পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১. কাৰ্যভাৰ লোৱাৰ পূৰ্বেই দেশলৈ অনুপ্ৰৱেশৰ সমস্যা সন্দৰ্ভত কেন্দ্ৰীয় গৃহ সচিবৰ পৰা বুজ ল'লে নৰেন্দ্ৰ মোদীয়ে। অনুপ্ৰৱেশ ৰোধৰ বাবে প্ৰয়োজন অনুসাৰে পৃথক বিভাগ খোলাৰ পোষকতাই নেতাজনে কৰা বুলি সু-সংবাদ প্ৰকাশ পাইছে।

২. অসম এভাৰেষ্ট অভিযান-২০১৫ ৰ শুভাৰম্ভ কৰি পতাকা জোকাৰি শুভেচ্ছা জনালে অসমৰ মু্খ্যমন্ত্ৰী তৰুণ গগৈয়ে। নেপাল-হিমালয় সীমান্তৰ আইলেণ্ড পিক (৬১৮৯ মিটাৰ)লৈ অভিজ্ঞ পৰ্বতাৰোহী মানস বৰুৱাৰ নেতৃত্বত ৰাওনা হৈ দুঃসাহসিক ক্ৰীড়াক আগুৱাই নিবলৈ কৰা প্ৰচেষ্টাত ২৭গৰাকীয়ে অংশ লব।  সাংবাদিক প্ৰণৱ বৰদলৈয়েও দলটোক নেতৃত্ব দিব।

৩. উত্তৰ লখিমপুৰ চিভিল হস্পিতাললৈ এন.এইচ.পি.চিয়ে আগবঢ়ালে ১৭ লাখ টকাৰ সামগ্ৰী। কোটি কোটি টকাৰ ব্যয়েৰে ৰাষ্ট্ৰীয় স্বাস্থ্য সেৱা মিচন চলা সত্বেও কিদৰে স্বাস্থ্য বিভাগৰ অৱনতিহে ঘটিছে সেই কথাহে এই "কোম্পানী প্ৰদত্ত সামগ্ৰীৰ সু-খবৰে" প্ৰতীয়মান কৰিছে বুলিও সচেতন মহলে প্ৰকাশ কৰিছে।

৪. প্ৰতি বছৰে ২৪মে'ত পালিত হোৱা বিশ্ব ম
স্য প্ৰব্ৰজন দিৱস উত্তৰ-পূৱত প্ৰথমবাৰৰ বাবে  শোণিতপুৰৰ পটাছালি জৈৱি বৈচিত্ৰ কেন্দ্ৰত অসম (ভৰলী) বৰশী বোৱা আৰু সংৰক্ষণ সন্থা দ্বাৰা উদযাপন কৰাৰ আয়োজন চলিছে। উক্ত দিনা আয়োজিত হৈছে "পৰিবৰ্তিত পৰিবেশত মহাশিৰ সংৰক্ষণ" শীৰ্ষক এক আলোচনাচক্ৰৰো।

৫. গুজৰাটৰ গান্ধীনগৰত অহা ২৩ মে'ৰ পৰা অনুষ্ঠিত হব লগা এছিয়ান থাই বক্সিং চেম্পিয়নশ্বিপত ভাৰতীয় দলত স্থান লাভ কৰিছে অসমৰ তিনিজন খেলুৱৈয়ে। গুঞ্জন ৰঞ্জন বৰুৱা, এৰিষ্ট'টল ৱান আৰু ভিনীট তিৱাৰীয়ে দেশৰ হৈ সমুখ সমৰত ভাগ লব।

৬. চাৰিটা বছৰ নিষিদ্ধ কৰি ৰখাৰ পাছত কাশ্মীৰত প্ৰি-পেইড মোবাইলৰ এচ.এম.এচ সেৱা পুনৰ খুলি দিবলৈ কাশ্মীৰ চৰকাৰে সিদ্ধান্ত প্ৰকাশ কৰিছে। নিৰাপত্তা সংস্থাৰ পৰামৰ্শত বন্ধ কৰি ৰখা এই সেৱা পুনৰ আৰম্ভ কৰিবলৈ কোম্পানী সমূহক মুখ্যমুন্ত্ৰী ওমৰ আব্দুল্লাই অনুমতি প্ৰদান কৰাৰ সুখবৰ। এই যুগত যোগাযোগৰ কোনো মাধ্যমেই নিষিদ্ধ কৰি থব লগীয়া হোৱাটো অতি লজ্জ্বাজনক আছিল বুলিও স্থানীয় নৱ-প্ৰজন্মই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

৭. কালি চি.বি.এছ.ইৰ দশমমানৰ ফলাফল সমূহ দেশজুৰি ঘোষিত হৈছে। উত্তৰ-পূৱ মণ্ডলত উত্তীৰ্ণৰ হাৰ ৯২.৬৬ বুলি জানিব পৰা গৈছে। অসমত অঙা ২৮তাৰিখে ছেৱাৰ অধীনস্থ হাইস্কুল আৰু হাই-মাদ্ৰাছা সমূহৰ শিক্ষান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হব।


