পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This
আজিৰ ভাল খবৰবোৰ
১. দিল্লীৰ বিজ্ঞান ভৱনত হোৱা ৬১তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত ৰাষ্ট্ৰপতিৰ পৰা দাদা চাহেব ফাল্কে বঁটা গ্ৰহণ কৰিলে কবি, গীতিকাৰ, লেখক গুলজাৰে। হিন্দী চিনেমাৰ লগতে আঞ্চলিক ভাষাৰ ছবি সমূহৰ বাবে বিভিন্ন শিতানত শ্ৰেষ্ঠত্ব প্ৰতিপন্ন কৰা সকলক স্বৰ্ণ কমল, ৰজত কমল আদি বঁটাও ৰাষ্ট্ৰপতিয়ে কালি প্ৰদান কৰিলে।
২. সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ ডেৰশ বছৰীয়া জয়ন্তী উপলক্ষে সদৌ গুৱাহাটী ছাত্ৰ সন্থাৰ উদ্যোগত বিশিষ্ট শিক্ষাবিদ তথা প্ৰসিদ্ধ আবৃত্তিকাৰ ডঃ অমৰজ্যোতি চৌধুৰীৰ কণ্ঠৰে নিৰ্মিত "আমি অসমীয়া নহওঁ দুখীয়া" শীৰ্ষক শ্ৰব্য চিডিখন হ'ল উন্মোচিত। উন্মোচনী সভাত উপস্থিত থাকিল ডঃ সমুজ্জ্বল ভট্টাচাৰ্যাৰ উপৰিও অসমীয়া সংস্কৃতিৰ ত্ৰিমূৰ্তি ৰূপে খ্যাত জ্যোতি-বিষ্ণু-ফণী তিনিওজনৰে সন্তানেও।

৩. জ্যোতি সঙ্গীত আৰু বিষ্ণু ৰাভা সঙ্গীতৰ সুৰ চানেকি পুথি “অগ্নিসুৰ” ২য় খণ্ড (জ্যোতি সঙ্গীত)ৰ সৈতে সংলগ্ন শ্র্যব্য সঙ্কলনটিৰ ১২টি গীতৰ অন্তিম গীতটিৰ বাণীবন্ধনৰ কাম সম্পূর্ণ হৈছে। সঙ্কলনটিৰ ১২টি গীতত কণ্ঠদান কৰিছে ডঃ সঙ্গীতা কাকতিয়ে, সহযোগী কণ্ঠশিল্পী ক্রান্তিকা শাণ্ডিল্য । সঙ্গীত ব্যৱস্থাপনা  বিজয় ভূঞা, বাণীবন্ধন মৌচম বৰা, বাণীবন্ধন সহযোগী টিঙ্কুমণি নাথ আৰু পৰিচালনা ৰঞ্জন কুমাৰ ভট্টাচার্য্যৰ।  সুৰ চানেকি পুথিখনৰ সৈতে সঙ্কলনটি অতিশীঘ্রে অসমৰ ৰাইজৰ হাতত তুলি দিয়াৰ প্রয়াস অব্যাহত আছে।

৪. "ৰাগিনী"ৰ সৌজন্যত আৰু অসম পৰ্যটন নিগমৰ সহযোগত অহা ২৪মে'ত আয়োজিত হৈছে অসমীয়া ছবিজগতৰ মহিলা শিল্পী সকলে অভিনয় কৰা অংকীয়া ভাওনা "ৰাম বিজয়"ৰ। ৰফি মাৰ্গৰ মাৱলংকাৰ হলত সন্ধিয়া ৬-৩০ বজাৰ পৰা মঞ্চস্থ হব লগা ভাওনাৰ পৰিচালনা কৰিছে মাধুৰীমা চৌধুৰীয়ে। প্ৰৱেশ মাচুল বিহীন ভাৱে কৰা আয়োজনলৈ সকলোকে আয়োজকে নিমন্ত্ৰণী শৰাই আগবঢ়াইছে।

