পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. আজি অনুষ্ঠিত হোৱা বিজেপিৰ সংসদীয় দলৰ বৈঠকত প্ৰধানমন্ত্ৰী পদৰ বাবে নৰেন্দ্ৰ মোদীৰ নাম প্ৰস্তাৱ কৰিলে খোদ লালকৃষ্ণ আদৱানিয়ে আৰু সৰ্ব-সন্মত ভাৱে এই প্ৰস্তাৱ গৃহীত হোৱাৰ খবৰ ৰাষ্ট্ৰীয়  সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। আজি আবেলিলৈ সংসদীয় দলৰ নেতা ৰূপে ৰাষ্ট্ৰপতিক লগ ধৰি চৰকাৰ গঠনৰ বাবে দাবী নৰেন্দ্ৰ মোদীয়ে দাখিল কৰিব। ইফালে তেখেতৰ নিৰাপত্তা কটকটীয়া কৰি তুলিবৰ বাবে এছ.পি.জিৰ ৬০০জনকৈ জোৱান নিয়োগ কৰা হৈছে বুলি জানিব পৰা গৈছে।


২. অসম সচিবালয়ৰ সমুখত ঘটা প্ৰণৱ বড়োৰ আত্মজাহৰ গোচৰত অৱশেষত ন্যায়ালয়ে জামিন মঞ্জুৰ কৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক কমল কুমাৰ মেধিক। কালি এমাহৰ মূৰত মুকলি আকাশৰ তললৈ ওলাই অহা মেধিক সংগ্ৰামী সহকৰ্মী সকলে শ্লোগানসহ আদৰি আনে।

৩. লোকসভাৰ নিৰ্বাচনৰ তথ্যই দিলে অনাগত ২০১৬ৰ নিৰ্বাচনত অসমত কংগ্ৰেছ গাদীচ্যুত হোৱাৰ সম্ভাৱনা। লোকসভা নিৰ্বাচনটোত ৬৯টা সমষ্টিত বিজেপি দল আগবাঢ়ি আছে। সেয়ে সৰু সৰু আঞ্চলিক গোট সমূহৰ সৈতে সমৰ্থন লভি গাদী দখল কৰাৰ বাবে ৰাষ্ট্ৰীয় কমিটিয়ে সৰ্বানন্দ সোনোৱালক মন্ত্ৰীত্ব নিদি সাংগঠনিক দিশ শক্তিশালী কৰাৰ দিশতহে নিয়োজিত কৰি ৰাখিব খুজিছে বুলি দিল্লীৰ পৰা সূত্ৰই প্ৰকাশ কৰিছে।

৪. উত্তৰ পূৱৰ সাংসদ সকলৰ ভিতৰত মন্ত্ৰীত্বৰ দৌৰত ৰমেন ডেকা, বিজয়া চক্ৰৱৰ্তী, ৰাজেন গোহাঁই, অৰুণাচলৰ কিৰেন ৰিজিজুৰ লগতে এন.ডি.এৰ সহযোগী দল নগা পিপ'লচ ফ্ৰণ্টৰ সাংসদ তথা প্ৰাক্তন মুখ্যমন্ত্ৰী নেইফিউ ৰিঅ', পি এ চাংমাদেৱেও হেঁচা প্ৰয়োগ কৰি থকাৰ বাতৰি। প্ৰথমে বিজেপি দলৰ সাংসদক স্থান দিহে, সহযোগী দলৰ সাংসদক মন্ত্ৰীত্ব প্ৰদান কৰাৰ ব্যৱস্থা হব বুলিও প্ৰকাশ পাইছে।

৫. যশস্বী নাট্যকাৰ অৰুণ শৰ্মাই আন্তৰ্জাতিক নাৰী দিৱসৰ সৈতে সংগতি ৰাখি ১৯৭৬চনতে ৰচনা কৰা "পদ্মা, কুন্তী ইত্যাদি" নামৰ নাটখনি গুৱাহাটীৰ নাট্যদল "সূৰ্য"ৰ শিল্পীসকলে সঞ্জীৱ হাজৰিকাৰ পৰিচালনাত বাণীবদ্ধ কৰিছে। এই নাটখনি ২১মে'ৰ সন্ধিয়া ৮বজাত আৰু ২৬মে'ৰ নিশা ৯-৩০বজাত আকাশবাণী গুৱাহাটী যোগে সম্প্ৰচাৰ কৰাৰ ব্যৱস্থা কৰিছে।

৬. ৰংমেলা প্ৰকাশনৰ শিশু আলোচনী "নতুন ৰংমেলা", শিশু বাতৰিকাকত "শিশুবাণী" আৰু "সদৌ অসম শিশু সাংবাদিক মঞ্চ" আৰু ৰংমেলা শিশু সমাজৰ সহযোগত নৱম বছৰৰ বাবে ৰাজ্যিক ভিত্তিত আয়োজিত হৈছে প্ৰতিভা সন্ধানী বৃত্তি পৰীক্ষা। অসমীয়া আৰু ইংৰাজী মাধ্যমৰ প্ৰথম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ মাজত পাঁচাটা শাখাত অহা ৩ আগষ্ট দেওবাৰে এই পৰীক্ষা অনুষ্ঠিত হব। আগ্ৰহী সকলে ৯৪৩৫২-৪৫৮১৪ নম্বৰত যোগাযোগ কৰিব পাৰিব।

৭. কেৱল অসমৰ আগশাৰীৰ অভিনেত্ৰী সকলৰ অভিনয়েৰে অহা ২৪মে'ত দিল্লীত প্ৰদৰ্শিত হব শ্ৰীমন্ত শংকৰদেৱৰ অমৰ সৃষ্টি অংকীয়া নাট ভাওনা "ৰাম-বিজয়"। মাধুৰীমা চৌধুৰীৰ পৰিচালনাত  মাবালংকাৰ প্ৰেক্ষাগৃহত "ৰাগিনী"ৰ সৌজন্যত প্ৰদৰ্শিত হব লগা এই ভাওনাত অনুষ্ঠানত অসমৰ মুখ্যমন্ত্ৰীও অতিথিৰূপে উপস্থিত থাকিব।