৮. দিল্লী বিধান সভাৰ পুনৰ নিৰ্বাচনৰ পক্ষে মত প্ৰকাশ কৰিব নৰেন্দ্ৰ মোদী চৰকাৰে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰূপে পদত্যাগৰ সিদ্ধান্ত এক ভুল আছিল বুলি মানি লৈ কালি ৰাইজৰ ওচৰত ক্ষমা বিচাৰিলে আম আদমী পাৰ্টিৰ অৰবিন্দ কেজৰীৱালে। এতিয়া নিৰ্বাচনৰ বাবে সাজু হব পৰাকৈ পুনৰ ৰাইজৰ ওচৰ চাপি গণ সভাৰে ৰাইজৰ মত সংগ্ৰহ কৰি সেইমতে আগবাঢ়িব বুলি প্ৰকাশ কৰিছে। কালি কেজৰীৱালে উপ-ৰাজ্যপালকো লগ ধৰি সেইবিষয়ে আলোচনা কৰে বুলি বাতৰিত প্ৰকাশ পাইছে।

৯. অহা ২৬মে'ত প্ৰধানমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব নৰেন্দ্ৰ মোদীয়ে, আজি গুজৰাটৰ মুখ্যমন্ত্ৰীৰ পদৰ পৰা কৰিব পদত্যাগ। টি.ডি.পি দলে চৰকাৰত অংশ গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰি মোদীৰ নেতৃত্বত ভাৰত বিশ্বৰ এক আগশাৰীৰ শক্তি হৈ উঠিব বুলি প্ৰকাশ কৰিছে। লগতে জাপানৰ প্ৰধানমন্ত্ৰী চিনজো আৱে টুইটাৰত অনুসৰণ কৰা তিনিজন প্ৰধানমন্ত্ৰীৰ ভিতৰত নৰেন্দ্ৰ মোদীও আছে বুলি সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।


১০.
মধ্য প্ৰদেশত আয়ৰ সৈতে সংগতি নথকা সম্পত্তি আহৰণ কৰা সকলৰ বিৰুদ্ধে নিলোকায়ুক্ত পুলিচে অভিযান তীব্ৰতৰ কৰি তোলাৰ সুখবৰ। কালি ৰাজ্যখনৰ উদ্যোগ বিভাগৰ যুটীয়া নিৰ্দেশক আৰ.চি. কুৰীলৰ ঘৰৰ পৰা কেইবা কোটি টকাৰ আয়-বৰ্হিভূত সম্পত্তি বাজেয়াপ্ত কৰাৰ খবৰ পোৱা গৈছে।

১১. কিৰণ বেদীয়েও এইবাৰ প্ৰত্যক্ষ ৰাজনীতিলৈ অহাৰ মুকলি ইংগিত প্ৰকাশ কৰিছে বুলি ইণ্ডিয়া টুডেই সংবাদ প্ৰকাশ কৰিছে। লগতে শিৱ-সেনাৰ প্ৰমুখ উদ্ধৱ থাকৰেই মোদী চৰকাৰে পাকিস্তানৰ বাবে "যেনে ব্যৱহাৰ, তেনে প্ৰতিক্ৰিয়া" মূলক নীতি গ্ৰহণ কৰাৰ দাবী তোলাৰো সংবাদ পৰিবেশন কৰিছে।

১২.
লোকসভা নিৰ্বাচনৰ লগতে অনুষ্ঠিত বিধান সভাৰ নিৰ্বাচনত পুনৰ বাৰ সফলতা লভা বিজু জনতা দলৰ হৈ নবীন পাটনায়কে আজি পুনৰ ওডিষাৰ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব।
 
১৩. মাইক্ৰচফটে ১২ ইঞ্চিৰ চাৰফেচ প্ৰ'-৩ নামৰ লেপটপ নতুনকৈ বজাৰত মুকলি কৰিছে আৰু আৰম্ভণি মূল্য ৮০০ ইউৰোৰ পৰা আৰম্ভ হব আৰু এপ'লৰ মেক-বুক এয়াৰৰ সৈতে ই বজাৰ দখলৰ বাবে প্ৰতিদ্বন্দিতা কৰিব বুলি আশা কৰা গৈছে।

১৪. বহুল বিতৰ্কিত তথা কেইবাখনো ৰাজ্যজুৰি সংঘটিত সাৰদা চীট ফাণ্ড কেলেংকাৰী বিষয়ত প্ৰয়োজনীয় তথ্যৰে এনফৰ্চমেণ্ট ডাইৰেক্টৰটে সহায় কৰিব চিবিআইৰ তদন্তত। চিবিআইয়ে তদন্তৰ আৰম্ভ কি পশ্চিমবংগ আৰু ওডিষাৰ শীৰ্ষ বিষয়া সকলক এই বিষয়ত সোধপোচ আৰম্ভ কৰাৰ সুখবৰ।

১৫. ৰিজাৰ্ভ বেংকৰ গৰ্ভনৰ ৰঘুৰাম ৰাজনে দেশৰ ৰাষ্ট্ৰীয়কৃত বেংক সমূহত চৰকাৰী হস্তক্ষেপৰ পৰা পাৰ্যমানে মুক্ত কৰিব লাগিব বুলি মত প্ৰকাশ কৰিছে। লগতে ৰিজাৰ্ভ বেংকৰ মুৰব্বীজনে সৰু সৰু বেংক সমূহও ক্ষুদ্ৰ আৰু মজলীয়া উদ্যম সমূহক সেৱা প্ৰদান কৰি দেশৰ অৰ্থনীতিক সৱল কৰি তুলিব লাগিব বুলিও আঙুলিয়াই দিয়ে।

No comments:

Post a Comment