পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. লণ্ডনৰ টাইমচ হায়াৰ এডুকেচন মেগাজিনে প্ৰকাশ কৰা তালিকাত প্ৰতিষ্ঠাৰ ৫০বছৰৰ কম সময়ৰ ভিতৰতে বিশ্বৰ অগ্ৰণী শিক্ষানুষ্ঠান/বিশ্ববিদ্যালয় ৰূপে পৰিগণিত হোৱা শীৰ্ষ ১০০ৰ তালিকাত ৮৭ তম স্থান লাভ কৰিছে গুৱাহাটী আই.আই.টিয়ে। ১৯৯৪চনত স্থাপিত এই শিক্ষানুষ্ঠানখনে ভাৰতৰ ভিতৰত এই তালিকাত স্থান লাভ কৰা একমাত্ৰ শিক্ষানুষ্ঠান ৰূপেও গৌৰৱ কঢ়িয়াই  আনিছে। এই তালিকাত তৃতীয় বৰ্ষৰ বাবে শীৰ্ষ স্থান লাভ কৰিছে দক্ষিণ কোৰিয়াৰ পোহাঙ ইউনিভাৰ্চিটী অৱ চাইন্স এণ্ড টেকনল'জিয়ে।

২. কালি বিশ্বজুৰি পালিত হ'ল আন্তৰ্জাতিক শ্ৰমিক সংহতি মে' দিৱস। আন আন দেশৰ দৰেই ভাৰত তথা অসমতো স্থানীয় শ্ৰমিক সংগঠন সমূহে শ্ৰমিকৰ নাৰ্যতাৰ দাবীত তথা অধিকাৰ সম্পৰ্কে সচেতনতা বৃদ্ধিৰ বাবে পালন কৰিলে বিভিন্ন কাৰ্যসূচী। কালিৰ দিনটো ৰাজ্য ৰূপে ঘোষিত হোৱা দিন বাবে মহাৰাষ্ট্ৰ দিৱস ৰূপেও পালিত হয় আৰু সেই উপলক্ষে শ্বেয়াৰ বজাৰো কালি বন্ধ থকা বুলি মুম্বাইৰ পৰা সূত্ৰত প্ৰকাশ পাইছে।

৩. বঙাইগাঁও প্ৰেছ ক্লাৱত উদযাপিত হয় আসাম প্ৰেছ কৰেছপণ্ডেটছ ইউনিয়নৰ একবিংশতিতম প্ৰতিষ্ঠা দিৱস। সেই অনুষ্ঠানতে প্ৰবীণ সাংবাদিক অমৃত পাটগিৰী আৰু ধৰণীধৰ ডেকাক সম্বৰ্ধনা জনোৱা হয়।

৪.  পৃথিৱীৰ আগশাৰীৰ বিশ্ববিদ্যালয়, বেলফাষ্ট আৰু তেজপুৰ বিশ্ববিদ্যালয়ৰ মাজত স্থাপিত হব বহুস্তৰীয় শৈক্ষিক সহযোগিতা। ছয় বছৰৰ বাবে এই সহযোগিতা প্ৰকল্পৰ বাবে ভাৰত চৰকাৰৰ মানৱ সম্পদ মন্ত্ৰালয় আৰু বিশ্ববিদ্যালয় অনুদান আয়োগে যাৱতীয় অনুমোদন জনাইছে। কুইনছ বিশ্ববিদ্যায়ত শৈক্ষিক গৱেষণা, বিদ্যায়তনিক প্ৰশিক্ষণ, দহ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ বাবে বছৰি গ্ৰীষ্মকালীন আবাসিক  শৈক্ষিক কাৰ্যসূচী এই প্ৰকল্পই সামৰি লব বুলি তেজপুৰ বিশ্ববিদ্যালয়ৰ সূ্ত্ৰত প্ৰকাশ।

