বিদেশৰ চিঠি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিদেশৰ চিঠি

বিদেশৰ চিঠি

Share This
আমেৰিকাৰ উত্তৰ কেলিফৰ্ণিয়াৰ চান ফ্ৰান্সিস্ক' উপসাগৰীয় অঞ্চলত ৰঙালী বিহু উদযাপনৰ আনন্দ
- নীলাঞ্জনা মহন্ত

মালতী ফুলিল সেউতী উঠিল কেতেকী গা-মূৰি দিলে, সুৰীয়া কুলিয়ে গল কঁপাই গাই বননিৰ বাতৰি দিলে৷ - "বসন্ত" নামৰ মিঠা কবিতাটিৰ পৰা উদ্ধৃত এয়া৷ বসন্তৰ আগমনৰ চিৰপৰিচিত চিন এইবোৰেই জানো নহয় কুলি কেতেকীৰ মাত, মালতী-সেউতীৰ ফুলৰ সুবাস, কপৌফুলৰ মৰমী পৰশবোৰ?

উত্তৰ কেলিফৰ্ণিয়াৰ চান ফ্ৰান্সিস্ক' উপসাগৰীয় অঞ্চল৷ অসমৰ পৰা কেবাহেজাৰ মাইল দূৰৈত কৰ্মসূত্ৰে বা অধ্যয়ন নহ'লে পৰিয়ালৰ টানৰ খাতিৰতেই হওক কেইবাশ অসমীয়াৰ বসতি ইয়াত বহুবছৰৰ পৰাই৷ অন্য প্ৰবাসী অসমীয়া সমাজৰ দৰেই এওঁলোকেও পাহৰিব পৰা নাই কুলি-কেতেকীৰ মাত৷ কপৌফুলৰ সুবাস সপোন হৈ পৰিলেও হেৰুৱাই পেলোৱা নাই তাৰ মাদকতা৷ মালতীৰ পয়োভৰে পাশ্চাত্যৰ এই বিশাল পাহাৰীয়া ভূমিৰ বুকু জুৰাই পেলাব নোৱাৰিলেও ব্যস্ততাৰ মাজতো পপী আৰু চেৰীফুলে আদৰি অনা বসন্তই কোনোবছৰেই উপেক্ষিত হোৱা নাই স্থানীয় অসমীয়া সমাজৰ মানসত৷ সেই বসন্তৰ ৰঙে কঢ়িয়াই আনে বাপতিসাহোন বিহুটিৰ বতৰা৷ প্ৰতিবছৰে আয়োজন কৰি অহাৰ দৰেই এইবাৰো অসমীয়া ৰাইজে উলহ-মালহেৰেই পালন কৰিলে অতিকৈ মৰমৰ ৰঙালী বিহুটি এপ্ৰিলৰ ছাব্বিশ তাৰিখ, শনিবাৰে স্থানীয় গ'ল্ডেন পীকক ৰেষ্টোৰাঁৰ বিশাল পেক্ষাগৃহত৷ আটকধুনীয়া পেক্ষাগৃহটি সেইদিনাৰ বাবে এক সুলভ মূল্যত লাভ কৰাত বিহু সমিতিক সহায় কৰিলে বুবুল বৰুৱা আৰু মৃদুস্মিতা বৰুৱাই৷ অসমত বিহু উৎসব সাধাৰণতে উদযাপন হয় পহিলা ব'হাগ আৰু তাৰ পৰা সাত দিনৰ ভিতৰত৷ কিন্তু সমূহ প্ৰবাসী অসমীয়া ৰাইজৰ নেৰানেপেৰা কৰ্মব্যস্ততাৰ মাজতো বেছিভাগৰে সুবিধা হোৱাকৈ আৰু প্ৰেক্ষাগৃহৰ উপলব্ধতাৰ প্ৰতি লক্ষ্য ৰাখি এই দিনটোৱে সৰ্বসন্মতিক্ৰমে নিৰ্ধাৰিত হ’ল৷ বিহু সমিতিৰ বাকী কামকাজবিলাক তদাৰক কৰাত শিবাশীষ পুজাৰীক সহযোগ কৰে মনোজ দেৱশৰ্মা, মৃণাল বৰুৱা আৰু অন্য কৰ্মকৰ্তাসকলে৷ বুবুল বৰুৱাই সমগ্ৰ আৱহসংগীত আৰু স্বৰমালা সযতনে সজাই পৰাই অনুষ্ঠানটি নিয়াৰিকৈ পৰিচালনা হোৱাত সহযোগ কৰে৷ হেদায়েৎ আলি, দিগন্ত কলিতা আৰু মেহদী আনোৱাৰে কণমানিহঁতৰ বাবে খাদ্যযোগানৰ দায়িত্ব লয়৷

