চিন্তনঃ নাৰীৰ অৰ্থনৈতিক সমতাৰ প্ৰশ্ন বনাম লিংগ-বৈষম্য ::কুলদীপ মেধি - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

চিন্তনঃ  নাৰীৰ অৰ্থনৈতিক সমতাৰ প্ৰশ্ন বনাম লিংগ-বৈষম্য  ::কুলদীপ মেধি

চিন্তনঃ নাৰীৰ অৰ্থনৈতিক সমতাৰ প্ৰশ্ন বনাম লিংগ-বৈষম্য ::কুলদীপ মেধি

Share This
নাৰীৰ অৰ্থনৈতিক সমতাৰ প্ৰশ্ন বনাম লিংগ -বৈষম্য
কুলদীপ মেধি
দিনে দিনে আমাৰ দেশৰ নাৰীসকল প্ৰগতিশীল হৈ উঠিছে। সামাজিক বাধা-নিষেধ নেওচি তেওঁলোকে সকলো ধৰণৰ কাম-কাজত অংশগ্ৰহণ কৰিবলৈ লৈছে। পুৰুষৰ সমানে সমানে আজিকালি সকলো ক্ষেত্ৰতে নাৰীৰ জয়জয়কাৰ। বৰ্তমান চৰকাৰেও নাৰী-পুৰুষৰ সমতাৰ বাবে নানাধৰণৰ কাৰ্যসূচী হাতত লোৱা দেখা গৈছে। চৰকাৰৰ বাস্তৱমুখী নানা পদক্ষেপৰ কাৰণে দেশৰ উন্নয়ন-অগ্ৰগতিত নাৰীৰ অৱদান উল্লেখযোগ্য। নাৰী এতিয়া উৰ্ত্তীণ হ’বলৈ সক্ষম হৈছে দেশৰ সৰ্বোচ্চ স্তৰলৈ। আমি ন-দি ক’ব পাৰোঁ যে আজিৰ এই পুৰুষতান্ত্ৰিক সমাজৰ বৃত্তৰ পৰিধি ভাঙি নাৰী দোপদদোপে আগুৱাই গৈ আছে। বহুতে ক’ব খোজে, আমাৰ দেশত নাৰী-পুৰুষৰ সমতা আহিছে। কিন্তু প্ৰকৃততে আহিছেনে সমতা?
বাধাৰ পাহাৰ অতিক্ৰম কৰি কৰ্মক্ষেত্ৰত নাৰীৰ অংশগ্ৰহণ বাঢ়িলেও এতিয়াও দেশৰ অধিকাংশ নাৰী নিজৰ ঘৰতেই যেন অৱহেলিত। এতিয়াও নাৰীৰ সম্পূৰ্ণ সমতা আহিছে বুলি দাঠি ক’ব নোৱাৰি। বিভিন্ন গৱষেণাত দেখা গৈছে যে আমাৰ দেশৰ নাৰীৰ অৱস্থান এতিয়াও প্ৰাচীন সামাজিক ব্যৱস্থাতেই ৰৈ আছে।

কৰ্মজীৱী পুৰুষতকৈ নাৰীয়ে আজিও প্ৰায় দুগুণ কাম কৰি আছে। কৰ্মজীৱী পুৰুষে অফিচ বা ব্যৱসায়িক প্ৰতিষ্ঠান আদিত কাম কৰি ঘৰত প্ৰৱেশ কৰাৰ পিছত ঘৰুৱা কাম-কাজত অতি ক্ষুদ্ৰসংখ্যক পুৰুষে অংশগ্ৰহণ কৰে। আনহাতে নিজ নিজ কৰ্মসংস্থাত কাম কৰি ঘৰলৈ অহাৰ পিছতো নাৰীৰ জানো আহৰি আছে? পৰিয়ালৰ ৰন্ধাবঢ়াৰ পৰা আৰম্ভ কৰি প্ৰাত্যহিক সকলো কাম তেওঁলোকেই কৰিব লাগে- ইচ্ছা থাকক বা নাথাকক। ফলত সৃষ্টিশীল আৰু কৰ্মজীৱী নাৰীসকলৰ পক্ষে নিজৰ যোগ্যতাৰে নিজক আগুৱাই নিয়াতো পুৰুষসকলোতকৈ বহুত বেছি কঠিন হয়।

