
১. কালি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণৰ হাৰ ৬১.৪২ শতাংশ আৰু হাই-মাদ্ৰাছাৰ উত্তীৰ্ণৰ হাৰ ৬১.৪০ শতাংশ বুলি জানিব পৰা গৈছে। মাতৃভাষাৰ মাধ্যমত শিক্ষাগ্ৰহণ কৰিও শীৰ্ষ স্থান দখলৰ ক্ষেত্ৰত আধিপত্য দেখুওৱাৰো সুখবৰ দিলে অসমৰ ছাত্ৰ-ছাত্ৰীসকলে ।
২. অসমৰ উচ্চ মাধ্যমিকৰ শিক্ষাত অহা বৰ্ষৰ পৰা বাধ্যতামূলক হব বুৰঞ্জী আৰু ভূগোল বিষয়। এই দুটা বিষয়ত অসমৰ ছাত্ৰ-ছাত্ৰীৰ জ্ঞানৰ পৰিসৰ হ্ৰাস পোৱাৰ অভিযোগৰ ভিত্তিতে এই প্ৰশংসনীয় উদ্যোগ গ্ৰহণ কৰা বুলি ঘোষণা কৰিলে অসমৰ শিক্ষামন্ত্ৰীয়ে। কালি ঘোষিত ফলাফলৰ বিশ্লেষণ আগবঢ়াই তেখেতে চৰকাৰী বিদ্যালয়ৰ ফলাফল উন্নত হোৱাৰ লগতে প্ৰথম বিভাগৰ ৮০শতাংশই চৰকাৰী বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে লাভ কৰিবলৈ সক্ষম হোৱা বুলি সফলতা দাবী কৰিছে। অনাগত দিনত গ্ৰেচ-মাৰ্কৰ পদ্ধতিৰ বিলোপ কৰা হব বুলিও তেখেত ঘোষণা কৰিছে।
৩. দেশক এখন স্বচ্ছ আৰু নিকা চৰকাৰ উপহাৰ দিয়াৰ উদ্দেশ্যে নতুন প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্ত্ৰীসকলক ব্যক্তিগত সচিব আদি পদত আত্মীয়-স্বজনক নাৰাখিবলৈ নিৰ্দেশ জাৰি কৰিছে। কাৰ্যভাৰ গ্ৰহণ কৰিয়ে চহী কৰা নথিবোৰৰ ভিতৰত ব্যক্তিগত সচিব তথা কৰ্মচাৰী ৰূপে কাক নিযুক্ত কৰিব পাৰিব তাৰ নিৰ্দেশনা থকা নিৰ্দেশটোও আছে। আত্মীয়-স্বজনক নিযুক্তিৰে দুৰ্নীতিৰ পোহাৰ মেলাৰ "পৰম্পৰাৰ" অভিযোগৰ পৰা মুক্ত কৰি ৰাখিবলৈকে প্ৰধানমন্ত্ৰীয়ে এনে স্পষ্ট নিৰ্দেশনা জাৰি কৰাৰ সুখৰ খবৰ।
৪. উত্তৰ পূৱ উন্নয়নৰৰ বাবে দ্বায়িত্ব লাভ কৰা ড'নাৰ মন্ত্ৰী ভি.কে.সিং, অসমৰ সাংসদ ৰূপে মন্ত্ৰীত্ব লভা সৰ্বানন্দ সোনোৱাল তথা অৰুণাচলৰ সাংসদ তথা গৃহ ৰাজ্য মন্ত্ৰী কিৰণ ৰিজ্জুলৈ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে জ্ঞাপন কৰিলে অভিনন্দন। অসমতো বিকাশ মূলক কামৰ বাবে আঁচনি যুগুত কৰিবলৈ মুখ্য সচিবলৈ জাৰি কৰিলে নিৰ্দেশ।