৮. নতুন দিল্লীৰ সংগীত নাটক একাডেমিৰ সহযোগত নাট্য সংগঠন "ছিগাল"-এ যোৱা ৩০মাৰ্চৰ পৰা এক দুমহীয়া নাট্য শিবিৰ অনুষ্ঠিত কৰিছে। ইয়াত অংশগ্ৰহণ কৰা অসমৰ ২৫গৰাকী শিক্ষাৰ্থীয়ে অহা ২১মে'ৰ ৰা ৩০মে'লৈ  মঞ্চস্থ কৰিব গিৰিশ কাৰ্নাডৰ নাটক "অগ্নি আৰু বৰ্ষা"ৰ। অনুপম কুমাৰে অসমীয়া ৰূপান্তৰ ৰা নাটখনি যুগ্মভাৱে পৰিচালনা কৰিছে ভাগীৰথী আৰু বাহাৰুল ইছলামে। ২১-২৩ মে'ত গুৱাহাটীৰ ছিগাল ষ্টুডিঅ', ২৪মে'ত ৰংগ ভৱন, মালিগাওঁ, ২৫মে'ত ছিগালৰ নতুন মুকলি মঞ্চত, ২৬মে'ত ছিপাঝাৰ বাঁহনীবাৰী, ২৭মে'ত শুৱালকুছি, ২৮মে'নলবাৰী নাট্য মন্দিৰ, ২৯মে'ত সৰুপেটা আৰু ৩০মে'ত বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত নাটখনি মঞ্চস্থ কৰা হব।

৯. অসমলৈ বহিঃৰাজ্যৰ পৰা আমদানি কৰা মাছৰ বিশাল পৰিমাণৰ প্ৰৱেশ কৰ ফাঁকি দিয়া বিষয়চ ব্যৱসীয়া জয়দেৱ দাসৰ আবেদন জনোৱা গোচৰত দুমাহৰ ভিতৰত প্ৰতিবেদন দিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ জাৰি কৰিলে গুৱাহাটী উচ্চ ন্যায়ালয়ে। উল্লেখযোগ্য যে গোচৰীয়াই ১৭৫কোটি টকা কৰা ফাঁকি দিয়াৰ ফলত ৰাজকোষৰ লোকচান হোৱা বুলি অভিযোগ তুলি বিহিত ব্যৱস্থা লবলৈ ন্যায়ালয়ত আবেদন জনাইছিল।

১০. বিহাৰৰ নতুন মুখ্যমন্ত্ৰী ৰূপে নীতিশ কুমাৰৰ স্থলাভিষিক্ত হব বৰ্তমানে মন্ত্ৰীসভাত অনসূচিত জাতি আৰু জনজাতি উন্নয়নৰ দ্বায়িত্বত থকা দলিত নেতা ৬৮বছৰীয়া জিতেন ৰাম মাঝি। উল্লেখযোগ্য যে বিহাৰত জনতা দল (সংযুক্ত)ৰ পৰাজয়ৰ বাবে নৈতিক দ্বায়িত্ব গ্ৰহণ কৰিয়ে নীতিশ কুমাৰে পদত্যাগ কৰিছে।

১১. নলবাৰীত পলিথিন ব্যৱহাৰৰ ক্ষেত্ৰত ব্যৱসায়ী সকলে চৰকাৰী নিষেধাজ্ঞা নমনাৰ অভিযোগৰ ভিত্তিত জিলা প্ৰশাসনে চলালে অভিযান। বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা জিলা প্ৰশাসনৰ চাৰিটা গোটে কেইবালাখো টকাৰ ব্যৱহাৰ নিষিদ্ধ প্লাষ্টিকৰ সামগ্ৰী কালি জব্দ কৰিছে।

১২. বিনিয়োগকাৰীক ধন ঘূৰাই দিয়াৰ বাবে সুনিৰ্দিষ্ট পৰিকল্পনাৰে প্ৰস্তাৱ দিলে ছাহাৰা ইণ্ডিয়াৰ মুৰব্বী সুব্ৰত ৰায় ছাহাৰাক জামিনত মুকলি কৰি দিয়া হব পাৰে বুলি উচ্চ ন্যাায়লয়ে প্ৰকাশ কৰিছে। তাৰ পাছতে কোম্পানীটোৱে লণ্ডন, নিউয়ৰ্কত থকা প্ৰায় ১৫হাজাৰ কোটি টকীয়া বিলাসী হোটেল বিক্ৰী কৰি বিনিয়োগকাৰীক ধন ঘূৰাই দিব বুলি সিদ্ধান্ত প্ৰকাশ কৰিছে।

১৩. ব্যৱসায়ত অসত উপায় অৱলম্বন কৰাৰ অপৰাধত দেশৰ প্ৰখ্যাত নিৰ্মাণ সংস্থা ডি.এল.এফৰ বিৰুদ্ধে ভাৰতীয় প্ৰতিযোগিতা আয়োগে দিয়া ৬৪০কোটি টকা জৰিমনাৰ নিৰ্দেশক ন্যায়ালয়ে বাহাল ৰাখিছে। কৰ্পৰেট দুৰ্নীতিয়ে ছানি ধৰাৰ সময়ত এনে জৰিমনাই আশাৰ বতৰা সাধাৰণ মানুহৰ মনলৈ নিশ্চয়কৈ কঢ়িয়াই আনিব।

No comments:

Post a Comment