পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. কালি ঘোষিত হোৱা অসমৰ উচ্চতম মাধ্যমিক শিক্ষা সংসদৰ পৰিচালিত উচ্চতৰ মাধ্যমিকৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফলত কলাত ৭৩.৯১%, বিজ্ঞানত ৮৫.৩১% আৰু বাণিজ্যত ৮২.৭০% আৰু বৃত্তিমুখী শিক্ষাত ৭৩.৭৮% সফলতাৰ হাৰ। তুলনামূক ভাৱে ছাত্ৰীৰ সকল আৰু অসমৰ গ্ৰামাঞ্চলৰ সফলতা উজ্বলি উঠাৰ সুখবৰ। কটনৰ ৮গৰাকী, ডিব্ৰুগড়ৰ চল্ট ব্ৰুকৰ ৮গৰাকী, নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ ৫ গৰাকীয়ে কৰিলে স্থান লাভ। গুৱাহাটী কৰ্মাচ কলেজ, কে.চি. দাস কলেজৰো সফলতাৰ ধাৰা অক্ষুন্ন।

২. দীৰ্ঘদিন চৰকাৰী অমনোযোগিতাৰ বাবে সক্ৰিয়তা প্ৰদৰ্শনত ব্যৰ্থ হোৱা বুলি অভিযোগ উঠা "অসম আৰক্ষী দায়বদ্ধতা আয়োগত" নতুন অধ্যক্ষ নিযুক্তি দিছে ৰাজ্য চৰকাৰে। অধ্যক্ষ ৰূপে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ পি.কে. মুছাহাৰী আৰু সদস্য ৰূপে শিৱব্ৰত কাকতি আৰু পাৰুল দেৱী দাসৰ নিযুক্তিত মুখ্যমন্ত্ৰীয়ে কালি অনুমোদন জনাইছে।

৩. দেশৰ নতুন নিৰাপত্তা উপদেষ্টা ৰূপে নিযুক্ত হৈছে ইণ্টেলিজেঞ্চ ব্যুৰোৰ প্ৰাক্তন সঞ্চালক তথা ৬৯বছৰীয়া অজিত ডোভাল। প্ৰধান মন্ত্ৰীৰ কাৰ্যালয়ে এই নিযুক্তিত অনুমোদন প্ৰদান কৰিছে। লাল দেঙ্গাক আলোচনালৈ অনা কান্দাহাৰ বিমান অপহৰণৰ ঘটনাত বাৰ্তাবাহকৰ ভূমিকা আদি ডোভালৰ কেৰিয়াৰৰ অন্যতম মাইলৰ খুঁটি আছিল বুলি জানিব পৰা গৈছে।

৪. দেশৰ ঘৰুৱা বিমান সেৱাত অন্য এক নামৰ সংযোজন ঘোষণা কৰি আজিৰে পৰা "এয়াৰ এছিয়া"ই নিজৰ টিকটৰ বিক্ৰী আৰম্ভ কৰিছে। অহা ১২জুনত বেংগেলুৰুৰ পৰা গোৱালৈ প্ৰথমখন বিমানৰ উৰণ আৰম্ভ হব আৰু ইয়াৰ বাবে বজাৰ দৰতকৈ ৩৫%ৰেহাই মূল্যত টেক্সসহ ৯৯০টকাতে টিকট আগবঢ়াইছে। বেংগেলুৰু-চেন্নাইৰ মাজত ৩৩০টকাতে (টেক্সসহ) টিকট বিক্ৰী কৰাৰ সুখবৰ।

৫. নতুন দিল্লীৰ তালকোতৰা ইনড'ৰ ষ্টেডিয়ামত আৰম্ভ হোৱা ৰাষ্ট্ৰীয় জুনিয়ৰ কাৰাটেত উদ্বোধনীৰ দিনাই অসম দলে সফলতা লাভ কৰিছে । ব্যক্তিগত ছাব-জুনিয়ৰ  কাটা কেটেগৰীত আৰয়ন শৰ্মা আৰু বিকাশ ৰাহাই ব্ৰঞ্জৰ পদক জয় কৰি পদক তালিকাৰ শুভাৰম্ভ কৰা বুলি সংগঠক নগেন বংজাঙে জনাইছে।

