আজিৰ অনুভৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

আজিৰ অনুভৱ

আজিৰ অনুভৱ

Share This
অভিধানৰ শব্দ, বিসম্বাদ ইত্যাদি
হেমচন্দ্ৰ দত্ত

বয়স হোৱাৰ লগে কিছুমান মানুহৰ মনৰ দিগন্ত লাহে লাহে সংকুচিত হৈ আহে । তেওঁলোকে তেওঁলোকৰ সময়ৰ আওপুৰণি ধ্যান ধাৰণা কেতবোৰকে খামুচি ধৰি থাকে । সময় যে গতিশীল আৰু এই গতিশীলতাৰ সৈতে খাপ খোৱাব নোৱাৰিলে যে বৌদ্ধিক বিকাশ বাধাগ্ৰস্ত হয়, সেই কথা তেওঁলোকে উপলব্ধি নকৰে বা তেওঁলোকৰ পিছৰ প্ৰজন্মৰ কোনোবাই সেই কথা সোৱৰাই দিলেও তেওঁলোকে বেয়া পায় ।

এটা ব্যক্তিগত উদাহৰণ দিওঁ । প্ৰায় তিনি বছৰ ধৰি মই এখন অসমীয়া অভিধানত কাম কৰিছিলোঁ । মোৰ কামটো আছিল সংগ্ৰহ কৰা শব্দবোৰৰ ইংৰাজী কৰা । পিছে কামত যোগদান কৰাৰ কেইদিনমানৰ পিছতে মই আৱিষ্কাৰ কৰিলোঁ যে শব্দ সংগ্ৰহৰ বেলিকা সম্পাদক মহোদয়ে একো নিয়মাৱলী মানি চলা নাই । অভিধানতত্ত্বৰ একো নিয়ম নমনাকৈ একোটা শব্দক  ঠাই দিয়াটো এটা বিপদজনক কাৰবাৰ । এই কথাখিনিকে এদিন মই বয়সীয়া সম্পাদক মহোদয়ক বুজাবলৈ যত্ন কৰিলোঁ । পিছে হিতে বিপৰীত হ'ল। এক প্ৰকাৰ ধমক দি তেওঁ মোক কৰিবলৈ দিয়া কামত মনোনিৱেশ কৰিবলৈ নিৰ্দেশ দিলে । ময়ো জীৱিকাৰ খাতিৰত অভিধানতত্ত্ব কি, খাই নে পিন্ধে বুজি নোপোৱা সম্পাদকৰ তলতে কাম কৰি থাকিলোঁ প্ৰায় তিনি বছৰ ।

পিছে মজাৰ কথাটো হ'ল অভিধানখনৰ আমি কৰা সংস্কৰণটো বজাৰলৈ অহাৰ লগে লগে শব্দ অন্তৰ্ভুক্তিক কেন্দ্ৰ কৰি বিতৰ্কৰ বতাহ বলিল । অভিধানখনৰ এনে কেতবোৰ শব্দ সন্নিবিষ্ট কৰা আছে, যিবোৰৰ কথা মনলৈ আহিলে মোৰ এতিয়াও হাঁহি উঠে ।
হিমুদাহতঁৰ বিসম্বাদক কটাক্ষ কৰি ফেচবুকত মতামত দিছোঁ যদিও মোৰ মনলৈ এটা ভাৱ এই কেইদিন আহি আছে । সেইটো হ'ল - অভিধানতত্ত্ব কি বুজি নোপোৱা বয়সীয়া সম্পাদকৰ তলত কাম কৰি মই যিদৰে বিৰক্ত হৈছিলোঁ , ঠিক তেনেকৈ গতিশীলতা নথকা এজন মুখ্যমন্ত্ৰীৰ তলত কাম কৰি হিমুদাহঁত বিৰক্ত নোহোৱাকৈ আছেনে ?

No comments:

Post a Comment