আজিৰ ভাল খবৰবোৰ
১. আজি ঘোষিত হৈছে অসমৰ ছেৱাৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ধেমাজি জিলাই ৮০.৩৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে সফলতাৰ শীৰ্ষস্থান লাভ কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰিছে নাজিৰা জাতীয় বিদ্যালয়ৰ অচ্যুত ৰঞ্জন গগৈয়ে । হাইমাদ্ৰাছা পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছে গোৱালপাৰাৰ ৰাখালডুবি হাই-মাদ্ৰাছাৰ ইমদাদুল ৰহমানে।
২. উচ্চতম ন্যায়ালয়ৰ ৰায় কাৰ্যকৰী কৰি নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ কেবিনেটৰ প্ৰথমটো সিদ্ধান্ত মৰ্মে গঠিত হ'ল বিদেশৰ পৰা ক'লাধন উভোতাই অনাৰ বিষয়ক বিশেষ অনুসন্ধানকাৰী দল। দেশৰ মূল মূল অনুসন্ধানকাৰী সংস্থাৰ মুৰব্বীৰ লগতে ৰিজাৰ্ভ বেংকৰ প্ৰতিনিধি সন্নিবিষ্ট কৰি গঠিত এই দলৰ নেতৃত্ব দিব উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ এম বি শ্বাহে।
৩. পাকিস্তানৰ সৈতে দ্বি-পাক্ষিক বৈঠকত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাবে যুঁজিবৰ বাবে সন্মতি প্ৰকাশ কৰিলে দুয়ো দেশৰ প্ৰধানমন্ত্ৰীয়ে। কালি দিল্লীৰ হাইদৰাবাদ হাউছত হোৱা পঞ্চাশ মিনিটৰ বৈঠকত দুয়োদেশৰ মাজত বাণিজ্যিক সম্পৰ্ক, সন্ত্ৰাসবাদীক আশ্ৰয়দান প্ৰসংগ, লোহোৰ চুক্তিৰ ভিত্তিত ভৱিষ্যতে সু-সম্পৰ্ক ৰক্ষা আদি বিষয়ে আলোচনাত ঠাই পায়। ইফালে টুইটাৰ যোগে শ্বৰীফৰ কন্যাই ভাৰতলৈ পাক-প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু তেখেতক প্ৰদান কৰা উপহাৰ স্বীকাৰ কৰি উল্লাসিত হোৱাৰ কথাও প্ৰকাশ কৰে।
৪. অসমৰ পৰা মন্ত্ৰীত্ব লাভ কৰা একমাত্ৰ সাংসদ সৰ্বানন্দ সোনোৱালে দুটাকৈ বিভাগৰ স্বতন্ত্ৰ দ্বায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে। কালি তেখেতে ক্ৰীড়া আৰু যুৱ কল্যান মন্ত্ৰালয়ৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰে । আজি তেখেতে আনটো বিভাগ কাৰ্যদক্ষতা বিকাশ আৰু এণ্টাৰপ্ৰিনিউশ্বিপৰ দ্বায়িত্বভাৰ চমজি লব বুলি জানিব পৰা গৈছে। উত্তৰ-পূৱৰ বিকাশৰ বাবে গঠিত ড'নাৰ মন্ত্ৰালৰ দ্বায়িত্ব লাভ কৰিছে প্ৰাক্তন সেনাধক্ষ্য ভি.কে সিঙে। উত্তৰ পূৱৰ দ্বিতীয়গৰাকী সাংসদ কিৰণ ৰিজ্জুয়ে গৃহ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰূপে দ্বায়িত্ব লাভ কৰাৰ সুখবৰ।
