষিক সমাজৰ দ্বাৰা পৰিচালিত তেজপুৰ ছায়েন্স এডাকেমীৰ নৱনিৰ্মিত শৈক্ষিক ভৱনৰ কালি শুভ উদ্বোধন কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ অলক বুঢ়াগোহাঁইয়ে। টকাৰ মূ্ল্যৰ দৰেই এতিয়া পৰীক্ষাৰ নম্বৰৰ মূল্যই দিনক দিনে হ্ৰাস পোৱাত উদ্বেগ প্ৰকাশ কৰিলে শিক্ষাবিদ গৰাকীয়ে।
৫. গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগে অহা ৮-৯ আগষ্টত এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰৰ আয়োজন কৰিছে। "তুলনামূলক ভাৰতীয় সাহিত্য আৰু ঐক্য" শীৰ্ষক বিষয়ক আলোচনাচক্ৰত অসমৰ বাহিৰেও ভাৰতৰ বিভিন্ন বিশ্ববিদ্যালয়ৰ কেইবাশ গৱেষক-গৱেষিকাৰই গৱেষণা পত্ৰ পাঠ কৰিব।
৬. "স্পন্দন... শব্দৰ পৰা হৃদয়লৈ" নামৰ ফেচবুকৰ গোটৰ পৰা জন্ম লভা স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ বৰ্ষপুতি আজি গুৱাহাটীৰ প্ৰেছ ক্লাৱত উদযাপিত হব। উক্ত অনুষ্ঠানৰ সৈতে সংগতি ৰাখি কাব্যগ্ৰন্থ "ইথাৰত স্পন্দিত শব্দ, দ্বিতীয় খণ্ড"ৰ উন্মোচন কৰা হব আৰু লগতে ২০১৩-১৪বৰ্ষৰ স্পন্দন বঁটাও প্ৰদান কৰা হব।
৭. কালি গুৱাহাটীৰ প্ৰেছ ক্লাৱত উন্মোচিত হয় "নাম অমৃতৰ নদী" নামৰ দিহা নামৰ শ্ৰব্য চিডিখন। ৰাধা ৰু্ক্মিনী এণ্টাৰপ্ৰাইজৰ এই চিডিখন দ্বিতীয় নিবেদন বুলিও জানিব পৰা গৈছে।
৮. আজি জনতাৰ শিল্পী খগেন মহন্তৰ আদ্যশ্ৰাদ্ধ। এই উপলক্ষে স্বগৃহ নিগাজী পামৰ লগতে সেউজ সংঘৰ বাকৰিতো শ্ৰাদ্ধৰ দিনা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন চলিছে। ভাৰতীয় গণনাট্য সংঘয়ো শিল্পী গৰাকীলৈ আদ্যশ্ৰাদ্ধৰ দিনা শ্ৰদ্ধাঞ্জলি জনোৱাৰ উদ্দেশ্যে অনুষ্ঠানৰ আয়োজন কৰিছে।
৯. অসমত সংঘটিত মৌ কেলেংকাৰী, টেক্টৰ আৰু পাৱাৰ টিলাৰ বিতৰণত হোৱা অনিয়ম সমূহ এইবাৰ বিজেপিৰ ৰাজ্যিক কিষাণ মৰ্চাই অৱগত কৰিলে কেন্দ্ৰীয় কৃষি মন্ত্ৰী ৰাধামোহন সিঙক। এতিয়া দিল্লীৰ পৰা এই বিষয়ত কেলেংকাৰীৰ তদন্তৰ বাবে ব্যৱস্থা লব বুলিও প্ৰকাশ পালে আশা।
