ইতিবাচক পদক্ষেপ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ইতিবাচক পদক্ষেপ

ইতিবাচক পদক্ষেপ

Share This
ড'নাৰ মন্ত্ৰীয়ে ৰাইজৰ দিহা পৰামৰ্শ লবলৈ খুলিব
নতুন বেৱচাইট

নতুনকৈ ড'নাৰ মন্ত্ৰী ৰূপে দ্বায়িত্ব গ্ৰহণ কৰি প্ৰাক্তন সেনাধ্যক্ষ জেনেৰেল ভি.কে সিঙ উত্তৰ-পূৱৰ ৰাইজৰ সৈতে মত বিনিময়ৰ বাবে নতুন বেৱচাইট খোলাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিব বুলি ঘোষণা কৰিছে। অহা সপ্তাহৰ ভিতৰতে মুকলি হব লগা এই ৱেবচাইট যোগে উত্তৰ-পূৱৰ সচেতন নাগৰিক সকলে তেখেতৰ সৈতে মত-বিনিময় কৰিব পাৰিব ।

বিশেষকৈ যুৱ চামৰ পৰা উত্তৰ-পূৱৰ বিকাশৰ বাবে দিহা পৰামৰ্শ গ্ৰহণ কৰিব বুলিও তেখেতে আগ্ৰহ প্ৰকাশ কৰিছে।  "ইকনমিক টাইমছ" কাকতৰ ৰাজনৈতিক ব্যুৰোৰ সাংবাদিকক এইকথা প্ৰকাশ কৰি মন্ত্ৰীজনে এই ব্যৱস্থাই উত্তৰ-পূৱৰ ৰাজ্য কেইখনৰ নাগৰিক সকলৰ সৈতে অনলাইন সহযোগিতাৰ দ্বাৰ মুকলি হব বুলি মন্তব্য কৰে।

এই ৱেবচাইট যোগে ব্যক্তিসকলে নিজৰ পৰামৰ্শ, দিহা তথা অভিযোগ দাখিল কৰিব পাৰিব। ৰাজ্য কেইখনৰ পৰা ৬০-৭০গৰাকী নিৰ্বাচিত লোকৰ সৈতে অচিৰেই তেখেতে এক মতবিনিময় কাৰ্যসূচীতো গ্ৰহণ কৰিব বুলি প্ৰকাশ কৰিছে।

তেখেতে এইদৰেই দেশৰ সৈতে অঞ্চলটোৰ জনগণৰ সংযোগক উন্নত ৰূপত অনুভৱ কৰাব পৰা যাব বুলি আশা প্ৰকাশ কৰিছে। তেখেতে অঞ্চলটোৰ জনসাধাৰণক তেখেত সকলৰ সমস্যা সমাধানৰ প্ৰক্ৰিয়াটোত অংশীদাৰ কৰিবলৈ বিচাৰিছে। ৰাইজৰ পৰা সমস্যা সমূহ জানি-বুজি লৈহে সেইবোৰৰ সমাধান সূত্ৰৰ সন্ধান কৰিব বুলিও তেখেতে প্ৰকাশ কৰিছে।

৬৩বছৰীয়া মন্ত্ৰী গৰাকীয়ে আৰ্মীৰ বিষয়াৰূপে উত্তৰ-পূৱৰ বিভিন্ন অঞ্চলত কাম কৰাৰ বাবে অঞ্চলটোৰ সৈতে আৰু সমস্যাবোৰৰ সৈতে পৰিচিত বুলি মন্তব্য কৰি দেশৰ আন আন ৰাজ্য তথা চহৰ সমূহৰ সৈতে সমান ফেৰ মাৰিব পৰাকৈ উন্নীত কৰাৰ বাবে বিকাশমূলক কৰ্মসূচী গ্ৰহণ কৰিব বুলিও প্ৰকাশ কৰিছে। এতিয়ালৈ আধাৰুৱা হৈ থকা ৰাষ্ট্ৰীয় প্ৰকল্পসমূহ অতি সোনকালেই সম্পূৰ্ণ কৰাৰ বাবেও বিশেষ ব্যৱস্থা গ্ৰহণ কৰাটো প্ৰথম কাম হব বুলি ড'নাৰ মন্ত্ৰীজনে প্ৰকাশ কৰিছে।

No comments:

Post a Comment