জোনাকীঃ পুঁজিবাদী হিন্দু ৰাষ্ট্ৰলৈ ৰাইজ সাজু হৈছেনে? ড° নগেন শইকীয়া - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiya xukhdukh - অসমীয়াৰ সুখ-দুখ :: অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal: প্ৰৱন্ধ, বাতৰি, কিতাপ...

মহীৰূহৰ লেখা

জোনাকীঃ পুঁজিবাদী হিন্দু ৰাষ্ট্ৰলৈ ৰাইজ সাজু হৈছেনে? ড° নগেন শইকীয়া

জোনাকীঃ পুঁজিবাদী হিন্দু ৰাষ্ট্ৰলৈ ৰাইজ সাজু হৈছেনে? ড° নগেন শইকীয়া

Share This
পুঁজিবাদী হিন্দু ৰাষ্ট্ৰলৈ ৰাইজ সাজু হৈছেনে?
পুঁজিবাদী হিন্দু ৰাষ্ট্ৰলৈ ৰাইজ সাজু হৈছেনে?
ড° নগেন শইকীয়া
এসময়ত ৰজাৰ নীতিয়েই ৰাজনীতি আছিল। কিন্তু তেনে ৰাজনীতিৰ দিন আনকি ৰজা থকা দেশতাে বহু পৰিমাণে সলনি হ'বলৈ বাধ্য হ'ল। এতিয়া ৰাজ্য সকলাে দিশতে 'সঠিকভাৱে চলাবৰ বাবে গ্ৰহণ কৰা নীতিয়েই ৰাজনীতি। সঠিক শব্দটোৰ অর্থ স্থান, কাল, পাত্রভেদে আপেক্ষিক। তথাপি যি ব্যক্তি  বা দলে ৰাজ্য চলায়, তেনে | ব্যক্তি বা দল ৰাজ্যৰ উন্নয়ন  আৰু বিকাশৰ বাবে গ্ৰহণ কৰা প্রণালীৰ লগত জড়িত হৈ থাকে। দেশৰ জনসাধাৰণৰ সার্বিক মংগল আৰু উন্নয়ন প্রতি শাসনত থকা ব্যক্তি, দল | বা গােট সদায় সতর্ক হৈ থাকিবই লাগিব। 
পুঁজিবাদী হিন্দু ৰাষ্ট্ৰলৈ ৰাইজ সাজু হৈছেনে?
মুখ্যতঃ অর্থনীতিয়ে ৰাজনীতিৰ দিশ নির্দেশ কৰে। এনে অর্থনীতি গ্রহণ কৰোঁতেও এতিয়া বিশ্বৰ বিভিন্ন দেশৰ আৰ্থ-ৰাজনৈতিক অৱস্থাৰ তথা চৰিত্ৰৰ বিচাৰ নকৰাকৈ নিজৰ দেশৰ বাবে অর্থনীতি গ্রহণ কৰা ক্ৰমাৎ কঠিন হৈ আহি  আছে। এই কথা নক'লেও হ'ব যে ৰাজতন্ত্ৰ আৰু সামন্ততন্ত্ৰৰ পাছত গণতন্ত্র প্রতিষ্ঠাই আৰ্থ-ৰাজনৈতিক বিষয়ৰ চৰিত্ৰ সলনি কৰিছে। কোনাে দেশেই এতিয়া অকলশৰীয়াকৈ উন্নয়ন সাধন কৰিব নােৱৰা হৈছে। এতেকে বিশ্ব অর্থনীতি আৰু ৰাজনীতিৰ লগত পৃথিৱীৰ প্রত্যেক দেশৰ সম্পর্ক স্বাভাবিকভাবেই এৰাব নােৱৰা। আনকি বিশ্বৰ যি  যি দেশত এতিয়াও প্রকৃত অর্থতে ৰজাৰ শাসন আছে আৰু যিকেইখন দেশত ৰজাৰ শাসন কেবল আলংকাৰিক ৰূপত আছে এই সকলো দেশেই সমগ্র বিশ্বৰ আর্থ ৰাজনৈতিক বিভিন্ন ব্যৱস্থাৰ লগত নিজৰ প্ৰয়ােজন অনুসৰি সম্পর্ক স্থাপন নকৰাকৈ নিজৰ দেশৰ উন্নয়ন আৰু বিকাশ সাধন কৰিব নােৱাৰে।

