হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
মহানগৰীয় বান বিশেষ লোকেল গুজৱ
১. আজি গুৱাহাটীৰ লাষ্ট গেটত আটক হৈছে এটি কাছ! জানিব পৰা মতে গুৱাহাটী মহাসাগৰত আপ্ৰাণ চেষ্টা কৰি প্ৰাণ বচাই কাছটোৱে অসম সচিবালয়ত বন মন্ত্ৰীক দেখা কৰি নিজৰ দুখ-দুৰ্দশাৰ লগতে বন্যপ্ৰাণীৰ সুৰক্ষাহীনতাৰ কথা ব্যক্ত কৰিবলৈকে লাষ্ট গেটত উপস্থিত হৈছিল। পিছে তেখেতক নিৰাপত্তাজনিত কাৰণত এতিয়া ফ্ৰেন্স-মটৰ কাৰ কোম্পানীৰ চৌহদৰ পৰাই আটক কৰা হৈছে। বন মন্ত্ৰীক ভ্ৰকুটি দেখুৱাবলৈ স্পৰ্ধা কৰা এই কাছটিক অচিৰেই চিৰিয়াখানাত আজীৱন কাৰাবাসত দিব বুলি বিভাগীয় সূ্ত্ৰৰ গোপন খবৰ।


২. আজি মহানগৰ উন্নয়নৰ  দ্বায়িত্বত থকা গড়বন্ধা মন্ত্ৰীৰ কাৰ্যকালতে বানে চূড়ান্ত ৰূপ ধৰি গুৱাহাটীবাসী ৰাইজৰ অৱস্থা পানীত হাঁহ নচৰা কৰি তোলাৰ বাতৰিৰ মাজতে টিভিৰ পৰ্দাই মন্ত্ৰীগৰাকীৰ ঘৰৰ চৌহদতো হোৱা পানীত এজাক পাতিহাঁহ চৰি বিহাৰ কৰি থকাৰ কথা প্ৰকাশ কৰিছে। বাইদেউৰ পদূলিত এনে মনোৰম দৃশ্য দেখি অম্বুবাচী মেলালৈ অহা বিদেশী পৰ্যটক সকলে গুৱাহাটীৰ বানপানীও পৰ্যটনৰ এক অপৰূপ সমল হব পাৰে বুলিও মন্তব্য কৰিছে।

৩. ৰসাল গগৈয়েও গেলা পানী খচকি দিছপুৰ চৌহদত প্ৰৱেশ কৰা দৃশ্য দেখা পাই আন্তৰিক দুখ প্ৰকাশ কৰিছে সদৌ অসম বয়োজ্যেষ্ঠ নাগৰিক সন্থাই। ল'ৰা-ছোৱালীৰ গতি লাগিলেই এতিয়াও হৃদয় ৰোগী বৃদ্ধ মানুহজনে গেলা পানী খচি ফুৰি শাসন কৰি থকাৰ সকাম কি বুলিও প্ৰশ্ন কৰিছে। এতিয়া নাতি-পুতিৰ লগত পাহাৰৰ টিঙত অৱসৰ কৰাৰহে সময় বুলিও তেওঁলোকে পৰামৰ্শ আগবঢ়াইছে।

৪. গুৱাহাটী আজি মহানগৰত পৰিণত হোৱাৰ কথাটো বিসম্বাদীৰ হাত থাকিব পাৰে বুলি নিচাদেউ ফেন ক্লাৱে সন্দেহ প্ৰকাশ কৰিছে। একালত মহানগৰীৰ নলা-নৰ্দমা তথা উন্নয়নৰ দ্বায়িত্ব পোৱা আৰু বৰ্তমানৰ বিসম্বাদীৰ চৰ্দাৰজনে মনে মনে যে নলা-নৰ্দমা বন্ধ কৰোৱাই নিচাদেউৰ নাক কাটি যাত্ৰা ভংগ কৰিবলৈ চেষ্টা নকৰিব তাৰো গেৰাণ্টি নাই বুলিও ষড়ষন্ত্ৰ সূত্ৰও প্ৰকাশ পাইছে।

