চিন্তনঃ শিশুৰ ওপৰত যৌন নিৰ্যাতনঃ মানসিক ৰোগেই কাৰণ নেকি? :: আৰাধনা বৰুৱা - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ শিশুৰ ওপৰত যৌন নিৰ্যাতনঃ মানসিক ৰোগেই কাৰণ নেকি? :: আৰাধনা বৰুৱা

চিন্তনঃ শিশুৰ ওপৰত যৌন নিৰ্যাতনঃ মানসিক ৰোগেই কাৰণ নেকি? :: আৰাধনা বৰুৱা

Share This
শিশুৰ ওপৰত যৌন নিৰ্যাতনঃ মানসিক ৰোগেই কাৰণ নেকি?
আৰাধনা বৰুৱা
ইংৰাজী ভাষাত বিশ্বত জনপ্ৰিয় ডেনিচ চফট ৰক-বেণ্ড 'মাইকেল লানৰ্চ টু ৰক (MLTR)'ৰ শ্লিপিং চাইল্ড নামৰ প্ৰখ্যাত গীতটিৰ কেইটিমান শাৰী ইয়াত উদ্ধৃত কৰিব বিচাৰিছো- 
"....Oh my sleeping child the world's so wild
But you've built your own paradise
That's one reason why I'll cover you sleeping child..."

এই পৃথিৱীৰ জটিলতালৈ আদৰি অনা কনমানি সকলৰ সুৰক্ষাৰ কথাটো প্ৰতিজন পিতৃ-মাতৃৰে আটাইতকৈ স্পৰ্শকাতৰ প্ৰশ্ন। শিশুৰ ওপৰত নিৰ্যাতন বা অপৰাধ, সমাজ এখনৰ ওপৰতে প্ৰশ্নবোধক হিচাবে থিয় দিয়ে।
যদিও যুগ সভ্যতা এতিয়া আধুনিক, তথাপি সময়ে সময়ে সংবাদ শিৰোনাম দখল কৰা কিছু শিহৰণকাৰী আৰু মন-মগজুক খলকনি তোলা, মানৱ সমাজক নিজৰ ওপৰতে পোষ্ট-মৰ্টেম কৰিবলৈ বাধ্য কৰোৱা আমি দেখি আহিছো। সেইবোৰৰ ভিতৰৰে এটি হৈছে শিশুৰ ওপৰত হোৱা যৌন নিৰ্যাতনৰ ঘটনা। গোচৰে-অগোচৰে এই ঘটনা যেন পৃথিৱীত সুলভেই। এই ঘটনাবোৰৰ আঁৰত কি থাকে, থাকে নেকি কোনো মানসিক ৰোগ। সেই পটভূমিতেই এই লেখাৰ অৱতাৰণা কৰা হৈছে। 

পেৰাফিলিয়া (Paraphilia)  আৰু যৌন নিৰ্যাতন
ঘটনা-১: ২০১৮ চনৰ জানুৱাৰী মাহত জম্মু কাশ্মীৰৰ কাঠুৱাত ৮ বছৰ বয়সৰ এগৰাকী কণ্যা শিশুক একেৰাহে প্ৰায় এসপ্তাহ সমুহীয়া বলাৎকাৰ কৰি হত্যা কৰাৰ বাতৰি এতিয়াও সমাজে পাহৰি যোৱা নাই।  সেইকেইদিনত শিশুটিক নিচা জাতীয় ঔষধ খুৱাই কেইবা বিভিন্ন জনে উপৰ্যুপৰি কৰি শেষত মুৰত শিলেৰে কোবাই হত্যা কৰিছিল৷ ঘটনাটো সংঘটিত হৈছিল এটা মন্দিৰত৷ মন্দিৰৰ প্ৰধান পুৰোহিতৰ উপৰিও আৰু ছয় জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছিল৷ এইকেইজনৰ ভিতৰত চাৰিজন আছিল পুলিচকৰ্মী এজন পুৰোহিতৰ ভাগিন আৰু এজন নাবালক৷

