পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. গোলাঘাটত চলি থকা ২০তম ৰাষ্ট্ৰীয় মহিলা ছিনিয়ৰ মহিলা ফুটবলত কালি অসমে উত্তৰাখণ্ডক ১১-০ গ'লৰ ব্যৱধানত এক বৃহ বিজয় সাব্যস্ত কৰিছে। অসমৰ হৈ ৰঞ্জুমণি ব্ৰহ্মই হেট্ৰিকসহ ৪টা গ'লৰ অৰিহণা আগবঢ়ায়। কাইলৈ অসম পণ্ডিচেৰীৰ সন্মুখীন হব।

২. কালি ৰাষ্ট্ৰপতি ভৱনত অসম আৰক্ষীৰ পৰিদৰ্শক লোহিত সোনোৱালক মৰণোত্তৰভাৱে কীৰ্তি চক্ৰ প্ৰদান কৰা হয়। ৰাষ্ট্ৰপতিৰ পৰা এই সাহসিকতাৰ বঁটাটি সোনোৱালৰ পত্নীয়ে গ্ৰহণ কৰে। যোৱা বছৰ ১৯ এপ্ৰিলত তিনিচুকীয়া জিলাত দুজনকৈ সন্ত্ৰাসবাদীক সোনোৱালে সাহসেৰে যুঁজ দি পৰাভূত কৰিছিল। ৰাষ্ট্ৰপতিয়ে চিআৰপিএফৰ কনিষ্টবল ভৃগু নন্দন চৌধুৰীকো মৰণোত্তৰভাৱে আৰু সেনা বাহিনীৰ নইব চুবেদাৰ ভূপাল সিং মগৰক কীৰ্তি চক্ৰ আৰু আন ১০গৰাকীক শৌৰ্য চক্ৰ অনুষ্ঠানটোত প্ৰদান কৰে।

৩. পাটাছাৰকুছিত প্ৰতিবছৰে বৃক্ষৰোপনেৰে কন্যাৰ জন্মদিন পালন কৰি আদৰ্শ দেখুৱালে এগৰাকী পিতৃয়ে।  বনবিভাগৰ এগৰাকী জ্যেষ্ঠ সহায়ক থানেশ্বৰ তালুকদাৰে এইবৰ্ষও কন্যা চয়নিকাৰ জন্মদিনত পঞ্চাশজোপাতকৈ অধিক বৃক্ষৰোপন কৰে। পাটাছাৰকুছি প্ৰেছ ক্লাৱ প্ৰাংগনত এইবাৰ বৃক্ষৰোপন কৰা কাৰ্যসূচীৰে এতিয়ালৈ বিগত ১৬বছৰত এহেজাৰতৈ অধিক বৃক্ষ জন্মদিন উপলক্ষেই ৰোপন কৰা হৈছে বুলিও জানিব পৰা গৈছে।

৪. বৰপেটা জিলাত ফুটবল চৰ্চাক উজ্বলাই তোলাৰ মানসেৰে নতুনকৈ গঠন হোৱা বৰপেটা জিলা ফুটবল উন্নয়ন সমিতিয়ে জিলাখনত ৮টা মণ্ডলত অনুৰ্ধ ১৪বছৰৰ খেলুৱৈ সকলক যোৱা মাৰ্চ মাহৰ পৰাই প্ৰশিক্ষণ দি আছে। আৰু সেই প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈ সকলৰ মাজত অহা ৪মে'ৰ পৰা আয়োজন কৰিছে ক্ৰীড়া সংগঠন উমেশ বৰুৱাৰ স্মৃতিত আন্তঃ প্ৰশিক্ষণ কেন্দ্ৰ ফুটবল প্ৰতিযোগিতাৰ।

