লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. "বিসম্বাদীৰ চৰ্ত" নামৰ এখন ভাওনা গুৱাহাটীত মঞ্চস্থ কৰিব বুলি বাদী-বিসম্বাদী প্ৰযোজক সংস্থাই প্ৰকাশ কৰিছে। দিল্লীৰ বৰঘৰৰ মানুহ কেইজনক বিসম্বাদী অভিনেতা সকলে বিচৰা দাবী সমূহ পূৰণ কৰিবলৈ খোলা-খুলিকৈ পথ দেখুৱাই দিয়াৰ পাছত, এতিয়া সেই সমূহ অতি কম সময়ৰ ভিতৰতে পূৰণ কৰিবলৈ গগৈ চাৰে চেষ্টা চলালেই ভাওনাখন সোনকালে দৰ্শকৰ সমুখলৈ আহিব বুলিও আশা প্ৰকাশ কৰিছে।

২. বিদ্যুত বৰদলৈক অসমত লাইট থকা কৰিবলৈ বিশেষ একচন প্লেন যুগুতাই দিবলৈ দিলে নিৰ্দেশ। আঁচনি বনাই বনাই গৰম দিন কেইটি সুকলমে পাৰ কৰি দিব পাৰিব বুলি বিদ্যুত বৰদলৈৰ আনন্দ প্ৰকাশ কৰাৰো গোপন খবৰ। বৰদলৈৰ প্ৰকাশ কৰা মতে তেওঁ এনেকুৱা পৰিকল্পনা কৰিব যাতে ঠাণ্ডা দিন কেইটিত অসমীয়া ৰাইজে ফেন চলাই পূৰ্ণ আনন্দ উপভোগ কৰিব পাৰিবই!

৩. পৌৰাণিক কাহিনী এতিয়া দেশৰ শিক্ষা ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্দেশ দিছে নতুন লিখা পঢ়া বিষয়ৰ মন্ত্ৰীয়ে। হিন্দু ৰজা-মহাৰজাৰ কাহিনীয়েহে গেৰুৱা শাৰী ভালপোৱা বাইদেউৰ দলীয় আদৰ্শ নৱ-প্ৰজন্মৰ মন-মগজুত ৰোপন কৰিব পাৰিব বুলিও আশা প্ৰকাশ কৰিছে। এখন ৰাজ্যত এজন ৰজা আছিল, পাছত তেওঁ দেশৰ ৰজা বা সম্ৰাট হবলৈ সক্ষম হৈছিল। তেখেত সৰুতে চাহ বেচিছিল বুলিও পোৰাণিক কাহিনীটোও পাৰিলে শিশু সকলে পঢ়া উচিত বুলিও মত প্ৰকাশ কৰিছে।

৪. ধঁপাত মুক্ত দিৱসৰ দিনাও ধঁপাতৰ ৰমৰমীয়া ব্যৱসায় চলাই থাকি গুটখা-চাঁদা প্ৰেমী নাগৰিকক সেৱা আগবঢ়োৱাৰ বাবে  সচেতন নাগৰিক সন্থাই ব্যৱসায়ী সকললৈ ধন্যবাদ জ্ঞাপন কৰিছে। দেশখনক ধঁপাত মুক্ত কৰিবৰ বাবেই সকলো ধঁপাত ৰাইজে সোনকালেই সেৱন কৰি শেষ কৰি পেলাবলৈ সংকল্পবদ্ধ হবলৈকো আহ্বান জনাইছে।

৫. আজি নিৰ্বাচনী  সফলকাৰ বাবে পদুম পাৰ্টিৰ কৰ্মচাৰী সকলক তিনি মাহৰ বোনাচ দিয়াৰ সুখবৰ। দেশৰ জনতাকো মাত্ৰ ৫০ পইচাৰ ডীজেলৰ দাম বৃদ্ধিৰে.... অস নহয়,দেশক প্ৰতি লিটাৰত ৫০পইচাৰ  চাবচিডীৰ বোজাৰ পৰা মুক্ত কৰি দিলে বোনাচ। বোনাচ পোৱাৰ পাছত দেশবাসীৰ লগতে কৰ্মচাৰী সকলে সমস্বৰে "ভাল দিন সঁচাকৈ আহিছেই" বুলি সন্তোষ প্ৰকাশ কৰাৰো প্ৰকাশ পাইছে খবৰ!

৬. উত্তৰ প্ৰদেশত ২-৪ ঘণ্টাহে বিজুলী দিব বুলি প্ৰতিশ্ৰুতি দিছিল বুলি অভিলেখ যাদৱে প্ৰকাশ কৰিছে। চৰকাৰী লেপটপৰ ত্ৰুটিৰ বাবেহে ২৪ঘণ্টা বিজুলী দিব বুলি নিৰ্বাচনী ইস্তাহাৰত প্ৰতিশ্ৰুতি প্ৰকাশ পাইছিল বুলি স্পষ্ট কৰি দিছে! ছপাশালৰ ভূতৰ বাবে চৰকাৰ দায়ী নহয় বুলিও তেখেতে স্পষ্ট কৰি দিছে বুলি টুইটাৰ যোগে জানিব পৰা গৈছে।

৭. কাইলৈৰ পৰা দিল্লীত বিজুলী আৰু পানীৰ বাবে আন্দোলনত নামিব বুলি হাতোৰা কংগেছ দলে ঘোষণা কৰিছে। এই আন্দোলন বৰ্তমানে শাসন চলাই থকা ৰাষ্ট্ৰপতি নে বিগত ১৫বছৰ শাসন কৰা শীলা বাইদেউক দায়ী কৰিবলৈ সেইটো ঠিৰাং কৰিব পৰা নাই বুলি গোপন সূ্ত্ৰত প্ৰকাশ।

৮. ডঃ সুবুস্বামী নামৰ হাভাৰ্ড ফেৰত নেতাক এতিয়া সুবুভাইৰ ফেন ক্লাৱে বিচাৰি ফুৰাৰ খবৰ প্ৰকাশিত হৈছে। বেছি পঢ়াৰ বাবেই তেওঁক মানৱ সম্পদ ৰূপে গণ্য নকৰাৰ বাবেই তেওঁ বৰ্তমান অজ্ঞাত বাসত থকা বুলিও সন্দেহ প্ৰকাশ পাইছে। দৰিয়াগঞ্জৰ গুমসূদা কেন্দ্ৰয়ো লজ্জানত হোৱা নেতাজনক বিচাৰি উলিয়াব পৰা নাই বুলি জানিব পৰা গৈছে।

No comments:

Post a Comment