পেশাদাৰী নাৰীসকলৰ ওপৰত কৰা এক গৱেষণাৰ পৰা জানিব পৰা গৈছে যে এজন কৰ্মশীল পুৰুষতকৈ এগৰাকী কৰ্মশীল নাৰীয়ে দুগুণ কাম কৰে। অফিচ বা নিজৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কাম-কাজবোৰ নিয়াৰীকৈ কৰাৰ উপৰিও দেশৰ ৯২% নাৰীয়ে ঘৰুৱা কামবনো কৰে বা কৰিবলৈ বাধ্য। National Sample Surveyৰ প্ৰতিবেদন নং ৫৯৯ৰ মতে অসমৰ প্রতি ১০০০ গৰাকী নাৰীৰ মাজত ৯১৯ গৰাকী নাৰীয়ে ঘৰুৱা কাম-কাজত নিজকে নিয়োজিত কৰিব লগা হৈছে বিভিন্ন কাৰকৰ বাবে। তেনে কিছু কাৰকৰ কথা প্রতিবেদনখনত উল্লেখ কৰা হৈছে- ১) ঘৰত অন্য কোনো লোকে ঘৰুৱা কামবোৰ কৰিব নোৱাৰে বাবে, ২) পাৰিশ্রমিক দি বনকৰা কর্মী ৰাখিবলৈ সক্ষম নোহোবা বাবে, ৩) সামাজিক তথা ধর্মীয় বাধা-নিষেধৰ বাবে, ৪) অন্য কাৰক। আৰু কোনো কাৰণ নোহোৱাকৈও ঘৰুৱা কামত নিয়োজিত কৰা নাৰীৰ সংখ্যা অসমত প্রতি হাজাৰৰ ভিতৰত ৭৯ গৰাকী। অসমৰ গ্রাম্য অঞ্চলৰ প্রতি হাজাৰৰ হিচাপত ৮৪৪ গৰাকী নাৰীয়ে পাকঘৰৰ কাম কৰে য’ত নগৰাঞ্চলত ৩৭৮ গৰাকীয়েহে পাকঘৰৰ কাম সম্ভালে।

অন্য এক প্ৰকাশিত তথ্য মতে- মাত্ৰ ৬.১% পুৰুষে ৰন্ধা-বঢ়া কাম কৰে। য’ত ৮৮% নাৰীয়ে ৰন্ধা-বঢ়া কাম কৰে। ৭৫% নাৰীয়ে নিজৰ লগতে সন্তান, স্বামী আৰু পৰিয়ালৰ অন্য সদস্যৰো কাপোৰ ধোৱে। আনহাতে মাত্ৰ ৩% পুৰুষে এই কাপোৰ ধোৱা কামটো ঘৰুৱা কামৰ ভিতৰত কৰে। ৮% পুৰুষেহে ঘৰ সৰা-মচা, চাফা কৰা কাম কৰে, য’ত ৫৩% নাৰীযে ঘৰৰ যাৱতীয় চাফ-চিকুণৰ কাম কৰে। শিশুসকলৰ পৰিচৰ্যা বা আলপৈচান ধৰা নাৰী হৈছে ৩২%, য’ত পুৰুষৰ অংশগ্ৰহণ মাত্ৰ ১৫%। United Nationsৰ নাৰী প্ৰতিবেদনৰ “Progress of the World’s Women 2019-20”ৰ পৰা জানিব পৰা গৈছে যে ভাৰতৰ ৭.৫ শতাংশ নাৰীয়ে (Single Mother) অকলশৰীয়া উপাৰ্জনেৰে নিজৰ সন্তানৰ তথা সংসাৰ চলোৱাত অৰিহণা যোগায়। এনেবোৰ কাম কৰাৰ উপৰিও সংসাৰৰ অন্য কাম-কাজতো কৰ্মজীৱী একোগৰাকী নাৰীৰ যোগদান কৰ্মজীৱী পুৰুষ এজনতকৈ বহু পৰিমাণে বেছি। ফলত এগৰাকী কৰ্মজীৱী নাৰীয়ে ভালকৈ জিৰণি বা অৱসৰ লোৱাৰো সুযোগো নাপায়। বিজ্ঞসকলৰ মত, জীৱনটোত তেওঁলোকে সদা ব্যস্ত হৈয়ে থাকিব নেকি?