ঘটনা-২: মাৰ্চ,২০১৮ ত নগাঁৱৰ লালুংগাওঁত ১১বছৰীয়া কিশোৰীক ঘৰত কোনো নথকাৰ সুযোগলৈ এজন যুৱক আৰু দুজন নাবালকে সমুহীয়াকৈ ধৰ্ষণ কৰি কেৰাচিন তেল ঢালি হত্যা কৰে৷যেতিয়া মাক দেউতাকে ছোৱালীজনী উদ্ধাৰ কৰে তেতিয়ালৈ সম্পূৰ্ণকৈ জ্বলি গৈছিল৷

ঘটনা-৩: ২০১৮ চনৰে এপ্ৰিলৰ ২১ তাৰিখে ইন্দোৰৰ ৰাজৱাৰা ত এটি চাৰিমহীয়া কনমাণি শিশুক সম্বন্ধীয় খুৰাকে৷ঐতিহাসিক শিৱ বিলাস প্ৰাসাদৰ বেচমেন্টত কেঁচুৱাটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়৷ প্ৰাসাদটোৰ চিৰিবোৰত চাৰিওপিনে পৰি থকা তেজৰ চিটিকনিয়ে প্ৰমাণ কৰে শিশুটিক কিমান নৃশংসভাৱে হত্যা কৰা হৈছিল৷ অভিযুক্তৰ স্বীকাৰোক্তি অনুসৰি পুৱতিনিশা মাকৰ কাষত শুই থকাৰ পৰা কেঁচুৱাটিক নিৰাপত্তাৰক্ষীৰ চকুত ধুলি দি অপহৰণ কৰি লৈ গৈ বলাৎকাৰ কৰাৰ পিছত মুৰত আঘাত কৰি হত্যা কৰে৷

ঘটনা-৪: সেই একে মাহতে লক্ষ্ণৌৰ পৰা ৭০ কিলোমিটাৰ দুৰৰ চিতাপুৰত এগৰাকী ১৪ বছৰীয়া কিশোৰী সমুহীয়া বলাৎকাৰৰ বলি হয়৷আটাইতকৈ ভয়ংকৰ কথাটো হৈছে কিশোৰী গৰাকীক নিজৰ পিতৃয়ে মেলা দেখুৱাবলৈ লৈ গৈ নিজৰ বন্ধুক উপভোগৰ কাৰণে উপহাৰ হিচাপে দিয়ে৷আৰু পিছত নিজেও এই কাৰ্যত লিপ্ত হয়৷

প্ৰতিদিনে এনে ধৰনৰ নতুন নতুন ঘটনা সংঘটিত হৈয়ে আছে৷ যৌন নিৰ্যাতন বৰ্তমান সময়ৰ এক সমাধান-সূত্ৰ নোহোৱা সমস্যা যেন হৈ পৰিছে৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত অসমত আটাইতকৈ অধিক যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হয়( সমীক্ষা অনুসৰি বছৰি৬,৬৩৬)৷
Affiliate Link
কিন্তু কিয় মানুহে এনে ঘটনা সংঘটিত কৰে? বিশেষজ্ঞ সকলৰ মতে এনে ই এক মানসিক বিকৃতি৷ মনোবিজ্ঞানে এনে বিকৃতি বোৰক পেৰাফিলিয়া বুলি এটা ভাগত অন্তৰ্ভুক্ত কৰিছে৷

পেৰাফিলিয়া বুলি ক’লে যৌন উত্তেজনাৰ বাবে ব্যৱহৃত সামাজিক ভাৱে অগ্ৰহণীয় উদ্দীপক আৰু পৰিৱেশিক কাৰকৰ ওপৰত নিৰ্ভৰশীলতাকে বুজা যায়৷ পেৰাফেলিক ব্যক্তিয়ে এনে উদ্দীপক সমুহ কেৱল উপৰুৱাকৈ সাধাৰণ অৰ্থত ব্যৱহাৰ নকৰে; পৰিৱৰ্তে এনে অভ্যাসৰ ওপৰত এৰাব নোৱাৰাকৈ নিৰ্ভৰশীল হৈ পৰে৷ বিভিন্ন ধৰনৰ পেৰাফিলিয়া সমুহ এনেধৰণৰ,

