ৰাষ্ট্ৰীয় গুজৱ - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

ৰাষ্ট্ৰীয় গুজৱ

ৰাষ্ট্ৰীয় গুজৱ

Share This
হাস্য ব্যংগৰে সত্যৰ সন্ধান
১.ডাঙৰ চহৰৰ ধনী ঘৰৰ ৭৩শতাংশ তেৰ বছৰৰ তলৰ ল'ৰা-ছোৱালীৰেই ফেচবুকত একাউণ্ট থকা বুলি সমীক্ষাত প্ৰকাশ পাইছে৷ এনে সমীক্ষা বেছি চিন্তাজনক নহয়, তাতোকৈ অনলাইন পৰ্ণ ছোৱা, ডেনড্ৰাইট খোৱা, মদ-ভাঙ-ড্ৰাগছ খাবলৈ শিকা, গাৰ্লফেণ্ডৰ সৈতে নুন্যতম দুবাৰ ব্ৰেক হোৱা এনে কিশোৰৰ সংখ্যা নিৰ্ধাৰণ কৰাটোৱহে আচল কথা বুলি সচেতন অভিভাৱক সন্থাই দাবী কৰিছে৷ আধুনিক যুগত কাৰ্বাইড দি কল-আম পকোৱাৰ দৰেই ইণ্টাৰেনেট নৱ-প্ৰজন্মকো কুমলীয়াতে পকাই পেলাইছে বুলিও মত প্ৰকাশ কৰিছে৷

২. আমখোৱা আদমীৰ পাৰ্টিৰ সদস্যই এইবাৰ মোদীচাৰৰ সৱৰমতী নদীৰ "বিশুদ্ধ পানী"ৰ দাবীৰ সত্যতা নিৰুপনৰ বাবে পানীৰ চেম্পুল সংগ্ৰহ কৰিছে বুলি জানিব পৰা গৈছে৷ কিছুমান ঠাইৰ পানীত ২০০২চনৰ তেজৰ চেকুঁৰা এতিয়াও দেখা গৈছে বুলিও চেম্পুল লবলৈ যোৱা সকলে প্ৰকাশ কৰিছে৷ এতিয়া পানীৰ চেম্পুল ফৰেনচিক লেবটৰীলৈ পঠিওৱাৰ পাছতহে আচল ৰাজনীতি আৰম্ভ হব বুলি সম্ভাৱনা প্ৰকাশ পাইছে৷
 
৩. মাতৃ দিৱসত প্ৰকাশ পোৱা সমীক্ষাত বিশ্বৰ ভিতৰত মাতৃ হবৰ বাবে আটাইতকৈ অসুবিধাজনক দেশৰূপে ভাৰতক চিনাক্ত কৰা কথাত ক্ষুদ্ধ হৈ উঠিছে আধুনিকা নাৰী সমাজ৷ ভাল বনকৰা মহিলা থাকিলে, ভাল বেবি কেয়াৰৰ ফেচিলিটি থাকিলে ই একো অসুবিধাজনক কথা নহয় বুলি স্পষ্ট ভাষাত তেওঁলোকে ব্যক্ত কৰিছে৷ মাতৃ হোৱাটো ডাঙৰ কথা নহয়, কাম কৰা ছোৱালী নোপোৱাটোহে বেছি অসুবিধাজনক কথা বুলি স্পষ্ট কৰি দিছে৷

৪. বাৰানসীত মোদী ৰুটি বিক্ৰী কৰা এখন দোকান আজি প্ৰশাসনে বন্ধ কৰি দিয়াৰ বাতৰি আহিছে৷ লগতে ৰুটিৰ ওপৰত "এইবাৰ মোদীৰ চৰকাৰ" বুলি সাঁচ বহুওৱা যন্ত্ৰটোও পুলিচে জব্দ কৰি নিছে৷ পিছে মোদীয়ে ৰাইজৰ মনত বহুওৱা সাঁচ কেনেকৈ চৰকাৰী পুলিচে মচিব পাৰিব বুলি বেনাৰসী শাৰী পিন্ধা বিস্মৃতি ইৰাণী বাইদেৱে প্রশ্ন তুলিছে৷

৫. পদুম পাৰ্টি জিকিবই বুলি পেপাৰ-পত্ৰ, টিভি আদিত দেখি এজাক বেপাৰীমনত ৰঙ লগাৰ ফলতে শ্বেয়াৰ মাৰ্কেটেও আজি চেনচেক্সৰ ২২৫০০ অংকৰ সীমা পাৰ কৰি দিয়াৰ বাতৰি পোৱা গৈছে৷ ৰিজাল্ট নিদিওতেই ইমান অত্যুসাহী হোৱা ভাল নহয়, গছত কঁঠাল ওঠত তেল, নৌ খাওতেই ছেলে বেল হোৱাৰ ভয় আছে বুলি সচেতন শৰ্মাই শংকা প্ৰকাশ কৰিছে৷ চেনচেক্স উঠা দেখি এতিয়া শ্বেয়াৰ কিনিবলৈ ঢাপলি মেলা সাধাৰণ মানুহবোৰ অহা সপ্তাহতে "ইণ্ডিয়া চাইনিঙৰ" দৰেই ৰণত পৰিব পাৰে বুলি জ্যোতিষবিদ হিৰো ইয়ংদাইসম্ভাৱনা প্ৰকাশ কৰিছে৷


