মুম্বাইৰ সুউচ্চ অট্টালিকাত পিজ্জা দিবলৈ আহিল উৰণীয়া ড্ৰোণ
অসমৰ মানুহৰ বাবে উৰণীয়া ড্ৰোণ বা মানৱ-বিহীন আকাশীযানৰ বাতৰিটো বিশেষ অপৰিচিত নহয়। তথাপি সোঁৱৰাই দিবই লাগিব যে অসমৰ বন বিভাগে এনে বিশেষ ড্ৰোণৰ ব্যৱহাৰ কৰি কাজিৰঙাত গঁড় হত্যা ৰোধ কৰাৰ বাবে চেষ্টা চলাব বুলি এটি ব্যয়-বহুল প্ৰকল্পৰ কথাই সংবাদ শিৰোনামা লাভ কৰিবলৈ সক্ষম হৈছিল। পিছে এতিয়াও উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰি বা আধুনিক অস্ত্ৰৰে সজ্জিত বনকৰ্মী নিয়োগৰ ঘোষণাৰ পাছতো গঁড় হত্যা ৰোধ নোহোৱাটো অতি পৰিতাপৰ কথা।

যোৱা ১১মে'ত এই পৰীক্ষামূলক হোম-ডেলিভাৰীৰ সফলতা দাবী কৰা ৰেষ্টুৰাৰ মুখ্য-কাৰ্যবাহী বিষয়া মাইকেল ৰজনীয়ে ভৱিষ্যতে নিয়মিত ভাৱে এনেদৰে পিজ্জা ডেলিভাৰীৰ ব্যৱস্থা কৰিব পৰা যাব বুলি প্ৰকাশ কৰিছে। পিছে এতিয়া এনে ৰিম'ট কন্ট্ৰ'ল পৰিচালিত মানৱ-বিহীন এনে মাইক্ৰ উৰণ যানক অপৰাধমূলক বা সন্ত্ৰাসবাদী কাৰ্যতো ব্যৱহাৰ হব পাৰে বুলি আৰক্ষীয়ে শংকা প্ৰকাশ কৰিছে। পিজ্জেৰিয়াৰ ফালৰ পৰা জাননীৰ উত্তৰ পোৱাৰ পাছতহে এই বিষয়টোত পৰবৰ্তী পদক্ষেপ কি হব সেয়া নিৰ্ণয় হব বুলিও আৰক্ষীয়ে প্ৰকাশ কৰিছে।
টোকাঃ ডমিন'জ কোম্পানীয়েও বিদেশত এনে ড্ৰোণৰ পৰীক্ষামূলক উৰণ সম্পন্ন কৰিছিল। সেই উৰণৰ ভিডিঅ' চাবৰ বাবে তলৰ সূত্ৰত ক্লিক কৰকঃ https://www.youtube.com/watch?v=ZDXuGQRpvs4
No comments:
Post a Comment