৫. গ্লাচগোত হব লগা কমনৱেলথ গেমচলৈ ভাৰতীয় সাঁতোৰ দলক সাজু কৰাৰ বাবে "ছাই"য়ে দিল্লীত আয়োজন কৰা ৰাষ্ট্ৰীয় সাঁতোৰ প্ৰশিক্ষণ শিবিৰলৈ নিৰ্বাচিত হৈছে অসমৰ সাঁতোৰ প্ৰশিক্ষক ৰাজীৱ দে। কমনৱেলথ গেমচৰ বাবে ৰাষ্ট্ৰীয় দলক সাঁতোৰ প্ৰশিক্ষণ দিয়া তেখেতেই প্ৰথমগৰাকী অসমীয়া ৰূপে পৰিগণিত হৈছে।

৬. গুৱাহাটী টাউন ক্লাৱৰ উদ্যোগত অসমৰ প্ৰখ্যাত ক্ৰিকেটাৰ প্ৰয়াত মহৰ্ষি বৰাৰ সোঁৱৰণত আজিৰে পৰা লীগ তথা নক্ আউট পদ্ধতিত এখনি ক্ৰিকেট প্ৰতিযোগিতাৰ আয়োজন কৰিছে। পঞ্চাশ হাজাৰ টকাৰ পুৰস্কাৰ সম্বলিত প্ৰতিযোগিতাখনিত মুঠ ৮টা দলে অংশগ্ৰহণ কৰিব। ফাইনেল খেলখন অহা ১৭মে'ত দিবা-নৈশ ৰূপত অনুষ্ঠিত হব।

৭. কাকজান কলেজ ইংৰাজী বিভাগৰ অধ্যাপিক অৰ্চনা ভট্টাচাৰ্যই জাপানৰ ওচাকা চহৰত অনুষ্ঠিত আন্তঃজাৰ্তিক সাহিত্য সন্মিলনৰ আমন্ত্ৰণক্ৰমে "অসম তথা ভাৰতৰ বিভিন্ন ঠাইত প্ৰচলিত বিধৱা প্ৰথা" বিষয়ৰ গৱেষণা পত্ৰ পাঠ কৰি প্ৰশংসা লাভ কৰে। যোৱা ৩-৬ এপ্ৰিলত অনুষ্ঠিত এই সন্মিলনত ৪০খন দেশৰ ৩৪০গৰাকী গৱেষকে অংশগ্ৰহণ কৰিছিল।  পাশ্চাত্যত বিধৱা প্ৰথা নোহোৱাৰ বাবে তেখেতৰ গৱেষণাপত্ৰই যথেষ্ট আগ্ৰহৰ সৃষ্টি কৰিবলৈকো সক্ষম হয়।

৮. দুধনৈ কলেজৰ খেলপথৰত চলি আছে তিনিদিনীয়াকৈ আয়োজিত ৰংজালি বৈশাগু উৎসৱ। বড়ো কৃষ্টি দল সমূহৰ পাঁচ শতাধিক মহিলাই নৃত্য পৰিবেশন কৰে। কামৰূপ আৰু গোৱালপাৰা জিলাৰ ৭৫টা বড়ো কৃষ্টি দলে সাংস্কৃতিক প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। এই উতসৱস্থীলেত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্ম মৃত্যুবাৰ্ষিকীও গোৱালৰাপাৰা জিলা বড়ো ছাত্ৰ সন্থাই পালন কৰে।  আজি মুকলি সভা, সাংস্কৃতিক সন্ধিয়া তথা বঁটা বিতৰণী সভা অনুষ্ঠিত হোৱাৰ কথা।

৯. মুক্তিৰ বাবে সাজু হৈ উঠা অসমীয়া কথাছবি "ঢৌ" (দ্য ৱেভ)ৰ শ্ৰব্য কেছেট কালি আনুষ্ঠানিকভাৱে গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয়। মুনিন বৰুৱা, ভূপেন উজীৰ শান্তা উজীৰ, মানস ৰবীন আদি শিল্পী সকলে এই অনুষ্ঠানত অংশ গ্ৰহণ কৰে। ছবিখনৰ সাতোটা গীতত জুবিন, অংগৰাগেও কণ্ঠ নিগৰাইছে বুলি জানিব পৰা গৈছে।