৬. বামদেৱ বাবাই ৰাজকুমাৰ গান্ধীৰ সন্দৰ্ভত কৰা হনিমুন শীৰ্ষক মন্তব্যক লৈ সদ্যহতে আইনী প্ৰক্ৰিয়া আৰম্ভ নকৰিবলৈ পৰামৰ্শ দিছে দেশৰ উচ্চতম ন্যায়ালয়ে৷ বিয়া নপতা আৰু সন্যাসী হোৱা মানুহে হনিমুনৰ আচল ৰহস্য বুজি নোপোৱাকৈয়ে এই মন্তব্য কৰিছে বুলি ন্যায়ালয়ে সন্দেহ প্ৰকাশ কৰিহে বামদেৱক এইকন ৰেহাই দিয়া বুলি দিল্লীৰ পৰা পানদোকানী ৰামবাবুৱে প্ৰকাশ কৰিছে৷ লগতে বুজি নোপোৱা বা অভিজ্ঞতা নোহোৱা বিষয়তো  বাম-উকিল নোলাবলৈ আৰু
বিশেষজ্ঞৰ ৰূপত মতামত নিদিবলৈ বাবা বামদেৱক আহ্বান জনাইছে৷

৭. নৰেন মোদীৰ সাক্ষাৎকাৰ টিভিত চলি থকা সময়তো হাতোৰা পাৰ্টিক ভোট দিবলৈ আহ্বান জনোৱা বিজ্ঞাপন মাজে মাজে প্ৰচাৰ কৰাক লৈ বিভ্ৰান্তিৰ সৃষ্টি হৈছে৷ হাতোৰা পাৰ্টিয়ে বিৰোধী মোদী সাক্ষাৎকাৰ স্পন'চৰ কৰিছে নেকি, নে এয়া কিবা ভুল হৈছে বুলি সচেতন শৰ্মাই বিজ্ঞাপন বিভাগৰ পৰা জানিব বিচৰাতহে উৰহী গছৰ উৰ পোৱা গৈছে৷ তেওঁলোকে জনোৱা মতে হাতোৰা আৰু পদুম দুয়োটা পাৰ্টিৰেই স্প'নচৰ একেজনেই, সেইজনা হাম্বানী বুলি প্ৰকাশ কৰিছে৷ সেয়ে যি কোনো বিজ্ঞাপন যতে ততে বজালেও একো পাৰ্থক্য নাই বুলিও স্পষ্ট কৰি দিছে৷

৮. নৰেন ভাইয়ে কোনো মহিলাৰ পিছত চোৰাংচোৱা লগোৱাৰ কেচত কোনো তদন্ত নকৰে বুলি আজি ঘোষণা কৰিলে মনেমনে সিঙৰ মন্ত্ৰীসভাই৷ বিদায় পৰত কাৰোবাৰ পাছত এনে কেজেং লগাই গলে কাইলৈ গাদী পালে প্ৰতিশোধ ল'লে কি ডাল কৰিব বুলিহে এই সিদ্ধান্ত লোৱা হৈছে বুলি হাতোৰা পাৰ্টিৰ ভিতৰুৱা সূত্ৰই প্ৰকাশ কৰিছে৷ "আমি একেখন নাঁৱৰে যাত্ৰী" গীতটি আজি ৰাতিপুৱা শুনাৰ পাছতে মনেমনে সিঙৰ মন্ত্ৰীয়ে ওলোটা খৰ মৰা বুলিও সূত্ৰত প্ৰকাশ৷
৯. দক্ষিণ ভাৰতৰ পশ্চিমঘাট পৰ্বতমালাত চৈধ্যবিধ নাচনী ভেকুলীৰ প্ৰজাতিৰ আৱ্স্কিাৰ হোৱাক লৈ নিৰ্বাচনী বতৰত হাস্য ৰসৰ সৃষ্টি হৈছে৷ নিৰ্বাচনী যুঁজত জপিয়াই পৰি মিচা প্ৰতিশ্ৰুতিৰ নদীত জাপ দি নৃত্য কৰি থকা ৰাজনীতিবিদ সকলৰ ভিতৰতে এশৰো অধিক নাচনী ভেকুলীৰ প্ৰজাতি পৰ্যবেক্ষন কৰিলেই আৱিস্কৃত হব বুলি দ-পথাৰ পৰিচালনা কৃষক সমিতিয়ে মত ব্যক্ত কৰিছে৷

১০. মায়াৱতী বাইদেৱে কোনো মূল্যৰ বিনিময়তে মোদীক চৰকাৰ বনাবলৈ সমৰ্থন নকৰে বুলি প্ৰকাশ কৰিছে৷ সেই বাতৰিৰ তলতে "সবচে অচ্চা নহী, সবচে সস্তা" বুলি লিখি টিভিয়ে প্ৰচাৰ কৰাকলৈ এতিয়া সৃষ্টি হৈছে বিভ্ৰান্তিৰ৷ মায়া বাইদেউক সস্তীয়া বুলিৱলৈ এয়া অপচেষ্টা বুলিও প্ৰতিবাদী স্বৰ প্ৰকাশ কৰিছে মায়া ফেন ক্লাৱৰ সদস্য সকলে৷

No comments:

Post a Comment