বিশ্ববেংকৰ “নাৰী, ব্যৱসায় আৰু আইন ২০২০ (Women, Business and Law 2020)”শীৰ্ষক এখন প্ৰতিবেদনত দেখা গৈছে যে বিশ্বৰ মাত্ৰ আঠখন দেশত নাৰী-পুৰুষৰ অৰ্থনৈতিক সমতা আছে। বাকী দেশবোৰত আজিও নাৰীৰ প্ৰতি বৈষম্য আছে বুলি ক’ব পাৰি। নাৰীৰ অৰ্থনৈতিক বৈষম্যৰ এই মাপকাঠিত ভাৰতে মূল্যাংকন(score)পাইছে ৭৪.৪ শতাংশ। বিশ্ববেংক সংস্থাই ১৯৭০ চনৰ পৰা ২০২০ চনলৈ এই ৫০ বছৰ ধৰি পৃথিৱীৰ ১৯০খন দেশক সাঙুৰি লৈ তথ্য সংগ্রহ কৰি প্ৰতিবেদনখন প্ৰস্তুত কৰি উলিয়াইছে। ভাৰতত NSSO, 2019ৰ এক জৰীপৰ দ্বাৰা জানিব পৰা গৈছে যে নাৰীয়ে পুৰুষতকৈ বেছিকৈ কাম কৰে। আৰু এই বৰ্দ্ধিত কামৰ বাবে নাৰীয়ে কোনো পাৰিশ্ৰমিক লাভ নকৰে। সেয়েহে নাৰীয়ে পৰিয়াল বা ঘৰত কৰা কামবোৰোৰ বাবে কোনোদিনে প্ৰশংসিত নহয় অথবা কাম কৰাটো অদৃশ্য হৈয়ে থাকি যায়। NSOয়ে জনাইছে যে ভাৰতীয় নাৰীয়ে ১৯.৫% সময় ঘৰুৱা কামত ব্যয় কৰে, যাৰবাবে তেওঁ কোনো মাননি নলয়। প্ৰতিবেদনৰ মতে, ভাৰতীয় নাৰীসকলে ২৪ ঘন্টাৰ ভিতৰত গড়ে ২৪৩ মিনিট, য’ত পুৰুষসকলে মাত্ৰ গঢ়ে প্ৰায় ২৫ মিনিট সময় খৰছ কৰে ঘৰুৱা কামবনত। পাৰিশ্ৰমিক পোৱা কাৰ্যত নিয়োজিত হোৱা ১৫ বছৰৰ পৰা ৫৯ বছৰ বয়সৰ নাৰী আছে মাত্ৰ ২০.৬ শতাংশ। আৰু এই ২০.৬%ৰ ভিতৰত ভাৰতৰ গ্ৰাম্য আৰু চহৰাঞ্চৰ পাৰ্থক্য তথৈবচ। গ্ৰাম্য অঞ্চলৰ নাৰীসকলে আজিও দিনটোৰ অধিকাংশ সময় ঘৰুৱা কামবনতে পাৰ কৰিব লগা হয়, যাৰফলত গ্ৰাম্য অৰ্থনীতি যিটো হাৰত উন্নতি কৰিব লাগিছিল, সেইহাৰত উৰ্দ্ধগামী হোৱা নাই। প্ৰায় ৭০% পুৰুষে ধন পোৱা কামতহে নিজক নিয়োগ কৰে। মাননি বা পাৰিশ্ৰমিক নোপোৱা কামৰ পৰা তেওঁলোকে নিজকে আঁতৰাই ৰাখে অথবা এইবুলিও ক’ব পাৰি যে টকা নাপালে তেওঁলোকে কাম নকৰে। কিন্তু নাৰীয়ে এক মিনিটৰ প্ৰায় ১৫ চেকেণ্ড সময় বিনা ধন বা পাৰিশ্ৰমিকহীন কামত নিজক নিয়োজিত কৰে। গ্ৰাম্য অঞ্চলৰ নাৰীসকলে দিনটোৰ প্ৰায় ৬ ঘন্টা ৩০ মিনিট সময় বিনা পাৰিশ্ৰমিকৰ কামত নিজক নিয়োজিত কৰে একমাত্ৰ দায়িত্ব বুলি লৈ। নাৰীতকৈ পুৰুষৰ এই দায়িত্বজ্ঞান কম বা ল’ব নোখোজে। চহৰাঞ্চলৰ নাৰী আৰু পুৰুষসকলৰ মাজত বিনা পাৰিশ্ৰমিকত কাম কৰা সময়ৰ ব্যৱধান হৈছে ২৪ ঘন্টাত ৩ ঘন্টা ৩০ মিনিট।

