পলকতে সুখ দুখৰ বতৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

পলকতে সুখ দুখৰ বতৰা

পলকতে সুখ দুখৰ বতৰা

Share This

আজিৰ ভাল খবৰবোৰ
১. দেশৰ সাধাৰণ নিৰ্বাচনত লোকসভাত বিজেপি দলে ২৮৩খন আসনেৰে একক সংখ্যাগৰিষ্ঠ দল ৰূপে সফলতা লাভ কৰিছে আৰু সহযোগী মিত্ৰ দল সমূহৰ সতে এন.ডি.এ ৩৩৭খন আসন লাভ কৰিবলৈ সক্ষম হৈছে। দেশত নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এখন সুস্থিৰ-সৱল চৰকাৰ গঠন হোৱাটো নিশ্চিত হোৱাত দেশে বিকাশে এক গতি লাভ কৰিব বুলি আশা প্ৰকাশ কৰিছে।


২. অসমত প্ৰতিষ্ঠান বিৰোধী ঢৌ, মোদীৰ সপক্ষে বলা বতাহ আৰু শাসক দলৰ বিসম্বাদী গোটৰ কাৰ্যকলাপৰ ফলত বিধ্বস্ত হৈছে তৃতীয় বাৰৰ বাবে ৰাজ্যৰ শাসনত থকা কংগ্ৰেছ দল। মাত্ৰ তিনিগৰাকী সাংসদ কংগ্ৰেছৰ জয়ী হোৱাৰ বিপৰীতে বিজেপিয়ে ৭খন, এ.আই.ইউ.ডি.এফে ৩খন আৰু বিটিএডিত নিৰ্দলীয়ই বিজয় সাব্যস্ত কৰে।

৩. নিৰ্বাচনত দলৰ বিপৰ্যয়ৰ বাবে নৈতিক দ্বায়িত্ব মূৰ পাতি লৈ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে পদত্যাগ কৰিব বুলি কালি টাইমচ নাও চেনেলত প্ৰকাশ কৰিছে। ইফালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভুৱনেশ্বৰ কলিতায়ো পদত্যাগ কৰিবলৈ যো-জা কৰা বুলিও সংবাদ মাধ্যমে প্ৰকাশ কৰিছে। আনফালে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীয়েও পদত্যাগ কৰিব বুলি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমে প্ৰকাশ কৰিছে।

৪. তিনি লাখ পঞ্চাশ হাজাৰতৈ অধিক ভোটৰ ব্যৱধানত বিজয় সাব্যস্ত কৰিলে নৱ শৰণীয়া(হীৰা)ই। পৃথক বড়োলেণ্ডৰ দাবীৰ প্ৰতি বিৰোধিতাৰে কোকৰাঝাৰ সমষ্টিৰ ৰাইজে দিলে জনাদেশ।

৫. অসমতো "নোটা" পচন্দত ভোটদান কৰি প্ৰতিদ্বন্দিতা কৰা এজনো প্ৰাৰ্থী পচন্দ নোহোৱাৰ মত ব্যক্ত কৰিলে প্ৰায় ডেৰ লাখ নাগৰিকে। দেশত নোটা টিপি সহমত প্ৰকাশ কৰিলে প্ৰায় ৫৭লাখ ভোটাৰে। উল্লেখনীয় কথা এয়ে যে, এই সংখ্যা কেইবাটাও ৰাষ্ট্ৰীয় দলে দেশজুৰি লাভ কৰা মুঠ ভোটৰ সংখ্যাতকৈ অধিক।

৬. আজি পৰাগ কুমাৰ দাসৰ স্মৃতি দিৱস। এই দিৱসৰ উদযাপন মানৱ অধিকাৰ সংগ্ৰাম সমিতিয়ে বিগত বছৰ সমূহৰ দৰেই আয়োজন কৰিছে। লগতে আজি তেখেত শ্বহীদ হোৱা স্থানত এক আবক্ষ মূৰ্তি স্থাপন কৰি উন্মোচন কৰিছে ভাষা সাহিত্য সন্মিলনী, অসমে। এই সংগঠনটো ফেচবুকৰ অসমীয়া কথা-বতৰা নামৰ গোটৰ জৰিয়তে সংঘবদ্ধ হোৱাৰ লোকেৰে গঠিত হৈছে।

৭. স্বাধীনতা আন্দোলনৰ ১৯৪২চনৰ ঢেকীয়াজুলিৰ শ্বহীদৰ সোণালী ইতিহাসৰ বিষয়টো পাঠ্যপুথিত সন্নিবিষ্ট কৰাৰ দাবীৰে সাংবাদিক ভাস্কৰ ডেকাৰ ৰচনাৰে তেজপুৰৰ বাণ থিয়েটাৰত মঞ্চস্থ হব "২০ছেপ্তেম্বৰ ১৯৪২"। অহা ২০মে'ৰ সন্ধিয়া ৬.৩০ বজাৰ পৰা এই নাটৰ মঞ্চায়ন আৰম্ভ হব বুলি আয়োজকে জনাইছে।

৮. কলকাতাবাসী অসমীয়া সকলৰ অনুষ্ঠান কলকাতা অসমীয়া সাংস্কৃতিক সমিতিৰ উদ্যোগত কলকতাতো বহাগী উতসৱ-২০১৪ উদযাপন কৰা হয়। এই অনুষ্ঠানত প্ৰথম মামণি ৰয়ছম গোস্বামী সাহিত্য বঁটা প্ৰাপক মহাশ্বেতা দেৱীয়ে মুখ্য অতিথিৰূপে অংশগ্ৰহণ কৰে। খুহুতীয়া নাট, মহিলাৰ জেং বিহু, অসমীয়া বোৱাৰীৰ ঢোলবাদন, গোৱালপৰীয়া লোকগীত আদি অনুষ্ঠানৰ লগতে উন্মোচিত হয় "সৃষ্টি" নামৰ এখনি স্মৰণিকাও।

৯. অৱশেষত গুৱাহাটীৰ প্ৰশাসনে দীপৰ বিল ও সংলগ্ন ঠাইত অবাধ বেদখল ৰোধ কৰিবলৈ ফৌজাদাৰী কাৰ্যবিধিৰ ১৪৪ধাৰাৰ অধীনত অঞ্চলটোত পৰবৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত মাটি পেলোৱা আৰু নিৰ্মাণকাৰ্য চলোৱাটো নিষিদ্ধ ঘোষণা কৰিছে।

১০. কালি ঘোষিত লোকসভাৰ নিৰ্বাচনে উল্লাসিত কৰিলে শ্বেয়াৰ বজাৰকো। সৰ্বকালৰ অভিলেখ সৃষ্টি কৰি কালি ছেনছেক্সে স্পৰ্শ কৰিলে ২৫হাজাৰৰ ঘৰ। ডলাৰৰ বিপৰীতে টকাৰ মূল্যও উৰ্ধগামী হোৱাৰ খবৰ আৰু ই প্ৰতি ডলাৰৰ বিপৰীতে ৫৮.৬২টকাত উপনীত হোৱাৰ সুখবৰ।

No comments:

Post a Comment