৪. বৈদিক শ্লোক পাঠৰ মাজেৰে আজি পুৱা চাৰি বজাত মুকলি কৰা হৈছে পবিত্ৰ ধাম বদ্ৰীনাথৰ দ্বাৰো। চাৰি ধাম যাত্ৰাৰ অংশ গংগোত্ৰী, যমুনোত্ৰী ২মে'ত মুকলি কৰাৰ বিপৰীতে কালি কেদাৰনাথ মন্দিৰৰো দ্বাৰ মুকলি কৰা হৈছিল। ৰাজ্য চৰকাৰে সুৰক্ষিত চাৰি ধাম যাত্ৰাৰ বাবে তীৰ্থযাত্ৰী সকললৈ সুৰক্ষা ব্যৱস্থাৰো যথোপযুক্ত ব্যৱস্থা কৰা বুলি জানিব পৰা গৈছে।

৫. লণ্ডনত প্ৰৱাসত থাকোতে লিখা কমল হাজৰিকাৰ "অ' আই সেই গাঁওখন ক'লৈ গ'ল" শীৰ্ষক কবিতাই পালে ৰূপালী পৰ্দাত স্থান। উপকূল বৰদলৈৰ চিত্ৰনাট্য আৰু পৰিচালনাত সেই কবিতাৰ আধাৰত নিৰ্মিত তথ্যচিত্ৰখনি কালি উন্মোচিত হ'ল জ্যোতি চিত্ৰবনৰ ৰুদ্ৰ বৰুৱা প্ৰেক্ষাগৃহত। ৩৫ মিনিটৰ এই দৃশ্য শ্ৰাব্য সঁফুৰাখন নিভাঁজ অসমীয়া গাঁৱৰ মনোমোহা ছায়া-ছবিক ধৰি ৰাখিবলৈ চেষ্টা  কৰা হৈছে। উন্মোচনী অনুষ্ঠানত আব্দুল মজিদ, মুনীন বৰুৱা আৰু কুলদা কুমাৰ ভট্টাচাৰ্যইও অংশগ্ৰহণ কৰে।

৬. সুশীল ৰাজখোৱাৰ "মোৰ দৃষ্টি পৰি আছে তোৰ ওপৰত" শীৰ্ষক গ্ৰন্থ আৰু শ্ৰব্য চিডি কালি উন্মোচিত হয় গুৱাহাটী প্ৰেছ ক্লাৱত। উন্মোচনী সভাত অংশ লয় বিশিষ্ট নাগৰিক কুল বৰুৱা, ৰমেন চোধুৰী, ডঃ দয়ানন্দ পাঠক আৰু  হাইদৰ হুছেইনে।

৭. নগাঁও জিলাৰ পৰা উচ্চতম মাধ্যমিক তথা স্নাতক পৰীক্ষাত অৱতীৰ্ণ হোৱা শিক্ষাৰ্থী সকলৰ বাবে নগাঁও জিলা কোঁচ ছাত্ৰ সন্থাই এন ই কেৰিয়াৰ ছলিউশ্যনৰ সহোগত অহা ১৮মে'ত নগাঁও জিলা পুথিভঁৰালত আয়োজন কৰিছে এখনি কেৰিয়াৰ বিষয়ক কৰ্মশালাৰ। সমল ব্যক্তিৰূপে আই.আই.এম আহমেদাবাদৰ তামান্না ই ৰছুল, ডিব্ৰুগড় ছল্ট ব্ৰুকৰ মণি কাকতী আৰু কেৰিয়াৰ বিশেষজ্ঞা প্ৰীতিমা কৌশিক বৰুৱা উপস্থিত থাকিব।  আগ্ৰহী সকলো মোবাইলযোগে ৮৪৭১৯-১০২৯৬ নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজকে জনাইছে।