৫. ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ আসনৰ উদ্যোগত নৱ-প্ৰেক্ষাপৃহত উদযাপিত হয় শ্ৰীশ্ৰী অনিৰুদ্ধদেৱৰ  ৪৬১তম জন্ম-জয়ন্তীৰ কাৰ্যসূচী। এই অনুষ্ঠান উপাচাৰ্য ডঃ অলক কুমাৰ বৰোগাহাঁইয়ে উদ্বোধন কৰে আৰু কেইবাখনো সত্ৰৰ সত্ৰাধিকাৰে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানতে ডঃ কেশৱানন্দ দেৱ গোস্বামী আৰু ডঃ অমলেন্দু গুহদেৱলৈ সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

৬. ৰামধেনু যুগৰ প্ৰয়াত সাহিত্যিক, সাংবাদিক দেবী চুতীয়া সোঁৱৰণী বঁটা ২০১৪ চনত প্ৰথম বাৰৰ বাবে সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ মৰাণ শাখাই ডোমৰ দলঙৰ লেখক, কবি তথা যুৱ সংগঠক নৱদীপ চুতীয়াক প্ৰদান কৰিছে। বঁটাটো বৰপথাৰত অনুষ্ঠিত সতীসাধনী স্মৃতি দিৱসতে গ্ৰাম্য সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি ত্ৰৈলোক্য চেতিয়াই প্ৰদান কৰে।

৭. মাজুলী আউনীআটী সত্ৰৰ শ্ৰীশ্ৰী দামোদৰদেৱ ৰাষ্ট্ৰীয় ন্যাস সমিতিয়ে ২০১১ চৱৰ পৰা প্ৰৱৰ্তন কৰা "শ্ৰী শ্ৰী দামোদৰদেৱ ৰাষ্ট্ৰীয় বঁটা" যোৱা ৩০ এপ্ৰিলত চামগুৰি সত্ৰৰ বিশিষ্ট শিল্পী হেমচন্দ্ৰ গোস্বামীক প্ৰদান কৰা হয়। এই বঁটা প্ৰদান কৰি আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ডঃ পীতাম্বৰ দেৱগোস্বামীয়ে মহাপুৰুষ দামোদৰদেৱৰ বহুমুখী প্ৰতিভাৰ বিষয়ে উল্লেখ কৰে। এই বঁটাত আছে ১৫হাজাৰ টকা, এখন মানপত্ৰ, পিতলৰ শৰাই, বেতৰ বিচনী, কিতাপৰ টোপোলা আৰু এখন পাটৰ চেলেং।

৮. গুৱাহাটীৰ হৰিজন কলনীত উন্মোচিত হ'ল জ্যেষ্ঠ সাংবাদিক সুদীপ প্ৰকাশ বৰুৱাৰ গ্ৰন্থ "দিকভ্ৰান্ত সাংবাদিকৰ ডায়েৰী" শীৰ্ষক এখনি গ্ৰন্থ।

৯. ভাৰতৰ ফুটবল প্লেয়াৰ্ছ এছোচিয়েছনৰ ষষ্ঠ বাৰ্ষিক অনুষ্ঠানত চাৰ্চিল ব্ৰাডাৰ্ছৰ ফৰৱাৰ্ড বলবন্ত সিঙে শ্ৰেষ্ঠ ভাৰতীয় খেলুৱৈৰ সন্মান লাভ কৰিছে আৰু তেওঁক সৌৰভ গাংগুলীয়ে বঁটা প্ৰদান কৰে। সিঙে যোৱা ছিজনত সৰ্বাধিক ১৬টা গ'ল দিছিল। আনহাতে বেংগেলুৰু এফ চিৰ প্ৰশিক্ষক  এছলি ৱেষ্টউডক শ্ৰেষ্ঠ প্ৰশিক্ষকৰ সন্মান আগবঢ়োৱা হয়। আনহাতে সমৰ্থক (ফেন) প্ৰিয় খেলুৱৈৰ সন্মান লাভ কৰিছে শ্বিলং লাজং ক্লাৱৰ মিডফিল্ডাৰ বৈথাং হাওকিপয়ে।

