হাস্য ব্যংগৰে সত্যৰ সন্ধান
১. অসমৰ সীমা চিনি নোপোৱাৰ বাবে সীমান্তত থকা আৰক্ষীয়ে পালে সংবাদ শিৰোনামত স্থান। স্কুলৰ পৰা ভূগোল আঁতৰাই দিয়াৰ বাবেই এনে হৈছে বুলি দুখ প্ৰকাশ কৰিলে অৱসৰপ্ৰাপ্ত কৃৰ্তি শিক্ষক সন্থাই। পিছে কাঁটা তাৰ নাইকীয়া, বেৰা নাইকীয়া অস্তিত্বহীন কাল্পনিক সীমা সাংবাদিকক মুখ্যমন্ত্ৰী মহাপ্ৰভুৱেহে চিনাই দিব পাৰিব বুলি প্ৰকাশ কৰিলে আৰক্ষীৰ ভাৱমূৰ্তি ৰক্ষা আৰু জন-সংযোগকাৰী বিষয়াই। এই ক্ষমতা সাধাৰণ কনিষ্টবলৰ নাই বুলিও বিষয়াজনে স্পষ্ট কৰি দিছে।
২. হাঁহিৰাম গগৈৰ আবোল-তাবোল ভাষণৰ সংকলন "সেই পাঁচ মিনিট" অচিৰেই প্ৰকাশ কৰি উলিয়াব কইনাধৰা বুক ষ্টলে। হাইকামাণ্ডে ক'লে গাদী এৰিবলৈ পাঁচ মিনিটো নালাগেৰ পৰা বিটিএডিৰ নৰ-সংহাৰত পাৰ্টনাৰ পাৰ্টি জড়িত থকাৰ প্ৰমাণ পালে মিত্ৰতা এৰিবলৈ পাঁচ মিনিটো নালাগে লৈকে সকলো আবোল-তাবোল কথা এই সংকলনত সন্নিবিষ্ট কৰা হব বুলি সম্পাদনাৰ দ্বায়িত্বত থকা কনপোনা গগৈয়ে প্ৰকাশ কৰিছে।
৩. হিমুকন শৰ্মাই দিল্লীত "গাদী পোৱাৰ ব্লু-প্ৰিণ্ট" নামৰ গ্ৰন্থ এখনি লিখি শেষ কৰিছে বুলি কালি "শ্ৰীমতী লাইভ" নামৰ চেনেল যোগে প্ৰকাশ কৰিছে। এই গ্ৰন্থ উন্মোচনৰ বাবে তেখেতে ১০ জনপথ নিবাসী ইটালিয়ান আইদেউক লগ কৰা বুলিও বাতৰিত প্ৰকাশ। মেদামে পাণ্ডুলিপিত চকু ফুৰাই মুখবন্ধ শিতানত দুলাইনমান লিখি দিলেই কিতাপখন ফাইনেল প্ৰিণ্টলৈ পঠাব বুলি শৰ্মানীয়ে প্ৰকাশ কৰিছে।
৪. বৈধ প্ৰমাণ পত্ৰ নোহোৱাৰ বাবে আফগানিস্থানৰ লোক বুলি সন্দেহত গুৱাহাটীত গ্ৰেপ্তাৰ কৰিছে এজন লোকক। পিছে তেওঁৰ ওচৰত কোনো দেশৰেই কোনো কাগজ নোহোৱাত এতিয়া মৌখিক দাবীৰে তেওঁক আফগানিস্থানলৈ উভোতাই পঠোৱা অসম্ভৱ বুলি দাবী কৰিছে স্থানীয় কনিষ্টবল হৰেন গগৈয়ে। প্ৰাপ্ত খবৰ মতে কাগজ পাতি উলিওৱাৰ বাবে ঘোঁচ দিবলৈকো এটকাও নোহোৱাৰ বাবেহে এইদৰে কাগজহীন হৈ থকা মানুহজনক এতিয়া চৰকাৰী খৰছত খোৱাই বোৱাই পোহপাল দিয়াৰ বাহিৰে কোনো উপায় নাই বুলিও শংকা প্ৰকাশ পাইছে।
৫. কৈলাস লোহাৰৱালাৰ ঘৰলৈ কণী আৰু গেলা বিলাহী দলিওৱাৰ অপৰাধত এপষেকমান কেইবাগৰাকী মহিলাক কাৰাবাস খটোৱাৰ পাছত কালি আকৌ এজন ডাঙৰ নেতাক হাততে পাই, সেই গোচৰত এপেষকৰ বাবে জেললৈ পঠোৱাৰ ব্যৱস্থা হয়। ভাৰতীয় ন্যায় ব্যৱস্থাৰ ইতিহাসত গেলা কণী আৰু বিলাহীৰ দৰে লঘু-কোমল বস্তু দলিউওৱাৰ বাবে ইমান টান-কঠোৰ শাস্তি বিহাৰ ঘটনাই লিমকা বুক অৱ ৰেকৰ্ডছটো স্থান লাভ কৰিবই বুলি সম্ভাৱনা প্ৰকাশ পাইছে আৰু ৰজা ঘৰলৈ সচেতন মহলে তাৰ বাবে আগতীয়া শুভেচ্ছা জনাইছে।