৫. সদৌ অসম ছাত্ৰ সন্থাই অহা ৯জুনত দিনৰ ১১বজাত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত আয়োজন কৰিছে চলিত বৰ্ষৰ হাইস্কুল, হাই-মাদ্ৰাছা শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক(কলা, বিজ্ঞান, বাণিজ্যৰ) শিক্ষান্ত পৰীক্ষাত স্থান পোৱা ছাত্ৰ-ছাত্ৰী সকলৰ বাবে এক বিশেষ অভিনন্দন অনুষ্ঠানৰ। এই অনুষ্ঠানতে স্থানপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰী সকলৰ শিক্ষানুষ্ঠানৰ মুৰব্বী সকলকো সম্বৰ্ধনা জনোৱা হব।
৬. প্ৰাক্তন সংসদীয় পৰিক্ৰমা মন্ত্ৰী আৰু কংগ্ৰেছৰ নেতা কমল নাথক নতুন লোকসভাৰ অস্থায়ী অধ্যক্ষ ৰূপে নিযুক্তি দিবলৈ নতুন চৰকাৰে ৰাষ্ট্ৰপতিক পৰামৰ্শ দিছে। লোকসভাৰ বিশেষ অধিবেশন অহা ২জুনৰ পৰা আহ্বান কৰা হৈছে আৰু তাতেই প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী বিজেপিৰ সুমিত্ৰা মহাজন লোকসভাৰ পৰবৰ্তী অধ্যক্ষা ৰূপে নিৰ্বাচিত হোৱাৰ সম্ভাৱনা সূত্ৰই প্ৰকাশ কৰিছে।
৭. ঘোষিত হ'ল চি.বি.এছ.ইৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰো ফলাফল। গুৱাহাটী মণ্ডলৰ উত্তীৰ্ণৰ হাৰ ৭৬.৮০শতাংশ বুলি প্ৰকাশ পালে তথ্য।
৮. ছাহাৰা মুৰব্বী তথা দুজনকৈ সঞ্চালকৰ জামিনৰ বাবে নগদ ৫০০০কোটি আৰু বেংক গেৰাণ্টিৰ নামত আন ৫০০০কোটি টকা জমা দিবলৈ প্ৰস্তুতি চলাইছে বুলি প্ৰকাশ কৰিছে ছাহাৰা গ্ৰুপে। নিউয়ৰ্ক আৰু লণ্ডনত থকা বিলাসী হোটেল বিক্ৰীৰে এই ধনৰ ব্যৱস্থা কৰি মুৰব্বীজনক সোনকালেই মোকোলাই নিব বুলিও সূ্ত্ৰত প্ৰকাশ পাইছে।
৯. এতিয়াৰ পৰা ধাৰাৰ মিঠাতেলৰ ১০০ মি.লি. আৰু ২০০মি.লি.ৰ সৰু পেকেটো উপলদ্ধ হব বজাৰত। কোম্পানীটোৱে দৈনিক তেল ক্ৰয় কৰা কম আয়ৰ পৰিয়ালৰ সুবিধাৰ্থে কালি গুৱাহাটীত এনে নেন' পেকেটৰ বিক্ৰীৰ শুভাৰম্ভ কৰা বুলি জানিব পৰা গৈছে।
১০. খুচুৰা খণ্ডত বিদেশী প্ৰত্যক্ষ বিনিয়োগৰ বাবে অনুমতি নিদিয়ে বুলি ঘোষণা কৰিলে দেশৰ বাণিজ্য মন্ত্ৰী ৰূপে দ্বায়িত্ব গ্ৰহণ কৰা প্ৰথমগৰাকী মহিলা হোৱাৰ গৌৰৱৰ অধিকাৰী নিৰ্মলা সীতাৰমনে। ক্ষুদ্ৰ ব্যৱসায়ী আৰু কৃষক সকলক প্ৰভাৱিত কৰিব পৰা বিষয়টো অতি স্পৰ্শকাতৰ বিষয়ৰূপে নতুন চৰকাৰে নিজৰ দৃষ্টিভংগী স্পষ্ট কৰি দিয়া বুলি তেখেত প্ৰকাশ কৰিছে।
No comments:
Post a Comment