প্ৰায় দুমাহ ধৰি আখৰা চলিল বিভিন্ন বিহু তথা অসমীয়া লোক-সংস্কৃতিৰ গীত-মাত-নৃত্যৰ৷ পীককৰ বিহুতলিত সেইদিনা উখলমাখল লাগিল প্ৰায় তিনিশ বিহুবলীয়া ৰাইজৰ উপস্থিতিৰে৷ সমগ্ৰ উত্তৰ কেলিফৰ্ণিয়া ৰাইজৰ অনেকৰ বাবে এই বিহুৰ ওলগ জনোৱা দিনটোতেই বহুদিনৰ মূৰত ইজনে সিজনক লগ পায় আৰু খা-খবৰ লয়৷ কণকণ মইনাহঁতৰ বাবেও বিহুতলীখনি হৈ পৰে পৰম্পৰাগত সাজ-পোছাক আৰু গীত-মাত তথা ভাষাটিৰ লগত পুনঃ পৰিচিতি হোৱাৰ এটি মহান উপলক্ষ৷

বিহুতলীৰ আবেলিৰ মুখ্য আকৰ্ষণ আছিল সম্পূৰ্ণ পৰম্পৰাগত পদ্ধতিৰে লুনা বৰাই তৈয়াৰ কৰি অনা তিলপিঠা, ঘিলাপিঠা আৰু অন্যান্য সুস্বাদু অসমীয়া জলপানৰে সজাই থোৱা দীঘল মেজখনি৷ পিঠা আৰু চাহৰ জুতি লৈ ইজনে সিজনক বিহুৰ ওলগ জনাই থাকোতেই সাংস্কৃতিক অনুষ্ঠান সমূহৰ সময় আহি পৰিল৷ অনুষ্ঠানৰ আঁত ধৰে লিছা হাজৰিকা আৰু মায়াশ্ৰী বৰুৱাই৷ আৰম্ভণিতেই ৰশ্মি ভূঞা আৰু জ্যোতি বৰা আলীৰ দ্বাৰা পৰিচালিত এখনি শিশু নাটিকা "কাজিৰঙা"ই সকলোৰে মন মুহি নিলে৷ তিনিৰ পৰা দহবছৰ বয়সৰ কেইটিমান শিশুয়ে (নেহা, অনিশা, শ্ৰুতি, আৰব, এলেক্স, আচিম, আৰিফ, আকাশ, আয়ুস, কবিতা, চানিয়া) চোৰাংচিকাৰীয়ে কাজিৰঙাৰ গঁড় হত্যা কৰাৰ প্ৰতিবাদত পৰিবেশন কৰা চুটি নাটিকাখনিয়ে এটি গুৰুত্বপূৰ্ণ বাতৰিযেন কঢ়িয়াই আনিলে৷ তাৰ পিছতে শ্ৰেয়া ভট্টাচাৰ্যই পৰিবেশন কৰা গাম্ভীৰ্যপূৰ্ণ কথক নৃত্যই দৰ্শকসকলক অলপ সময়লৈ মন্ত্ৰমুগ্ধ কৰি ৰাখে৷ ইয়াৰ মাজতে সুকণ্ঠী এমিলিন দাসৰ গোৱালপৰীয়া লোকগীতটিয়ে ৰাইজৰ প্ৰচুৰ প্ৰশংসা বুটলিলে৷ তাৰ পিছতেই মঞ্চত চিতপখিলীৰ দৰে কণমানি বিহুকুৱঁৰী অনন্যা প্ৰধান আৰু ঈশা বৰাই পৰিবেশন কৰা বিহু আৰু জাপিনাচৰ চেও আছিল তুলনাবিহীন৷
তিনিগৰাকী কিশোৰী আন্না, অঞ্চিতা, মুগ্ধাৰ ‘বুকু হম হম কৰে’ৰ সুৰত পৰিবেশন কৰা ভায়লিন বাদনৰ পিছতে বিহুনাচ পৰিবেশন কৰে লিছা, উপাসনা, কণমানি টিউলিপ আৰু আৰ্যভে৷ মুনমুন মেধিৰ পৰিচালনাত দহটি তিনিৰ পৰা পাঁচ বছৰীয়া শিশু ক্ৰমে অদিতি, অনুষ্কা, এনাক্ষী, মাহিকা, মিহিৰ, শ্ৰুতি, তনয়, জিয়া, নিষ্ঠা, প্ৰিষাই ‘পকা ধানৰ মাজে মাজে’ৰ সুৰত হালি জালি নাচি বিহুবলীয়া ৰাইজক যথেষ্ট আমোদ দিয়ে৷