#চেক্সুৱেল চেডিজম (SEXUAL SADISM)
চিগমাণ্ড ফ্ৰয়ডৰ চাইক’এনালাইটিক থিয়’ৰি অনুসৰি চেডিজম হৈছে নিজে পুৰুষত্বহীন হোৱাৰ বা নুপুংসক হোৱাৰ ভয়ৰ বিপৰীতে ঢাল হিচাপে লোৱা ব্যৱস্থা৷ এনে ব্যক্তিয়ে নিজৰ ক্ষেত্ৰত সংঘটিত হ’ব বুলি ভয় খোৱা উগ্ৰ প্ৰবৃত্তিবোৰ আনৰ ওপৰত প্ৰয়োগ কৰি আসুৰিক তৃপ্তি লাভ কৰে৷১৮শ শতিকাৰ ফৰাচী লেখক Marquis de Sade ৰ নামৰ লগত সংগতি ৰাখি এই ৰোগটোক এই নাম দিয়া হয়৷ এই লেখক তথা মিলিটেৰী অফিচাৰ গৰাকী মহিলাৰ প্ৰতি তেওঁৰ হিংসাপূৰ্ণ যৌনকাৰ্যৰ বাবে কেইবাবাৰো কাৰাদণ্ডৰে দণ্ডিত হৈছিল৷ চেক্সুৱেল চেডিজম সাধাৰণতে বলাৎকাৰৰ লগত জড়িত৷ এনে ৰোগীয়ে যৌন নিৰ্যাতন কৰি নিজকে শক্তিশালী অনুভৱ কৰে আৰু বহুসময়ত ঘটনা সংঘটিত কৰাৰ পিছত হত্যা কৰা দেখা যায়৷

চেডিষ্টিক অভিযুক্তৰ বহুতৰ ক্ষেত্ৰত অন্তৰ্নিহিত স্কিজ’ফ্ৰিনিয়া দেখা যায়৷কোনো কোনো মনস্তত্ত্ববিদৰ মতে এনেদৰে ধৰ্ষণ কৰি হত্যা কৰা অভিযুক্ত হত্যাকাৰীৰ মুৰত পুৰ্বৰ জটিল আঘাত তথা ব্যক্তিত্বৰ ৰোগ থাকিব পাৰে৷ চেডিজমৰ পাঁচটা সাধাৰণ কাৰণ থাকিব পাৰে বুলি ধাৰণা কৰা হয়৷ সেয়া হৈছে,বংশগত কাৰক,হৰম’নৰ সমস্যা,পৰিয়ালত অসুস্থ সম্পৰ্ক,পূৰ্বে যৌন উৎপীড়নৰ বলি আৰু অন্য মানসিক ৰোগৰ উপস্থিতি৷

#পিডোফিলিয়া (PEDOPHILIA)
পিডোফিলিয়াত আক্ৰান্ত ব্যক্তিয়ে ৬ মাহৰ পৰা ১৩ বছৰৰ বয়সৰ তলৰ শিশু বা কিশোৰ কিশোৰীৰ প্ৰতিহে যৌন উত্তেজনা অনুভৱ কৰে৷আৰু প্ৰায় ক্ষেত্ৰতে বলি হোৱা শিশুতকৈ অভিযুক্ত কমেও ৫বছৰৰ ডাঙৰ হোৱা দেখা যায়৷

যদিও কণ্যাশিশুৰ ক্ষেত্ৰত ঘটা এনে ঘটনা সাধাৰণতে পোহৰলৈ আহে ,তথ্য অনুসৰি অভিযুক্তৰ স্বীকাৰোক্তি অনুসৰি ৬০% ঘটনা সংঘটিত কৰে ল’ৰা শিশুৰ লগত ৷অৱশ্যে ৯৯% ঘটনাই সংঘটিত হয় ছোৱালীৰ ক্ষেত্ৰত৷

তথ্যমতে পিডোফেলিক ব্যক্তিৰ ৯৫ শতাংশ উভয়কামী৷ ৫০% ই ঘটনা সংঘটিত কৰাৰ সময়ত নিচাগ্ৰস্ত অৱস্থাত থাকে সাধাৰণতে এনে ব্যক্তিয়ে আগতেও বিভিন্ন ধৰনেৰে নিৰ্যাতন ,বলাৎকাৰ আদিৰ লগত জড়িত৷

