হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. অসমত বয়বস্তুৰ পাইকাৰী আৰু খুচুৰা বিক্ৰীৰ দৰৰ মাজত ব্যাপক পাৰ্থক্যই শিৰোনামা লাভ কৰিছে৷ অধিক মুনাফাৰ জৰিয়তেই বেপাৰী তথা বণিয়াৰ ভাল দিন আহিব বুলি কৰা ভৱিষ্যতবাণী সত্য প্ৰমাণিত কৰাৰ বাবে পদুম পাৰ্টিলৈ মুক্ত-হস্তে দান বৰঙণিৰ টোপোলা দিয়া বেপাৰী সন্থাই এতিয়া ধন্যবাদ জ্ঞাপন কৰিছে৷
২. ফিফা বিশ্বকাপ উপলক্ষে কইনাধৰা ফুটবল ক্লাৱতো ব্যাপক সালসলনিৰ প্ৰস্তাৱ কৰা হৈছে৷ নিজৰ গলপোষ্টতো গল দিও দিওকৈ থকা ডীফেন্সৰ খেলুৱৈক আগৰণুৱা কৰি দিবলৈ ফুটবল ক্লাৱটোৰ মালিক মহাৰাণী বাইদেৱে নিৰ্দেশ জাৰি কৰিছে৷ কেপ্তেইন ছাৰে পিছে অনাগত খেলত দলৰ ভিতৰৰে কোনে কাক লেং মাৰি ঠেং ভাঙে একো ঠিকনা নাই বুলি সম্ভEৱনা প্ৰকাশ কৰি নন-প্লেয়িং কেপ্তেইনৰ ভূমিকা লবলৈহে আগ্ৰহ প্ৰকাশ কৰিছে বুলি গোপনে জানিব পৰা গৈছে৷

৩. নতুন চৰকাৰত পাত্ৰ মন্ত্ৰী হৈ সবাকে আনন্দিত কৰা মন্ত্ৰী গৰাকীক কালি লালুকত গৃহিনী সংঘই জাতিলাও, ৰঙালাও, পিয়াঁজ, আলু, ডালি আদি এদিনৰ খোৰাকী দি আদৰণি জনাবলৈ আয়োজন কৰিছিল৷ পিছে বজাৰত চৰাদামৰ বাবেই এই কাৰ্যসূচী বাতিল কৰি মন্ত্ৰীক বনৰীয়া ফুলৰ মালাৰেই সম্ভাষণ জনোৱা বুলি গোপনে খবৰ আহিছে৷

৪. এইবাৰ কেন্দ্ৰীয় চৰকাৰী বাহিনীয়ে আহি গঁড় ৰক্ষা কৰিব বুলি প্ৰকাশ পোৱা বাতৰিত ক্ষোভ প্ৰকাশ কৰিছে থলুৱা চোৰাং চিকাৰী সন্থাই৷ থলুৱা সম্পদৰ ওপৰত কেন্দ্ৰৰ ইও এক ঔপনিবেশিক পদক্ষেপ বুলি প্ৰকাশ কৰি বিষয়টো উগ্ৰবাদী বৰুৱাক বিবৃত্তিৰে প্ৰত্যুত্তৰ দিবলৈকো আহ্বান জনাইছে৷

৫. দেশত বলাৎকাৰৰ দৰে ঘটনাৰো ফাষ্ট ট্ৰেক কৰ্ট খুলিও ন্যায় পোৱা নাই নিৰ্যাতিতাই৷ তাৰে ৮৫শতাংশ গোচৰেই গেঁঠেলা মৰাৰ বাতৰিত এতিয়া উৎফুল্লিত হৈ পৰিছে ভাৰতীয় বলাৎকাৰী সন্থা৷ কোনোৱে যাতে বিষয়টো উদঙাই দি তেওঁলোকৰ শান্তি ভংগ কৰিব নোৱাৰে তাৰ বাবে সন্থাই সুক্ষ্ম দৃষ্টি ৰাখিব বুলিও প্ৰকাশ কৰিছে৷