৫. অসমীয়া চলচ্চিত্ৰ জগতলৈ সু-সংবাদ কঢ়িয়াই চীনৰ চাংহাই চলচ্চিত্ৰ মহোৎসৱৰ ৱৰ্ল্ড পেনোৰমা শিতানত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে "অধ্যায়" নামৰ কথাছবিখনে। অহা ১৯জুনৰ পৰা অনুষ্ঠিত হব লগীয়া চলচ্চিত্ৰ মহোৎসৱত বিশিষ্ট পৰিচালক অৰূপ মান্না পৰিচালিত ছবিখনেই একমাত্ৰ ভাৰতীয় ছবি বুলিও জানিব পৰা গৈছে। ত্ৰিনয়ন মিডিয়া ফাউণ্ডেচনৰ হৈ নৱনিকা বৰঠাকুৰ প্ৰযোজিত এই ছবিখনে বাংলাদেশতো ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈ প্ৰশংসা লাভ কৰিছিল।
৬. আজি আবেলি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হব বিজেপি দলৰ বিজয়ী সাংসদ সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ। সকলো জিলাৰ প্ৰতিনিধি তথা বিধায়ক সকলৰ অংশ গ্ৰহণেৰে চাৰি গৰাকী পুনৰবাৰ বিজয়ী হোৱা সাংসদ তথা তিনিজনকৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সাংসদক সম্বৰ্ধনা জনোৱা হব। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীত্ব লভা সৰ্বানন্দ সোনোৱালেও অংশগ্ৰহণ কৰিব।
৭. দিল্লী উচচ ন্যায়ালয়ে এক নিৰ্দেশযোগে এখন ব্যক্তিগত জামিননামাৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালক মুক্তি দিবলৈ ৰায়দান কৰিছে। উল্লেখযোগ্য যে বিজেপিৰ নেতা নীতিন গাদকাৰীৰ মানহানি গোচৰত কেজৰীৱাল সম্প্ৰতি ন্যায়িক জিম্মাত তিহাৰ জেলত বন্দী হৈ আছিল।
৮. ইউপিএ চৰকাৰে কৰি যোৱা ক্ৰটিবোৰৰ শুধৰণি কৰাটোৱেই প্ৰথম কাম হব বুলি কালি দ্বায়িত্বলৈয়ে ঘোষণা কৰিলে নতুন বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে। মুদ্ৰাস্ফীতি আৰু বিত্তীয় ঘাটি দূৰ কৰাত সৰ্বাধিক গুৰুত্ব দিব বুলিও কৰিলে ঘোষণা। নতুন বিত্তমন্ত্ৰীক সাক্ষাত কৰিলে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ ৰঘুৰাম ৰাজনেও। উল্লেখযোগ্য যে অৰুণ জেটলীক অস্থায়ী ৰূপত প্ৰতিৰক্ষা দপ্তৰৰো দ্বায়িত্ব অৰ্পণ কৰা হৈছে।
৯. দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহৰ বাবে নামভৰ্তিৰ প্ৰপত্ৰ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনতে অহা দুই জুনৰ পৰা দহ জুন পৰ্যন্ত পোৱাৰ বিশেষ ব্যৱস্থা কৰিছে দিল্লী বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৱ ছাত্ৰ সন্থাই।
