দৃষ্টিহীনৰ বাবে ব্ৰেইলী স্মাৰ্টফোনৰ সপোন বাস্তৱায়িত
বিশ্বত থকা ২৮৫ নিযুত দৃষ্টিহীন লোকৰ ভিতৰত এক পঞ্চমাংশ লোক অৰ্থাৎ ৬৩ নিযুত লোকৰ বাবে আলেকজেণ্ডাৰ গ্ৰাহামবেল হোৱাৰ মানস কৰি এক প্ৰচেষ্টা চলাই সফলতা লাভ কৰিছে ভাৰতীয় উদ্যোগী সুমিত ডাগৰে। তেখেতৰ কোম্পানী "ক্ৰিয়াটে"ই পৃথিৱীৰ প্ৰথমটো ব্ৰেইলী পদ্ধতিৰে চলাব পৰা স্মাৰ্টফোনৰ আৰ্হি বা প্ৰট'টাইপ প্ৰযু্ক্তিৰ বেৱচাইট www.spectrum.ieee.org যোগে দাঙি ধৰিছে। তেখেতে ডায়নেমিক ব্ৰেইলীৰ ধাৰণাৰে এক বিশেষ সুখকৰ অনুভূতিৰে মোবাইল সেৱা উপভোগ কৰিবলৈ দৃষ্টিহীন সকলক সুবিধা প্ৰদান কৰিব আৰু ই অনাগত ১২মাহত উৎপাদন পৰ্যায়লৈ আহিব বুলিও আশা প্ৰকাশ কৰিছে।
প্ৰথম প্ৰজন্মৰ এই ব্ৰেইলী স্মাৰ্টফোন যোগে মিউজিক প্লেয়াৰ, ই-মেইল, কেলেণ্ডাৰ, জিপিএছ নেভিগেচন সেৱাও দিব পৰা যাব বুিল ডাগৰে প্ৰকাশ কৰিছে। তাত কি-বৰ্ডখনিত ব্ৰেইলী মাৰ্কিং থকাকৈ এক বিশেষ ডিজাইন প্ৰস্তুত কৰা হৈছে আৰু ই অতি কম দামত সকলোৱে কিনিব পৰাকৈ ভাৰতীয় বজাৰত মুকলি কৰিব বুলিও আশা প্ৰকাশ কৰিছে।
তাৰ বিপৰীতে শেহতীয়াকৈ লণ্ডনৰ কোম্পানী এটাই পৃথিৱীৰ প্ৰথমটো ব্ৰেইলী পদ্ধতিৰ চলাব পৰা মোবাইল ফোন বজাৰলৈ মুকলি কৰাৰ কৃৰ্তিত্ব দাবী কৰিছে। বৰ্তমান ব্ৰিটেইনৰ বজাৰত মুকলি কৰা কৰা ভ্ৰাম্যভাষটোৰ দাম ৬০ পাউণ্ড বুলি জানিব পৰা গৈছে। দৃষ্টিহীন লোকসকলে তাৎক্ষণিকভাৱে যোগাযোগ কৰিব পৰাৰ সুবিধা দিব পৰাকৈ ইয়াৰ সমুখ আৰু পিছফালৰ অংশত তৃ-মাত্ৰিক (3D) প্ৰিণ্টিং কৰি ব্ৰেইলীত লিখা স্পৰ্শৰে চিনিব পৰা কী-বৰ্ডৰ ব্যৱস্থা হৈছে। অ'ড'ন নামৰ কোম্পানীটোৱে প্ৰকাশ কৰা মতে এই ফোনৰ মৌলিক কামৰ বাবে ব্ৰেইলী নজনা সকলেও ব্যৱহাৰ কৰিব পৰাকৈ নম্বৰৰো কী-বৰ্ডত ছপা কৰা হৈছে।
ব্ৰিটেইনৰ অ'ড'নৰ এই মডেলৰ বিপৰীতে ভাৰতীয় সুমিত ডাগৰৰ আৰ্হিটোৱে স্মাৰ্টফোনৰ সুবিধা দিব বিচাৰিছে। আৰু তাত শব্দ আৰু ভাইব্ৰেটৰৰ দ্বাৰা স্মাৰ্টফোনৰ সুবিধা আৰু আনন্দ দৃষ্টিহীন সকলৰ বাবে প্ৰদান কৰাৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে গৱেষণা তথা বিকাশৰ কামত ক্ৰিয়াটে কোম্পানীৰ কৰ্মদল কৰ্মৰত হৈ আছে। আশাকৰো অচিৰেই ভাৰতীয় দৃষ্টিহীনে এই সুবিধা লাভ কৰিবলৈ সক্ষম হব।