UNGC (United Nations Global Compact)য়ে ১৫৩খন দেশৰ মাজত চলোৱা এটি সমীক্ষাৰ জৰিয়তে জানিব পৰা গৈছে যে ভাৰত এখন একমাত্র দেশ য’ত কর্মক্ষেত্রত নাৰী আৰু পুৰুষৰ মাজৰ লিঙ্গ বৈষম্য ৰাজনৈতিক বৈষম্যতকৈ অধিক বেছি। এনেবোৰ কাৰণতে নাৰীৰ কামৰ প্ৰতি যিমানেই আগ্ৰহ বা উচ্ছলতা থাকিলেও, মনত সদায় এক হুমুনিয়াহ লুকাই থাকে। গৱেষক তথা মানৱাধিকাৰ কর্মীসকলে কয়, নাৰীৰ ক্ষমতাৰ বাবে চৰকাৰে নানা ধৰণৰ পদক্ষেপ গ্রহণ কৰিছে। ভাৰতত নাৰীৰ উন্নয়ন আৰু অংশগ্রহণৰ ক্ষেত্রত নাৰী বহু দূৰ আগবাঢ়িছে। তথাপিও যেন আমাৰ দেশৰ বহু সংখ্যক পুৰুষে নাৰী ক্ষমতাশীল হোৱাটো সিমান এটা পচন্দ নকৰে। আমাৰ প্রচলিত সমাজখনে নাৰীৰ ওপৰত অতিৰিক্ত কামৰ বোজা জাপি দিয়াত নাৰীসকল যেন এই ক্ষমতাশীল আৰু আত্ম-স্বাধীনতাৰ আচল সোৱাদৰ পৰা সদায় বঞ্চিত হৈ আছে। নাৰীসকলে আজি সমাজৰ সকলো দিশতে কৃত্বিত্ব লাভ কৰিলেও নিজৰ পৰিয়ালত তেওঁলোকৰ অৱস্থিতি মুঠেও সলনি হোৱা নাই বুলি ভাবিব পাৰি। বহু ক্ষুদ্র সংখ্যক নাৰীয়ে নিজ পৰিয়ালৰ পৰা উৎসাহ বা নিজৰ মনে বিচৰা কাম কৰিবলৈ সময় পায়। সামগ্রিকভাবে যোৱা দুই দশক পৰা কর্মক্ষেত্রত নাৰীৰ যোগদান বৃদ্ধি পাইছে। দুই বা চাৰি দশক আগতে যিবোৰ কাম পুৰুষেহে কৰিব পাৰি বুলি ভবা হৈছিল তেনে কাৰ্যতো নাৰীয়ে পুৰুষৰ সমানে সমানে কান্ধ মিলাই আগবাঢ়িছে। অর্থাৎ যিবোৰ কাম অকল পুৰুষৰ কাম বুলি কোৱা হৈছিল তেনেবোৰ কামো নাৰী-পুৰুষ উভয়ে ভাগ কৰি সুকলমে সম্পাদন কৰি আছে। আনহাতে যিবোৰ কাম নাৰীৰ কাম বুলিহে ধৰা হয় তাত কিন্তু পুৰুষৰ অংশগ্রহণ বা যোগদান খুউব পুতৌলগা।