১০. কটন কলেজত প্ৰতিষ্ঠা দিৱসৰ উপলক্ষত উন্মোচিত হ'ল লেখক দিলীপ বৰাৰ নৱতম গ্ৰন্থ "সধয়াপুৰৰ সোণৰ মেকুৰী" নামৰ গ্ৰন্থখনি। কটন কলেজৰ চুডমাৰ্চন হলত অনুষ্ঠিত এক সভাত ৬৭৩পৃষ্ঠাৰ বুৰঞ্জীমূলক এই উপন্যাসখন উন্মোচন কৰিলে বিশিষ্ট লেখক ডঃ লক্ষ্মীনন্দন বৰাই।
১. আজি ঘোষিত হৈছে অসমৰ ছেৱাৰ অধীনত অনুষ্ঠিত হাইস্কুল শিক্ষান্ত আৰু হাইমাদ্ৰাছা পৰীক্ষাৰ ফলাফল। ধেমাজি জিলাই ৮০.৩৯ শতাংশ উত্তীৰ্ণৰ হাৰেৰে সফলতাৰ শীৰ্ষস্থান লাভ কৰিছে। হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম স্থান অধিকাৰ কৰিছে নাজিৰা জাতীয় বিদ্যালয়ৰ অচ্যুত ৰঞ্জন গগৈয়ে । হাইমাদ্ৰাছা পৰীক্ষাত শীৰ্ষস্থান লাভ কৰিছে গোৱালপাৰাৰ ৰাখালডুবি হাই-মাদ্ৰাছাৰ ইমদাদুল ৰহমানে।
৩. পাকিস্তানৰ সৈতে দ্বি-পাক্ষিক বৈঠকত সন্ত্ৰাসবাদৰ বিৰুদ্ধে ঐক্যবদ্ধ ভাবে যুঁজিবৰ বাবে সন্মতি প্ৰকাশ কৰিলে দুয়ো দেশৰ প্ৰধানমন্ত্ৰীয়ে। কালি দিল্লীৰ হাইদৰাবাদ হাউছত হোৱা পঞ্চাশ মিনিটৰ বৈঠকত দুয়োদেশৰ মাজত বাণিজ্যিক সম্পৰ্ক, সন্ত্ৰাসবাদীক আশ্ৰয়দান প্ৰসংগ, লোহোৰ চুক্তিৰ ভিত্তিত ভৱিষ্যতে সু-সম্পৰ্ক ৰক্ষা আদি বিষয়ে আলোচনাত ঠাই পায়। ইফালে টুইটাৰ যোগে শ্বৰীফৰ কন্যাই ভাৰতলৈ পাক-প্ৰধানমন্ত্ৰীক আমন্ত্ৰণ কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে আৰু তেখেতক প্ৰদান কৰা উপহাৰ স্বীকাৰ কৰি উল্লাসিত হোৱাৰ কথাও প্ৰকাশ কৰে।
৪. অসমৰ পৰা মন্ত্ৰীত্ব লাভ কৰা একমাত্ৰ সাংসদ সৰ্বানন্দ সোনোৱালে দুটাকৈ বিভাগৰ স্বতন্ত্ৰ দ্বায়িত্ব লাভ কৰিবলৈ সক্ষম হৈছে। কালি তেখেতে ক্ৰীড়া আৰু যুৱ কল্যান মন্ত্ৰালয়ৰ দ্বায়িত্বভাৰ গ্ৰহণ কৰে । আজি তেখেতে আনটো বিভাগ কাৰ্যদক্ষতা বিকাশ আৰু এণ্টাৰপ্ৰিনিউশ্বিপৰ দ্বায়িত্বভাৰ চমজি লব বুলি জানিব পৰা গৈছে। উত্তৰ-পূৱৰ বিকাশৰ বাবে গঠিত ড'নাৰ মন্ত্ৰালৰ দ্বায়িত্ব লাভ কৰিছে প্ৰাক্তন সেনাধক্ষ্য ভি.কে সিঙে। উত্তৰ পূৱৰ দ্বিতীয়গৰাকী সাংসদ কিৰণ ৰিজ্জুয়ে গৃহ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ৰূপে দ্বায়িত্ব লাভ কৰাৰ সুখবৰ।
