ৰাষ্ট্ৰীয় গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় গুজৱ

ৰাষ্ট্ৰীয় গুজৱ

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. অহা ১৬মে'ৰ পাছত দুৰ্নীতি ভাৰত এৰি পলাব লাগিব বুলি বিজ্ঞাপন প্ৰচাৰ কৰা শুনি টকা-খোৱা সন্থাৰ লোকসকলে ভয়-ভীত হৈছিল বুলি জানিব পৰা গৈছে। পিছে এতিয়া গদকাৰী চাৰ নিজেই গাদীত বহিব বুলি জানিব পাৰি দুৰ্নীতিৰ ফেন সকলে এতিয়া আৰু চিন্তা নাই বুলি উল্লাসিত হৈ পৰিছে। লগতে ড্ৰাইভাৰকো কোম্পানীৰ ডাইৰেক্টৰ বনোৱা মহানুভৱজন মন্ত্ৰী হ'লে ড্ৰাইভাৰ সকলৰো কিবা কল্যাণ কৰিবই বুলি আশা প্ৰকাশ কৰিছে।


২.
আমেৰিকা বিশ্বৰ সৰ্বাধিক সুৰাপায়ীৰ দেশ ৰূপে স্বীকৃত হোৱাৰ বাতৰি পোৱাৰ পাছতে সদৌ অসম সুৰাপায়ী সন্থাই ক্ষোভ প্ৰকাশ কৰিছে। আৰু অনাগত বৰ্ষত অশেষ কষ্ট সহ্য কৰি হ'লেও অসম দেশক বিশ্বৰ দৰবাৰত উজ্বলাই তুলিবই বুলি দৃঢ়তা প্ৰকাশ কৰিছে আৰু লগতে সকলো প্ৰতিভাবান জাতি ভাইকে প্ৰাণ খুলি পান কৰি এই অভিলেখত হাত উজান দিবলৈ আহ্বান জনাইছে।
 
৩. ৰসাল গগৈৰ লগত কিমান বিধায়ক আছে তাকে লৈ সৰৱ হৈ উঠিছে হিমুকন শৰ্মা। তেখেতৰ মতে গগৈৰ স্ক'ৰ এতিয়াও ৭৯ নট আউট আৰু এতিয়াই ৰান-আউট হোৱাৰ কোনো সম্ভাৱনা নাই বুলি দিল্লীৰ বতৰ চাই নতুনকৈ জ্যোতিষ বিদ্যাৰ চৰ্চাত মনোনিবেশ কৰা শৰ্মাদাই দুখেৰে প্ৰকাশ কৰিছে।

৪. সাৰ-দা কোম্পানীৰ সাৰ-পানী দিহে গুঞ্জন দত্তৰ ধনৰ খেতি লহপহকৈ বাঢ়ি আহিছিল বুলি সীমান্ত পহৰাৰ দ্বায়িত্বত ছিদ্দিকউদ্দিনে মত প্ৰকাশ কৰিছে। দত্তই বেপাৰ কৰা পেপাৰখনৰ প্ৰথম পৃষ্ঠাৰ কোনতে আগতে সা-ৰদাৰ আশীষপুষ্ট বুলি ল'গ' দৈনিক ছপা হৈ অহাটো আনে পাহৰিলেও তেওঁ পাহৰা নাই বুলিও মত প্ৰকাশ কৰিছে আৰু লাগিলে পুৰণা পেপাৰ কাটিঙ কেইকেজি লাগে সিমান কেজি দিব পৰাকৈ জমা কৰি ৰাখিছে বুলি গোপন সূ্ত্ৰই প্ৰকাশ কৰিছে।

৫. ফলাফল ঘোষণা নৌ-হওতেই কোন বিধ ফল কোনে ভাগ কৰি খাব তাকে লৈ পদুম পাৰ্টিত লৰা-ধপৰা লগা বুলি সংবাদ প্ৰকাশ পাইছে। জিকিবনে হাৰিব ঠিকনা নাইকীয়া হৈ থকা সূৰ্য টেটলী চাহাবেও লক্ষ্মী ভাণ্ডাৰৰ দ্বায়িত্ব পাব বুলি টকালি পাৰি টকাৰ খবৰ। তাকে দেখি গছত কঁঠাল ওঁঠত তেল, নৌ-খাওতেই চেল-বেল ফঁকৰাটো তেওঁলৈ অসমৰ পৰা সচেতন শৰ্মাই টুইট কৰি দিয়াত সৃষ্টি হৈছে নতুন প্ৰতিক্ৰিয়াৰ।

