লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. অৱশেষত ৰসাল গগৈয়ে অভিনয় কৰিব "বিসম্বাদীৰ অগ্নি-পৰীক্ষা" নামৰ নাটকখনত। এই নাটখনত নাম-ভূমিকাৰ চৰিত্ৰটোত নিজৰ প্ৰৱল আপত্তি সত্বেও হাইকামাণ্ড প্ৰভুৰ আজ্ঞামানি "বিধায়িনী দলৰ মঞ্চ"ত অভিনয় কৰিবলৈ আগবাঢ়িছে বুলি গোপন সূত্ৰই প্ৰকাশ কৰিছে। মূল নাটৰ আগে-আগে "মই কইনাধৰা এৰাত নাই" নামৰ নৃত্য-নাটিকা এখনেৰে সহানুভূতি সৃষ্টিৰ চেষ্টা চলাব বুলিও খবৰ পোৱা গৈছে।

২. সুৰুঙা পালে আনে সিজাই থকা ব্যঞ্জনটো এচেলেক মাৰি জুতি লবলৈ কাৰ নো মন নাযায়? জালুকবাৰীৰ খানাচামা শৰ্মাই মহাজুতি লগাকৈ ৰান্ধি থকা "গাদীৰ জুতি" নামৰ বিশেষ ৰেচিপিটোত ভুৱনকাই কলিতাই চান্স পাই এচেলেক মাৰি চোৱাৰ মন কৰাৰ বাতৰি পোৱা গৈছে। খানচামা সাৱধান নহলে, গোটেই ৰেচিপি ভোজনৰ আগতেই ভুৱনকাইয়ে হজম কৰিব পাৰে বুলি জনপথ বৰঘৰৰ পৰা জানিব পৰা গৈছে।

৩. বিসম্বাদ মেনেজমেণ্ট বিষয়টো হাতত লৈ সমস্যা সমাধানৰ বাবে কেইবাজনো এতিয়াৰ ঘনিষ্ঠক বলিৰ পঠা সজোৱাৰ তালিকা কৰুণ গগৈয়ে তৈয়াৰ কৰা বুলি জানিব পৰা গৈছে। এই গোপন তালিকা পিছে বলিৰপঠা.কম নামৰ বেৱচাইটোৱে আগতীয়াকৈ ফাদিল কৰি দিয়াত এতিয়া ৰাজনৈতিক শিখৰ কন্যাপাহাৰত ক্ৰন্দনৰ সৃষ্টি হোৱা বুলিও খবৰ ওলাইছে।

৪. পৰিকল্পনা আয়োগৰ তথ্যত গড় উন্নয়নৰ ক্ষেত্ৰত দেশৰ ৰাজ্য সমূহৰ ভিতৰত অসমে তলৰ ফালৰ পৰা দ্বিতীয় স্থান লাভ কৰিছে। এইদৰে তন্ত্ৰী-মন্ত্ৰী-চন্তৰীয়ে কাম ধাণ্ডা বাদ দি বাদ-বিসম্বাদ চলাই থাকিলে অচিৰেই তলৰ ফালৰ পৰা প্ৰথম স্থান অধিকাৰ কৰি অসমে অভিলেখ গঢ়িব পাৰিবই বুলিও সচেতন মহলে দৃঢ়মত প্ৰকাশ কৰিছে।

৫. প্ৰফুল্ল বদন মহন্তই তেওঁৰ হাতী-মাউত ক্লাৱক নতুনকৈ গঢ়িবলৈ পুৰণি লগ বন্ধু বিচৰাৰ খবৰ পোৱা গৈছে। এতিয়া সকলোৱে বিলাসী গাড়ী কিনি ঘূৰি ফুৰাৰ পাছত হাতীলৈ মন কান দিবলৈ এৰিলে যদিও আজি বিশ্ব পৰিবেশ দিৱস উপলক্ষেই মহন্ত মাউতৰ লগ বিচৰাৰ আহ্বান অন্তত কান পাতি শুনিছে বুলি খবৰ আহিছে। সেয়ে আজিৰ দিনটোত হাতীদলৰ সাহাযৰ্থে সকলোৱে কেইবাজোপাকৈ কলগছ ৰোপন কৰি সোনৰ অসম বাদ দি সেউজ অসমৰে সপোন দেখিবলৈকে পুৰণি লগৰীয়া সংঘয়ো আহ্বান জনাইছে।

