গুগল অনুবাদক, ইণ্টাৰনেটত অসমীয়া আৰু ভাষা-প্ৰযুক্তি বিকাশ পৰিষদ
ড° গুণদীপ চেতিয়া, ড° ভাস্কৰজ্যোতি শৰ্মা
অসমীয়া ভাষাক গুগল অনুবাদকত অন্তৰ্ভুক্ত কৰা বিষয়ে ইতিমধ্যে অসমত বিশেষ চৰ্চা লাভ কৰাৰ লগতে এই বিষয়ে সামাজিক মাধ্যমত বিভিন্নজনে বিভিন্ন ধৰণে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি অহাৰ সূত্ৰ ধৰিয়েই এই বিষয়ে কিছু কথা প্ৰকাশ কৰাৰ প্ৰয়োজনীয়তা আছে বুলি ভাবিব পাৰি৷ গুগল অনুবাদকত অসমীয়া ভাষাৰ অন্তৰ্ভুক্তিয়ে অসমীয়া ভাষা প্ৰযুক্তিৰ জগতখনক যে এখোজ আগুৱাই লৈ গ’ল সেইটো নিসন্দেহে সত্য৷ কিন্তু আজিৰ এই সফলতাৰ বাবে যি পৰ্যায়ত যি ধৰণে প্ৰচেষ্টা চলোৱা হৈছিল আৰু হৈ আছে, সেইখিনিও উল্লেখযোগ্য দিশ আৰু এনে একোটা প্ৰচেষ্টাৰ আঁৰৰ দিশবোৰ সাধাৰণ লোকৰ সন্মুখত কিছু পৰিমাণে স্পষ্ট নহ’লে বহু কথাতে অস্পষ্টতা আৰু আসোঁৱাহ ৰৈ যোৱাৰ সম্ভাৱনা থাকে৷
বৰ্তমানে ভাষা এটাৰ ডিজিটেল ৰূপৰ বিকাশৰ ক্ষেত্ৰত ইণ্টাৰনেট বা অনলাইন মঞ্চখনৰ গুৰুত্ব সৰ্বাধিক বুলি ক’লেও বঢ়াই কোৱা নহয়৷ এই ইণ্টাৰনেটৰ মাধ্যমেৰে সংযোগ গঢ়ি উঠা দুই এজন প্ৰৱাসী অসমীয়াৰ লগতে ভাৰতত বাস কৰা কিছুসংখ্যক অসমীয়াই ২০০৬ চন মানতে ইণ্টাৰনেটত অসমীয়া ভাষাৰ দুখলগা স্থিতিৰ বিষয়ে চিন্তা-চৰ্চা কৰিছিল৷ তাৰেই পৰিণতিত ২০০৬ চনৰ মাৰ্চ মাহত ‘শব্দ ডট অৰ্গ’ নামৰ অনলাইন অভিধানখনৰ কাম আৰম্ভ কৰ হয়৷ এই অভিধানখনত কৰা শব্দসমূহৰ অন্তৰ্ভুক্তিতো অসম তথা প্ৰবাসী কেইবাজনো অসমীয়াই নিজৰ নিজৰ অৱদান আগবঢ়ায়৷ ২০০৬ চনৰপৰা ২০১০ চনলৈকে চেগাচোৰোকাকৈ দুই-একে ব্লগ, ৱেবচাইট, সামাজিক মাধ্যম আদিত অসমীয়া লিখা দেখা গৈছিল যদিও সেই সময়ত অনলাইন মাধ্যমত সক্ৰিয় বেছিভাগ মানুহেই লিখিছিল ৰোমান লিপিত অথবা ইংৰাজী ভাষাত৷ তাৰ মুখ্য কাৰণ আছিল সেই সময়ত ইণ্টাৰনেটত অসমীয়া লিখাৰ বাবে ইউনিক’ড সমৰ্থিত উপযুক্ত সঁজুলি, ফণ্ট আদিৰ অভাৱৰ লগতে অসমীয়াৰ দৰে জটিল লিপি, বিশেষকৈ যুক্তাক্ষৰসমূহ সঠিক ৰূপত দেখুওৱাত আহি পৰা সমস্যা৷ ২০০৯-১০ চনত প্ৰায় আঠজনমান অসমীয়া ব্যক্তিয়ে (বেছিভাগেই প্ৰবাসী) ডিজিটেল মাধ্যমত অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ উদ্দেশ্যে ‘ই-জোনাকী যুগ’ নামৰ এক প্ৰকল্পৰ আৰম্ভণি কৰিছিল৷
উল্লেখযোগ্য যে ইণ্টাৰনেটত উপলব্ধ একোটা ভাষাৰ সমল আৰু ব্যৱহাৰকাৰীৰ ওপৰত ভিত্তি কৰি গুগল, মাইক্ৰ’চফ্ট আদি বৃহৎ কোম্পানীবোৰে ভাষাটোৰ প্ৰযুক্তিগত ক্ষেত্ৰত কাম কৰাৰ বাবে আগ্ৰহ প্ৰকাশ কৰে৷ এই প্ৰতিষ্ঠানসমূহৰ বিভিন্ন ডিজিটেল সুবিধা আৰু ব্যৱস্থাসমূহ উপলব্ধ কৰাৰ ক্ষেত্ৰত সেই ভাষাটোৰ ব্যৱহাৰকাৰীৰ দিশটো কোম্পানীসমূহে বৰ সূক্ষ্মভাৱে