পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. দেশৰ ষষ্ঠদশ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ প্ৰক্ৰিয়া কালি সম্পূৰ্ণ হৈছে। বিভিন্ন সংস্থাই প্ৰকাশ কৰা নিৰ্বাচনোত্তৰ সমীক্ষাত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ব্যাপক সফলতা লাভ কৰাৰ লগতে এন.ডি.এ মৰ্চাই চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা লাভ কৰিব বুলি সম্ভাৱনা প্ৰকাশ পাইছে। তাৰ ফলত শ্বেয়াৰ মাৰ্কেটেও অভিলেখ সংখ্যক সূচকাংক অতিক্ৰম কৰিছে আৰু ছেনছেক্স ২৪০০০ৰ সীমাৰ উৰ্ধত উপনীত হৈছে বুলি জানিব পৰা গৈছে।

২. ৰাষ্ট্ৰীয় সংখ্যালঘু আয়োগৰ অধ্যক্ষ নাছিম আহমেদৰ নেতৃত্বত অহা এটি দলে হিংসা-জৰ্জৰ বিটিএডি অঞ্চল ভ্ৰমণ কৰি পৰিস্থিতি অধ্যয়ন কৰাৰ পাছত কালি মুখ্যমন্ত্ৰী তৰুণ গগৈক সাক্ষাৎ কৰে। স্পৰ্শকাতৰ অঞ্চলত অধিক আৰক্ষী মোতায়েন, অধিক আৰক্ষী চকী স্থাপন কৰাৰ লগতে ঘটনাসমূহৰ ওপৰত ফাষ্ট ট্ৰেক ক'টৰ জৰিয়তে শীঘ্ৰে বিহিত ব্যৱস্থা লবৰ বাবে আয়োগে পৰামৰ্শ আগবঢ়ায়।

৩. অহা ১৭মে'ত মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে পালন কৰিব শ্বহীদ দিৱস আৰু আয়োজন কৰিব শ্বহীদ সাংবাদিক পৰাগ কুমাৰ দাসৰ স্মৃতিচাৰণ সভা। উক্ত দিনাই ভাষা সাহিত্য, সন্মিলনী, অসমে শ্বহীদগৰাকীৰ এটি আবক্ষ মূৰ্তি ৰাজগড়স্থিত শ্বহীদবেদী প্ৰাংগণতে উন্মোচন কৰিব। 
 
৪. অসমীয়া লোকবাদ্য আৰু লোকসংগীতৰ সুৰ সমলয়ক লৈ ২০১৩বৰ্ষৰ পৰা আৰম্ভ কৰা "থেছপিয়ান" নামৰ দলটোৱে ৰাইজৰ হৃদয় স্পৰ্শ কৰিবলৈ সক্ষম হৈছে । তেজপুৰৰ শিল্পী মুখ্যধৰ দাস আৰু বিজয় শংকৰৰ যৌথ প্ৰচেষ্টাত কেইবাটাও জনগোষ্ঠীয় নৃত্য গীতক পৰম্পৰাগত বাদ্যৰে প্ৰদৰ্শন কৰা দলটো আমেৰিকালৈকো নিমন্ত্ৰিত হৈছে বুলি জানিব পৰা গৈছে।

