বিজ্ঞানঃ জিন পাইৰেচিঃ কৱলত পৰিছে নেকি ভাৰত তথা অসমৰ জৈৱ-সম্পদো? :: মানস প্ৰতিম দত্ত - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

বিজ্ঞানঃ জিন পাইৰেচিঃ কৱলত পৰিছে নেকি ভাৰত তথা অসমৰ  জৈৱ-সম্পদো? :: মানস প্ৰতিম দত্ত

বিজ্ঞানঃ জিন পাইৰেচিঃ কৱলত পৰিছে নেকি ভাৰত তথা অসমৰ জৈৱ-সম্পদো? :: মানস প্ৰতিম দত্ত

Share This

জিন পাইৰেচি, অসমীয়াৰ সুখ-দুখ, বিজ্ঞান চিন্তা, মানস প্ৰতিম দত্ত, Asomiya, Science Article, Gene, Piracy

জিন পাইৰেচি

 কৱলত পৰিছে নেকি ভাৰত তথা অসমৰ জৈৱ-সম্পদো?
মানস প্ৰতিম দত্ত
জিন শব্দটো আহিছে গ্ৰীক শব্দ জেনেছিছৰ পৰা। যাৰ অৰ্থ হ'ল জন্ম হোৱা। চমু অৰ্থত, জিন হ'ল একপ্ৰকাৰৰ বিশেষ বংশগতিয় চৰিত্ৰ আৰু এই চৰিত্ৰৰ প্ৰকাশ নিৰ্ণায়ক ডি.এন.এ অণুৰ এক বিশেষ অংশ। সাম্প্ৰতিক সময়ত এই জিনৰ জৰিয়তে বিভিন্ন অত্যধুনিক সংকৰ উদ্ভিদ তথা জীৱ সম্পদ সৃষ্টি সম্ভৱপৰ হৈছে। এনেদৰে জীৱ সম্পদ সৃষ্টি কৰা প্ৰক্ৰিয়াটোক জিনীয় অভিযন্ত্ৰণ বা আৰ.ডি.এন.এ প্ৰযুক্তিবিদ্যা হিচাপে জনা যায়। বিংশ শতিকাৰ পৰা জনপ্ৰিয় হোৱা এই পদ্ধতিৰ জৰিয়তে কিছুমান জিনীয়ভাৱে ৰূপান্তৰিত জীৱ-অণুজীৱ সৃষ্টি কৰা হৈছে। এনেদৰে জিনৰ সংগঠিতকৰণৰ জৰিয়তে বিভিন্ন ধৰণৰ জীৱ সৃষ্টি কৰা হৈছে। অন্য জীৱৰ পৰা এইদৰে জিনৰ আহৰণ আৰু সংৰোপন কৰি সৃষ্টি কৰা উদ্ভিদসমূহক ট্ৰান্সজেনিক উদ্ভিদ আৰু প্ৰাণীসমূহক ট্ৰান্সজেনিক প্ৰাণী বোলে।
জিন পাইৰেচি, অসমীয়াৰ সুখ-দুখ, বিজ্ঞান চিন্তা, মানস প্ৰতিম দত্ত, Asomiya, Science Article, Gene, Piracy

ট্ৰান্সজেনিক জীৱবোৰৰ ৰোগ নিবাৰক, ৰোগ প্ৰতিষেধক মানসম্পন্ন জীৱৰ সৃষ্টি সম্ভৱপৰ হৈছে।উদাহৰণস্বৰূপে, ট্ৰান্সজেনিক ছাগলীয়ে সিহঁতৰ গাখীৰত এবিধ তেজক গোট মৰাব পৰা এবিধ প্ৰটিন উৎপাদন কৰে যি হিম'ফিলিয়াৰ দৰে ৰোগাক্ৰান্ত শিশুৰ বাবে অতি উপযোগী। ট্ৰান্সজেনিক জীৱ আৰু ঊদ্ভিদৰ জনপ্ৰিয়তা বঢ়াৰ সমান্তৰালভাৱে আৰম্ভ হৈছে জিন হস্তগতকৰণৰ প্ৰতিযোগিতা আৰু চোৰাং কৌশলৰো। ফলত উদ্ভৱ হৈছে জিন পাইৰেছিৰ।