#ফেটিচিজম (FETISHISM)
ফেটিচিজমত ভোগা ব্যক্তিয়ে মানুহৰ শৰীৰত লিপিত খাই লাগি থকা অন্তৰ্বাস, মোজা, জোতা আদিৰ প্ৰতি অধিক যৌন আসক্তি অনুভৱ কৰে৷এনেধৰনৰ সমস্যা সাধাৰণতে সৰুকালতে গঢ়লৈ উঠে৷ বিশেষকৈ কোনোবা আত্মীয় যাৰ লগত বেছি মৰমৰ সম্পৰ্ক আছে বা যাৰ প্ৰতি ভয় খোৱা বা আতংকিত হোৱাৰ অভিজ্ঞতা আছে তেনে লোকৰ লগত ৰোগীৰ এই সমস্যাৰ বিশেষ সংযোগ থকা দেখা যায়৷ শৈশৱতে আৰম্ভণি হয় যদিও কিশোৰ কালৰ পৰা ই বেছি হোৱা চকুত পৰে৷ এবাৰ আৰম্ভ হোৱাৰ পিছত দীঘলীয়াকৈ (Chronic)এই ৰোগত ভূগি থকা দেখা যায়৷

#ফ্ৰট’ৰিজম (Frotteurism)
সাধাৰণতে বাছ,ট্ৰেকাৰ আদিত বা ভিৰৰ মাজত কিছুমান মানুহে মহিলাৰ শৰীৰত নিজৰ নিম্নাংশৰে স্পৰ্শ কৰি বিকৃত যৌন তৃপ্তি ল’বলৈ চেষ্টা কৰা দেখা যায়৷ এয়াই ফ্ৰট’ৰিজম৷ বহুত সময়ত হাতৰ ব্যৱহাৰ কৰাও দেখা যায়৷ ৰোগী সাধাৰণতে নিসংগ আৰু নিস্ক্ৰিয় ধৰনৰ আচৰণৰ হয় আৰু ভিৰৰ মাজত এনে আচৰণ কৰে৷৷ এই অভ্যাসেই হৈছে সাধাৰণতে তেওঁলোকৰ একমাত্ৰ যৌনসুখৰ মাধ্যম৷

#চেক্সুৱেল_মাছ’কিজম (Sexual Masochism) মাছ’কিজম শব্দটো উনৈশ শতিকাৰ প্ৰখ্যাত অষ্ট্ৰিয়ান ঔপন্যাসিক Leopold Von Sacher-Masoch ৰ নামৰ পৰা লোৱা হৈছে৷তেওঁ স্ত্ৰী সংগীৰ দ্বাৰা নিৰ্যাতিত হ’লেহে যৌনসুখ লাভ কৰিছিল৷

চেক্সুৱেল মাছ’কিজমত আক্ৰান্ত ব্যক্তিয়ে সংগীৰ দ্বাৰা নিৰ্যাতিত হোৱা,মাৰ খোৱা বা অন্য ধৰনেৰে আঘাতপ্ৰাপ্ত হ’লে হে যৌনসুখ লাভ কৰে৷ সাধাৰণতে এনে ব্যক্তিৰ শৈশৱকালত এনে অভিজ্ঞতা আনৰ পৰা পোৱা পৰিলক্ষিত হয়৷এওঁলোকৰ প্ৰায় ৩০%ৰে ক্ষেত্ৰত চেডিষ্টিক কল্পনা থকা দেখা যায়৷

#এই সমস্যাৰ চিকিৎসা আছেনে?
যিহেতু পেৰাফিলিয়া এক মানসিক বিকাৰগ্ৰস্ততা, চিকিৎসাৰ মাধ্যমেৰে ইয়াৰ পৰা মুক্ত হ’ব পাৰি৷ মনোৰোগ বিশেষজ্ঞৰ ঔষধ আৰু মনোবিজ্ঞানীয়ে প্ৰদান কৰা চাইক’থেৰাপি এনে ৰোগৰ নিদান৷