৫. কামৰূপ সংস্কৃত সঞ্জীৱনী সভাই উদযাপন কৰিলে শতবাৰ্ষিকী অনুষ্ঠান। সংস্কৃত শিক্ষাৰ প্ৰাণকেন্দ্ৰ নলবাৰীত ১৯১৩চনতে স্থাপিত অনুষ্ঠানটোৰ এই শতবাৰ্ষিকীতে উন্মোচিত হয় "সঞ্জীৱনী" নামৰ এখনি স্মৃতিগ্ৰন্থও।
৬. ভাৰতীয় মহিলা ফুটবলৰ ছুপাৰ পাৱাৰ মণিপুৰে গোলাঘাট ষ্টেডিয়ামত কালি অনুষ্ঠিত ছিনিয়ৰ ৰাষ্ট্ৰীয় মহিলা ফুটবল প্ৰতিযোগিতাত সপ্তদশবাৰৰ বাবে চেম্পিয়নৰ সন্মান অৰ্জন কৰিছে। যোৱাবাৰৰ চেম্পিয়ন ওড়িষাৰ দলটোক ৩-১ গ'লৰ ব্যৱধানত পৰাস্ত কৰা খেলখনত মণিপুৰৰ এন জি বালা দেৱী শ্ৰেষ্ঠ খেলুৱৈ ৰূপে পৰিগণিত হয়। বালাই প্ৰতিযোগিতাখনত সৰ্বমুঠ ২২টা গ'লৰ অৰিহণা আগবঢ়ায়।

৭. গুৱাহাটীৰ ছছলত থকা টেনিছ কমপ্লেক্সত অনুষ্ঠিত আইটা চেম্পিয়নশ্বিপত চিৰিজত অসমৰ প্ৰিয়ানা কলিতাই দ্বি-মুকুট অৰ্জন কৰাৰ সুখবৰ। প্ৰিয়ানাই ছিংগলছৰ উপৰিও ডাৱলছতো যুৱৰাণী বেনাৰ্জীৰ সৈতে যুটি বান্ধি খিতাপ অৰ্জন কৰে। ল'ৰাৰ ছিংগলছত বংগৰ ইছাক ইকবাল আৰু ডাবলছত অসমৰ অংকিত কাশ্যপ-ৰৌণাক বৰাৰ যুটিয়ে খিতাপ অৰ্জন কৰে।

৮. জাপানৰ কিটাকামিত অহা ১৯-২৪ছেপ্তেম্বৰলৈ অনুষ্ঠিত হব লগা অষ্টাদশ মাষ্টাৰ্ছ এথলেটিকছ প্ৰতিযোগিতাত ভাৰতক প্ৰতিনিধিত্ব কৰিব বাবে দৰং জিলাৰ ছয় গৰাকীকৈ প্ৰবীণ খেলুৱৈ নিৰ্বাচিত হৈছে। প্ৰবীণ খেলুৱৈ সকলক অসম চৰকাৰে আৰ্থিক সহায় নকৰাৰ বাবেই ৰাষ্ট্ৰীয় মাষ্টাৰ্ছত সোণৰ পদক লাভ কৰা খেলুৱৈ সকলে গাঁঠিৰ ধন ভাঙি হলেও আন্তঃৰাষ্ট্ৰীয় খেলত ভাগ লোৱাৰ সপোন দেখিব লগা হোৱা বুলিও সংবাদ পত্ৰত প্ৰকাশ পাইছে।

৯. অহা ১৫মে'ত ইলোৰা বিজ্ঞান মঞ্চৰ দশম প্ৰতিষ্ঠা দিৱস উপলক্ষে এক মনোজ্ঞ অনুষ্ঠানৰ আয়োজন চলিছে বশিষ্ঠৰ লতাকটাৰ দুৰ্গামন্দিৰ প্ৰাংগণত। "মৰণোত্তৰ নেত্ৰদানঃ দৃষ্টিহীনক দৃষ্টিদান আৰু মানৱতাৰ জয়গান"ক মূল বিষয় ৰূপে লৈ পালন কৰিব লগা প্ৰতিষ্ঠা দিৱসটিত অংশ লব প্ৰখ্যাত চিকিসক ডাঃ হৰ্ষ ভট্টাচাৰ্য আৰু ডাঃ কুঞ্জলাল তালুকদাৰেও। সাংস্কৃতিক অনুষ্ঠানত গণশিল্পী সুদক্ষিণা শৰ্মা আৰু ঋষিৰাজ শৰ্মায়ো গীত পৰিবশেন কৰিব।

