সম্পাদকলৈ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

সম্পাদকলৈ চিঠি

সম্পাদকলৈ চিঠি

Share This
অসমীয়া ই-বুক ষ্ট’ৰ আছামকাৰ্ট.কম
ড° বুলজিৎ বুঢ়াগোহাঁই
‘আছামকাৰ্ট ডট কম (assamkart.com)’ নামৰ এটা ই-বুক ষ্ট’ৰ। এই ৱেবছাইটটোৰ জৰিয়তে অসমীয়া ই-বুক আগবঢ়াইছে । গোটেই পৃথিৱীৰ বিভিন্ন ঠাইৰ মানুহে আছামকাৰ্ট(AssamKart)ৰ পৰা ই-বুক ক্ৰয় কৰা সুবিধা আছে। 

কেইবাবিধো যন্ত্ৰত এই ই-বুকবোৰ পঢ়িব পাৰিব , যেনে- ‘এণ্ড্ৰইড ম’বাইল ফোন (Android Mobile Phone )’ , ‘এণ্ড্ৰইড টেবলেট (Android Tablet)’, ‘আইফোন (iPhone)’, ‘আইপেড(iPad)’ , ‘লেপটপ কম্পিউটাৰ (Windows Laptop)’ আৰু ‘ডেক্সটপ কম্পিউটাৰ (Windows Desktop)’ ।
এইখিনিতে হয়তো প্রশ্ন উঠিব পাৰে - কিতাপ থাকোতে ই-বুক নো কিয় লাগে ? ইয়াৰ উত্তৰত ক’ব পাৰি যে ই-বুকৰ কিছুমান সুবিধা আছে । যেনে - ১) ১০০০ খনৰো অধিক ই-বুক এটা কম্পিউটাৰ, ই-বুক ৰিডাৰ, টেবলেট বা স্মাৰ্টফোনত সুমুৱাব পৰা সুবিধা আছে। ২) ই-বুকবো্ৰৰ দাম সাধাৰণতে আন কিতাপতকৈ কম । ৩) কিনি লোৱাৰ লগে লগে ইয়াক ডাউনল’ড কৰি লব পাৰে । কিতাপখন আহিব বুলি ৰৈ থাকিব নালাগে। ৪) কিতাপ পঢ়াৰ আমেজটোওঁ একেই। বৰ্তমান ২৫০ খনতকৈ বেছি অসমীয়া আৰু ইংৰাজী গ্রন্থ ই-বুক ফৰ্মেটত আছামকাৰ্ট(AssamKart)ত উপলব্ধ কৰা হৈছে।

প্ৰত্যেক মাহতে আছামকাৰ্ট(AssamKart)এ নতুন নতুন অসমীয়া আৰু ইংৰাজী ই-বুক সংযোজন কৰি আছে। ইতিমধ্যে, উক্ত ই-বুকৰ ভঁৰালত লক্ষ্মীনাথ বেজবৰুৱা, ড°বাণীকান্ত কাকতি, কাঞ্চন বৰুৱা, হোমেন বৰগোহাঞি, নীলমণি ফুকন ,মামণি ৰয়ষম গোস্বামী, ড°হীৰেণ গোহাঁই,ড°ভবেন্দ্ৰ নাথ শইকীয়া,ড°দীনেশ চন্দ্ৰ গোস্বামী, হৰেকৃষ্ণ ডেকা, ড°অনিমা গুহ, তোষপ্ৰভা কলিতা, ড° শিৱনাথ বৰ্মন ড°ৰূপশ্ৰী গোস্বামী,ড°দয়ানন্দ পাঠক, গগন চন্দ্ৰ অধিকাৰী ,ড° কুলেন্দু পাঠক, অনুৰাধা শৰ্মা পূজাৰী,কুল শইকীয়া, অপূৰ্ব কুমাৰ শইকীয়া ,অজন্তা ৰাজখোৱা ,মনালিছা শইকীয়া,দেৱকান্ত সন্দিকৈ ,জ্যোতি দাস,জুৰী বৰা বৰগোহাঞি।

ইয়াৰোপৰি বন্তি শেনচোৱা,গুণাৰাম খনিকৰ,গৌতম প্ৰসাদ বৰুৱা,মৃদুল শৰ্মা , ভৃংগেশ্বৰ শৰ্মা , পাৰ্থপ্ৰদীপ বৰা , ড°প্ৰণৱজ্যোতি ডেকা ,ডাঃ জ্ঞানেন্দ্ৰ নাথ শৰ্মা,প্ৰভাত বৰা,সৌমিত্ৰ যোগী,প্ৰদীপ নাথ,অপূৰ্ব শৰ্মা,অতনু ভূঞা ,মৃদুল হালৈ,নিৰুপমা বৰগোহাঞি,ময়ূৰ বৰা,অৰ্চনা বৰঠাকুৰ,মণিকা দেৱী, অৰবিন্দ ৰাজখোৱা , সৌম্যদ্বীপ দত্ত,গীতালি বৰা ,ড°স্মৃতিৰেখা ভূঞা,কনক চন্দ্ৰ শর্মা , গিৰীন শইকীয়া , ড°পৰমানন্দ ৰাজবংশী, ইছমাইল হোছেইন ,আৰাধনা গোস্বামী,অৰুণ শর্মা, ডাঃ ধ্ৰুৱজ্যোতি বৰা , মণিদীপা বৰকটকী , নীলিম কুমাৰ , আৰাধনা পটংগীয়া গোস্বামী , সৌৰভ শইকীয়া , ইন্দ্ৰকান্ত কাৰ্কী , লোকনাথ গোস্বামী , জুলী বৰুৱা , ৰফিকুল হোছেইন , জয়কান্ত গন্ধীয়া, ডাঃ অমৰেন্দ্ৰ গগৈ , ধীৰা হাজৰিকা , জুনু বৰা , অঞ্জন দত্ত , কৌস্তুভমণি শইকীয়া দত্ত আদি বহু লেখকৰো গ্রন্থ অন্তৰ্ভুক্ত কৰা হৈছে ।

এইখিনিতে উল্লেখ কৰা ভাল হ’ব যে ২৫খন ই-বুক বিনামূলীয়াকৈ পঢ়িব পৰাৰ ব্যৱস্থা ৱেবচাইটোট আছে। 

No comments:

Post a Comment