৬. জাতীয় সম্পদ এশিঙীয় গঁড়ক সুৰক্ষা আৰু গগৈ হটাও অভিযান আৰম্ভ কৰি আজিৰে পৰা কাজিৰঙাত বিজেপি দলে আয়োজন কৰিছে এখন ৰাজনৈতিক অভিবৰ্তনৰ। কাজিৰঙাক কেন্দ্ৰীয় শাসিত অঞ্চল ৰূপে ঘোষণা কৰিবলৈ দাবী জনাই অহা ৰাজ্যিক বিজেপিয়ে এই ৰাজনৈতিক অভিবৰ্তনতে অহা বিধান সভাৰ নিৰ্বাচনৰ বাবে মিচন-৮৪ৰো শুভাৰম্ভ কৰিব বুলি জানিব পৰা গৈছে।

৭. অসমৰ কৃষি শস্য ক্ষেত্ৰক সুৰক্ষিত কৰাৰ বাবে আণৱিক প্ৰযুক্তিৰ ব্যৱহাৰৰ পোষকতা কৰিলে ভাবা আণৱিক গৱেষণা কেন্দ্ৰৰ সঞ্চালক ডঃ শেখৰ বসুৱে। এই সন্দৰ্ভত অসম কৃষি বিশ্ববিদ্যালয়ৰ সৈতে ভাবা আণৱিক গৱেষণা কেন্দ্ৰই ৭টা পৰ্যায়ক কৃষি ক্ষেত্ৰত সম্পৰীক্ষা কৰিব বুলিও প্ৰকাশ কৰে যোৰহাটত হোৱা এক সংবাদ মেলত। তেখেতে গুৱাহাটীৰ বি.বৰুৱা কেঞ্চাৰ হস্পিতালৰ "ৰে" বিভাগটোৰ উন্নীতকৰণতো সহায় কৰিব বুলি সুখবৰ প্ৰকাশ কৰে।

৮. প্ৰধান মন্ত্ৰীয়ে অচিৰেই প্ৰযুক্তিবিদ, বিশেষজ্ঞ তথা বয়োজেষ্ঠ ৰাজনৈতিক ব্যক্তিক লৈ দহজনীয়া এখনি উপদেষ্টা পৰিষদ গঠন কৰিব । দহ দফীয়া কৰ্ম আঁচনিক আগুৱাই নিয়াৰ ক্ষেত্ৰত পৰামৰ্শ দিবৰ বাবে এই উপদেষ্টা পৰিষদখনত সেই ক্ষেত্ৰ সমূহৰ বিশেষজ্ঞ সমূহক স্থান দিয়াৰ ব্যৱস্থা হব বুলিও প্ৰকাশ পাইছে।

৯. এইবাৰ চৰকাৰী শীৰ্ষ আমোলাক "কৰ্ম প্ৰেৰণামূলক" প্ৰশিক্ষণ দিবলৈ আমন্ত্ৰিত হ'ল চেতন ভগত। জানিব পৰা মতে কয়লা, শক্তি আৰু নবীকৰণযোগ্য শক্তি মন্ত্ৰণালয়লৰ দ্বায়িত্ব লাভ কৰা পীযুস গোৱোলে চেতন ভগতৰ কৰ্মশালাৰে আমোলা-বিষয়াৰ মাজত কৰ্মদ্যোম বৃদ্ধি কৰিবলৈ এক প্ৰয়াস হাতত লৈছে। প্ৰথমে "আপুনিও জিকিব" খ্যাত শিৱ খেৰাক এই উদ্দেশ্যে আমন্ত্ৰণ কৰাৰ চিন্তা কৰা হৈছিল যদিও পাছত চেতন ভগতকে আমন্ত্ৰণ কৰাৰ সিদ্ধান্ত লোৱা বুলি সূত্ৰত প্ৰকাশ।

১০. সদভাৱনা প্ৰকাশ কৰি কালি ভাৰতেও ৩৭গৰাকী পাকিস্তানী কাৰাবন্দীক মুকলি কৰি দিয়ে। তাৰে ভিতৰত ৩২গৰাকী মাছমৰীয়া বুলিও জানিব পৰা গৈছে। উল্লেখযোগ্য যে পাকিস্তানেও নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণলৈ অহা নৱাজ শ্বৰীফৰ ভ্ৰমণ উপলক্ষে ভাৰতীয় ১৫১ গৰাকী মাছমৰীয়াক মুক্তি দিছিল।

No comments:

Post a Comment