মনৰ কথাঃ ড৹ ৰুবুল মাউতৰ সাক্ষাৎকাৰ আৰু 'অসমীয়াৰ সপোন' :: মণ্টু লোচন বৰা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ ড৹ ৰুবুল মাউতৰ সাক্ষাৎকাৰ আৰু 'অসমীয়াৰ সপোন' :: মণ্টু লোচন বৰা

মনৰ কথাঃ ড৹ ৰুবুল মাউতৰ সাক্ষাৎকাৰ আৰু 'অসমীয়াৰ সপোন' :: মণ্টু লোচন বৰা

Share This
ড৹ ৰুবুল মাউতৰ সাক্ষাৎকাৰ আৰু 'অসমীয়াৰ সপোন'
মণ্টু লোচন বৰা
DR RUBUL MOUT INTERVIEW BY NITUMONI SAIKIA PRATIDIN TIME, ড৹ ৰুবুল মাউতৰ সাক্ষাৎকাৰ আৰু 'অসমীয়াৰ সপোন' :: মণ্টু লোচন বৰা, অসম, অসমীয়া, সুখদুখ,XUKHDUKH
অসমৰ আগৰণুৱা মেডিয়া সংস্থা 'প্ৰতিদিন' গ্ৰুপে এগৰাকী সফল অসমীয়া ৰূপে 'এচিভাৰ্চ এৱাৰ্ড' প্ৰদান কৰি ড৹ ৰুবুল মাউতক সন্মান জনোৱাটো এটা সুখৰ খবৰ। এই বঁটা গ্ৰহণ কৰাৰ বাবে অসমলৈ আহোতে প্ৰতিদিন-টাইম চেনেলৰ মুখ্য সম্পাদক নিতুমণি শইকীয়াই লোৱা ড৹ ৰুবুল মাউত দেৱৰ সাক্ষাৎকাৰটো অসমীয়া নিউজ চেনেলৰ যোগেদি সম্প্ৰচাৰিত হোৱা এটা ভাল সাক্ষাৎকাৰ আৰু অভিভাৱক ছাত্ৰ ছাত্ৰীয়ে চাব লগীয়া এটা ভাল সাক্ষাৎকাৰ বুলি অনুভৱ কৰো। কেইদিনমানৰ আগতে প্ৰতিদিন টাইমৰ যোগেদি সম্প্ৰচাৰিত হোৱা এই সাক্ষাৎকাৰটোৰ বিষয়ে মোক অসম চৰকাৰৰ এটা বিভাগৰ বিষয়া এজনে ফোনত কৈছিল আৰু মোৰ বন্ধু এজনে কোৱাত সময়ৰ অভাৱত মই তিনিদিন অলপ অলপকৈ চাই কালি শেষ কৰিলোঁ।
DR RUBUL MOUT INTERVIEW BY NITUMONI SAIKIA PRATIDIN TIME, ড৹ ৰুবুল মাউতৰ সাক্ষাৎকাৰ আৰু 'অসমীয়াৰ সপোন' :: মণ্টু লোচন বৰা, অসম, অসমীয়া, সুখদুখ,XUKHDUKH

ড৹ ৰুবুল মাউত মানে আজি অসমৰ মানুহৰ বাবে এটা চিনাকি নাম আৰু তেখেতৰ " মোৰো এটা সপোন আছে" এখন অসমত সৰ্বাধিক বিক্ৰী হোৱা অসমীয়া কিতাপৰ এখন যিখনৰ বিষয়ে মই নিজেও আন বহুতক পঢ়িবলৈ উৎসাহিত কৰি আহিছোঁ আৰু কিতাপখনৰ বিষয়ে ফেইচবুকতে লিখিছিলোঁ।তিনিচুকীয়াৰ এটা পিছপৰা অঞ্চলৰ অতি দৰিদ্ৰগ্ৰস্ত পৰিয়ালৰ পৰা গৈ ৱাশ্বিংটন বিশ্ববিদ্যালয় আৰু বিশ্বৰ আগশাৰী হাভাৰ্ড বিশ্ববিদ্যালয়ত গৱেষণা কৰাটো সঁচাই প্ৰশংসনীয় লগতে সপোন সপোন লগা এটা কথা।ই সাধাৰণ কথা নহয়।