শিক্ষাই বিজ্ঞান আৰু প্ৰযুক্তিক এনে এটা অৱস্থালৈ লৈ আহি আছে যে ইয়াৰ প্ৰভাৱৰ পৰা পৃথিৱীৰ কোনাে দেশৰ মানুহেই হাত সাৰি থাকিব নােৱাৰে। এনে এক আন্তঃৰাষ্ট্ৰীয় পৰিৱেশৰ লগত খাপ খুৱাই নিজৰ দেশৰ কেনেভাৱে উন্নয়ন  আৰু বিকাশ সাধনৰ যােগেদি দেশৰ স্থিতি শক্তিশালী কৰি তুলিব পাৰি তাৰ বাবে গ্ৰহণ কৰা অর্থনীতিয়ে ৰাজনীতিৰ চৰিত্ৰ সলনি কৰিছে। মুখ্যতঃ একো একোখন দেশে হয় পুঁজিবাদী অর্থনীতি গ্রহণ কৰিছে নাইবা সমাজবাদী অর্থনীতি গ্রহণ কৰিছেনাইবা মিশ্র অর্থনীতি গ্রহণ কৰিছে। আৰু এই অর্থনৈতিক ভেটিৰ ওপৰতে গঢ়ি উঠিছে ৰাজনৈতিক দলসমূহ। যিসকলে পুঁজিবাদী অর্থনীতি গ্রহণ কৰিছে তেওঁবিলাকে ব্যক্তিগত খণ্ডক শক্তিশালী কৰাৰ যােগেদি দেশৰ উন্নয়ন সাধন কৰিব বুলি বিশ্বাস কৰে। কিন্তু ব্যক্তিগত খণ্ডৰ ওপৰত যদি দেশৰ চৰকাৰৰ নিয়ন্ত্রণ ক্ষমতা নাথাকে, তেনে অর্থনীতিয়ে ব্যক্তিগত খণ্ডক এনেভাৱে স্বেচ্ছাচাৰী কৰি তুলিব পাৰে যে তেওঁলোকৰ গধূৰ চকাৰ তলত সাধাৰণ মানুহ পিষ্ট হৈ পৰাৰ সম্ভাৱনা ক্ৰমাৎ বৃদ্ধি হােৱাৰ বাট মুকলি হয়। গণতান্ত্রিক দেশ এখনত এনে ব্যৱস্থাই গণতন্ত্রৰ মূল শক্তিটোকে দুর্বল কৰি মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। তেনে অৱস্থাত দেশত কেৱল এমুঠি ধনাঢ্য মানুহৰ উত্থান ঘটিব আৰু সাধাৰণ মানুহৰ নিৰাপত্তা নােহােৱা হ'ব। 