#চিন্তনীয় আৰু কৰণীয় কিছু কথা
বৰ্তমান যিটো হাৰত যৌন নিৰ্যাতনৰ ঘটনাবোৰ বৃদ্ধি হৈছে সেই কথাই এটা প্ৰশ্ন মনলৈ আনে ৷ সেয়া হৈছে সঁচাকৈ ইমানবোৰ মানুহ পেৰাফিলিয়াত আক্ৰান্ত হৈছেনে? আৰু যদি সঁচাকৈয়ে হৈছে তেন্তে ই অতি ভয়ংকৰ কথা৷ ড্ৰাগছ বা আন নিচাগ্ৰস্ততা,নাৰী সৰবৰাহ বা যৌন ব্যৱসায়,সামাজিক উশৃংখলতা,ব্যক্তিগত হিংসা আৰু অপৰাধ প্ৰৱনতা,ধৰ্মীয় অসহিষ্ণুতা,কুসংস্কাৰ-অন্ধবিশ্বাস আদিৰ ফলতো এনে ঘটনা সংঘটিত হয়৷

ইয়াৰ স্থায়ী সমাধান কিন্তু বৰ সহজ নহয়৷ কিন্তু জনসাধাৰণৰ সজাগতাৰ লগতে স্পৰ্শকাতৰ ঠাই সমূহ য’ত ড্ৰাগছৰ বেপাৰ,নাৰী ব্যৱসায় চলি থাকে তাত চৰকাৰ আৰু প্ৰশাসনৰ নিকা,তীক্ষ্ণ দৃষ্টি বাঞ্ছনীয়৷তাৰোপৰি দোষীৰ ক্ষীপ্ৰ, দৃষ্টান্ত মুলক শাস্তিয়েও কিছু পৰিমাণে এনে মনোবৃত্তি কম কৰিব৷ সমাজৰ সচেতন নাগৰিক সকলেও শিক্ষানুষ্ঠান,সামাজিক সংস্হা আদিৰ লগত সন্মিলিত প্ৰচেষ্টাত সজাগতা সৃষ্টিৰ চেষ্টা কৰিব পাৰে৷
------------------------
লেখিকাৰ 'সুখ-দুখ LIVE' ৰ আলোচনা 'লক-ডাউন আৰু মানসিক স্বাস্থ্যৰ' লিংকঃ
লেখিকাৰ পূৰ্ব প্ৰকাশিত প্ৰৱন্ধবোৰ পঢ়িবলৈ ক্লিক কৰকঃ https://www.xukhdukh.com/search/label/Aradhana%20Borruah
                                    ------------------------
লেখিকা নগাঁৱত নিবাসী এগৰাকী চাইক’লজিষ্ট৷ 'উপশম' নামৰ এটি ব্যক্তিগত প্ৰকল্পৰ জৰিয়তে অলপমান মানসিক সজাগতাৰ কাম চলাই থকা লেখিকাৰ সদ্য-প্ৰকাশিত গ্ৰন্থখন হৈছে- 'মানসিক স্বাস্থ্যঃ জীৱন যাপন আৰু সুখৰ মন্ত্ৰ'

 
গ্ৰন্থখনৰ বিষয়ে এটি সৰু মতামতঃ

"বিগত গ্ৰন্থমেলাৰ সময়তে তেখেতে "মানসিক স্বাস্থ্য জীৱন-জাপন আৰু সুখৰ মন্ত্ৰ" বুলি মানসিক সমস্যাৰ ওপৰত এখন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছিল।যাৰ এটা কপি মোলৈও উপহাৰ হিচাবে কেতিয়াবাই পঠিয়াইছে।তাৰবাবে তেখেতলৈ অশেষ ধন্যবাদ থাকিল।কিতাপখন পঢ়ি আমি আপ্লুত।মানসিক স্বাস্থ্যৰ ওপৰত লিখা অসমীয়া কিতাপ আগতে দেখা মনত নপৰে। সহজ-সৰল ভাষাত লিখা এই কিতাপখনে আমি বহুতে বুজি নোপোৱা কিছুমান সৰু-বৰ সমস্যাৰ গুৰিটো যে মানসিক সমস্যাহে তাক বুজিবলৈ সহজ হয় আৰু সেইমতেই তাৰ প্ৰতিকাৰৰ বাবেও আমি আগবাঢ়িব পাৰো।এক কথাত এই কিতাপখন সকলো পৰিয়ালৰে কামত অহা বিধৰ। আৰাধনা বৰুৱাৰ পৰা আৰু এনে কিতাপ বিচাৰোঁ।" — জনপ্ৰিয় উপন্যাসিক বৈদুৰ্য বৰুৱা

No comments:

Post a Comment