সাম্প্ৰতিক সময়ত সবাতোকৈ ভয়াবহ ৰূপ ধাৰণ কৰিছে জিন পাইৰেচি নামৰ জিনীয় চুৰি বা অনুমতি অবিহনে আন দেশ বা স্থানৰ জিনীয় সমল চুৰি কৰি তাক ব্যৱসায়িকভাৱে নিজা দেশ বা প্ৰতিষ্ঠানত বিনিয়োগ কৰা কার্যই। পাইৰেচি মানে হ’ল চুৰি বা নকল কৰা। জীৱৰ ক্ষেত্রত বিশেষকৈ এনে চুৰি কার্য সম্প্রতি অত্যাধিক মাত্রাত বৃদ্ধি পোৱা দেখা গৈছে। ইয়াৰ ফলত দেশৰ অৰ্থনৈতিক তথা প্ৰাকৃতিক ক্ষেত্রখনলৈ ভাবুকি নামি আহিছে। ই লোক-পৰম্পৰা, প্ৰকৃতিৰ ওপৰত কৰা একপ্রকাৰৰ শোষণ। কিয়নো এই বিষয়টো অর্থনৈতিক ক্ষেত্রখনৰ সৈতে জড়িত। অনুমতি অবিহনে কোনো দেশৰ পৰা প্ৰাকৃতিক জিন সংগ্ৰহ কৰি সেই জিন বা জিনীয় সমলৰ ব্যৱহাৰ কার্যই হ’ল জিন পাইৰেচি। আমাৰ অজানিতে আৰু অজ্ঞাতে অধিক উৎপাদনক্ষম প্ৰাণী তথা সুস্বাদু উদ্ভিদ ফল-মূল উৎপাদনৰ বাবে বিভিন্ন বহি:দেশৰ কোম্পানী তথা ব্যক্তিয়ে আৰম্ভ কৰিছে চোৰাং সৰবৰাহ। এনেদৰে জিন সংগ্ৰহৰ নামত দিনক দিনে বাঢ়ি অহা জেনেটিক স্মাগলিং আৰু জিনীয় চুৰি কাণ্ডৰ বাতৰি সঘনাই শুনা পাই থাকো যদিও আমি সেয়া বৰ গুৰুত্ব দিবলগীয়া বাতৰি বুলিয়েই নাভাবো।

বৃহৎ পৰিমাণৰ ৰয়েল্টি, পেটেন্ট হস্তগতকৰণ আদিৰ আশাত কৰা এনে ব্যৱসায়ে প্ৰকৃতি প্ৰতিও ভয়াৱহ ভাবুকি কঢ়িয়াই আনিছে। বিভিন্ন সময়ত অন্ধবিশ্বাস তথা জিনৰ চোৰাং সৰবৰাহৰ নামত কেকোসাপ, পখিলা, পোক-পতংগ, গঁড়ৰ খৰ্গ আদিৰ চোৰাং সৰবৰাহ হৈ থকাৰ ফলত সেই জীৱ প্ৰজাতিসমূহৰ ভৱিষ্যতৰ প্ৰতি অমানিশা নামি আহিছে। বহুতো লুপ্তপ্ৰায় জীৱ অৱলুপ্তিৰ দিশেৰেও গতি কৰা দেখা গৈছে।
জিন পাইৰেচিৰ অন্য এক ৰূপ হৈছে বায়'পাইৰেছি। আজিৰ পৰা প্ৰায় দুই সহস্ৰাধিক বছৰৰ আগৰে পৰা ভাৰতবৰ্ষত পৰম্পৰাগতভাৱে খজুৱতি জাতীয় ৰোগৰ ক্ষেত্ৰত নিম ব্যৱহাৰ কৰি অহা হৈছে। কিন্তু নিমৰ এই গুণসমূহ অনুমতিবিহীনভাৱে 'য়ুনাইটেড ষ্টেটছ ডিপাৰ্টমেণ্ট অৱ্ এগ্ৰিকালচাৰ এণ্ড মাল্টিনেচনেল কৰ্পৰেচন ডব্লিউ আৰ গ্ৰেচ'এ তেওঁলোকৰ নামত পেটেণ্ট কৰিছিল। অৱশ্যে পাছলৈ এই পেটেণ্টৰ স্বত্ব কোম্পানীৰ হাতৰ পৰা কৰ্তন কৰা হয়।

