লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান

১. "মোক কোনেও নাকত ধৰি চাকত ঘূৰাব নোৱাৰে" বুলি আত্মবিশ্বাস প্ৰকাশ কৰিলে ৰসাল গগৈয়ে। কালি টিভি চেনেলত এই বিষয়ে তেখেতে বাখ্যা কৰি কয় যে এই ৰাজনীতিৰ লেঙ-মৰাৰ খেলত তেখেতকৈ পাৰ্গত খিলাড়ী অসম মুলুকত জনমেই হোৱা নাই নাই।  তেখেতৰ লেঙ-মৰা খাই কেনে লাগে সেই কথা শৰত কটকী, দেবানন্দ ৰাজকোঁৱৰ আদিক সুধিলেই তেখেতৰ প্ৰতিভাৰ উমান পোৱা যাব বুলিও তেখেতে প্ৰকাশ কৰিছে।

২. কাইলৈ ফলাফল ওলোৱাৰ পাছতে অসমতো গগৈ চাৰে ললিপপ বিতৰণ কৰি বিসম্বাদ খেলত ভাগ লোৱা সকলৰ মুখ বন্ধ কৰিব বুলি জানিব পৰা গৈছে। ছাৰে বেছি উতপতীয়া কেইজনমানক গধুৰ গধুৰ কামৰ বোজা কান্ধত দি কঁকাল বেঁকা কৰি পেলাব বুলিও গোপন সূত্ৰই প্ৰকাশ কৰিছে। তেখেতে তাৰ বাবে কোন বেছি টকা লুভীয়া, কোন বেছি ক্ষমতা লুভীয়া তাৰ শ্ৰেণীবিভাগ কৰি পাপনৰ গান শুনি শুনি তালিকা যুগুতাই থকা বুলি জানিব পৰা গৈছে ।

৩. জনপ্ৰিয় চিৰিয়েল "ক্ৰাইম পেট্ৰল"ৰ শ্বুটিঙৰ বাবে অসম মেডিকেল কলেজলৈ দয়া সদলবলে আহি ওলাব বুলি মুম্বাইৰ পৰা এক সূত্ৰই প্ৰকাশ কৰিছে। সুন্দৰ পৰিকল্পনাৰে কৰা নিখুঁত হত্যাৰে ইমান পুৰণি চহৰখনৰ ঐতিহ্যময় কলেজখনক দেশৰ সমুখত তুলি ধৰাৰ বাবে পৰিকল্পনাকাৰী তথা সহযোগী দুয়োজনকে চিৰিয়েলখনৰ ফালৰ পৰা ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বুলিও প্ৰকাশ কৰিছে।

৪. অসমৰ বৰদিৰাই জলসিঞ্চন প্ৰকল্পক খীৰতী গাইত পৰিণত কৰাৰ বাবে সদৌ অসম সংহত দুগ্ধ প্ৰকল্পৰ ফালৰ পৰা অভিনন্দন জ্ঞাপন কৰিছে। মাত্ৰ পানী দিয়া আঁচনিকে খীৰতী গাই কৰি তুলিব পাৰিলে বেলেগ গৰু পুহি ঘাঁহ খুওৱাৰ কি প্ৰয়োজন বুলিও অভিমত প্ৰকাশ কৰিছে। আৰু বিভাগটোৰ পৰা এনে কামৰ এখন হাতপুথি সকলোৰে কল্যান হোৱাকৈ প্ৰকাশ কৰি উলিয়াবৰ বাবেও আহ্বান জনাইছে।

৫. চিৰিয়াখানাত পিঞ্জৰাৰ অভাৱত সৰু সৰু পিঞ্জৰাত আৱদ্ধ হৈ নাহৰফুটুকী, হৰিণাই জীৱনকাল চুটি কৰিবলগীয়া হোৱাৰ বাতৰি আমালৈ আহিছে। এনেকৈ চলিলে পাছত পিঞ্জৰাৰ টকা খোৱা বিষয়াই নাহৰফুটুকীৰ সাজ পিন্ধি গঁড়ালত সোমাই থাকি ৰাইজক মনোৰঞ্জন কৰিব লগীয়া হব পাৰে বুলিও প্ৰকৃতিপ্ৰেমী সংগঠনে আশংকা প্ৰকাশ কৰিছে।