১০. আজিৰ পৰা কামাখ্যা ধামত আৰম্ভ হৈছে অম্বুবাচী মেলা। এই মেলালৈ প্ৰায় ৫লাখ ভক্তৰ সমাগম হব বুলি সম্ভাৱনা প্ৰকাশ পাইছে। আজিৰ পৰা চাৰিদিনৰ বাবে কামাখ্যা মন্দিৰৰ দ্বাৰ বন্ধ থাকিব আৰু ২৬তাৰিখে নিবৃত্তিৰ পাছত পুনৰ ধামৰ দুৱাৰ খোলা হব বুলিও জানিব পৰা গৈছে।
১১. অসম লোকসেৱা আয়োগৰ বিত্তীয় স্বতন্ত্ৰতা আৰু পৰিচালনাৰ ক্ষেত্ৰত কেতবোৰ গুৰুত্বপূৰ্ণ দিশৰ আলোচনা কৰাৰ বাবে আয়োগৰ অধ্যক্ষ ৰাকেশ কুমাৰ পালে কালি ৰাষ্ট্ৰপতিক সাক্ষাত কৰিছে। ৰাষ্ট্ৰপতি ভৱনত আধা ঘণ্টা জুৰি ৰাষ্ট্ৰপতিৰে অধ্যক্ষ গৰাকীয়ে আলোচনাত মিলিত হোৱা বুলিও জনিব পৰা গৈছে।
১২. বিশ্বকাপৰ খেলত কালি মেছীৰ শেষ মুহূৰ্তৰ গলেৰে আৰ্জেণ্টিনা ইৰানৰ বিপক্ষে ১-০ গলৰ ব্যৱধানত জয়ী হবলৈ সক্ষম হৈছে। ইফালে ঘানাই শক্তিশালী দল জাৰ্মানীলৈ সৱল প্ৰত্যাহ্বান দি খেলৰ ফল ২-২ৰে অমীমাংসিত ৰাখিবলৈ সক্ষম হয়।
১৩. প্ৰীতি জিণ্টাৰ নিৰ্যাতন বিষয়ক গোচৰত আজি বিদেশৰ পৰা উভতি অহা প্ৰীতিৰ বক্তব্য লিপিবদ্ধ কৰা হব আৰক্ষী সূ্ত্ৰৰ পৰা জানিব পৰা গৈছে। ইফালে ভাৰতীয় ক্ৰিকেট কণ্ট্ৰল বৰ্ডৰ সম্পাদক সঞ্জয় পেটেলৰো এই বিযয়ত বক্তব্য আৰক্ষীয়ে ইতিমধ্যে লিপিবদ্ধ কৰিছে।
১৪. শক্তি খণ্ডৰ বিভিন্ন সমস্যাক লৈ প্ৰধানমন্ত্ৰীয়ে বুজ লোৱাৰ লগতে কালি শক্তি মন্ত্ৰী পীয়ুস গোৱেলে শক্তি খণ্ডলৈ কয়লা আবণ্টন বিষয়ত অগ্ৰাধিকাৰ ভিত্তিত কাম কৰিব বুলি এফ.আই.চি.চি.আইক জানিবলৈ দিছে। শক্তি মন্ত্ৰালয়ে এই বিষয়ত পৰিবেশ মন্ত্ৰণালয়ৰো কাষ চাপিব বুলিও তেখেতে প্ৰকাশ কৰিছে।
১৫. অসমত বিসম্বাদীৰ দ্বাৰা সৃষ্টি হোৱা স্থিতাৱস্থা সন্দৰ্ভত পৰ্যবেক্ষক ৰূপে কাইলৈ কেন্দ্ৰীয় নেতা মল্লিকাৰ্জুন খৰ্গে অসমলৈ আহিব। হাইকামাণ্ডৰ যি কোনো সিদ্ধান্ত মানি লবলৈ গগৈ ৰাজী বুলিও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰচাৰ কৰাৰ বিপৰীতে অসমত বিসম্বাদৰ নেতাৰ ঘৰত এতিয়া নতুন নতুন বিধায়কে সুবিধা লবলৈ ভিৰ কৰাৰো খবৰ স্থানীয় টেলিভিচন চেনেলে প্ৰকাশ কৰিছে।

No comments:
Post a Comment