এনে অৱস্থা সৃষ্টি হােৱাৰ বাবেই অষ্টাদশ শতিকাত ফৰাছী বিদ্রোহ হৈছিল। তেতিয়া ফ্রান্সত মানুহৰ সংখ্যা আছিল চৌবিছ নিযুত। তাৰে তেইছ নিযুতে ৰজাৰ পৰা সকলাে সুবিধা লাভ কৰিছিল আৰু বাকী মানুহ আধাপেটীয়া | হৈ থাকিব লাগিছিল। এই আধাপেটীয়া মানুহখিনিয়ে ৰজাৰ বিৰুদ্ধে বিদ্রোহ কৰি। কম সময়ৰ বাবে হ'লেও ৰজাক সিংহাসনচ্যুত কৰি ৰাখিছিল। গণতন্ত্রৰ জন্ম এনেকৈয়ে হৈছিল। স্বাধীন ভাৰতবৰ্ষই গ্ৰহণ কৰা নীতিটো আছিল মিশ্র অর্থনীতি। স্বাধীন দেশ এখনে উন্নত দেশসমূহৰ লগত ফেৰ মাৰি আগবাঢ়ি যাবলৈ স্বাধীনতা পােৱাৰ লগে লগেই সকলাে দিশত অর্থনৈতিক বিকাশ সাধন কৰা সম্ভৱ নাছিল। সেইবাবেই দেশত উদ্যোগ, বাৱসায়-বাণিজ্যকে ধৰি সকলাে দিশৰ উন্নয়নৰ বাবে ৰাজহুৱা আৰু ব্যক্তিগত দুয়ােটা খণ্ডৰ বিকাশৰ ওপৰত গুৰুত্ব দিছিল। ভাৰতবৰ্ষই স্বাধীনতা লাভৰ ৭৩ বছৰ পূৰ্ণ হােৱাৰ পাছতো দেখা গ'ল যে ৰাজহুৱা খণ্ডৰ বিভিন্ন উদ্যোগ, ব্যৱসায় বাণিজ্য আদিৰ পৰা যেনেভাৱে দেশ উপকৃত হ'ব লাগিছিল  তেনেভাৱে নােহােৱাৰ ঘাই কাৰণবােৰ আঁতৰােৱাৰ বাবে বা আঁতৰাব নােৱৰাৰ বাবে ৰাজহুৱা খণ্ড ক্ৰমাৎ দুর্বল হ'বলৈ ধৰিলে। দুর্বল হােৱাৰ ঘাই কাৰণ হ'ল ৰাজহুৱা খণ্ডত অর্থাৎ চৰকাৰী খণ্ডত পৰিচালনাৰ উচ্চস্তৰৰ পৰা নিম্নলৈকে নিযুক্ত একাংশ মানুহে নিজৰ ব্যক্তিগত লাভৰ বাবে দুর্নীতিৰ আশ্ৰয় লৈ এই খণ্ডবােৰ ৰুগীয়া আৰু দুর্বল কৰি পেলাবলৈ ধৰাটো। দৰাচলতে দেশৰ চৰকাৰৰ দায়িত্ব আছিল প্রয়ােজন হলে এনে দুর্নীতিৰ পথ বন্ধ কৰিবৰ নিমিত্তে সংবিধান আৰু সংশ্লিষ্ট আইন সংশােধন কৰি লােৱা। বিশেষকৈ কামৰ দায়িত্বত থকাসকলৰ অপৰিপক্কতা, অযােগ্যতা আৰু দুর্নীতিপৰায়ণতাৰ অভিযােগৰ ভিত্তিত এক নির্দিষ্ট কম সময়ৰ ভিতৰত তদন্ত কৰােৱাই তেনে ব্যক্তিক দায়িত্বৰ পৰা অপসাৰণ কৰা। কিন্তু আমাৰ দেশৰ আইনৰ সুৰুঙাৰে এনে দোষত দোষী ব্যক্তিও সাৰি যোৱাৰ ফলত সমগ্ৰ ৰাজহুৱা খণ্ডই ক্ৰমাৎ ক্ষতিৰ মুখ দেখিবলৈ ধৰিলে।

