হাস্য ব্যংগৰে সত্যৰ সন্ধান - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

হাস্য ব্যংগৰে সত্যৰ সন্ধান

হাস্য ব্যংগৰে সত্যৰ সন্ধান

Share This
লোকেল গুজৱ.কম
১. "ৰাণী বাইদেউৰ পেনড্ৰাইভ" নামৰ ৰহস্যধৰ্মী চিনেমাখনৰ শ্বুটিঙ কালি শেষ হোৱা বুলি জানিব পৰা গৈছে। অচিৰেই চিনেমাখনে অসমৰ ছবিঘৰৰ লগতে টিভিৰ পৰ্দাতো ভুমুকি মাৰিব বুলি ছবিপ্ৰেমী সকলে আশা প্ৰকাশ কৰিছে। পিছে আগতে পেনড্ৰাইভৰ ট্ৰেইলাৰ দেখুওৱাৰ পাছতো মূল ছবিখন ৰিজিলজ নকৰাত দৰ্শকৰ মাজত প্ৰৱল শংকাৰেই সৃষ্টি হৈছিল। যি কি নহওক, কালি পোৱা বাতৰিৰ পাছত এই চিনেমাখনৰ ৰিলিজ অপ্ৰতিৰোধ্য বুলিও গোপন সূত্ৰই প্ৰকাশ কৰিছে।

২. ৰসাল গগৈ ফেন ক্লাৱে আজিৰে পৰা অনিৰ্দিষ্টকালীন ধৰ্মঘট পালন কৰিছে । তেখেতসকলৰ দাবী এয়ে যে মৰমৰ ৰসাল গগৈ চাৰে নৈতিক দ্বায়িত্ব গ্ৰহণ কৰি পদত্যাগ কৰিব নালাগে। এগৰাকী ফেন ক্লাৱৰ সদস্যই আমাৰ সাংবাদিকক ব্যক্ত কৰিছে যে, বিগত শাসনকালত নৈতিকতা "ন"টোও প্ৰদৰ্শন নকৰা সকলেও এতিয়া গগৈ চাৰকহে নৈতিক দ্বায়িত্ব লোৱাৰ পাঠ পঢ়াবলৈ অহাটো চিন্তনীয় আৰু ই অসমৰ ভৱিষ্যতৰ বাবে একেবাৰেই শুভ লক্ষণ নহয়। আচলতে নৈতিকতা চৈতিকতা আদিবোৰ ভাষণ দিয়াৰ বস্তু, কিন্তু সেইবোৰত ৰাজনীতি কৰা মানুহে খেয়াল কৰিবলৈ ধৰিলে বেপাৰ ডুবিবহে বুলিও তেখেতে মন্তব্য কৰিছে। লগতে চ'ছিয়েল মেডিয়াটো গগৈ চাৰৰ পদত্যাগ ৰোধ কৰিবলৈ ফেনক্লাৱৰ ফেচবুকৰ পেজত লাইক কৰিবলৈ আহ্বান জনাইছে।

৩. অসম মুলুকত আটাইতকৈ সুখী মানুহ হিচাবে কালি "হিমুকন শৰ্মা"ক চিনাক্ত কৰা হৈছে। গগৈ চাৰৰ মুখত ফুল চন্দন পৰক বুলি গোটেই গধূলিটো আশীৰ্বাদ দিয়া শৰ্মাদাই "পদত্যাগ কৰিম" বুলি চাৰে উচ্চাৰণ কৰা শুনিয়েই মনোবাঞ্চা পূৰণৰ আশা দেখি খুশ হৈ থকা বুলি জানিব পৰা গৈছে। সেই খুশীতে জালুকাবাৰী ধাবা অহা ৪৮ঘণ্টাৰ বাবে ফ্ৰী কৰি দিয়া হৈছে আৰু যিয়ে যি খায় এই আনন্দৰ সমভাগী হব খোজে সকলোকে দলে-বলে-পৰিয়ালে উবুৰি খাই পৰিবলৈ আহ্বান জনাইছে।

৪. কোকৰাঝাৰত ক্ৰন্দন ব্ৰহ্মক তৃতীয় স্থানত উপনীত হোৱাৰ পাছত এতিয়া কোনেও সান্ত্বনা বাণী দি ক্ৰন্দন ৰোধ কৰিব নোৱাৰাৰ খবৰ আহিছে। ইয়াৰ ফলত ধুবুৰী আদি নামনি অঞ্চলত লুইতৰ বাঢ়নী পানীয়ে এই গতিৰে ক্ৰন্দন কৰিলে চকুৰপানীৰ বানে বুৰাই পেলাব বুলি বতৰ বিজ্ঞান কেন্দ্ৰই শংকা প্ৰকাশ কৰিছে। এনে পৰিস্থিতিৰোধৰ বাবে হাইড্ৰামা মুহিলাৰীলৈ কেন্দ্ৰটোৱে ফেক্স কৰা বুলিও সূত্ৰই জনাইছে।

