লোকেল গুজৱ.কম - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

লোকেল গুজৱ.কম

লোকেল গুজৱ.কম

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. মনত যদি খু-দুৱনি আছে, সকলো ফালে যদি টেনচনেই টেনচন, তেন্তে কি কৰিব। সেই সময়ত আপুনিও ৰসাল গগৈ চাৰৰ দৰে গল্ফ খেলক। চাৰৰ মতে এনে সময়ত গল্ফ খেলাটো ফ'কাচ কৰাৰ বাবে মেডিটেচনৰ লেখিয়াহে। আপুনি আপোনাৰ লক্ষ্য স্থিৰ কৰি, লক্ষ্য ভেদ কৰিবলৈ প্ৰয়াস কৰক। গল্ফ খেলিব পৰাকৈ ধন নাথাকিলে লালু-পাঞ্জু সকলে মাৰ্বল কিনি আনি খুলি বা গাঁতত ভৰাবলৈ বাৰম্বাৰ প্ৰচেষ্টা কৰিও এই মেডিটেচন কৰিব পাৰে বুলি গগৈচাৰে প্ৰকাশ কৰিছে।


২. ৰঙিয়াত বিসম্বাদৰ চিকাৰ হ'ল কিৰিট চলিহা বুলি সংবাদ শিৰোনাম প্ৰকাশ পাইছে। পিছে বিসম্বাদী দলত জড়িত মানুহ জনে নিজেই ইয়াৰ চিকাৰ হোৱা বুলি প্ৰকাশিত বাতৰিটোৱেহে এতিয়া ৰাইজৰ মনত খু-দুৱনিৰ সৃষ্টি কৰিছে। লোকলৈ খুঁটি পুতি, নিজেই খালো উজুটি, লাভৰ মূৰত গ'ল, আগদাঁত দুটি নামৰ ফৰ্মূলাটোহে কিৰিট চলিহাৰ ভাগ্যত খাটিলে বুলিও সচেতন মহলে সহানুভূতিসহ প্ৰকাশ কৰিছে।

৩. "কংগেছৰ দৰ্প-চূৰ্ণ" নামৰ ভাওনাখন দেশৰ লগতে অসমৰ বিভিন্ন ঠাইতো সফল ভাৱে মঞ্চায়ন হোৱাৰ খবৰ পোৱা গৈছে। "ৰাইজেই ভাওৰীয়া, দেশেই নাটঘৰ" গোষ্ঠীৰ সৌজন্যত আয়োজিত হোৱা ভাওনাখনে ভাৰতীয় ভোটাৰৰ ৰাজনৈতিক সংস্কৃতিক বেলেগ ৰূপত তুলি ধৰা বুলিও ভাওনাখনে প্ৰমাণিত কৰিছে। এতিয়া পিছে ভাওনাখনৰ হিচাব নিকাচ কৰিবলৈ যাওঁতে সভাপতি, উপসভাপতি হৈ থকা মেডাম আৰু মেডামৰ পুতেকৰে চকী থৰবৰ হব পাৰে বুলি আশংকা প্ৰকাশ পাইছে।

৪. শুৱালকুচিত সকলো দলৰে পতাকা নিজৰ ঘৰৰ চাদত আঁৰি ৰাইজক বিবেক ভোট দিবলৈ আহ্বান জনোৱা এগৰাকী নাগৰিকে কালি পাঁচশ "মোদী পুৰী, মোদী ডাইল আৰু মোডী চাহ" বিতৰণ কৰি বিজয় উল্লাস প্ৰকাশ কৰে। আচলতে বিবেকেৰে মোদীক ভোট দিবলৈহে সচেতন নাগৰিক জনে আহ্বান জনাইছিল নে তেখেতে ৰুলিঙ পাৰ্টিৰ হৈ পাৰ্টি দিয়াৰ হে ধাণ্ডা মনত পুহি ৰাখিছিল তাকে লৈ এতিয়া "মোদী পুৰী" ভক্ষণ কৰি আহি খায় পাত ফলা এজনে প্ৰশ্ন উত্থাপন কৰিছে।
৫. কালি পদুম পাৰ্টিৰ সমৰ্থকৰ জীয়েকক হাতোৰা পাৰ্টিৰ এজনে যৌন নিৰ্যাতন চলোৱাক লৈ শিৰোনামা গৰম কৰাৰ প্ৰচেষ্টাত হালধীয়া সাংবাদিক সন্থাই অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে। পিছে দেশৰ জীয়াৰীৰ সন্মানত হাত দিয়া অপৰাধীক হাতোৰা বা পদুম পাৰ্টিৰ বুলি ভাগ ভাগ কৰাৰ দৰকাৰ কি, অপৰাধী কাৰ্যক ৰাজনৈতিক ৰঙ সনাৰ কি দৰকাৰ বুলি মূলা-গাভৰু সন্থাই উদ্বেগ প্ৰকাশ কৰিছে আৰু তেনে নকৰিবলৈ হালধীয়া সাংবাদিক সন্থালৈ সকীয়নি পত্ৰ ফেক্স কৰিছে বুলি জানিব পৰা গৈছে।