সাময়িক বিৰতিৰ পিছত এসময়ৰ পুষ্পাঞ্জলি একাডেমীৰ নৃত্যগুৰু মুনমুন মেধিৰ পৰিচালনাত সত্ৰীয়া নৃত্যৰ “মাটি- আখৰা” পৰিবেশন কৰে এমিলিন দাস, লিছা বৰুৱা, মিৰায়া চৌধুৰী, অনুস্কা বৰা, কবিতা নাথ, তানিশা ডেকা, আৰু সৃজনী শইকীয়াই৷

নৈশভোজৰ বাবে ৰেষ্টোৰাঁই আগবঢ়ালে মৃদুস্মিতা বৰুৱাৰ অসমীয়া ৰন্ধন প্ৰণালী প্ৰয়োগ কৰি ৰন্ধা মাছৰ তৰকাৰীৰে সৈতে সম্পূৰ্ণ অসমীয়া ঠাঁচৰ সুস্বাদু আহাৰ৷ বিৰতিৰ লগে লগে মৈত্ৰেয়ী দাস আৰু বুলি বৰগোহাঁইৰ পৰিচালনাত শ্ৰেয়া পূজাৰী, লিছা, মিৰায়া, অনুস্কা, কবিতা, তানিশা, আৰু সৃজনীয়ে পাপন মহন্তৰ ‘বিহুৱা চৰায়ে কৰে বিহু’ বিহুনামৰ সুৰত আকৌ এবাৰ যেন হালি জালি নাচি দৰ্শকক বিহুৰ ওলগহে জনালে৷

মনমী ডেকাৰ ভায়লিন বাদন আৰু ভাষ্কৰ ডেকাৰ গীটাৰৰ মূৰ্চ্ছনাত মোহাচ্ছন্ন হৈ পৰা ৰাইজে এইবাৰ দীপৰেখা হাজৰিকাৰ নেতৃত্বত সুধাকণ্ঠৰ দ্বাৰা ৰচিত “তপ্ত তীখাৰে” গীতটিৰ সমবেত সঙ্গীত (চফিয়া, দেৱশ্ৰী, স্মিতা, ৰশ্মি, জ্যোতি, চায়িকা, আচিফ, উজ্জল, বুবুল, সুদীপ, কংকণ, শৰৎ, বৰকত, দিগন্ত) শুনিবলৈ সাজু হ’ল৷ এই সুযোগতে বিশ্বশিল্পীজনাৰ ৰঙীন প্ৰতিচ্ছবিত জ্যেষ্ঠতম আৰু কনিষ্ঠতম প্ৰজন্মৰ দ্বাৰা ফুলেৰে শ্ৰদ্ধাঞ্জলি যচা হয়৷

শিশুসকলক অসমীয়া নৃত্য-গীত শিকোৱা স্বেচ্ছাসেৱী শিল্পীসকলক সম্বৰ্ধনা জনায় বিহু সমিতিৰ হৈ সাংস্কৃতিক বিভাগৰ কাৰ্যবাহিকা ৰঞ্জিতা বৰুৱা চৌধুৰীয়ে । বিশিষ্ট অসমীয়া চিকিৎসাবিজ্ঞানী বিকুল দাসে কেলিফৰ্ণিয়া শংকৰদেৱ সমাজৰ বিষয়ে ৰাইজক দুআষাৰ কয়৷