৫. অসমীয়া চলচ্চিত্ৰ জগতলৈ সু-সংবাদ কঢ়িয়াই চীনৰ চাংহাই চলচ্চিত্ৰ মহোৎসৱৰ ৱৰ্ল্ড পেনোৰমা শিতানত প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে "অধ্যায়" নামৰ কথাছবিখনে। অহা ১৯জুনৰ পৰা অনুষ্ঠিত হব লগীয়া চলচ্চিত্ৰ মহোৎসৱত বিশিষ্ট পৰিচালক অৰূপ মান্না পৰিচালিত ছবিখনেই একমাত্ৰ ভাৰতীয় ছবি বুলিও জানিব পৰা গৈছে। ত্ৰিনয়ন মিডিয়া ফাউণ্ডেচনৰ হৈ নৱনিকা বৰঠাকুৰ প্ৰযোজিত এই ছবিখনে বাংলাদেশতো ঢাকা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱতো প্ৰদৰ্শিত হৈ প্ৰশংসা লাভ কৰিছিল।
৬. আজি আবেলি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত অনুষ্ঠিত হব বিজেপি দলৰ বিজয়ী সাংসদ সকলক সম্বৰ্ধনা জনোৱাৰ উদ্দেশ্যে এক অনুষ্ঠানৰ। সকলো জিলাৰ প্ৰতিনিধি তথা বিধায়ক সকলৰ অংশ গ্ৰহণেৰে চাৰি গৰাকী পুনৰবাৰ বিজয়ী হোৱা সাংসদ তথা তিনিজনকৈ প্ৰথমবাৰৰ বাবে নিৰ্বাচিত সাংসদক সম্বৰ্ধনা জনোৱা হব। এই অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰীত্ব লভা সৰ্বানন্দ সোনোৱালেও অংশগ্ৰহণ কৰিব।
৭. দিল্লী উচচ ন্যায়ালয়ে এক নিৰ্দেশযোগে এখন ব্যক্তিগত জামিননামাৰে দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালক মুক্তি দিবলৈ ৰায়দান কৰিছে। উল্লেখযোগ্য যে বিজেপিৰ নেতা নীতিন গাদকাৰীৰ মানহানি গোচৰত কেজৰীৱাল সম্প্ৰতি ন্যায়িক জিম্মাত তিহাৰ জেলত বন্দী হৈ আছিল।
৮. ইউপিএ চৰকাৰে কৰি যোৱা ক্ৰটিবোৰৰ শুধৰণি কৰাটোৱেই প্ৰথম কাম হব বুলি কালি দ্বায়িত্বলৈয়ে ঘোষণা কৰিলে নতুন বিত্তমন্ত্ৰী অৰুণ জেটলীয়ে। মুদ্ৰাস্ফীতি আৰু বিত্তীয় ঘাটি দূৰ কৰাত সৰ্বাধিক গুৰুত্ব দিব বুলিও কৰিলে ঘোষণা। নতুন বিত্তমন্ত্ৰীক সাক্ষাত কৰিলে ৰিজাৰ্ভ বেংকৰ গৱৰ্নৰ ৰঘুৰাম ৰাজনেও। উল্লেখযোগ্য যে অৰুণ জেটলীক অস্থায়ী ৰূপত প্ৰতিৰক্ষা দপ্তৰৰো দ্বায়িত্ব অৰ্পণ কৰা হৈছে।
৯. দিল্লী বিশ্ববিদ্যালয়ৰ অধীনৰ মহাবিদ্যালয় সমূহৰ বাবে নামভৰ্তিৰ প্ৰপত্ৰ গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনতে অহা দুই জুনৰ পৰা দহ জুন পৰ্যন্ত পোৱাৰ বিশেষ ব্যৱস্থা কৰিছে দিল্লী বিশ্ববিদ্যালয়ৰ উত্তৰ-পূৱ ছাত্ৰ সন্থাই।
১০. কটন কলেজত প্ৰতিষ্ঠা দিৱসৰ উপলক্ষত উন্মোচিত হ'ল লেখক দিলীপ বৰাৰ নৱতম গ্ৰন্থ "সধয়াপুৰৰ সোণৰ মেকুৰী" নামৰ গ্ৰন্থখনি। কটন কলেজৰ চুডমাৰ্চন হলত অনুষ্ঠিত এক সভাত ৬৭৩পৃষ্ঠাৰ বুৰঞ্জীমূলক এই উপন্যাসখন উন্মোচন কৰিলে বিশিষ্ট লেখক ডঃ লক্ষ্মীনন্দন বৰাই।
No comments:
Post a Comment