পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. অসমকে ধৰি দেশৰ কেইবাখনো ৰাজ্যৰ জনগাঁথনি, ভাষা সংস্কৃতি, অৰ্থনীতিৰ ওপৰত ব্যাপক প্ৰভাৱ পেলোৱা বাংলাদেশৰ পৰা হোৱা অবৈধ প্ৰব্ৰজনৰ সমস্যাক কেন্দ্ৰীয় চৰকাৰে ৰাষ্ট্ৰীয় সমস্যা গণ্য কৰিছে বুলি প্ৰকাশ কৰিলে কেন্দ্ৰীয় গৃহৰাজ্য মন্ত্ৰী কিৰেন ৰিজ্জুৱে।

২. অইল ইণ্ডিয়াই সামাজিক দায়বদ্ধতা প্ৰচেষ্টাৰ অধীনত "অইল দীক্ষা" প্ৰকল্পৰ জড়িয়তে নিৰ্মাণ কৰি উলিওৱা তিনিখনকৈ কম্পিউটাৰ বাছ যোৱা তিনি জুনত দুলীয়াজানত আনুষ্ঠানিকভাৱে  উদ্বোধন কৰিলে কোম্পানীটোৰ মানৱ সম্পদ আৰু বাণিজ্যিক বিকাশ সঞ্চালক নৃপেন ভৰালীয়ে। ভ্ৰাম্যমাণ কম্পিউটাৰ গৱেষণাগাৰৰ ৰূপ দিয়া বাছকেইখনেৰে অৰ্হতাসম্পন্ন প্ৰশিক্ষকৰ দ্বাৰা ২০১৪-২৫বৰ্ষত অইৰ কৰ্মাঞ্চলৰ ভিতৰৰ ডিব্ৰুগড়, তিনিচুকীয়া আৰু শিৱসাগৰ জিলাৰ ১২খন চৰকাৰী মজলীয়া বিদ্যালয়ৰ ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ ২৫০০গৰাকী ছাত্ৰ-ছাত্ৰীক কম্পিউটাৰ শিক্ষা প্ৰদান কৰাৰ লক্ষ্য গ্ৰহণ কৰিছে। অনাগত দিনত প্ৰকল্পটোত অধিক বিদ্যালয়ক সামৰি লোৱাৰ ব্যৱস্থা হব বুলিও জানিব পৰা গৈছে।

৩. অগপক পুনৰ শক্তিশালী ৰূপত গঠন কৰা লক্ষ্যৰে এখনি জাতীয় অভিবৰ্তনৰ আয়োজন কৰা হৈছে। এই অভিবৰ্তনলৈ প্ৰতিষ্ঠা কালত সহযোগ কৰা সকলো জাতীয় দল-সংগঠনক আমন্ত্ৰণ জনোৱা হব আৰু এই অভিবৰ্তনৰ দিন অহা ১৯জুনত বহিব লগা দলৰ সাধাৰণ সভাই নিৰ্ধাৰণ কৰিব বুলিও প্ৰকাশ কৰিছে।

৪. কালিৰে পৰা দেশৰ ষষ্ঠদশ লোকসভাৰ প্ৰথমখন অধিবেশন আৰম্ভ হৈছে। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত সৰ্ব-সাধাৰণ নাগৰিক সকলৰ আশা-আকাংক্ষা পূৰণৰ বাবে সদনত পূৰ্ণ প্ৰচেষ্টা চলোৱা হব বুলি প্ৰকাশ কৰিছে।

৫. কালি প্ৰথমখন অধিবেশনত লোকসভাৰ অস্থায়ী অধ্যক্ষ ৰূপে কংগ্ৰেছৰ জ্যেষ্ঠ  নেতা তথা ৯টা কাৰ্যকালৰ সাংসদ কমল নাথক ৰাষ্ট্ৰপতিয়ে শপত বাক্য পাঠ কৰোৱায়। ৰাষ্ট্ৰীয় সংগীত বজোৱাৰ পাছতে অস্থায়ী অধ্যক্ষ কমল নাথে অকাল মৃত্যুক সাবটি লোৱা কেন্দ্ৰীয় মন্ত্ৰী গোপীনাথ মুণ্ডেৰ প্ৰতি শোক প্ৰকাশ কৰে আৰু তেখেতক "জনতাৰ মানুহ" ৰূপে আখ্যা দি তেখেতকৈ শ্ৰদ্ধা জ্ঞাপন কৰি দিনটোৰ বাবে লোকসভাৰ কাৰ্যক্ৰমণিকা স্থগিত ৰাখে। আজিহে সংসদৰ নৱ-নিৰ্বাচিত সাংসদ সকলৰ শপত গ্ৰহণৰ কাৰ্যসূচী গ্ৰহণ কৰা হৈছে।