৫. মহানগৰীৰ বিভিন্ন অঞ্চলত আজি কাছৰ লগতে মাছৰো উজান উঠিছে। নবীন নগৰ, ভড়াগড় স্থানীয় ৰাইজৰ পৃষ্ঠপোষকতাত উদযাপিত হোৱা বাৰ্ষিক মহানগৰীয় বান মহো
সৱত ঘৰতে বহি মহানগৰবাসীয়ে মাছ ধৰা, বৰশী বোৱা, আঠুৱা বোৱা আদি ৰোমাঞ্চকৰ গাঁৱলীয়া কাৰ্য কৰি আনন্দ লভিবলৈ সক্ষম হৈছে বুলিও জানিব পৰা গৈছে। লগতে এতিয়াও মাছ, কাছ যে অসমত উভৈনদী হৈ আছে আৰু বনজ সম্পদৰ কোনো হৰণ-ভগন হোৱা নাই এয়াই প্ৰমাণ বুলিও হাবি-বন মন্ত্ৰীয়ে চেগ চাই মন্তব্য কৰিছে।

৬. আজিৰ বাৰ্ষিক মহানগৰীয় বানো
সৱৰ শুভ মুহূৰ্তত মহানগৰ বাসীয়ে এজোপা কলগছৰ দাম ডেৰশ টকাকৈ দি ভুঁৰ বনোৱা বুলিও জানিব পৰা গৈছে। এইদৰে উচ্চ দামত সকলোৱেই কলগছ কিনি ভুঁৰ বনাই অসমৰ কলগছৰ খেতিয়ক সকলক উপকৃত কৰিবলৈ শুভক্ষণত খেতিবাতি মন্ত্ৰী চেলবেল ডেকাই আহ্বান জনাইছে।

৭. আজি পানীৰ এবুকু পানীৰ তলেদি ৰিক্সা চলাই ভঙাগড় অঞ্চলত বিশিষ্ট সেৱাৰ এক বিশ্ব অভিলেখ গঢ়িছে বিশিষ্ট গুৱাহাটীয়ান ৰিক্সাচালক সন্থাই।  পানীৰ তলেদি আজি সেৱা দি থকা সমাজ সেৱক সকলক বিশ্ববাসীৰ আগত পৰিচয় কৰি দিয়াৰো প্ৰয়োজন আছে বুলি সন্থাই প্ৰকাশ কৰিছে। এবুকু পানীত ৰিক্সা টনা সকলো কষ্ট সহিষ্ণু সমাজকৰ্মী ৰিক্সাৱালা সঁচায়েই গুৱাহাটীৰ সম্পদ ৰূপে ঘোষণা কৰিব লাগে বুলি এতিয়া ৰাইজেও অনুভৱ কৰিছে।

৮. ভঙাগড় অঞ্চলৰ ৰাইজক কৃত্ৰিম বানে পানী পানী খুওৱাৰ সময়তে বিশুদ্ধ খোৱাপানী যোগান ধৰিছে ৰাইজৰ চৰকাৰে। মিনাৰেল ৱাটাৰ নাওযোগে ঘৰতে আৱদ্ধ সকললৈ বিতৰণ কৰাৰ লগতে আবেলিলৈ চিৰা বিতৰণ কৰিও পাপ মোচনৰ চেষ্টা কৰিব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে।

৯. গুৱাহাটীৰ বানপানী নিয়ন্ত্ৰণৰ দ্বায়িত্ব কেন্দ্ৰীয় চৰকাৰেও লব লাগিব বুলি মন্তব্য কৰিলে ৰসাল গগৈ চাৰে। পিছে ছাৰৰ কথা শুনি  পানীৰ মাজত মাত দি ফুৰা বিজয়া বাইদেৱে, ছাৰে আচলতে ৰাষ্ট্ৰপতি শাসন দিয়াৰ পোষকতা কৰিছে নে গুৱাহাটীক কেন্দ্ৰীয় শাসিত অঞ্চল কৰাটো বিচাৰিছে, সেই বিষয়ে স্পষ্ট কৰি দিবলৈকো দাবী জনাইছে।

১০. অসমত মাত্ৰ ৫৩,৬৩৭টা পৰিযালে মথাউৰিত শান্তিৰে বসবাস কৰি থকাৰ বাতৰিত সন্তুষ্টি প্ৰকাশ কৰিছে ৰসাল গগৈয়ে।  শান্তিৰ অসমত অচিৰেই এক লক্ষ মানুহক মথাউৰিত বসতি কৰি অভিলেখ গঢ়াত তেখেতৰ সোপাঢিলা শাসনে সহায় কৰিব বুলিও তেখেতে প্ৰকাশ কৰিছে।

No comments:

Post a Comment