৮. বিশ্ব হাস্য দিৱস উদযাপন কৰি ১১৮গৰাকী সদস্যৰে গঠিত তেজপুৰ হাস্য সংঘই উলিয়ালে হাঁহিৰ ব্যতিক্ৰমী শোভাযাত্ৰা। জ্যেষ্ঠ নাগৰিক সকলৰ বিশেষ সহযোগত লাফিং ক্লাৱৰ এই উদযাপনে তেজপুৰৰ জাতীয় শ্বহীদ বাকৰিত শৰীৰ আৰু মনৰ বাবে হাঁহিৰ প্ৰয়োজনীয়তাক পুনৰবাৰ এক সৱল ৰূপত তুলি ধৰিলে।

৯. পুনৰ ৬গৰাকী বিশিষ্ট ব্যক্তিৰ জীৱনী গ্ৰন্থ "শোণিত সুৱাস" প্ৰকাশ কৰি উলিয়ালে তেজপুৰৰ অসমীয়া ক্লাৱে। আগতেও ৫গৰাকী মনিষীৰ জীৱনীৰে এনে গ্ৰন্থ প্ৰকাশ কৰি ক্লাৱটোৱে প্ৰশংসা লাভ কৰিছিল। কালি উন্মোচিত গ্ৰন্থখনিত কৰ্মবীৰ চন্দ্ৰনাথ শৰ্মা, আনন্দ চন্দ্ৰ আগৰৱালা, কামাখ্যা কুমাৰ পদ্মপতি, চন্দ্ৰৱালা বৰুৱা, পদ্মকান্ত শৰ্মা আৰু জীৱিত মহিয়সী নাৰী মিনা আগৰৱালাৰ জীৱন আৰু কৃৰ্তি সংকলিত হৈছ। ২০১৫চনৰ ভিতৰত মুঠ ২৫গৰাকী ব্যক্তিৰ জীৱনী এনে গ্ৰন্থৰে প্ৰকাশ কৰিব বুলিও ক্লাৱটোৱে প্ৰকাশ কৰিছে। 

১০. বিটিএডিত তদন্তৰ বাবে আজি উপস্থিত হবহি ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাৰ দল। কইনাধৰাত ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ বৈঠক আৰু মৃতকৰ পৰিয়াললৈ ৬লাখকৈ টকাৰ সাহাৰ্য ঘোষণা। 

১১. বিটিএডিৰ নৰসংহাৰৰ ঘটনাত দোষী সাব্যস্ত হ'লে মিত্ৰ দল বিপিএফৰ বিৰুদ্ধেও ব্যৱস্থা লোৱা হব বুলি ৰকিবুল হুছেইনে কৰিলে ঘোষণা। বড়োভূমিৰ আতংকিত লোকক আত্মৰক্ষাৰ বাবে মৰণাস্ত্ৰৰ অনুজ্ঞা পত্ৰ দিবলৈ পীড়িত লোকসকলে জনোৱা আহ্বানৰ প্ৰতি চৰকাৰে বিবেচনা কৰিব বুলিও কৰিলে ঘোষণা। অবৈধ অস্ত্ৰ জব্দ কৰাৰ বাবে অভিযান তীব্ৰতৰ হব বুলি মুখ্যমন্ত্ৰী গগৈয়ে কৰিলে ঘোষণা।

১২. মহানগৰীৰ দেৱ দামোদৰ সাংস্কৃতিক গৱেষণা কেন্দ্ৰত যোৱা ২৯-৩০ এপ্ৰিলত দুদিনীয়াকৈ পালিত হয় মহাপুৰুষ শ্ৰীশ্ৰী দামোদৰদেৱৰ ৪১৬সংখ্যক তিৰোভাৱ তিথি। সভাত গনেশ চন্দ্ৰ ঠাকুৰীয়া আৰু বিপিন চন্দ্ৰ পাটগিৰীক কেন্দ্ৰটোৰ ফালৰ পৰা "কৰ্মশ্ৰী" উপাধি প্ৰদান কৰা হয়। ডঃ বসন্ত গোস্বামীয়ে বিশিষ্ট অতিথিৰূপে অংশ গ্ৰহণ কৰা মুকলি সভাত স্মৃতিগ্ৰন্থ "দামোদৰ জ্যোতি"ও উন্মোচিত হয়।

No comments:

Post a Comment