দেশৰ শ্রমখণ্ডত নাৰীৰ অংশগ্রহণ দিনক দিনে বৃদ্ধি হলেও তেওঁলোকৰ আহৰি নাই। ঘৰৰ কামবোৰো নিয়মিতভাবে কৰি থাকিব লগা হৈছে। এককথাত কবলৈ হ’লে ঘৰে-বাহিৰে নাৰীসকলে ৰ’বটৰ নিচিনাই কাম কৰিব লগা হৈছে। বেছিভাগ পুৰুষেই তেওঁলোকৰ কর্মজীৱী স্ত্রীৰ লগতেই নিজ নিজ অফিচ বা কামলৈ ওলাই যায়, কাম কৰি সন্ধিয়া দুয়ো ঘৰলৈ উভতি আহি স্ত্রীগৰাকীয়ে কৰা ঘৰুৱা কামত কিন্তু পুৰুষজনে সহায়-সহযোগিতা নকৰে। কর্মজীৱী নাৰীগৰাকীৰ যিমানেই কষ্ট বা ক্লান্ত নহওক কিয়, কামৰ পৰা ঘৰলৈ আহি তেওঁ নিজৰ সন্তানক চোৱা, স্বামীক চোৱা, অন্য সদস্যকো চোৱা-চিতা কৰাটো একান্তই জৰুৰী হৈ পৰে। এই অৱস্থাৰ পৰা উত্তৰণ হ’বলৈ হ’লে নাৰীয়ে কৰা কামবোৰৰ বাবে পুৰুষসকলকো প্রস্তুত কৰি তুলিব লাগিব। নাৰীৰ লগে লগে পুৰুষসকলকো ঘৰুৱা কামবনত অংশগ্রহণৰ বাবে তৈয়াৰ কৰিবলৈ হ’লে আমাক সামগ্রিক শিক্ষাৰ প্রয়োজন। আৰু এই শিক্ষাৰ আৰম্ভণি হ’ব লাগিব ঘৰৰ পৰাই। এটি পৰিয়ালৰ শিশুৱে যদি তাৰ পিতৃ-মাতৃৰ লগত পৰিয়ালৰ সৰুসুৰা কামবোৰত অংশ লয়, তেতিয়া সেই শিশুটি ডাঙৰ হৈও তাৰ নিজৰ ঘৰৰ ঘৰুবা কামবনত অংশ লবলৈ আগ্রহী হ’ব বুলি ধাৰণা কৰিব পাৰি। তেনে কামবোৰ অকল নাৰীৰ কাম বুলি হয়তো এৰি নচলিব।

বিশ্বৰ কিছু গৱেষকে ক’ব খোজে যে নাৰীৰ এই স্থিতি পৰিবর্তনৰ বাবে প্রথমে পুৰুষৰ দৃষ্টিভঙ্গীৰ পৰিবর্তন হ’ব লাগিব। আমি সাধাৰণতে কওঁ যে, এটা পৰিয়াল তেতিয়াই সুখী হয় যেতিয়াই স্বামী-স্ত্রী উভয়ৰে মাজত আন্তৰিকতা থাকে। ইয়াৰ বাবে নাৰীৰ সমানে সমানে পুৰুষেও ঘৰৰ কামবনৰ দায়িত্ব ল’ব লাগিব। নাৰীয়ে বাহিৰৰ জগতখনৰ কাম কৰিও নিজৰ ঘৰখনতো অমানুষিক শ্রম দান কৰি থাকে। এয়া নাৰীৰ প্রতি পুৰুষৰ এক অৱহেলা নহয় জানো? নাৰীয়ে পুৰুষৰ সমানে সমানে কর্মক্ষেত্রত কাম কৰি আছে যদিও পুৰুষতান্ত্রিক বাধা সম্পূৰ্ণ অতিক্রম কৰিবলৈ আজিও সক্ষম হোৱা নাই বা পুৰুষে সেই অধিকাৰ বা ক্ষমতা নাৰীক দিয়া নাই। এই পুৰুষতান্ত্রিক বাধাবোৰ নিঃশেষ কৰিব পাৰিলেই সমাজত বা পৃথিৱীত নাৰী-পুৰুষৰ সমতা অহাটো সম্ভৱ। কেৱল আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসত নাৰীৰ সামাজিক প্ৰশ্নবোৰক লৈ আলোচনা কৰিলেই নহব, বাস্তৱিক ভাৱে সমাজে একত্ৰে প্ৰতিনিয়ত যে সামাজিক বৈষম্যমূলক চিন্তাৰ শিপা উঘালিবলৈ চেষ্টা কৰিব লাগিব, সেই কথাও কিন্তু নিশ্চিত।

No comments:

Post a Comment