গীতৰ গধূলিত অংশগ্ৰহণ কৰে শিশুশিল্পী অয়ন নাথ (বৈঠা মাৰো), শ্ৰেয়া পূজাৰী (আজি জীৱন বুটলিবি), ৰাণী আহমেদ (শিলে শিলে ঠেকা খালে) নয়নমণি (তুমি আহিবা বুলি, এই নিজান ৰাতি), চন্দন –হিতেশ (আমি একেখন নাৱৰে যাত্ৰী), দীপৰেখা হাজৰিকা (জুৰ মলয়া, টোকাৰীগীত), লুইত কোঁৱৰ ৰুদ্ৰ বৰুৱাদেৱৰ সুযোগ্য পুত্ৰ সুগায়ক অভ্ৰনীল বৰুৱাই (কালজয়ী অসমীয়া গীতৰ মালা)৷ হাৰমনিয়ামত অভ্ৰনীল বৰুৱা, কীবৰ্ডত শিবাশীষ পূজাৰী, ড্ৰাম আৰু তবলাত সলনা সলনিকৈ সম্ৰাট চক্ৰবৰ্তী, চন্দন গোস্বামী আৰু বিজয় বৰা; লীড গীটাৰত আবিৰ ঠাকুৰ, বাচ গীটাৰত শোভা চক্ৰবৰ্তী, ৰীদম গীটাৰ আৰু মেণ্ডোলিনত অংশুমান বৰুৱা, ৰীদম গীটাৰত শিশুশিল্পী গৌৰৱে ৰাইজক বিহুৰ বতৰত অসমৰ পৰা হেজাৰমাইল দূৰৈত থকাৰ দুখ পাহৰাই ৰাখিলে৷ এই বছৰৰ সাংস্কৃতিক সন্ধিয়াৰ মুখ্য আকৰ্ষণ আছিল অসমৰ বিখ্যাত গায়িকা মন্দাকিনী বৰাৰ গীতৰ বন্যা৷

দুই ভগ্নী এনিশা আৰু অলিম্পিয়াৰ উচ্চমানবিশিষ্ট সত্ৰীয়া নৃত্যৰ পৰিবেশনে পুনৰ গধুলিটোক এটি আধ্যাত্মিক গাম্ভীৰ্য আনি দিলে৷ অসমীয়া লোকনৃত্যৰ শিতানত ডিমাহাছাও জিলাৰ পৰা বিশেষভাবে আমদানি কৰি অনা জাকজমকীয়া বড়ো পোছাক পিন্ধি বাগুৰুম্বা নৃত্যৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰে অন্তৰা, এলেনা, ৰশ্মি, জ্যোতি, স্মিতা, আৰু নীলাঞ্জনাই৷

অৱশেষত সকলোৰে অপেক্ষাৰ অন্ত পেলাই বিহু হুচৰিৰ দলে মঞ্চত প্ৰবেশ কৰে৷ মৈত্ৰেয়ী দাস, অলিম্পিয়া, বুলি, মৈত্ৰেয়ী শইকীয়া, হিতেশ, চন্দন, , শিবাশীষ, অলকেশ, শৰৎ, পল্লব, অমিতাভ, দীপ আদি বিহুৱাকেইজনে ঢোলে-ডগৰে, পেঁপাৰ টিঁহিটিৰে বিহুতলীখনিক পূৰ্ণতা প্ৰদান কৰে৷

সামৰণিত মুকলি বিহুত আগভাগ লয় সুশিল্পী মন্দাকিনী বৰা আৰু অভ্ৰনীল বৰুৱাই৷ সহযোগ কৰে শিবাশীষ পূজাৰী, শৰৎ নাথ, হিতেশ ডেকা, চন্দন গোস্বামীয়ে৷ সমূহ ৰাইজে মন খুলি বিহুগীত আৰু বিহুনাচত অংশগ্ৰহণ কৰা সময়খিনি মনত পৰিলে অনুভৱ হয় যেন আকৌ এবাৰ সেই গধূলিটো ঘূৰি আহিলহেঁতেন!