৬. মনেমনে সিঙ চাৰে মনে মনে মানে বিগত দহবছৰৰ পৰম্পৰা ৰক্ষা কৰি নিৰৱেই চকী এৰি গুচি অহাত এতিয়া দেশৰ সাধাৰণ নাগৰিক সকলে সেই হোজা পণ্ডিত মানুহজন বুলি সহানুভূতি দিয়াৰ খবৰ পোৱাৰ পৰাই গগৈ চাৰৰ মন-মগজুতো ক্ৰিয়া-প্ৰতিক্ৰিয়া চলি থকা বুলি জানিব পৰা গৈছে। চালে-বেৰে কোবোৱা কথাৰে নিজৰ ব্যক্তিত্ব লঘু কৰি পেলোৱা চাৰে এতিয়া কি কৰো কি নকৰোকৈ পদত্যাগ কৰা-নকৰা বিষয়টো মুদ্ৰা এটি লৈ চীট-পট কৰিয়েই হেস্ত-নেস্ত কৰিব পেলাব বুলি বাইদেউক কোৱাৰ গোপন খবৰ।

৭. অসমৰ বিশিষ্ট মীন বিশেষজ্ঞ শ্ৰীযুত এম.এম গগৈক নতুন দিল্লীত যাতে একো অসুবিধা নহয় তাকে লৈ কলিয়াবৰবাসী উদ্বিগ্ন হৈ থকা বুলি জানিব পৰা গৈছে। সেয়ে "মহিলা মাছ গগৈ" দেৱে কোৱাটাৰ লৈয়ে ভাজি খাব পৰাকৈ শুকান মাছ, কেঁচা পিঠাগুৰি, ভীমকল, শুকুতা তিতা আদিৰ টোপোলা দিল্লীলৈ যাওঁতে দি পঠাবলৈ সমষ্টিৰ ৰাইজে হেপাঁহ কৰিছে। লগতে সেইবোৰ বনোৱাৰ বাবে ৰন্ধন প্ৰণালীৰ হাতপুথি বিদেশী মেম গগৈৰ সহায়ক হোৱাকৈ বোৱাৰীগৰাকীৰ মাতৃভাষালৈকো অনুবাদ কৰাৰ কাম হাতত লোৱা বুলি কলিয়াবৰ সাহিত্য সংস্থাৰ পৰা জানিব পৰা গৈছে।

৮. "কাজিৰঙাত কোন, মই খৰ্গ কটা নাই" নামৰ প্ৰকৃতি বিষয়ক নাটকখনি অসমৰ গঁড় হত্যাৰ প্ৰতিবাদত লিখি উলিয়াইছে অসমৰ আটাইতকৈ খৰকৈ নাট লিখি লিমকা বুক নাম লিখোৱা অবিজিত ভট্টাচাৰ্যই।  এই নাটকখনৰ যোগেদি দক্ষিণৰ  ৰজনীকান্ত আহি কেনেকৈ পূৱৰ কাজিৰঙাত গঁড় ৰক্ষা কৰিছেহি তাৰ অনুপম কাহিনী দাঙি ধৰা হৈছে। প্ৰকৃতিপ্ৰেমী সকলেও ৰজনীকান্তে নবচালে ৰকিকাইয়ে গঁড় বচাব সঁচাই নোৱাৰে বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

৯. নগাঁৱত দুজনকৈ ভুৱা সাংবাদিক গ্ৰেপ্তাৰ হোৱাত এতিয়া "ভুৱা সাংবাদিক" শব্দ দুটিৰ প্ৰকৃত সংজ্ঞা নিৰূপণক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ভুৱা বাতৰি দিয়া সাংবাদিক, ভুৱা সাংবাদিক নে সাংবাদিকৰ ভুৱা পৰিচয় পত্ৰৰে বেলেগ কামত ব্লেকমেইল কৰাটো ভুৱা সাংবাদিক তাকে লৈ আৰক্ষী সিদ্ধান্তলৈ আহিব পৰা নাই বুলি জানিব পৰা গৈছে। দুয়োবিধ কামৰ মাজত পাৰ্থক্য প্ৰায় নোহোৱা যেন হৈ পৰাটো অতি চিন্তাজনক বুলিও কনিষ্টবল ৰসেন গগৈয়ে মত প্ৰকাশ কৰিছে।

১০. "হিমুকন শৰ্মাৰ বাবে এখন চকী" নামৰ কবিতা সংকলন এখনি জালুকাবাৰী পুস্তক মহলে প্ৰকাশ কৰি উলিয়াইছে। এখন চকীৰ সপোন দেখি দেখি হিমুকন নামৰ অবোধ শিশুটিয়ে কেনেকৈ নিজৰ কাম-বন কৰিবলৈ এৰি সপোনৰ দুনিয়াত ঘূৰি ফুৰে তাকেই কবিয়ে তুলি ধৰিছে বুলি জানিব পৰা গৈছে। এলিচ ইন ৱাণ্ডাৰলেণ্ডৰ দৰেই "কইনাধৰাত হিমুকন" কবিতাটিয়ে বেলাডৰ ৰূপত বিশ্বজুৰি খ্যাতি লভিব পাৰে বুলি সমালোচকে প্ৰকাশ কৰিছে।

No comments:

Post a Comment