১০. অকৰ্তৃশীলভাৱে কৰ্তব্যত অনুপস্থিত থকা আৰু কাকো দ্বায়িত্ব অৰ্পণ কৰি নগৈ, বিভাগৰ অজ্ঞাতে বিদেশ ভ্ৰমণত ব্যস্ত থাকি অৰাজকতাৰ সৃষ্টি কৰাৰ বাবে অসম মেডিকেল কলেজৰ অধ্যক্ষ ডাঃ ডাঃ অতীন্দ্ৰ কুমাৰ অধিকাৰীক স্বাস্থ্য বিভাগে নিলম্বিত কৰা বুলি ঘোষণা কৰিছে। নিহত কনিষ্ঠ চিকিসক ডাঃ সৰিতা তছনিৱালৰ পৰিয়াললৈ ৫লাখ টকাৰ সাহাৰ্যও ঘোষণা কৰি ৰাজ্য চৰকাৰে তদন্তৰ ভাৰ চি.আই.ডিক অৰ্পণ কৰিছে।

১১. বিশিষ্ট নাট্য সংগঠক, সমাজকৰ্মী ৰমানাথ দেৱশৰ্মা আৰু বিশিষ্ট চিকিতসক ডাঃ বিপিন চৌধুৰী সোঁৱৰণী নাট সমাৰোহখনি দুদিনীয়াকৈ নলবাৰীৰ চকবজাৰ নাটঘৰত আজিৰে পৰা অনুষ্ঠিত হব। সমাৰোহখনিত নাট্যকাৰ নাৰায়ণ মেধিৰ "আঘাত" নামৰ নাটকখনি সুজিত শৰ্মাৰ পৰিচালনাৰে মঞ্চস্থ কৰা হব।

১২. ছাত্ৰ-ছাত্ৰী সকলৰ মাজত লুকাই থকা সাংস্কৃতিক প্ৰতিভাক উজলাই তোলাৰ বাবে দুনী আঞ্চলিক ছাত্ৰ সন্থাই আয়োজন কৰা আন্তঃবিদ্যালয় সাংস্কৃতিক সমাৰোহখনিৰ সফল সামৰণি। তিনিদিনীয়াকৈ আয়োজিত এই সমাৰোহখনি নগাঁও আঞ্চলিক হাইস্কুলত অনুষ্ঠিত হৈছিল আৰু সমাৰোহখনিত ২০খন বিদ্যালয়ে অংশ গ্ৰহণ কৰে।

১৩. দেশৰ স্থল সেনা বাহিনীৰ মূৰব্বীৰূপে কেন্দ্ৰীয় চৰকাৰে লেফটেনেণ্ট জেনেৰেল দলবীৰ সিঙৰ নাম ঘোষণা কৰিছে। নিৰ্বাচনী আয়োগৰ অনুমতিমৰ্মে এই নিযুক্তিৰ বাবে নিৰাপত্তা মন্ত্ৰালয়ে তেখেতৰ নাম প্ৰস্তাৱ কৰিছে বুলি সূত্ৰত প্ৰকাশ।

১৪. চলিত লোকসভা নিৰ্বাচনত ভোটদানৰ পৰিসংখ্যাই সৰ্বকালৰ অভিলেখ ভংগ কৰাৰ সুখবৰ। এই হাৰ ৬৬.৩৮শতাংশ বুলি নিৰ্বাচন আয়োগে প্ৰকাশ কৰিছে।

১৫. ভূপেনদাৰ সমাধিস্থলীৰ নিৰ্মাণ সম্পূৰ্ণ নোহোৱাত ক্ষুন্ন জুবিন গাৰ্গ। চৰকাৰে অনুমতি দিলে নিজা প্ৰচেষ্টাত গঢ়ি তোলাৰ ব্যক্ত কৰিলে আগ্ৰহ, কামপুৰৰ ৰঙালী বিহুৰ মঞ্চত।

No comments:

Post a Comment