৬. কাৰ্বি পাহাৰত জলসিঞ্চনৰ নামত ভুৱা আঁচনিৰে লুটপাত কৰাৰ বাবে বলিন দাসে সংবাদ শিৰোনামা লাভ কৰি শহুৰ-শাহুৰৰ ঘৰলৈ গৌৰৱ কঢ়িয়াই আনিছে। বলিনদাক চিভিল ইঞ্জিনীয়াৰিঙৰ বাবে অৰ্থনীতি বিষয়টোৰ বিশেষজ্ঞ ৰূপে হাভাৰ্ড আদিতো পাঠদানৰ সুবিধা দিব লাগে বুলিও শহুৰেকৰ ঘৰৰ পৰা দাবী তোলা বুলি গোপন সূত্ৰই প্ৰকাশ কৰিছে।

৭. নিয়মীয়াকৈ বিদ্যুত যোগান দিয়াৰ অপৰাধত এগৰাকী বিজুলী-বাতি বিষয়াক নিলম্বন কৰাৰ খবৰ আহিছে। বিজুলী-বাতি মন্ত্ৰীয়ে এনেকৈ লাইট দি ৰাইজৰ স্বভাৱ অভাৱ অনুভৱ নোহোৱাকৈয়ে  নষ্ট হবলৈ দিয়াৰ অপৰাধতে বিষয়াজনক নিলম্বন কৰা বুলি জানিব পৰা গৈছে।

৮. ৰঙিয়াৰ মৰাণাজানাত ভয়াবহ ঔদ্যোগিক প্ৰদূষণৰ বাতৰিয়ে সংবাদ শিৰোনামা পোৱাৰ লগে লগেই প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ সদস্যৰ ঘৰত বিলাসী গাড়ীৰ বিক্ৰী কেন্দ্ৰৰ কাৰ্যবাহী উপস্থিত হোৱাৰ খবৰ আমালৈ আহিছে।

৯. শংকৰ-মাধৱ কনিষ্ঠ কলেজত অধ্যক্ষৰ চকীক লৈ টনা-টনিৰ খেলখনে এতিয়া ৰাজনৈতিক আৰু দুষ্ট চক্ৰৰ সক্ৰিয় সহযোগ লাভ কৰাৰ সুখবৰ। অতি কম সময়ৰ ভিতৰতে এই খেলখনে অতি আকৰ্ষণীয় ৰূপ ধাৰণ কৰিব বুলি ৰাইজে আশা প্ৰকাশ কৰিছে। পিছে এনে অনৰ্থক, অৰাজক খেল পতা মহাবিদ্যালয়খনৰ নামৰ আগৰ পৰা মহাপুৰুষ দুজনাক অব্যাহতি দি ল'লে ভাল হব বুলি গুৰুজনাৰ ভক্তসকলে মত প্ৰকাশ কৰিছে।

১০. তেজপুৰত ট্ৰেফিক পুলিচে দেখুৱালে বাটৰ নাট। হেলমেট নাথাকিলে এশ টকাকৈ বৰঙণি সংগ্ৰহ অভিযান চলোৱাৰ কথা সচেতন মহলে উৰ্ধতন কৰ্তৃপক্ষক অভিযোগ দিয়াত প্ৰশাসনৰ গা লৰে। পিছে এতিয়া সেই অভিযান আচলতে সচেতনতা বৃদ্ধিৰ বাবে প্ৰশাসনে মঞ্চস্থ কৰা "বাটৰ নাটহে" আছিল "কোনো পধ্যেই দুৰ্নীতি নহয়"বুলিও পুলিচ বাহিনীয়ে স্পষ্ট কৰি দিছে।

No comments:

Post a Comment