৬. অসমত লুণ্ঠন চলোৱা ১৫টা ভুৱা বিত্তীয় কোম্পানীৰ তথ্য গাপ দি অভিলেখ গঢ়িলে চৰকাৰী আইন বলবতকাৰী সংস্থাই। সংস্থাৰ বিষয়া গনেশ চোৰধৰাই জানিবলৈ দিয়া মতে চিনিয়ৰে শিকোৱা মতেই ভাল টকাৰ দৰদাম হলে কেচ গাপ দিয়াটোৱেই তেওঁলোকৰ কৰ্তব্য বুলিও প্ৰকাশ কৰিছে । তেনে কেচ গাপ নিদিয়া মানুহ ডিপাৰ্টমেণ্টত টিকি থাকিব নোৱাৰে বুলিও তেখেতে প্ৰকাশ কৰিছে।

৭. অসমত গৰমত লাইন কাটি দি ৰাইজক ভোট নিদিয়াৰ বাবে চৰকাৰে সেকা দিছে বুলি গ্ৰাহক সুৰক্ষা সমিতিয়ে অভিযোগ তুলিছে। সমিতিয়ে অভিযোগ কৰা মতে বিদ্যুত বৰদলৈয়ে একে গুলীতে দুই চিকাৰ কৰি লগতে নদী-বান্ধ নহ'লে এনেকৈয়ে গৰমত মৰিব লাগিব বুলিও প্ৰচাৰ চলাই সহানুভূতি লবলৈ চেষ্টা চলাব বুলিও শংকা প্ৰকাশ কৰিছে। পিছে দুদিন পাছত মোদী আহিলে বৰদলৈৰ লাইট নালাগেই,  গুজৰাটৰ পৰাই ইয়াতো ২৪ঘণ্টা লাইট থকা মোদীচাৰে কৰি দিবই বুলিও দৃঢ়তা প্ৰকাশ কৰিছে।

৮. পয়সত্তৰ বছৰ ওপৰ বয়সৰ নেতাক মন্ত্ৰী পদ নিদিবৰ বাবে গেৰুৱা দলে সিদ্ধান্ত লোৱাৰ কথা প্ৰকাশ পাইছে। পিছে আজি তেওঁলোকৰে সতীৰ্থ এগৰাকীয়ে ৮৯ বছৰতো নতুনকৈ বিয়া পতাৰ পাছত, দলটোৰ সেই সিদ্ধান্ত পুনৰ বিচাৰ কৰিবলৈ অতি-বৃদ্ধ এম পি সংঘই অনুৰোধ জনাইছে।

৯. গেৰুৱা দলৰ চৰকাৰ বনিলে গেৰুৱা বসন পিন্ধা আশাৰাম বাপুও মুকলি হৈ আহিব বুলিও বাতৰি প্ৰকাশ পাইছে। তেওঁ ওলাই আহিয়েই আজি বিয়া পতা এনডি তিৱাৰী, নতুন প্ৰেমিকাৰ প্ৰেম পোৱা দিগি সিঙ আদিক শক্তিশালী কৰি তুলিবলৈ কৰ্মশালা পাতিবই বুলিও জানিব পৰা গৈছে।

১০. কাইলৈ ৰাজকুমাৰ গান্ধী প্ৰধানমন্ত্ৰী হ'লে ১টকাৰ বিনিময়ত ১৬টকা পোৱাৰ সুবিধা জুৱাৰী সন্থাই প্ৰদান কৰিছে। পিছে এই বাজী মৰাতকৈ মোদী চাৰ জিকিলে আদৱানী চাৰে মন্ত্ৰীত্ব যে নাপায় সেইকথাতহে বাজী লগাবলৈ বৃদ্ধ জুৱাৰী সকলে ভিৰ কৰা বুলি বজাৰৰ পৰা এজনে এচ.এম.এচ যোগে ব্যক্ত কৰিছে।

No comments:

Post a Comment