আনহাতে যিবােৰ উদ্যোগ বা ব্যৱসায়-বাণিজ্য ব্যক্তিগত খণ্ডৰ হাতত আছিল সেইবিলাকত অযােগ্যতা, অপৰিপক্কতা বা দুর্নীতিপৰায়ণতা দেখিলেই চাকৰিৰ পৰা অপসাৰণকৰাৰ ক্ষমতা থকাৰ বাবে ব্যক্তিগত খণ্ডৰ বিকাশ আৰু উন্নয়ন স্তব্ধ হােৱা নাছিল। এতেকে মিশ্র অর্থনীতিৰ মাজত থকা এনে দোষ-ত্রুটীবোৰ আঁতৰােৱাৰ আইনসংগত ব্যৱস্থা কঠোৰ নােহােৱাৰ নিমিত্তে দোষীসকল আইনৰ সুৰুঙাৰে সাৰি যােৱাৰ অজস্র উদাহৰণ আছে। ভাৰতবৰ্ষই সংবিধানত নিজকে এখন সমাজবাদীআৰু ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰস্বৰূপে ঘােষণা কৰি থৈছে। কিন্তু ৰাজহুৱা খণ্ডৰ পয়ালগা অৱস্থাই সমাজবাদী যিটো তত্ত্ব আৰু আদর্শ, সেই তত্ত্ব আৰু আদর্শকো বহু পৰিমাণে দুর্বল কৰি তুলিলে। এনেভাৱে দুর্বল কৰাত আমাৰ দেশৰ নিবচিন ব্যৱস্থায়াে আওপকীয়াকৈ সহায় কৰি আহিছে বুলি ক'ব পাৰি। বিশেষকৈ ইন্দিৰা গান্ধীৰ প্রধানমন্ত্রিত্বৰ সময়ৰ পৰা ক্ষমতাত অধিস্থিত থাকিবৰ বাবে গ্রহণ কৰা বিভিন্ন কৌশলে ভােটদাতাসকলক দলীয় অনুগ্রহ তথা সুবিধা লাভৰ বাবে লাহে লাহে লালায়িত হােৱাৰ বাট মুকলি কৰি দিলে। ফলস্বৰূপে নির্বাচনৰ সময়ৰ পৰা আৰ্থ ৰাজনৈতিক তত্ত্ব আৰু আদৰ্শৰ ঠাইত ধনৰ প্রতিপত্তি বাঢ়িবলৈ ধৰিলে। ই ক্ৰমাৎ এনে এটা অৱস্থালৈ আহিল যে এতিয়া আনকি কোনাে দলে নিজৰ সংখ্যা বঢ়াবলৈ অন্য দলৰ মানুহক লাখ লাখ কোটি কোটি টকাৰ ভেটী খুউৱাৰ ঘৃণনীয় পন্থা চোৰাংকৈ চলিবলৈ ধৰিলে। তদুপৰি অর্থনীতি আৰু ৰাজনীতিৰ অ, আ, ক, খ নজনা, দুর্নীতিপৰায়ণ ধনাঢ্য লােকেও ধনৰ বলত নিবাচনত প্রতিদ্বন্দ্বিতা কৰি বিধানসভা বা লােকসভালৈ নিবাচিত হ'ব পৰা হ'ল। অথাৎ ৰাজনীতিৰ পৰা আদর্শ এতিয়া ক্ৰমাৎ পৰিত্যক্ত হ'বলৈ ধৰিছে। এখন গণতান্ত্রিক দেশৰ বাবে ইয়াতকৈ ডাঙৰ দুভার্গ্যৰ কথা কি হ’ব পাৰে? 

