পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰঃ
১.
এখন স্থিৰ চৰকাৰ গঠন হোৱাৰ সম্ভাৱনাই দেশৰ অৰ্থনীতিক ক্ষেত্ৰলৈকো পৰিবৰ্তন কঢ়িয়াই আনিছে আৰু টকাৰ মূল্য বিগত দহমাহৰ ভিতৰত সৰ্বোচ্চ স্তৰ ৫৯.৪৮ প্ৰতি ডলাৰত উপনীত হৈছে বুলি ইকনমিক টাইমচে বাতৰি প্ৰকাশ কৰিছে।

২. অহা ৩১মে'ৰ পৰা নেদাৰলেণ্ডৰ দ্য হগ চহৰত অনুষ্ঠিত হব লগা বিশ্বকাপ হকীৰ বাবে ঘোষিত হ'ল ১৮জনীয়া ভাৰতীয় দল। মিডফিল্ডাৰ চৰ্দাৰ সিঙৰ নেতৃত্বত যোগ দিব লগা ভাৰতীয় দলত সহঃ অধিনায়কৰ দ্বায়িত্ব ডিফেণ্ডাৰ ৰুপিন্দৰ সিঙক প্ৰদান কৰা হৈছে আৰু এই দলে শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰিবৰ চেষ্টা কৰিব বুলি হকী ইণ্ডিয়াৰ সূত্ৰই প্ৰকাশ কৰিছে।

৩. দিল্লী মেট্ৰ'ত কালিৰে পৰা ৱাই-ফাই ইণ্টাৰনেট  আৰম্ভ কৰা হৈছে। এই সেৱা যাত্ৰী সকলে বিনামূলীয়াৰৈ উপভোগ কৰাৰ সুবিধা পাব বুলি দিল্লী মেট্ৰ'ৰ সূত্ৰই প্ৰকাশ কৰিছে। লগতে মেট্ৰ'ৰ হুদা চিটি চেণ্টাৰ লাইন এতিয়া মানেচৰলৈকে বৃদ্ধি কৰা হব বুলি প্ৰকাশ কৰিছে।

৪. মুখ্যমন্ত্ৰীৰ সৈতে বৈঠকৰ পাছত আৰু নিৰাপত্তা সুনিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি লাভৰ পাছতে গুৱাহাটী মেডিকেল কলেজৰ আবাসিক চিকি
ৎসক সন্থাই নিজৰ কৰ্ম-বিৰতি কাৰ্যসূচী প্ৰত্যাহাৰ কৰিছে বুলি জানিব পৰা গৈছে।

৫. ডাঃ সৰিতা তচনিৱালৰ হত্যাৰ গোচৰত কনিষ্ঠ চিকি
ৎসক জড়িত থকাৰ দাবীৰে সংবাদমেল অনুষ্ঠিত কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে। শিৱসাগৰৰ দল সংগঠনে দোষীক কঠোৰতম শাস্তি বিহাৰ বাবে আৰু অভিযুক্ত চিকিৎসকৰ স্বীকৃতি বাতিল কৰাৰ বাবেও তুলিলে দাবী। অভিযুক্তৰ চিকিৎসকৰ মাতৃয়ে তুলিয়ে ষড়যন্ত্ৰৰ অভিযোগ।

৬. নিৰ্বাচনোত্তৰ সমীক্ষাত উ
ৎফুল্লিত হৈ বিজেপি দলে চৰকাৰ গঠনৰ বাবে প্ৰাথমিক আলোচনাৰ দৌৰ অব্যাহত ৰাখিছে। কালি গান্ধী নগৰত ৰাজনাথ সিঙ, অৰুণ জেটলী আৰু নিতীন গাদকাৰী উপস্থিত হৈ নৰেন্দ্ৰ মোদীৰ সৈতে ভৱিষ্যত কৰ্মপন্থা বিষয়ত পাঁচঘণ্টীয়া আলোচনাত মিলিত হয়। ইফালে আৰ.এছ.এছৰ মূৰব্বী মোহন ভাগৱতে অন্তঃদলীয় কন্দল চম্ভালিবৰ বাবে দিল্লীত শিবিৰ পাতি লব বুলিও সংবাদ প্ৰকাশ পাইছে। ফলাফলৰ পাছতে বৃহৎ বিজয় ৰেলী, বেনাৰসত গংগাস্নান আদিৰে মোদীক দিল্লীলৈ আদৰি নিবলৈ প্ৰস্তুতি চলিছে বুলিও সূত্ৰত প্ৰকাশ।

৭. আজি পুৱাৰে পৰাও ছেনছেক্স ১৫২ সূচাংক বৃদ্ধিৰে শ্বেয়াৰ মাৰ্কেটত উ
ৎসাহ অটুট থকাৰ বাতৰি। ইফালে জুৱাৰ বজাৰতো এতিয়ালৈ মোদীৰ নামত ৬০হাজাৰ কোটিৰ জুৱা চলা বুলি সংবাদ শিৰোনামাত প্ৰকাশ পাইছে। কাইলৈ ঘোষিত হব লগা ফলাফলৰ বাবে এতিয়া দেশবাসীয়ে কৰিছে প্ৰৱল অপেক্ষা।

৮.
কালি পবিত্ৰ বৌদ্ধ পূৰ্ণিমাৰ দিনা কামৰূপ জিলাৰ মিৰ্জাৰ সমীপৰ বৰকুছিত ১৯শতিকাৰ পৰা পৰম্পৰাগতভাৱে পালিত শ্ৰীশ্ৰীমা ভগৱতীৰ ভেল দিয়া উৎসৱ অশেষ উৎসাহ উদ্দীপনাৰে পালিত হয়।  বৌদ্ধ পূৰ্ণিমা উপলক্ষে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন স্থানতো বিভিন্ন কাৰ্যসূচী আয়োজিত হোৱাৰ বাতৰি পোৱা গৈছে।
৯. আজি জি এল ছ'চিয়েল চাৰ্কলৰ উদ্যোগত অনুষ্টিত হৈছে ন্যায়াধীশ ডঃ ভগৱতী প্ৰসাদ চৰাফৰ দ্বিতীয় মৃত্যু বাৰ্ষিকী উপলক্ষে এক শ্ৰদ্ধাঞ্জলি সমাৰোহৰ। এই উপলক্ষে বি বৰুৱা কেঞ্চাৰ প্ৰতিষ্ঠানৰ ৰোগী সকলৰ বাবে বিশেষ মনোৰঞ্জন ভ্ৰমণ কাৰ্যসূচীৰো শুভাৰম্ভ কৰিব ৰাজ্যৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।

১০. মায়ঙত এগৰাকী প্ৰধান শিক্ষয়িত্ৰীক কৰ্তব্যত অনুপস্থিত থকাৰ অপৰাধত টিভিৰ কেমেৰাৰ সমুখতে মাৰধৰ কৰা ঘটনাত স্থানীয় আৰক্ষীয়ে ৬জন লোকক গ্ৰেপ্তাৰ কৰিছে। গৰ্ভৱতী শিক্ষয়িত্ৰী গৰাকীক দলবদ্ধভাৱে মাৰপিটৰ ঘটনাৰ ফুটেজ চায়েই এই গ্ৰেপ্তাৰ সম্ভৱ হোৱা বুলি সংবাদ প্ৰকাশ পাইছে।

No comments:

Post a Comment