১০. ৰাষ্ট্ৰীয় মহিলা ফুটবলৰ ডি গ্ৰুপত পৰহি অসম অৰুণাচল প্ৰদেশ দলক ৮-০ দলৰ ব্যৱধানত পৰাজিত কৰি বৃহত জয় সাব্যস্ত কৰে। অসমৰ হৈ হেট্ৰিকসহ ৰঞ্জুমণি বৰ্মনে চাৰিটা, ডৰথী উৰিয়াই ৩টা আৰু প্ৰণতি বসুমতাৰীয়ে ১টা গ'লেৰে জয় সুনিশ্চিত কৰে। পৰবৰ্তী খেলত আজি অসমে উত্তৰাখণ্ডৰ বিৰুদ্ধে খেলিব।
১১. সদৌ অসম গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত অহা ৩ আৰু ৪ মে'ত ৰঙিয়াৰ হৰদত্ত বীৰদত্ত ভৱনত সদৌ অসম ভিত্তিত জিকিৰ আৰু জাৰী প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। প্ৰতিযোগিতাখনিৰ লগত সংগতি ৰাখি এইবৰ্ষৰ বাবে বিশিষ্ট গীতিকৰ-লেখিকা এলি আহমেদলৈ জিকিৰ সম্ৰাট ৰেকিবুদ্দিন আহমেদ বঁটা আগবঢ়াইছে। এই বঁটাত নগদ ৫০হাজাৰ টকাৰ উপৰিও এখন প্ৰশস্তি-পত্ৰ প্ৰদান কৰা হব।

১২. আজিৰে পৰা দুদিনীয়াকৈ গুৱাহাটীৰ নেহৰু ষ্টেডিয়াম চৌদহৰ তৰুণৰাম ফুকন ইনড'ৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছে উত্তৰ পূৱৰ শিক্ষাখণ্ডৰ সৰ্ববৃহৎ  কেৰিয়াৰ প্ৰদৰ্শনী এডুফেষ্ট। এইবাৰ পূৰ্বৰ তুলনাত বৃহৎ  পৰিসৰত ভাৰতৰ নানা প্ৰখ্যাত মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ উপৰিও জাৰ্মানী, থাইলেণ্ড আৰু আমেৰিকাৰৰো উচ্চ শিক্ষা প্ৰতিষ্ঠানে অংশগ্ৰহণ কৰিছে। অভিভিৱক তথা শিক্ষাৰ্থী সকলে উচ্চ শিক্ষা তথা নিযুক্তিৰ সম্ভাৱনা সন্দৰ্ভত প্ৰদৰ্শনী যোগে তথ্য সংগ্ৰহ কৰিব পাৰিব।

১৩. শিক্ষাবিদ, সাংবাদিক তথা মানৱ অধিকাৰ আয়োগৰৰ প্ৰাক্তন সদস্য শৰৎ  মহন্ত সোঁৱৰণী বক্তৃতানুষ্ঠান প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ল ৰয়েল গ্ৰুপ অৱ ইনষ্টিটিউচনৰ সহযোগত, শিক্ষানুষ্ঠানটোৰ প্ৰেক্ষাগৃহত। এই বক্তৃতানুষ্ঠানত অংশ লৈ খ্যাতনামা লেখক -সাংবাদিক সুদীপ চক্ৰৱৰ্তীয়ে "লুক ইষ্ট পলিচী"ৰ প্ৰকৃতাৰ্থত কাৰ্যকৰীকৰণৰ বাবে উত্তৰ-পূৱৰ ৰাজ্য সমূহেই নিজাববীয়াকৈ উদ্যোগ গ্ৰহণ কৰিব লাগিব বুলি মত প্ৰকাশ কৰে।

