ইতিবাচক ব্যতিক্ৰম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক ব্যতিক্ৰম

ইতিবাচক ব্যতিক্ৰম

Share This
চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে
শ্ৰমিক নেতা বিমল নন্দীৰ মৰণোত্তৰ দেহদান


গুৱাহাটীত এছ.ইউ.চি.আই(কমিউনিষ্ট) দলৰ ৰাজ্যিক কমিটিৰ সদস্য তথা বিশিষ্ট শ্ৰমিক নেতা বিমল নন্দীৰ পৰহি মৃত্যু হয়। তেখেতৰ মৃত্যৰ পাছত তেওঁৰ চকুজুৰি দৃষ্টিহীনক দৃষ্টিদান কৰাৰ উদেশ্যে গুৱাহাটীৰ শংকৰদেৱ নেত্ৰালয়ক দান কৰা হয়। কালি তেখেতৰ মৰণোত্তৰ দেহ চিকিসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ উদ্দেশ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যায়ৰ এনাট'মী বিভাগত আনুষ্ঠানিকভাৱে অৰ্পণ কৰা হয়। 

বিমল নন্দী দেৱৰ নশ্বৰ দেহ কালি পৰিয়ালৰ সহযোগত এছ ইউ আই দলৰ কেইবাশ সতীৰ্থই গুৱাহাটী মেডিকেল কলেজ হস্পাতাললৈ সমদল কৰি লৈ যায় আৰু নেতা গৰাকীলৈ শেষ শ্ৰদ্ধা জ্ঞাপন কৰে। মৰ্যদা সহকাৰে বিদায় সম্ভাষণ জনোৱাৰ পাছতে ইলোৰা বিজ্ঞান মঞ্চৰ কৰ্মকৰ্তা সকলৰ সহযোগত চিকিৎসা মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষৰ হাতত আনুষ্ঠানিক ভাৱে নন্দীদেৱৰ নশ্বৰদেহ অৰ্পণ কৰে।

উল্লেখযোগ্য যে ইলোৰা বিজ্ঞান মঞ্চই অন্ধবিশ্বাস দূৰীকৰণ আৰু স্ব-ইচ্ছাৰে মৰণোত্তৰ দেহদান কৰা বিষয়ত ৰাজ্যজুৰি সজাগতামূলক কাৰ্যসূচী পালন কৰি আহিছে। আৰু মঞ্চৰ এনে কাৰ্যসূচীৰ সফল ৰূপায়নৰ ফলতে কালি বিশিষ্ট শ্ৰমিক নেতাজনে নিজৰ দেহ মানৱ সমাজৰ কল্যানৰ হকে চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষতাৰ বাবে দান কৰিব যাবলৈ সক্ষম হয়। প্ৰয়াত নন্দীদেৱলৈ "অসমীয়াৰ সুখ দুখ"ৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো আৰু তেখেতৰ মহানুভৱতাৰ শলাগ লৈছো। লগতে ইলোৰা বিজ্ঞান মঞ্চই গ্ৰহণ কৰা প্ৰশংসনীয় উদ্যোগৰ বাবে আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছো।

No comments:

Post a Comment