এইদৰেই নাচ-গানৰ মাজত আপোনপাহৰা হৈ থাকোতেই মাজৰাতি হ’লহি৷ ৰাইজেও টালিটোপোলা সামৰি ঘৰাঘৰি যাবলৈ সাজু হ’ল৷ ৰঙালীৰ ৰঙা ৰঙা সোঁৱৰণিবোৰ নিজৰ নিজৰ কেমেৰাত স্মৃতিৰূপে বন্দী কৰি সকলোৱে বিদায় লৈ যোৱাৰ পৰতে অলপতে আশীবছৰ গৰকা সকলোৰে মৰম আৰু শ্ৰদ্ধাৰ পাত্ৰ মহেশ বৈশ্যদেৱে বিহুতলীৰ সকলো আবেগক জীৱন্ত ৰূপ দি ধৰি ৰাখে তেখেতৰ ৰঙৰ তুলিকাৰে৷ বিহু আকৌ আহিব, আকৌ একতাৰ গান গোৱাৰ প্ৰতিশ্ৰুতিৰে এইবাৰলৈ চান-ফ্ৰান্সিস্ক উপসাগৰীয় অঞ্চলৰ বিহু উদযাপনৰ শেষত সফল সামৰণি পৰিল৷


ইণ্টাৰনেটত উপলব্ধ কিছুমান বিহুবিশেষ লিংক:

কাজিৰঙা (ৰশ্মি ভূঞা): https://www.youtube.com/watch?v=AVUBWRGhPzM&feature=em-share_video_user
অঞ্চিতা, মুগ্ধা, আনা (ভায়লিন বাদন): https://www.youtube.com/watch?v=zom7VsPnR4A&feature=share
পকা ধানৰ মাজে মাজে (মুনমুন মেধিৰ পৰিচালনা): https://www.youtube.com/watch?v=YsMQojcBf8Y
মাটি আখৰা – সত্ৰীয়া নৃত্য (মুনমুন মেধিৰ পৰিচালনা): https://www.youtube.com/watch?v=kytKJJ99vGQ
অকণিৰ বিহুনৃত্য (মৈত্ৰেয়ী দাসৰ পৰিচালনা): https://www.youtube.com/watch?v=y5g--3Y0jP8
শ্ৰেয়া পূজাৰী (আজি জীৱন বুটলিবি): https://www.youtube.com/watch?v=kXSyDlzzOck
অয়ন নাথ (বৈঠা মাৰো): https://www.youtube.com/watch?v=ve5oy1ENw50&feature=youtu.be
নয়নমণি আৰু ৰাণী (তুমি আহিবা বুলি): https://www.youtube.com/watch?v=cV9vY2qlVxs&list=UUiAe2nW8OYvQJkmtue7ECGA
নয়নমণি (এই নিজান ৰাতি): https://www.youtube.com/watch?v=MPXHM0HfPHY,
দীপৰেখা আৰু শিবাশীষ (জুৰ মলয়া): https://www.youtube.com/watch?v=XfVpbMBpSi0&list=UUiAe2nW8OYvQJkmtue7ECGA
দীপৰেখা (টোকাৰীগীত): https://www.youtube.com/watch?v=KW8jeteuzkA&list=UUiAe2nW8OYvQJkmtue7ECGA
চন্দন আৰু হিতেশ (একেখন নাৱঁৰে): https://www.youtube.com/watch?v=WM0qNgYylXA
বাগুৰুম্বা (জ্যোতি বৰা আলী): https://www.youtube.com/watch?v=nm-sGbaPGY8
হুচৰি: https://www.youtube.com/watch?v=M_bcMFd84CQ
মন্দাকিনী আৰু শিবাশীষ (চামেলী): https://www.youtube.com/watch?v=SjuGKdYxY_U&feature=share&list=UUiAe2nW8OYvQJkmtue7ECGA&index=4
মন্দাকিনী (শিকলি): https://www.youtube.com/watch?v=3UJPUbjKIS4&list=UUiAe2nW8OYvQJkmtue7ECGA&feature=share&index=3
মন্দাকিনী (বিহু – জোনবাই এ): https://www.youtube.com/watch?v=XI_9DpztQIQ&list=UUiAe2nW8OYvQJkmtue7ECGA

No comments:

Post a Comment