৬. নলবাৰীৰ বাঁহজনীত ৰাইজে নিজেই পথ মেৰামতি কৰি লোৱাত সন্তোষ প্ৰকাশ কৰিলে বাট-ঘাট বিভাগৰ ৰাজ্য মন্ত্ৰীয়ে৷ ৰাইজৰ পদূলিলৈ ৰাইজৰ চৰকাৰখন আহি ওলাব পৰাকৈ নিজা নিজা বাটপথ সকলোৱেই মেৰামতি কৰি ললে দেশৰ উন্নতি অনিবাৰ্য আৰু অসম আকৌ উন্নতিৰ পথত জয় আই অসম বোল হব বুলিও বিভাগীয় বাইদেৱে সন্তোষ প্ৰকাশ কৰাৰ গোপন খবৰ৷

৭. নগাঁৱত চৰকাৰী চাউলৰ চোৰাং বেহাৰ বাবেই সমবায় এজেণ্টক গ্ৰেপ্তাৰ কৰা কাৰ্যক সদৌ অসম ক্ষুদ্ৰ ক'লা-বেপাৰী সন্থাই গৰিহণা দিছে৷ জিলাখনৰ সীমাতে লাগি থকা কাজিৰঙাত ৫০লাখ টকীয়া খৰ্গৰ ব্যৱসায়, পাহাৰৰ কয়লা, গছৰ চোৰাং ব্যৱসায়বোৰ নধৰি এনে সৰু চিকা মাৰি হাত গোন্ধাৱাবলৈ অহাটো অতি নিন্দনীয় কথা আৰু ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ জীৱন-জীৱিকাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাটো এটি অমানৱীয় অপৰাধ বুলি সন্থাই অভিমত প্ৰকাশ কৰিছে৷

৮. অসমৰ লঘু সংগীতে পুনৰ জনপ্ৰিয়তাৰ শিখৰ চুবলৈ সক্ষম হৈছে৷ বয়-বস্তুৰ চৰা-দামে জুৰুলা কৰা ৰাইজে আৰু কোনো গধুৰ বস্তুৰেই বোজা লব নোৱাৰাৰ বাবেই সংগীত হলেও লঘু বিধহে ৰাইজে গ্ৰহণ কৰিব পাৰিছে বুলি সাংস্কৃতিক কৰ্মী সকলে প্ৰকাশ কৰিছে৷চৰাদামৰ বজাৰত গজাল এটা কিনিবলৈ শক্তি হেৰোৱা মানুহে গজল শুনিয়েই মনৰ দুখ পাতলোৱাৰ বাদে কি উপায় আছে বুলি প্ৰশ্ন উঠিছে৷
 
৯. ব্যাপক দুৰ্নীতিৰ গ্ৰাসত নলবাৰীৰ মীন বিভাগ পৰা বুলি খবৰ ওলোৱাৰ পাছৰে পৰাই এতিয়া তালৈ বদলি হৈ লক্ষ্মী দেৱীৰ কৃপা লাভ কৰিবলৈ বিষয়া সকলে হেতা-ওপৰা লগোৱা বুলি কমিছনাৰৰ অফিচৰ পৰা খবৰ আহিছে৷ পিছে সঠিক লুণ্ঠনেৰে কমিছন কমিছনাৰলৈকো পঠিয়াব পৰা প্ৰতিভাবান বিষয়াইহে তাত নিযুক্তি লাভ কৰিব বুলিও বিভাগীয় কেৰেণীৰ সূত্ৰত প্ৰকাশ পাইছে৷

১০. পঞ্চায়তৰ টিভি নি সচিবৰ ঘৰত শোভাবৰ্ধন কৰাৰ দৰে ক্ষুদ্ৰ খবৰত পৃষ্ঠা নষ্ট কৰাৰ বাবে গুঞ্জন দত্তৰ পেপাৰখন প্ৰৱল সমালোচনাৰ সন্মুখীন হৈছে৷  কপিলৰ কমেডী নাইট বা ফুটবল কাপ চাবলৈ নহয়, আচলতে প্ৰধান মন্ত্ৰীৰ পৰা ভালদিন অহাৰ আপডেট পাবলৈহে সচিবে টিভি ঘৰতে বহোৱাই লৈছে আৰু লগতে চোৰে নিনিয়াকৈ টিভিক সুৰক্ষিত থকাৰ নিশ্চিতি প্ৰদান কৰিছে৷ সেয়ে এয়া আচলতে প্ৰশংসনীয় কামহে বুলিও সচিব সন্থাই স্পষ্টীকৰণ প্ৰেৰণ কৰিছে৷

No comments:

Post a Comment