কংগ্ৰেছ দলৰ শাসনৰ অন্তিম পর্যায়ৰ ফালে হােৱা এই অৱস্থাই পুঁজিবাদী আদর্শ আৰু তত্বত বিশ্বসী আৰু ভাৰতবৰ্ষক ধর্মনিৰপেক্ষ ৰাষ্ট্ৰৰ পৰা হিন্দু ৰাষ্ট্র কৰাৰ বাবে প্রতিজ্ঞাবদ্ধ ভাৰতীয় জনতা দলক জনসাধাৰণৰ মনত প্ৰভাৱ পেলাব পৰাকৈ বিভিন্ন কৌশলেৰে প্ৰচাৰ চলাই ২০১৪ খ্রীষ্টাব্দত ক্ষমতাধিস্থিত হােৱাত সহায় কৰিলে। সংবিধানৰ প্ৰস্তাৱনা সলাব নােৱাৰিলেও তেওঁলােকে লাহে লাহে ৰাজহুৱা খণ্ডসমূহ পুঁজিপতিসকলক বিক্ৰী কৰিবলৈ আৰম্ভ কৰি এতিয়া প্রায় শেষ স্তৰত উপনীত হৈছেহি বুলিব পাৰি। এতিয়া দেশৰ অর্থনীতি পুঁজিপতিসকলৰ আঙুলিৰ ঠাঁৰত চলিব লগা হােৱাৰ পৰ্বৰ আৰম্ভণি ঘটিছে। ইয়াৰ ফলত যদি সাধাৰণ মানুহে ক্লিষ্ট, পিষ্ট হৈও প্রাণ হেৰুৱাবলগীয়া হয় তেতিয়াও চৰকাৰে জনসাধাৰণক ৰক্ষা কৰিবলৈ কোনাে ব্যবস্থা গ্রহণ কৰিবলৈ প্ৰয়ােজন নাথাকিব। পুঁজিবাদী অর্থনীতিৰ যিটো আটাইতকৈ ভয়াবহ রূপ, এতিয়া আমাৰ দেশ তাৰ গৰ্ভলৈ লাহে লাহে সােমাবলৈ ধৰিছে।

একেসময়তে ভাৰতবৰ্ষক হিন্দু ৰাষ্ট্ৰ কৰাৰ বাবে সংবিধান সংশােধন কৰাটো এতিয়াই সহজ নহ'ব বুলি বিশ্বাস কৰি এই চৰকাৰে হিন্দু বিদেশীসকলক ভাৰতবৰ্ষত নাগৰিকত্ব মুকলিভাৱে দিব পৰাকৈ ইতিমধ্যে আইন প্রণয়ন কৰি লৈছে। অতি কৌশলেৰে সংবিধান সংশােধন নকৰাকৈয়ে ভাৰতবৰ্ষক এখন পুঁজিবাদী হিন্দু ৰাষ্ট্ৰলৈ ৰূপান্তৰ কৰাৰ সকলাে আয়ােজন সম্পূর্ণ কৰিছে। সমগ্র বিশ্বৰ বাবে একোটা জাতিৰ পৰিচয় ভাষা আৰু সংস্কৃতি হলেও হিন্দীবলয়ৰ বাহিৰে আৰু বিজেপিয়ে বলে নােৱৰা দক্ষিণ ভাৰতৰ কেইখনমান ৰাজ্যৰ বাহিৰে ভাৰতৰ বাকী ৰাজ্যবিলাকৰ ভাষিক-সাংস্কৃতিক পৰিচয় মচি পেলাবলৈ তেওঁলােকে কুণ্ঠাবােধ যে নকৰে সেই কথাও এতিয়া দেশৰ মানুহে অনুভৱ নকৰাকৈ থকা নাই। কিন্তু ৰাজনৈতিক ক্ষমতালােভীসকলক জাতীয় ভাষা-সংস্কৃতি একো নালাগে, লাগে কেৱল পদ, ক্ষমতা আৰু ধন। এইবাৰৰ নিচিনত কোনাে ৰাজনৈতিক তত্ত্ব আৰু আদৰ্শৰে মানুহক ভুলাব পৰাৰ আশা নেদেখি কেনেভাৱে টকাৰে নাইবা উপঢেকিনেৰে ভােট কিনাৰ ব্যৱস্থা কৰিছে, কেনেকৈ অনেক সদস্যক আন দলক সমর্থন কৰাৰ পৰা বিৰত কৰি ৰাখিবলৈ মানুহভিন্ন অন্য প্রাণীক বান্ধি ৰখাদি দিনৰ পাছত দিন ডাঙৰ হােটেল খুৱাই বোৱাই ৰাখি দিছেগৈ তাৰ প্ৰমাণ বি টি এ ডিৰ পৰিষদীয় নিৰ্বাচনেই দাঙি  ধৰিছে। এতিয়া অসমৰ বিধান সভাৰ নিৰ্বাচনৰ সময়তাে যে এনেকুৱা খেলা নেখেলিব তাৰ কোনাে নিশ্চয়তা নাই। এওঁবিলাকৰ বাবে ন্যায়-অন্যায়, সৎ-অসৎ, নিয়মঅনিয়মৰ কোনাে কথা নাই। যিকোনাে প্রকাৰে সদস্য সংখ্যা বৃদ্ধি কৰি ক্ষমতালৈ আহিব লাগে সেইটোৱেই তেওঁবিলাকৰ শেষ লক্ষ্য। সঁচাকৈ আমি এটা অত্যন্ত দুঃসময়ৰ মাজত জীয়াই আছোঁ। এই কথা বুজিব পাৰি যে সর্বসাধাৰণ অনেক মানুহে হয়তাে নিজৰ অৱস্থাহীনতাৰ বাবে সামান্য ধন, টকা-পইচা বা বয়-বস্তুৰ আশীত বিজেপিৰ মুখলৈ আশাৰ চকুৰে চাব পাৰে, কিন্তু শিক্ষা-দীক্ষা থকা তথাকথিত অনেক মানুহৰ বিচাৰ বুদ্ধি, জ্ঞান-বিবেচনা নােহোৱা হৈছে কিয়? ক্ষমতাৰ লােভে এওঁবিলাকক অন্ধ কৰিছে কেনেকৈ? আমি সঁচাকৈয়ে শিক্ষিত, সভ্য মানুহ হৈ আছেনে? আদর্শ বিশ্বাস কৰা এটা কথা, কিন্তু অন্যায়, অবিচাৰ, দুর্নীতি কৰা আৰু সহ্য কৰা আন এটা কথা। সততাৰ মৃত্যু প্রাণহানিতকৈও ডাঙৰ ক্ষতি। ক্ষমতাৰ লােভত দল এৰি আন এটা দললৈ ততালিকে যাব পৰাসকলক কোনটো স্তৰত ৰাখিব পাৰি নাজানাে। 

