লোকেল গুজৱ.কম
১. অচম দেশ শাসনৰ বাবে আচলতে "ডায়নেমিক" নেতাক দ্বায়িত্ব দিব লাগে বুলি অহৰহ প্ৰচাৰ কৰি আছে ডিনামাইট শৰ্মাৰ "শ্ৰীমতী-লাইভ" চেনেলে। পিছে সেই "ডায়নেমিক" শব্দটোৰ ঠাইত কিয় "ডিনামাইট শৰ্মা"ৰ নাম পোনে পোনে প্ৰচাৰ কৰা নাই তাকে লৈ এতিয়া সচেতন মহলত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। এতিয়া "বিসম্বাদ সংবাদে"ৰে দৈনিক বিস্ফোৰণ চলোৱা শৰ্মাই শেষ সময়ত কোনোবা খলনায়কক সমুখত থিয় কৰাই বলিৰ পঠা কৰিব নেকি বুলিও প্ৰশ্ন তুলিছে গগৈছাৰ ফেন ক্লাৱে।

২. "ৰকিফুল বনাম হিমুকন লাইভ" নামৰ অনু্ষ্ঠানটোৱে কালি অসমৰ ইলেক্ট্ৰনিক মেডিয়াৰ সকলো টি.আৰ.পিৰ ৰেকৰ্ড ভংগ কৰি নতুন অভিলেখ সৃষ্টি কৰিছে বুলি জানিব পৰা গৈছে। অপৰাধ, হত্যা, টাডা, গৃহ বিভাগৰ তথ্য আদিকে ধৰি ইতিহাসৰ তথ্য সমৃদ্ধ এই অনুষ্ঠানটোৱে কালি নৱ-প্ৰজন্মক বিগত তিনিদশকৰ অসমৰ অপৰাধী বুৰঞ্জীখনো জলজল-পটপটকৈ তুলি ধৰাৰ বাবে দুয়োজন মহাৰথীলৈ অভিভাৱক সংঘই কৃতজ্ঞতা জ্ঞাপন কৰিছে।
৩. কালি দুজনকৈ চোৰাং চিকাৰী আটক কৰাৰ ঘটনাত সদৌ অসম বন্যপ্ৰাণী সম্পদ ব্যৱসায়ী সন্থাই প্ৰৱল প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। এই গ্ৰেপ্তাৰ সম্পূৰ্ণ ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত আৰু ষড়যন্ত্ৰমূলক বুলি বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে। বন্যপ্ৰাণী সম্পদ ৰপ্তানিৰে দেশলৈ বিদেশী মুদ্ৰা আমদানি কৰাৰ প্ৰচেষ্টাত ব্ৰতী এইসকল চিকাৰী প্ৰকৃততে দেশৰ অৰ্থনীতিৰ বাবে বদ্ধ-পৰিকৰ সৈনিক বুলিহে সন্থাই দাবী কৰিছে আৰু স-সন্মানে মোকোলাই দিবলৈ আহ্বান জনাইছে।
৪. "বিসম্বাদীৰ উঠিলেই জ্বৰ, কিয় মৰে কাজিৰঙাত গঁড়" নামৰ ব্যংগ কবিতা এটিৰ বাবে জালুকবাৰীৰ এগৰাকী অধ্যাপক তথা কবিক নিলম্বন কৰা খবৰ আমালৈ আহিছে। জালুকবাৰীৰাজৰ নিমখ খাই তেওঁৰ স্বাৰ্থৰ বিপৰীতে ব্যংগ কৰাৰ দুঃসাহস কৰাৰ বাবে তেওঁ সেকা পাবৰ যোগ্যই বুলি কৃষ্ণচূড়াতল ব্লক কংগ্ৰেছে প্ৰকাশ কৰিছে।
৫. "অসমৰ সমবায় সমিতিত বাহিৰে আন্দোলন, ভিতৰি লুণ্ঠন" শীৰ্ষক বাতৰি প্ৰকাশ পোৱাত আনন্দ প্ৰকাশ কৰিছে ৰসাল গগৈয়ে। লুণ্ঠনৰ জৰিয়তেহে হাতোৰা পাৰ্টিৰ কৰ্মসকলৰ হাত সৱল হব বুলি প্ৰকাশ কৰি, অনাগত দিনটো তাতোকৈ প্ৰৱল গতিৰে নিজৰ লক্ষ্যৰ দিশে আগুৱাই যাবলৈ তেখেতে কৰ্মী সকলক আহ্বান জনায়। তেওঁ থকালৈকে ভিতৰি লুণ্ঠন কৰা সকলৰ কোনো অসুবিধা নহয়, মাত্ৰ সাংবাদিকক সকলকো লক্ষ্মীদেৱীৰ কৃপাৰ ভাগ দি সমাজত মিলিজুলি উন্নতি কৰাৰ আদৰ্শ দেখুৱাবলৈ তেখেতে আহ্বান জনাইছে।