সাক্ষাৎকাৰটো কিছু ব্যতিক্ৰমধৰ্মী আৰু ভাল লগা ধৰণৰ;কিন্তু মই কেইটামান কথা এই ক্ষেত্ৰত উল্লেখ কৰিব বিচাৰিম।সাক্ষাৎকাৰটোত শ্ৰদ্ধাৰ ড৹ ৰুবুল মাউতে কৈছিল যে আমেৰিকা চীনৰ দৰে দেশে তেখেতলোকৰ GDP ৰ প্ৰায় 3% বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ গৱেষণাত খৰচ কৰে; কিন্তু ভাৰতে মাত্ৰ 0.5%(প্ৰকৃততে 0.66%) খৰচ কৰে।সঁচাকৈয়ে ভাৰতে এই ক্ষেত্ৰত ব্ৰাজিল আৰু দক্ষিণ আফ্ৰিকাতকৈও কিছু কম টকা খৰচ কৰে।এইখিনি সুবিধাৰে আমেৰিকাৰ দৰে দেশত জেনেটিক ইঞ্জিনিয়াৰিঙৰ ক্ষেত্ৰত যিবোৰ গৱেষণা হৈ আছে তেনে কথাবোৰ ভাৰতত কল্পনা কৰাই জটিল বুলি সাক্ষাৎকাৰটোত প্ৰকট হৈ পৰিছে।


ভাৰতত গৱেষণা কৰি যোৱা ড৹ ৰুবুল মাউতে ৱাশ্বিংটন বিশ্ববিদ্যালয় আৰু হাভাৰ্ড বিশ্ববিদ্যালয়ত গৈ দেখিলে যে আমেৰিকাত জেনেটিক আভিযান্ত্ৰিকৰ ক্ষেত্ৰত যেনেধৰণৰ সুবিধাৰে আৰু আমেৰিকা চৰকাৰে যিমান টকা সেই ক্ষেত্ৰত খৰচ কৰিছে ভাৰতত ভাৰত চৰকাৰে সিমান একোৱেই খৰচ কৰা নাই আৰু এনেবোৰ গৱেষণাত ভাৰতত বিশেষ সুবিধা নাই। এজন সচেতন ব্যক্তি হিচাপে এজন ভাৰত মাতৃৰ সন্তান হিচাপে তেখেতে ভাৰত চৰকাৰলৈ বিস্তৃতভাৱে এই কথাবোৰ লিখি বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ গৱেষণা আৰু চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত আমেৰিকা চীনৰ দৰে টকা খৰচ বঢ়াই দিবলৈ আৰু কিখিনি আমেৰিকা চীনতকৈ এই ক্ষেত্ৰত ভাৰত পিছপৰি ৰৈছে কোৱাৰ প্ৰয়োজন আছে বুলি মই ব্যক্তিগতভাৱে ভাৱোঁ। ড৹ ৰুবুল মাউতে ভাৰত চৰকাৰক এই ক্ষেত্ৰত কিবা অনুৰোধ কৰিছে নেকি বা লিখিতভাৱে জনাইছে নেকি নিতুমণি দাই সাক্ষাৎকাৰটোত সুধিবই লাগিছিল বুলি মই বিবেচনা কৰোঁ।

ইমান সীমিত সুবিধাৰ মাজতো ভাৰতে জেনেটিক ইঞ্জিনিয়াৰিঙ বা চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত একো কৰিব পৰা নাই তেনে নহয়:=উদাহৰণ হিচাপে ভাৰতে বিশ্বৰ প্ৰথম Covid-19 DNA ৰ ভিত্তিত ZyCoV ভেকচিন প্ৰস্তুত কৰি উলিয়ালে।লুইচ ব্ৰাউনৰ জন্মৰ 67 দিনৰ পাছতেই টেষ্ট টিউব বেবী দুৰ্গা জন্ম দিবলৈ সক্ষম হৈছিল। ভাৰত বায়টেকে National Institute of Virology and Indian Council of Medical Research ৰ সহযোগত Covaxin ঘৰুৱাভাৱে প্ৰস্তুত কৰি উলিয়াইছিল। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰণ মন্ত্ৰীৰ মতে ভাৰতে কৰুণা ভেকচিন 160 খন দেশলৈ প্ৰেৰণ কৰিছিল। ভাৰতে আমেৰিকাৰ দৰে নহ'লেও কিন্তু সীমিত সুবিধাৰে কিছু যে কৰিছে সেইটো কথা এই কথাবোৰে প্ৰমাণ কৰে।ড৹ ৰুবুল মাউত দেৱে কোৱাৰ দৰে ভাৰতত গৱেষণাৰ ইক'- ছিষ্টেমৰ যদি অভাৱ সঁচাকৈ আছে তেখেতে এই ক্ষেত্ৰত ভাৰত চৰকাৰক লিখিতভাৱে জনোৱা উচিত।