৬. বাঢ়নী পানীত নামনি মাজুলীৰ শ শ বিঘা আহু-বাওধানৰ খেতি নষ্ট। পিছে হাতোৰা কংগ্ৰেছক ভোট দি জিকোৱা হ'লে বানত উটি যাবলৈ খেতি কৰাৰ প্ৰয়োজনেই নাছিল, তিনি টকীয়া চাউল, বিপিএল কাৰ্ডেৰে মহাসুখে খাই থাকিব পাৰিলেহেতেন বুলি মন্তব্য কৰিলে জলৰাজ পেগুৱে। পদুম ফুলক ভোট দিলে বোকাত থকাৰো অভ্যাস কৰিবই লাগিব বুলিও জলৰাজে মন্তব্য প্ৰকাশ কৰা বুলি গোপন সূত্ৰই প্ৰকাশ কৰিছে।

৭. দেশত ৬৬ শতাংশ ভোটদানৰ হাৰে অভিলেখ গঢ়াৰ বাতৰিয়ে সংবাদ শিৰোনামা লগতে আন্তঃৰাষ্ট্ৰীয় সংবাদত স্থান। পিছে আমাৰ থলুৱা নামনিৰ যমপুৰীত হোৱা ৰিগিংৰ পৰিমানে নাপালে কোনো গুৰুত্ব। বিশ্ব অভিলেখ গঢ়াৰ সক্ষমতা থকা সত্বেও অসমৰ বাবেই বাতৰিটোৱে গুৰুত্ব নাপালে বুলি থলুৱা প্ৰতিভাসন্ধানী সংঘই ক্ষোভ প্ৰকাশ কৰিছে।

৮. গুৱাহাটীত টিভি চেনেলৰ সাংবাদিকে ধৰাই দিলে নাৰী ব্যৱসায়ী চক্ৰ। মহানগৰখনিক বেংকক, পাটায়াৰ দৰে পৰ্যটনস্থলীত পৰিণত কৰাৰ বাবে এই নাৰী ব্যৱসায়ী সকলে কৰা প্ৰচেষ্টাত পানী ঢালি দিয়াৰ বাবে সাংবাদিক হ'ল সমালোচিত। ব্যৱসায়িক পৰিবেশ বিনষ্ট কৰাৰ বাবে সাংবাদিকৰ হস্তক্ষেপ সমাজৰ বাবে অতিশয় ক্ষতিকৰ বুলিও ব্যৱসায়ী সন্থাই প্ৰকাশ কৰিছে।

৯. নিৰ্বাচন শেষ হোৱাৰ বাবে সন্তোষ প্ৰকাশ কৰিছে সদৌ অসম গঁড় খৰ্গ ব্যৱসায়ী সন্থাই। ৰাজনৈতিক নেতা ছাৰ সকলৰ সৈতে গেবাৰি খাটি দিব লগীয়া হোৱাৰ বাবেই বিগত দুই মাহত নিজৰ ব্যৱসায়ত ক্ষতি হোৱা বুলি প্ৰকাশ কৰি অনাগত সপ্তাহৰ পৰাই চিকাৰ কাৰ্যৰে অসমৰ নাম উজ্বলাই তুলিব বুলি দৃঢ়তা প্ৰকাশ কৰিছে।

১০.
এই কেইদিনত ছেনছেক্স উঠি উঠি গৈ থকা দেখি সৰু সুৰা বিনিয়োগকাৰীয়েও বেছি লাভৰ আশাত কেটুৰীয়ে বোলে মোকো খা বুলি শ্বেয়াৰ বজাৰত অংশ গ্ৰহণ কৰিছেগৈ। এইবোৰযে উজানৰ দিনত বৰ মানুহে নিজৰ শ্বেয়াৰ বিক্ৰী কৰিবৰ বাবেহে তোলা কৃত্ৰিম বান সেই কথালৈ আঙুলিয়াই দি জ্যোতিষি হিৰো ইয়ঙে স্থানীয় ৰাইজক এইবিধত মাছ ধৰাৰ সপোন দেখিলে নিজেহে ডুবি মৰিব লাগিব বুলি ভৱিষ্যতবাণী কৰিছে।

No comments:

Post a Comment