১০. নামনি অসমত গা-কৰি উঠা হিংসাত্মক পৰিবেশক কঠোৰ হাতেৰে দমন কৰা নিৰ্দেশ জাৰি কৰিছে ৰাজ্য চৰকাৰে। বিদেশ ভ্ৰমণ বাতিল কৰি অসমৰ মুখ্যমন্ত্ৰীয়ে জৰুৰী কেবিনেট বৈঠক অনুষ্ঠিত কৰাৰ লগতে দেশৰ প্ৰধানমন্ত্ৰীয়েও তেখেতৰ সৈতে সঘনে টেলিফোনিক বাৰ্তালাপ কৰি পৰিস্থিতি মোকাবিলা কৰিবলৈ যি কোনো সহায় আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা ব্যক্ত কৰিছে। 

১১. বিশিষ্ট লেখক ৰজত চন্দ্ৰ ভৰালীৰ সংকলিত আৰু সম্পাদিত "পূণ্যভূমি ৰামদিয়া" নামৰ গ্ৰন্থখনি কালি গুৱাহাটী প্ৰেছ ক্লাৱত উন্মোচিত হয়। 

১২. "পদপথত আবেলিৰ কবিতা" নামৰ কাব্যানুষ্ঠানটোৰ কবি সন্মিলনখন চানমাৰিৰ পদপথ পৰহি অনুষ্ঠিত হৈ যায়। সভাপতি কিশোৰী মোহন পাঠকে পৌৰাহিত্য কৰা সন্মিলনখনিত বহু-কেইগৰাকী ন-পুৰণি কবিয়ে কবিতা পাঠ কৰে।

১৩. ইতিমধ্যে নিৰ্বাচনৰ ভোট গ্ৰহণ সম্পন্ন হোৱা অঞ্চল সমূহত প্ৰশাসনিক আৰু উন্নয়নমূলক কাম কাজ আৰম্ভ কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্বাচন আয়োগে অনুমতি প্ৰদান কৰিছে। পুনৰ ভোট গ্ৰহণ হব লগা অঞ্চলত এই অনুমতি কাৰ্যকৰী নহব। নিৰ্বাচনী প্ৰক্ৰিয়া সম্পূৰ্ণ নোহোৱালৈকে নিৰ্বাচনী কাম-কাজৰ সৈতে জড়িত বিষয়াৰ বদলি কৰিব নোৱাৰিব বুলিও আয়োগে স্পষ্ট কৰি দিছে।

১৪. জৱাহৰ লাল নেহৰু, ইন্দিৰা গান্ধী, ৰাজীৱ গান্ধীৰ দৰেই এইবাৰ পাঠ্যপুথিত অন্তভুৰ্ক্ত হব অটল বিহাৰী বাজপেয়ী আৰু নৰেন্দ্ৰ মোদীৰ জীৱন সংগ্ৰাম তথা পাৰদৰ্শিতাৰ কাহিনী। ৰাজস্থানৰ শিক্ষামন্ত্ৰীয়ে বিদ্যালয় আৰু উচ্চ মাধ্যমিক শাখাত এনে ৰাজনৈতিক কৰ্মীৰ জীৱনী অন্তভুৰ্ক্ত কৰাৰ পক্ষে যুক্তি প্ৰকাশ কৰিছে।

১৫. এগৰাকী মহিলা স্থপতিবিদক অবৈধভাৱে অনুসৰণ কৰা বিষয়ত তদন্ত কৰিবৰ বাবে এক আয়োগ গঠন কৰি অহা ১৬মে'ৰ আগতেই এগৰাকী বিচাৰপতিক নিযুক্তি দিয়া হব বুলি কালি কেন্দ্ৰীয় মন্ত্ৰী কপিল ছিবালে ঘোষণা কৰে। এটা অনুসন্ধানকাৰী ৱেবচাইটে উন্মোচন কৰা এই বিষয়টোক লৈ নৰেন্দ্ৰ মোদীক অপবাদ দিবলৈ চেষ্টা চলি আছিল আৰু এই বিষয়ত এতিয়া তদন্ত কৰিবলৈ আয়োগ গঠন কৰা হব বুলি চৰকাৰে ঘোষণা কৰিছে।

No comments:

Post a Comment