৫. মঙলদৈত মুখ থেকেচা খোৱাৰ পাছত কিৰিটমণি চলিহাই জ্যোতিষিৰ শৰণাপন্ন হোৱাৰ গোপন খবৰ। হাজোৰ পূৰ্ণতীৰ্থত এম.এল.এ খেলত বিফল হোৱাৰ পাছত, এতিয়া মঙলদৈতো দিল্লীমুখী টিকট লাভ কৰিব নোৱাৰিলে! জানিব পৰা মতে তেখেত এতিয়া মানসিক ভাৱে যথেষ্ট ভাগি পৰিছে। সেয়ে জ্যোতিষি হিৰো ইয়ঙে চলিহা দেৱক কেইবাটাও আঙুঠি পৰিধান কৰি গাঁও পঞ্চায়ততে এটা শেষ চেষ্টা কৰি চাবলৈ উপদেশ দিছে বুলি জানিব পৰা গৈছে। তৃণমূল আৰু ক্ষমতৰা বিকেন্দ্ৰীকৰণৰ পাছত এতিয় পঞ্চায়ত জিকিব পাৰিলেও বেপাৰ ভালেই বুলি ইয়ঙে বাখ্যা কৰা বুলিও গম পোৱা গৈছে।

৬. "তেলীৰ মূৰত তেল" নামৰ নাটক এইবাৰ অবিজিত ভট্টাচাৰ্যই অহাবৰ্ষৰ ভ্ৰাম্যমান থিয়েটাৰৰ বাবে লিখি উলিয়াইছে। বিগত ২৫বছৰে ব্ৰহ্মপুত্ৰৰ ঘাটত পানী খোৱাত সিদ্ধহস্ত ঘাটোৱাৰক লাখে লাখে পদুম পাহিৰ সুগন্ধি একেলগে দি অচেতন কৰি দিয়াৰ সফলতাৰ কাহিনীটোক ভট্টই মঞ্চত তুলি ধৰিব বুলি জানিব পৰা গৈছে। উজনিৰ চাহ-বাগিচা অঞ্চলৰ লগতে গাঁৱে-ভূঞেও এইখন সামাজিক যেন লগা নাটকে প্ৰৱল সফলতা লভিব বুলিও ধোঁৱাধাৰ নাট্যকাৰজনে দৃঢ়তা প্ৰকাশ কৰিছে।

৭. পেনপেন বৰাৰ কালিৰে পৰা মুখৰ পাত হৰি গৈছে বুলি জানিব পৰা গৈছে। ৰাজ.পদুম. শৰ্মাৰ হাতত পোন-পটীয়া মোকাবলাত ইমান বেয়াকৈ হাৰিব লগীয়া হব বুলি পেনপেন বৰাই সপোনতে ভবা নাছিল বুলি বিহপুৰৰ ঘৰৰ পৰা খবৰ পোৱা গৈছে। এতিয়া খঙতে ৰোহঘৰত সোমাই থকা বৰাদেৱৰ অনুভৱ জানিব খোজোতে মোবাইল বন্ধ থকা বুলি গম পোৱা গৈছে। পিছে চকু-চৰহা মহলে কোৱামতে ছোনি মেদামৰ ফোন আহিলে কি উত্তৰ দিব বুলি কালিয়েই পেনপেন বৰাই চীমকাৰ্ডকে সলাই পেলাইছে আৰু এই নম্বৰ মাত্ৰ নিজৰ শ্ৰীমতীকহে বেকত কৰিছে বুলি গম পোৱা গৈছে।

৮. কৰত নৰহে নতুনকৈ গৱেষণাৰ কামত যোগদান কৰিব বুলি জানিব পৰা গৈছে। গোপন সূ্ত্ৰই প্ৰকাশ কৰা মতে আগতে "ইলেকচন জিকাৰ হাতপুথি" লিখা মানুহজনৰ ফৰ্মূলাবোৰ এতিয়া কেনেকৈ বিফল হৈছে তাকে লৈ মানুহজনে এই গৱেষণা কৰিব বুলি জানিব পৰা গৈছে। "টকা দিলেও ভোট নিদিয়া প্ৰথা" আৰম্ভ হোৱাটো দেশৰ ৰাজনৈতিক ব্যৱস্থাৰ বাবেই ভয়ঙ্কৰ কথা হৈ উঠিছে বুলি নৰহে কালি চামচা সন্থাৰ সভাপতিক বেকত কৰা বুলি জানিব পৰা গৈছে। এনেকৈ হ'লে এইখন বেপাৰৰ পৰা ৰিটায়াৰ লোৱাই সমিচীন হব নেকি বুলিও গুণাগঁথা কৰা বুলিও গোপনে খবৰ আমালৈ আহি আছে।

৯. আশী বছৰত বিহু নাচি সৰ্বকালৰ জ্যেষ্ঠ বিহু সম্ৰাজ্ঞী বঁটা কালি গুৱাহাটীত লাভ কৰিলে নিজয়া বাইদেৱে। এতিয়া দিল্লীৰ ৰাষ্ট্ৰীয় মঞ্চতো বাইদেৱে অসমীয়া সংস্কৃতিক পাট-গাভৰুৰ উচাহেৰেই তুলি ধৰিবগৈ বুলি উল্লাসিত সুৰত প্ৰকাশ কৰিছে।

১০. কালি কলিয়াবৰত অসমৰ বিশিষ্ট মীন গৱেষক এজন বিজয়ী হোৱা উপলক্ষে বজাৰত মহিলা মাছৰ দাম বৃদ্ধি হোৱা বুলি জানিব পৰা গৈছে। মু্ম্বাইত শ্বেয়াৰৰ বজাৰত ছেনছেক্সৰ উত্থান হোৱাৰ সমান্তৰালকৈ মহিলা সৱলীকৰণৰ সপোন দেখা কনপোনা গগৈৰ বজাৰতো কালি মহিলা মাছসকলৰ দামে অভিলেখ সৃষ্টি কৰাৰ খবৰ আহিছে আৰু তাৰ বাবে গগৈক সমাজৰ সকলো ৰাইজে অভিনন্দন জ্ঞাপন কৰিছে।

No comments:

Post a Comment