৬. আজি বিশ্বৰ আন দেশৰ সৈতে অসমতো পালিত হৈছে বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচী। চৰকাৰী পৃষ্ঠপোষকতাত বন বিভাগে গ্ৰহণ কৰাৰ কাৰ্যসূচীৰ উপৰিও বিভিন্ন সামাজিক সংগঠন, শিক্ষানুষ্ঠান সমূহেও এই উপলক্ষত বিভিন্ন সজাগতামূলক কাৰ্যসূচী গ্ৰহণ কৰিছে। বজালীত গ্ৰীণ মিছনে ৰাজহুৱা প্ৰতিষ্ঠানত প্ৰায় তিনি হাজাৰৰো অধিক গছ পুলি ৰোপনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। মিচিং স্বায়ত্ত শাসিত পৰিষদেও বিশ্ব পৰিবেশ দিৱসৰ কাৰ্যসূচীৰে পৰিবেশ বিষয়ত সচেতনতা বৃদ্ধিৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ সুখবৰ পোৱা গৈছে। গুৱাহাটী প্ৰেছ ক্লাৱত আজি বৃহত নদী-বান্ধ সন্দৰ্ভত সমাজকৰ্মী কেশৱ কৃষ্ণ ছত্ৰধৰে বক্তৃতাও প্ৰদান কৰিব।

৭. নামনি অসমৰ ব্যক্তিগত খণ্ডত চিকিতসা সেৱা আগবঢ়োৱাত অগ্ৰণী ভূমিকা লোৱা নলবাৰী মেটাৰনিটী হস্পিতালে ৪০টা বছৰ পূৰণ কৰাৰ সুখবৰ পোৱা গৈছে। তুলনামূলক ভাৱে কম খৰছত নামনিৰ ৰাইজক সেৱা আগবঢ়োৱা চিকিতসালয় খনত স্ত্ৰী-ৰোগ বিশেষজ্ঞৰ বাবে  আল্ট্ৰাচাইণ্ডৰ প্ৰশিক্ষণ কেন্দ্ৰৰ লতে স্নাতকোত্তৰ পাঠদানৰো সুবিধা প্ৰদান কৰিছে। অচিৰেই চুপাৰ-স্পেচিয়েলিটী সেৱাত স্নায়ুৰোগ, ডায়েবেটিছ, নেফ্ৰোলজী আদি বিভাগৰ উপৰিও সন্তানহীনলোকৰ বাবে আই.ভি.এফ পদ্ধতিৰ সেৱাও হস্পিতেলখনে আগবঢ়াবলৈ প্ৰচেষ্টা হাতত লৈছে বুলি জানিব পৰা গৈছে।

৮. আমিনগাঁওস্থিত যুৱ বিকাশ কেন্দ্ৰৰ উদ্যোগত যোৱা জুনত দশম বাৰ্ষিক বক্তৃতানুষ্ঠানটো গুৱহাটীৰ বিবেকানন্দ কেন্দ্ৰত  অনুষ্ঠিত হৈ যায়। "ভাৰতৰ আধ্যাত্মিক স্থান সমূহৰ পুনৰ মূল্যায়ন" শীৰ্ষক ভাষণ প্ৰদান কৰিলে অৱসৰপ্ৰাপ্ত মেজৰ জেনেৰেল বিনোদ চাইগলে। অনুষ্ঠানটিত গুৱাহাটীৰ বহু জ্যেষ্ঠ নাগৰিকৰ লগতে যুৱক-যুৱতীয়ে অংশ গ্ৰহণ কৰে।

৯.
অ'এনজিচি কাপ ২৩সংখ্যক সদৌ অসম আন্তঃজিলা জলক্ৰীড়া প্ৰতিযোগিতাখনি অহা ৭ আৰু ৮জুনত অসম সাঁতোৰ সন্থাৰ সৌজন্যত আৰু যোৰহাট ছুইমিং ছ'চাইটিৰ জলক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত হব। ১৪৪টা ইভেণ্ট অনুষ্ঠিত হব লগা প্ৰতিযোগিতাখনিৰ পৰাই আগন্তুক ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু ৰাষ্ট্ৰীয় জুনিয় প্ৰতিযোগিতাৰ বাবে ৰাজ্যিক দলটোৰ নিৰ্বাচন কৰা হব।


১০. আইনৰক্ষকৰ দ্বায়িত্বত থাকিও এটি গোচৰত আদালতৰ নিৰ্দেশক অৱমাননা কৰাৰ বাবে এজন আৰক্ষী উপ-পৰিদৰ্শক জেললৈ যাবলৈ যাব লগা হোৱাৰ কথা পোহৰলৈ আহিছে। আদালতৰ নিৰ্দেশ অৱমাননাৰ অপৰাধত নন্দেশ্বৰ পেগু নামৰ আৰক্ষী বিষয়াজনক লখিমপুৰৰ প্ৰথম শ্ৰেণীৰ ন্যায়িক দণ্ডাধীশৰ আাদালতে জেললৈ প্ৰেৰণ কৰিছে।

No comments:

Post a Comment