নিমৰ দৰেই পাইৰেচিৰ ঘটনা সংঘটিত হৈছিল বাচমতি চাউলৰ ক্ষেত্ৰটো। সেয়া ১৯৯৪ চনৰ ৮ জুলাইৰ কথা। টেক্সাচৰ Rice Tec Inc নামৰ কোম্পানীটোৱে 'য়ুনাইটেড ষ্টেটছ পেটেণ্ট এণ্ড ট্ৰেডমাৰ্ক অফিচ'ত তেওঁলোকৰ নামত পেটেণ্ট নং ৫৬৬৩৪৮৪ পেটেণ্ট যোগে পেটেণ্ট কৰিছিল। অৱশ্যে ভাৰতবৰ্ষই এইবাৰো ইয়াৰ বিৰোধীতা কৰি জয়ী হৈছিল।

চিনজেণ্টা নামৰ এটা প্ৰতিষ্ঠানে ভাৰতবৰ্ষৰ ২২,৯৭২ বিধ ধান খেতিৰ স্বত্ব ইন্দিৰা গান্ধী এগ্ৰিকালচাৰ ইউনিৰ্ভাচিটিৰ সৈতে কৰা MoUৰ জৰিয়তে ড° ৰিচাৰিয়াৰ এই অমূল্য ধানৰ সংগ্ৰহক তেওঁলোকৰ বুলি দাবী কৰিছিল যদিও পাছলৈ এই দাবী প্ৰত্যহাৰ কৰিছিল।

সম্প্ৰতি জিন পাইৰেচি প্ৰতিৰোধৰ বাবে বিভিন্ন স্থানত জিনীয় ৰেকৰ্ড তথা ডি.এন.এ পৰীক্ষাৰ ব্যৱস্থা কৰা হয়। এই সম্পৰ্কে ভূপালৰ নৌৰাদদেহু বন্যপ্ৰাণী অভয়াৰণ্যৰ ডি.এফ.অ' ড° অংকুৰ আৱাধিয়াই কৈছে যে, তেওঁলোকে এই পদ্ধতিৰ জৰিয়তে অভয়াৰণ্যখনৰ উদ্ভিদৰ চোৰাং সৰবৰাহ নিয়ন্ত্ৰণ কৰাৰ লগতে অবৈধ কাঠৰ ব্যৱসায়ো বন্ধ কৰিবলৈ সক্ষম হ'ব। কিয়নো কাঠৰ ডি.এন.এ.ৰ জৰিয়তে গছৰ প্ৰকৃত অৱস্থিতি চিনাক্ত কৰাও সম্ভৱ হ'ব।
লেখাটি পূৰ্বতে Asomiya Pratidin কাকততো প্ৰকাশ পাইছিল। ইউনিকডত সংৰক্ষণৰ বাবে লেখকৰ অনুমতিত পুনৰ প্ৰকাশ কৰা হৈছে।
লেখকৰ আন আন প্ৰকাশিত লেখাৰ পঢ়িবলৈ তলৰ সূত্ৰ ক্লিক কৰক..
                                                                                

No comments:

Post a Comment