ডঃ বুলজিৎৰ লাগতিয়াল তথ্য ভাণ্ডাৰ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ডঃ বুলজিৎৰ লাগতিয়াল তথ্য ভাণ্ডাৰ

ডঃ বুলজিৎৰ লাগতিয়াল তথ্য ভাণ্ডাৰ

Share This
এখন প্ৰয়োজনীয় গ্ৰন্থ "কেৰিয়াৰ গাইড"
ডঃ বুলজি বুঢ়াগোহাঁই
শিক্ষা-জীৱন  আগুৱাই নিয়াৰ লগে লগেই ছাত্ৰ-ছাত্ৰীক প্ৰয়োজন হয় ভৱিষ্যত সম্বন্ধীয় দিক-নিৰ্দেশনাৰ। যাত্ৰাৰ লক্ষ্য একোটা স্থিৰ কৰাৰ আগতে সেই পথৰ বাধা-বিধি, পথ নিৰ্দেশনাৰ যেনেকৈ অতীব প্ৰয়োজন। তেনেদৰেই শিক্ষাৰ্থী সকলক প্ৰয়োজন কেৰিয়াৰ গাইডেঞ্চৰ। অসমীয়া ভাষাত এই বিষয়ৰ পুথিৰ অভাৱ দূৰ কৰিব পৰাকৈ প্ৰকাশিত হৈছে "কেৰিয়াৰ গাইড" নামৰ এখন পুথি।

প্রীতিমা কৌশিক বৰুৱাই সংকলন কৰা এই ‘কেৰিয়াৰ গাইড’ হ’ল বিভিন্ন পাঠ্যক্রম তথা বৃত্তিৰ বাবে আৱশ্যক হোৱা শিক্ষাগত অৰ্হতা, প্রৱেশ-পৰীক্ষাৰ পদ্ধতি , আবেদনৰ নীতি-নিয়ম আৰু বিভিন্ন প্রতিযোগিতামূলক পৰীক্ষাৰ বিষয়ে তথ্য-সম্বলিত পুথি।

এই পুথিখনৰ পৰা সকলো পৰ্যায়ৰ ছাত্র-ছাত্রী , শিক্ষক তথা অভিভাৱকসকল লাভৱান হ’ব। এই পুথিখন বিদ্যালয় আৰু মহাবিদ্যালয়ৰ পুথিভড়াঁলত সংৰক্ষণ কৰি ৰাখিলে ভাল হয় । এই পুথিখন গুৱাহাটীৰ জ্যোতি প্রকাশনে প্রকাশ কৰিছে। পুথিখনৰ নৱম সংস্কৰণৰ প্রকাশ পাইছে জুন , ২০১৩ আৰু ইয়াৰ মূল্য ১২০ টকা । কেৰিয়াৰ বিষয়ক তথ্যমূলক এনে এখন পুথি প্রণয়ন কৰা বাবে প্রীতিমা কৌশিক বৰুৱাক ধন্যবাদ জনাইছোঁ লগতে আশা কৰিছোঁ নতুন সংস্কৰণত আৰু নতুন নতুন তথ্য সংযোজন কৰিব।

No comments:

Post a Comment