ভাৰতৰ পৰা গৈ আমেৰিকা ইংলেণ্ডৰ আগশাৰী প্ৰতিষ্ঠানত গৱেষণা কৰি আৰু পঢ়ি ঘূৰি আহি ভাৰতত কাম কৰিবলৈ সুবিধাৰ অভাৱ বা উপযুক্ত পাৰিশ্ৰমিক নোপোৱা কথাটো ড৹ ৰুবুল মাউত দেৱে উল্লেখ কৰিছিল যিটো কথা চীনৰ দৰে দেশত নহয় বুলি কৈছিল যিটো কথা নিতুমণি দাই একপ্ৰকাৰ সমৰ্থন কৰিছিল। কথাটো হয় বুলি স্বীকাৰ কৰিও কওঁ যে যদি সদিচ্ছা থাকে বা দেশখনক সঁচা অৰ্থত কোনোবাই ভাল পাই তেনেহ'লে তেনে মানুহে সীমিত সুবিধাৰে আৰু ন্যূনতম টকাৰেও বহু কাম কৰিব পাৰে।কোনো চৰকাৰী সুবিধা নোহোৱাকৈ অসমৰ দৰে অতি পিছপৰা ৰাজ্য এখনত ডা: ধনীৰাম বৰুৱাই চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত কিছু কাম কৰিছিল আৰু গৱেষণা কৰিছিল। এই সীমিত সুবিধাৰ মাজতো চি.ভি.ৰমন ,সতীশ ধবন, এ পি জে আব্দুল কালাম আদিয়ে দেশখনৰ বাবে বহু কিবাকিবি কৰি গৈছে।


Innovation ৰ ক্ষেত্ৰত আগবাঢ়িলেহে এখন দেশে দ্ৰুত গতিত আৰ্থিকভাৱে আগবাঢ়িব পাৰিব বুলি শ্ৰদ্ধাৰ ড৹ ৰুবুল মাউতে উল্লেখ কৰিছে।এখন তৃতীয় বিশ্বৰ দেশ হিচাপে ভাৰতে Innovation ৰ ক্ষেত্ৰত একো কৰা নাই তেনে নহয়(হয়তো যেনেধৰণে কৰিব লাগিছিল তেনেধৰণে আশানুৰূপ কৰিব নোৱাৰিব পাৰে)। 2016 চনত ভাৰত বিশ্বৰ ইন'ভেশ্যনৰ ক্ষেত্ৰত বিশ্ব ৰেংকিঙত 66 নম্বৰত আছিল;2021 চনত ভাৰতৰ ৰেংকিঙ 46 হৈছে।ছয় বছৰত 20 টা স্থান ওপৰলৈ উঠিছে।

ড৹ ৰুবুল মাউত দেৱে যদি চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত ভৱিষ্যতে ন'বেল বঁটা পাই তেনেহ'লে অসমৰ মানুহতকৈ পৃথিৱীৰ কোনো মানুহ বেছি সুখী নহ'ব আৰু কালিলৈ যদি অৰ্ণৱ গোস্বামীদেৱে কিবা কাৰণত ভাৰত ৰত্ন পাই অসমৰ মানুহতকৈ আন কোনো মানুহ বেছি সুখী নহ'ব। অসমীয়া ধ্বজবহনকাৰী 'সফল অসমীয়াৰ সৃষ্টি' অসমীয়া সমাজৰ এক সাৰস্বত সপোনেই। কিন্তু ভৱিষ্যতৰ তেনে সম্ভাৱনাৰ কথাবোৰ ৰাজহুৱাকৈ টিভি চেনেলৰ যোগেদি অসমীয়া মানুহৰ মাজত সেই নিৰ্দিষ্ট ব্যক্তি কেইজনক সমুখতে লৈ কৈ দিয়া কথাটো সাক্ষাতগ্ৰহণকাৰী হিচাবে কিমান সমীচীন তাক ভাৱি চাব লগীয়া।কেতিয়াবা কিছু কথাত আৱেগক নিয়ন্ত্ৰণ কৰি ৰখাৰ প্ৰয়োজন বুলি মই ব্যক্তিগতভাৱে অনুভৱ কৰোঁ। নিতুমণি দাই ড৹ ৰুবুল মাউত দেৱক লোৱা সাক্ষাৎকাৰটোৰ সম্পৰ্কে মই অনুভৱ কৰা কিছু কথা ক'লোঁ; কিন্তু সাক্ষাৎকাৰটো অভিভাৱক ছাত্ৰ ছাত্ৰী সকলে নিশ্চয় চাওক উপকৃত হ'ব।  কাৰণ অসমীয়া টিভি চেনেলৰ যোগেদি সম্প্ৰচাৰিত হোৱা ই এটা ভাল সাক্ষাৎকাৰ।

No comments:

Post a Comment