উনবিংশ শতিকাত অনিন্দৰাম ঢেকীয়াল ফুকনে অসমক হাবি গুচি ফুলনি হােৱাৰ সপােন দেখিছিল। এতিয়া আমি তাৰ ঠাইত ফুলনি হ'বলগীয়া ঠাইত ডাঠ হাবি গজি উঠা দেখিবলৈ পাইছোঁ। এতিয়া ঢেকীয়াল ফুকনৰ ভাষা ধাৰ কৰি বেলেগে ক’বৰ মন গৈছে—“হে কৃপাময় জগদ্বীশ্বৰ, এই অৱস্থাৰ সােনকালে অন্ত পেলােৱাঁ।' এতিয়া একমাত্র ভৰষা জনতা জনার্দনৰ ওপৰত। বিশ্ববিদ্যালয়ৰ ল'ৰা-ছােৱালীসকলে, শিক্ষক, শিক্ষিত কৰ্মচাৰীসকলে এই কথাবােৰ বুজি নাপাবনে?
(লেখাটি পূৰ্বতে আমাৰ অসম কাকতত 'ৰাজনীতি কাৰ বাবে' শীৰ্ষৰে প্ৰকাশ পাইছিল। ইউনিকোডত সংৰক্ষণৰ বাবে লেখকৰ অনুমতি ক্ৰমে অসমীয়াৰ সুখ-দুখ xukhdukh.com ৰ পাতত পুনৰ প্ৰকাশ কৰা হৈছে।
                                                     

No comments:

Post a Comment