১৪. মুম্বাইৰ প্ৰযোজক অৰূপ অধিকাৰীৰ প্ৰযোজনাত মুম্বাইত কৰ্মৰত অসমীয়া অমন কুমাৰৰ পৰিচালনাত  নিৰ্মিত হৈছে অসমীয়া ছবি "অভদ্ৰ"। দুজন নায়ক ৰূপে চিৰঞ্জিত বৰা আৰু  ইন্দু মৌলিয়ে অভিনয় কৰিছে, নায়িকাৰ ৰূপত দেখা যাব ফেৰিপ্ৰিয়া। ছবিখনে অহা ৯মে'ত শুভমুক্তি লভিব বুলি জানিব পৰা গৈছে।

১৫. টাই আহোম পৰিষদ অসমৰ (টাইপা)ৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত ২৯ এপ্ৰিলৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে সোণাৰিত বীৰংগনা মূলাগাভৰু স্মৃতিদিৱস আৰু বঁটা প্ৰদান অনুষ্ঠান অনুষ্ঠিত কৰে। সাংস্কৃতিক কাৰ্যসূচী, আলোচনা চক্ৰ আয়োজিত হোৱাৰ লগতে এই বৰ্ষৰ "বীৰাংগনা মূলাগাভৰু বঁটা" বীৰুবালা ৰাভাক প্ৰদান কৰা হয়।


১৬. অসম তথা উত্তৰ পূৰ্বাঞ্চলত পৰ্যটন তথা হস্পিটেলিটি খণ্ডৰ প্ৰচুৰ সম্ভাৱনীয়াতাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰসিদ্ধ ব্যৱসায়িক গ্ৰুপ মেৰিঅ'ট হোটেলে অসমত অত্যাধুনিক হোটেল স্থাপন কৰিবলৈ আগবাঢ়ি আহিছে। এডিচন ব্ৰেণ্ডৰ অধীনত এই হোটেলখনৰ কাম অহা দুবছৰৰ ভিতৰতে আৰম্ভ হব। একেধৰণৰ হোটেল শ্বিলং আৰু শিলিগুৰিতো স্থাপন কৰা হব বুলি সূত্ৰত প্ৰকাশ পাইছে।

১৭. সামাজিক-সাংস্কৃতিক অনুষ্ঠান "শব্দ"ৰ উদ্যোগত আৰু অসম সাহিত্য সভাৰ সহযোগত কালি গুৱাহাটী প্ৰেছ ক্লাৱত পালিত হ'ল সাহিত্যাচাৰ্য ডঃ ৰমেশ পাঠকৰ ৭৩সংখ্যক জন্মদিন। আয়োজক সংগঠনৰ উপৰিও অসম সাংস্কৃতিক মহাসভ, অখিল ভাৰতীয় সাহিত্য পৰিষদ, কটনৰ নবীন গোট আৰু বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে ডঃ পাঠকক সম্বৰ্ধনা জ্ঞাপন কৰে।

১৮. অসম ৰাজ্যিক কলা বীথিকাত অসম চাৰু-কলা মহাবিদ্যাৱয়ৰ তিনিগৰাকী ছাত্ৰী দ্বীপশিখা গাস, ইভা মেধি আৰু চিমি দাসৰ সৃষ্টিৰে আয়োজিত হৈছে এখনি চিত্ৰ প্ৰদৰ্শনীৰ। অহা ৫মে'ৰ সন্ধিয়া বিশিষ্ট শিল্পী মুনীন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্যৰ উপস্থিতিত ৯মেলৈকে চলিব লগা প্ৰদৰ্শনীখন শিল্পী অতুল চন্দ্ৰ বৰুৱাই মুকলি কৰিব।

১৯. সুলভ ইণ্টাৰনেশ্বনেলৰ সমল ব্যক্তিয়ে মাজুলীত মুঠ ১০০গৰাকী ৰাজমিস্ত্ৰীক প্ৰদান কৰিলে কম ব্যয়ত পকী শৌচাগাৰ নিৰ্মাণৰ প্ৰশিক্ষণ। ইয়াৰ দ্বাৰা মাজুলীৰ জনগণ উপকৃত হব বুলি আশা প্ৰকাশ কৰা হৈছে।

No comments:

Post a Comment