হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
ৰসাল হিতোপদেশঃ (ৰাজনীতি বিশেষ)
১. খোলা মৈদানত শপত লোৱাৰ বাবে এ.চিৰ বিলাসিতা দিব নোৱাৰি দুখ প্ৰকাশ কৰিবলৈ শিকক, লগতে কথাটো বিজ্ঞাপন গুৰুৰ সহায়ত জন-সহানুভূতি সৃষ্টিৰ বাবে "দেশৰ ১নম্বৰ দুখীয়াই নলয় এ.চিৰ বিলাসিতা" বুলিও প্ৰচাৰ কৰক, তেহে আপুনি ভৱিষ্যতে নৰেন কাইৰ দৰে সুখৰ মুডৰ হাঁহি মাৰিব পাৰিব।

২. নুন্যতম দহ হাজাৰ টকা নথকাকৈ কাকোৱেই দুৰ্নীতিগ্ৰস্ত বুলি নকব। নহ'লে মানহানিৰ কেচ কৰি দিলে আপুনি কেজৰী ককাইদেউৰ দৰে জেললৈ যাব লগা হব পাৰে।
 
৩. দুৰ্নীতি নকৰা নেতা মন্ত্ৰীয়ে জিকি আহিব নোৱাৰে বুলি টিভিত আপুনিও মন্তব্য কৰক আৰু আপুনি জিকি অহাৰ পাছতো "আপোনাক দুৰ্নীতিগ্ৰস্ত" বুলি কোৱাজনৰ ওপৰত মানহানি গোচৰ তৰি জেললৈ পঠাওক। সেইটো কৰিব পাৰিলে আপুনিও নিজৰ নাম সলাই নীতিন খাদকাৰি কৰি লব পাৰিব।

৪. বয়স ভটিয়ালেও মন চেঙা, বিসম্বাদী দেখিলেও নকৰো মন টেঙা, এই যোগাত্মক মনোভাৱ লৈ ৰাজনীতি কৰিবলৈ চেষ্টা কৰক। তেতিয়া দেখিব আপুনি কৰুণ গগৈ নহৈ তৰুণ হবলৈ আৰম্ভ কৰিছে।

৫. পাকিস্তানৰ পি এম আহেনে নাহে ঠিক নৌ-হওতেই আপুনিও তেওঁক বিৰিয়ানি খুৱাবৰ বাবে ৰেছিপি আৰু পৰামৰ্শ টুইটাৰ যোগে আমাৰ নৰেন কাইলৈ ভাল মুডত থাকোতেই প্ৰেৰণ কৰক। বিৰোধী দলৰ হলেও এনে সু-পৰামৰ্শ আগবঢ়াব পৰাৰ অভ্যাস কৰিব পাৰিলে আপুনি শশীকান্ত ঠাৰুুৰ দৰে লাভাৰ-বয় কাম ৰাজনেতা হব পৰাটো প্ৰায় খাটাঙেই।

৬. ৰাজকুমাৰ ৰাহু গান্ধীক অতিশয় বু্দ্ধিমান আৰু পৃথিৱী নামৰ গ্ৰহটোত জন্ম লোৱা এটি উতকৃষ্ট প্ৰাণী বুলি কবলৈ প্ৰশংসা কৰিবলৈ অভ্যাস কৰক। দেখিব আপুনি প্ৰশংসা কৰিব পৰা গুণৰ চৰ্চাৰ বলতে  সঞ্জয় ঝাড়ুৱালাৰ দৰে এদিন মেডামৰ বৰঘৰৰ আমখোৱা খাচ-আদমী হব পাৰিছে।

৭. ঘৰত বোম দিলেও প্ৰতিবেশীৰ সৈতে পীৰিতি নেৰো বুলি শপত খাবলৈ আৰু বিজ্ঞপ্তি জাৰি কৰিবলৈ অভ্যাস কৰক, তেতিয়া ভাৰতৰ নহলেও অন্ততঃ প্ৰতিবেশী কাবুল নৰেশ কাৰইজাইৰ দৰে কেৰিয়াৰ আপুনি গঢ়িব পাৰিবই।

৮. আপ পাৰ্টিৰ নেতা তিহাৰলৈ গৈ তিহাৰ আম আদমী পাৰ্টি বা তাপ খুলি দিব বুলি ভয় হৈছে যদি টুইটাৰত টুইট কৰি দিয়ক। তেতিয়া আপোনাৰ গাত সুচেলবেল শেঠ হোৱাৰ লক্ষণ লাহে লাহে বিদ্যমান হৈছে সেয়া খাটাঙ হৈ পৰিব।

৯. প্ৰেমৰ গীত গাই হিট হোৱাৰ পাছত জোৰ-জবৰদস্তি প্ৰেম কৰি প্ৰেমিকাৰ গোচৰত জেললৈ যাবলৈ চেষ্টা কৰক। প্ৰেমিকাৰ কথাৰ লৰফৰ হ'লে আপুনি জামিন পোৱাটো খাটাং আৰু আপুনি আচিকি-২ খ্যাত গায়ক অংকিত তিবাৰীৰ দৰে বিখ্যাত হবই সেয়া খাটাং।

১০.
নিৰ্বাচনত গোটেই দল সাংগোপাংগে হাৰি অহাৰ পাছত ফলাফল বেয়া হোৱাৰ কাৰণ "সাংবাদিক" সকলেই বুলি মন্তব্য দিবলৈ নাপাহৰিব। তেনে কৰিব পাৰিলে আপুনি হাতীধৰা মহন্ত হব পাৰিব।

No comments:

Post a Comment