৬. বেপাৰত মজি থকা অগৰুদ্দিন সুগন্ধি চাহাবে এইবাৰ নৰসংহাৰ হোৱা নামনিৰ যমপুৰী এলেকাত ভৰি থবলৈ বিজিনেচত বিজি হৈ থকাৰ পৰা কালিহে আহৰি উলিয়াব পৰাত নথৈ সন্তোষ প্ৰকাশ কৰিছে সুগন্ধি ফেন ক্লাৱে। লোকসভাৰ খেলখন শেষ হোৱাৰ বাবে এতিয়া অহা বিধান সভাৰ বাবেই জাতি-জ্ঞাতিৰ শৱদেহৰ ওপৰতে ৰাজনীতিৰ ভেঁটিতো পক্কা কৰি লবলৈ তেখেতলৈ ক্লাৱে জনালে মুকলি আহ্বান। এইসকল নিঃসহায় মানুহৰ ৰাজনীতিৰ ঠিকা লোৱাৰ কাম তেওঁৰ দৰেহে ধনবান মানুহেহে পাৰিব বুলিও ক্লাৱে মত প্ৰকাশ কৰিছে।
৭. লোকসভাত অংশ লোৱা ৮১৬৩গৰাকী প্ৰাৰ্থীৰ সম্পত্তিৰ মূল্য ৪০,২৫২কোটি বুলি প্ৰকাশিত হৈছে। এয়া এনেই ঘোষিত মূল্যহে, আচল মূল্য তাৰ কেইবাগুণো হব বুলি হাতোৰা পাৰ্টি অফিচৰ পিয়ন দামোদৰ শৰ্মাই দাবী কৰিছে। তেখেতৰ মনে মানসপুত্ৰ বৰাদাৰ কথা ধৰিলেও তেওঁৰ গুৱাহাটীৰ আশে পাশে থকা শ শ বিঘা মাটিৰ মূল্য বিঘাত ৩হাজাৰ টকাকৈয়ে ঘোষণা কৰা হৈছে। কিন্তু এই কথাটো অতি গোপন কথা আৰু কাকো নকবলৈ আমাৰ সাংবাদিকক শৰ্মাই মাতৃৰ শপত দিছে বুলিও জানিব পৰা গৈছে।
৮. জীয়াৰীয়ে বিচৰাৰ বাবে পদৰ পৰা অব্যাহতি লব ডঃ মনে মনে সিঙে আৰু আজি সন্ধিয়া দেশক উদ্দেশ্যি দুৱাষাৰ মান বিদায়ী ভাষণ দিব বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। ৰাজকুমাৰ গান্ধী গৰম হোৱাৰ বাবেই দেউতাকক পদত্যাগৰ বাবে পেচ ধৰা অভিমানী জীয়াৰীজনী কয়লা কেলেংকাৰী ফাইল হেৰাওতে ক'ত আছিল বুলিও সচেতন অসমীয়া যুৱ সংঘই প্ৰশ্ন কৰিছে।
৯. দুই চিকাৰীক গুলিয়াই গুলীবিদ্ধ কৰিলে কাজিৰঙাৰ বন-কৰ্মীয়ে। এটা ৰাতিত মাত্ৰ এটা গঁড়ৰ খৰ্গ কাটি নিবলৈ সক্ষম হোৱাৰ বিপৰীতে দুজনকৈ চোৰাং চিকাৰী আহত কৰিব পৰাটো এক ডাঙৰ সাফল্য বুলিয়েই পৰিবেশ প্ৰেমী সন্থাই মত প্ৰকাশ কৰিছে। পিছে কাৰো নাম কব নোৱাৰাকৈ তেওঁলোকৰ জিভা কৰ্তন যে কৰা নাই সেয়াও নিশ্চিত কৰিবলৈ মানৱ অধিকাৰ সংস্থালৈ পৰিবেশপ্ৰেমী সন্থাই আহ্বান জনাইছে।
১০. স্বাধীনতাৰ পাছৰে পৰা এটা পথ মেৰামতি নকৰাকৈ ৰাখি অসমৰ বাট-পথ বিভাগে এক অলংঘনীয় অভিলেখ সৃষ্টি কৰিছে। এই পথটোৰ বাবে বিভাগটোৱে বিশ্বৰ দৰবাৰ পাবগৈ আৰু গীনিজ বুকতো নাম লিখাব পাৰিবই বুলি বাটৰুৱা সকলে আশা প্ৰকাশ কৰিছে। তাৰ বাবে আবেদন কৰিবলৈকে অন্তত বিভাগটো সচেতন হোৱা উচিত বুলিও মত প্ৰকাশ কৰিছে।
১০. স্বাধীনতাৰ পাছৰে পৰা এটা পথ মেৰামতি নকৰাকৈ ৰাখি অসমৰ বাট-পথ বিভাগে এক অলংঘনীয় অভিলেখ সৃষ্টি কৰিছে। এই পথটোৰ বাবে বিভাগটোৱে বিশ্বৰ দৰবাৰ পাবগৈ আৰু গীনিজ বুকতো নাম লিখাব পাৰিবই বুলি বাটৰুৱা সকলে আশা প্ৰকাশ কৰিছে। তাৰ বাবে আবেদন কৰিবলৈকে অন্তত বিভাগটো সচেতন হোৱা উচিত বুলিও মত প্ৰকাশ কৰিছে।
No comments:
Post a Comment