৬. "গ'লে মাষ্টৰ অকলে নাযাও, হেড-মাষ্টৰকো লৈহে যাম" শীৰ্ষক সংলাপৰ বাবে বিগত কেইবামাহ ধৰি মঞ্চস্থ হৈ থকা "কইনাধৰা কাৰ" নামৰ বিসম্বাদী ভাওনাখনৰ খলনায়ক ডিনামাইট শৰ্মাক অসমীয়া অস্কাৰ স্বৰূপ "সংলাপ ৰত্ন বঁটা-২০১৪"ৰ বাবে নিৰ্বাচিত কৰাৰ সুখবৰ। এই বঁটা আগবঢ়াইছে অসমৰ ৰাজনৈতিক নাটৰ পৰ্যবেক্ষন তথা বিশ্লেষণ কৰা অনলাইন সংস্থা চেলবেল.কমে।
৭. "অপদাৰ্থ কোন" নামৰ ৰহস্য উপন্যাসখন লিখি উলিয়ালে লিখা-পঢ়া বিভাগৰ ডিনামাইট শৰ্মাই। তেখেতৰ এই উপন্যাস খন আচলতে গাওঁবুঢ়া গগৈৰ আত্ম-জীৱনীমূলকহে বুলি সমালোচকে আঙুলিয়াই দেখুৱাইছে। কিন্তু লেখক শৰ্মাই এই কাহিনী সম্পূৰ্ণ কাল্পনিক আৰু বাস্তৱৰ লগত কিবা মিলি যাব লাগিলে সেয়া অত্যন্ত কাকতলীয় বুলিও মতামত ব্যক্ত কৰিছে।
৮. আজি আকৌ বাতৰি কাকতত গঁড় হত্যা হোৱাৰ বাতৰিয়ে কাজিৰঙাক সংবাদ শিৰোনামাত তুলি ধৰিছে। নিতৌ মাৰি থকা স্বত্বেও এনেকৈ বাতৰি কাকতত সঘনে সংবাদ-শীৰ্ষ লাভ কৰিব পৰাকৈ এতিয়াও গঁড় থকাটো অতিশয় প্ৰংশসনীয় বুলি চামগুৰি ফেন ক্লাৱে হাবি-বন মন্ত্ৰীৰ গুণগান গোৱা আৰম্ভ কৰিছে। আন মন্ত্ৰী থকা হ'লে এইটো হাৰত মৰাৰ পাছত, এনে বাতৰি দৰৱত দিবলৈকো কাহানিবাই নাইকীয়া হ'ল হেতেন! কিন্তু বৰ্তমানৰ ছাৰজনৰ কৃপাতহে অসম গৌৰৱ গঁড়ৰ বাতৰি এতিয়াও ৰাইজে পায় থকাটো সম্ভৱ হৈছে আৰু সেই সফলতাৰ বাবে অহা বহাগত "কাজিৰঙা ৰত্ন" উপাধি ফেনক্লাৱে ছাৰলৈ প্ৰদান কৰিব বুলিও ঘোষণা কৰিছে।
৯. কেজুকাইক দিল্লীৰ আদালতে আৰু এক পষেকৰ বাবে তিহাৰ জেললৈ প্ৰেৰণ কৰিছে। ভুলৰ উপৰি ভুল কৰাৰ অপবাদ পোৱা মানুহজনক জেলতে নিৰৱে আত্ম-মন্থনৰ সুযোগ দিয়াৰ বাবেই এই সুবিধা প্ৰদান কৰা বুলি কৰ্টৰ কেৰেণীয়ে আমাক জনাইছে। লগতে জেলত থকাৰ দিনৰ সংখ্যাটো অলপ সৰহ হ'লে সিও পাছত এক মহান নেতা হোৱাৰ জীৱনীপঞ্জী শুৱনি কৰিব বুলিও আশা প্ৰকাশ কৰা গৈছে।
১০. কণীযুক্ত মাছ খাবলৈ মন থাকিলে আপুনিও বঙাইগাঁৱলৈকে আহক বুলি বিজ্ঞাপন প্ৰকাশ কৰিছে থলুৱা খাদ্য প্ৰসাৰ তথা পৰ্যটন বিভাগে। মীন আইন ভংগ কৰি সুকলমে কণী থকা থলুৱা মাছ অবাধে ধৰি খোলা-বজাৰত বিক্ৰী কৰি অভিলেখ গঢ়িবলৈ সক্ষম হোৱাৰ খবৰ সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে পৰ্যটন বিভাগেও এই বিজ্ঞাপন জাৰি কৰা বুলি জানিব পৰা গৈছে।

No comments:
Post a Comment