বিশ্বত থকা ২৮৫ নিযুত দৃষ্টিহীন লোকৰ ভিতৰত এক পঞ্চমাংশ লোক অৰ্থাৎ ৬৩ নিযুত লোকৰ বাবে আলেকজেণ্ডাৰ গ্ৰাহামবেল হোৱাৰ মানস কৰি এক প্ৰচেষ্টা চলাই সফলতা লাভ কৰিছে ভাৰতীয় উদ্যোগী সুমিত ডাগৰে। তেখেতৰ কোম্পানী "ক্ৰিয়াটে"ই পৃথিৱীৰ প্ৰথমটো ব্ৰেইলী পদ্ধতিৰে চলাব পৰা স্মাৰ্টফোনৰ আৰ্হি বা প্ৰট'টাইপ প্ৰযু্ক্তিৰ বেৱচাইট www.spectrum.ieee.org যোগে দাঙি ধৰিছে। তেখেতে ডায়নেমিক ব্ৰেইলীৰ ধাৰণাৰে এক বিশেষ সুখকৰ অনুভূতিৰে মোবাইল সেৱা উপভোগ কৰিবলৈ দৃষ্টিহীন সকলক সুবিধা প্ৰদান কৰিব আৰু ই অনাগত ১২মাহত উৎপাদন পৰ্যায়লৈ আহিব বুলিও আশা প্ৰকাশ কৰিছে।

তাৰ বিপৰীতে শেহতীয়াকৈ লণ্ডনৰ কোম্পানী এটাই পৃথিৱীৰ প্ৰথমটো ব্ৰেইলী পদ্ধতিৰ চলাব পৰা মোবাইল ফোন বজাৰলৈ মুকলি কৰাৰ কৃৰ্তিত্ব দাবী কৰিছে। বৰ্তমান ব্ৰিটেইনৰ বজাৰত মুকলি কৰা কৰা ভ্ৰাম্যভাষটোৰ দাম ৬০ পাউণ্ড বুলি জানিব পৰা গৈছে। দৃষ্টিহীন লোকসকলে তাৎক্ষণিকভাৱে যোগাযোগ কৰিব পৰাৰ সুবিধা দিব পৰাকৈ ইয়াৰ সমুখ আৰু পিছফালৰ অংশত তৃ-মাত্ৰিক (3D) প্ৰিণ্টিং কৰি ব্ৰেইলীত লিখা স্পৰ্শৰে চিনিব পৰা কী-বৰ্ডৰ ব্যৱস্থা হৈছে। অ'ড'ন নামৰ কোম্পানীটোৱে প্ৰকাশ কৰা মতে এই ফোনৰ মৌলিক কামৰ বাবে ব্ৰেইলী নজনা সকলেও ব্যৱহাৰ কৰিব পৰাকৈ নম্বৰৰো কী-বৰ্ডত ছপা কৰা হৈছে।
ব্ৰিটেইনৰ অ'ড'নৰ এই মডেলৰ বিপৰীতে ভাৰতীয় সুমিত ডাগৰৰ আৰ্হিটোৱে স্মাৰ্টফোনৰ সুবিধা দিব বিচাৰিছে। আৰু তাত শব্দ আৰু ভাইব্ৰেটৰৰ দ্বাৰা স্মাৰ্টফোনৰ সুবিধা আৰু আনন্দ দৃষ্টিহীন সকলৰ বাবে প্ৰদান কৰাৰ সপোনক বাস্তৱায়িত কৰাৰ বাবে গৱেষণা তথা বিকাশৰ কামত ক্ৰিয়াটে কোম্পানীৰ কৰ্মদল কৰ্মৰত হৈ আছে। আশাকৰো অচিৰেই ভাৰতীয় দৃষ্টিহীনে এই সুবিধা লাভ কৰিবলৈ সক্ষম হব।
No comments:
Post a Comment