পৰ্যৱেক্ষণ কৰে কাৰণ ইয়াৰ অন্তৰালত তেওঁলোকৰ ব্যৱসায় জড়িত হৈ থাকে৷ এনে দিশসমূহৰ ওপৰত ভিত্তি কৰিয়েই পৰ্যায়ক্ৰমে তেওঁলোকৰ কাৰিকৰী ব্যৱস্থাসমূহত ভাষাসমূহ অন্তৰ্ভুক্ত কৰাৰ বাবে কাম কৰি গৈ থাকে৷ উদাহৰণ স্বৰূপে ২০০৬ চনত গুগল অনুবাদকত ইংৰাজী, চাইনিজ আৰু আৰবী ভাষা পোন প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে ২০০৮ চনত হিন্দী, ২০১০ চনত উৰ্দু, ২০১১ চনত বাংলা, গুজৰাটী, কানাড়া, তামিল, তেলুগু আদি ভাৰতীয় ভাষা অন্তৰ্ভুক্ত কৰে৷ ইয়াৰ পিছত ২০১৩ চনত মাৰাঠী, ২০১৪ চনত মালায়ালম, ২০২০ চনত ওড়িয়া আৰু শেহতীয়াকৈ ২০২২ চনত অসমীয়া ভাষা সাধাৰণলোকে ব্যৱহাৰ কৰিব পৰাকৈ এই অনুবাদকত সংযোগ কৰে৷ উল্লেখযোগ্য যে, ২০১০ চনলৈকে ইণ্টাৰনেটত অসমীয়া ভাষাৰ সমল একেবাৰেই নগণ্য আছিল৷ আনহাতে সেইখিনি সময়তে সামাজিক মাধ্যম ফেচবুকে অসমত এক ব্যাপক জনপ্ৰিয়তা লাভ কৰে৷ এই জনপ্ৰিয়তাৰ সুব্যৱহাৰ কৰি কেইজনমান উৎসাহী ব্যক্তিয়ে ২০১০ চনৰ নৱেম্বৰ মাহত ‘অসমীয়াত কথা-বতৰা (চমুকৈ অ.ক.ব)’ নামেৰে এক ফেচবুক গোট গঠন কৰি ইণ্টাৰনেটত অসমীয়া লিখাৰ আৰু লিখোৱাৰ প্ৰচেষ্টাত নামি পৰে৷ এই মঞ্চখনত চিকিৎসক, অভিযন্তা, কম্পিউটাৰ বিশেষজ্ঞ, চাকৰিয়াল, ব্যৱসায়ী, গৱেষক, ছাত্ৰ-ছাত্ৰীকে আদি কৰি বিভিন্ন বিদ্যায়তনিক আৰু অবিদ্যায়তনিক ক্ষেত্ৰৰ সচেতন ব্যক্তি জড়িত হৈ ইণ্টাৰনেটত অসমীয়া সমল বৃদ্ধিৰ বাবে একধৰণৰ সামাজিক জাগৰণৰ সৃষ্টি কৰে৷ এই মঞ্চৰ পৰাই ২০১২ চনত গুগলৰ সঁজুলিসমূহত অসমীয়া এটা অন্যতম ভাষা হিচাপে সংযোগ কৰাৰ বাবে আঢ়ৈহাজাৰতকৈও অধিক লোকৰ স্বাক্ষৰ সম্বলিত এখন ৰাজহুৱা আৱেদন পত্ৰ ‘www.change.org’ ত প্ৰদান কৰে৷
এইখিনিতেই অসমীয়া ভাষাৰ সমল আৰু ব্যৱহাৰকাৰী বৃদ্ধি কৰাৰ ক্ষেত্ৰত প্ৰত্যাহ্বান হিচাপে থিয় দিয়ে অসমীয়া লিপিৰে অসমীয়া ভাষাত লিখাৰ বাবে সহজলভ্য আৰু সৰল ব্যৱহাৰযোগ্য সঁজুলিৰ অভাৱটোৱে৷ এই বিষয়ে অ.ক.বৰ মঞ্চত ভালেখিনি চৰ্চাও আৰম্ভ হয়৷ এই মঞ্চতেই উচ্চাৰণভিত্তিক এটা টাইপিং সঁজুলি(Phonetic IME)ৰ প্ৰয়োজনীয়তাৰ দিশটোত বিশেষ জোৰ দিয়া হয়৷ কাৰণ সেই সময়চোৱাত কম্পিউটাৰবোৰত অসমীয়াৰ দৰে ভাষাৰ ‘জটিল আখৰ (Complex Script)’ শুদ্ধ ৰূপত লিখিব পৰাটো একধৰণৰ সমস্যাই আছিল৷ সেই সময়ত অসমীয়া লিখাৰ বাবে বহুলভাৱে ব্যৱহৃত দুটা সঁজুলি আছিল দক্ষিণ ভাৰতত নিৰ্মিত ‘বৰহ’ আৰু বাংলাদেশত প্ৰস্তুত কৰা ‘অভ্ৰ’৷ ‘বৰহ’ ব্যৱহাৰ কৰি অসমীয়া লিখাটো কষ্টসাধ্য আছিল, আনহাতে ‘অভ্ৰ’ মূলতঃ বাংলা লিখিবৰ বাবেহে নিৰ্মাণ কৰা হৈছিল৷ অভ্ৰৰ ফোনেটিক টাইপিং ব্যৱস্থাটোৰ দ্বাৰা অসমীয়া লিখাৰ ক্ষেত্ৰত মানুহে কিছু সহজ পাইছিল যদিও তাত কিন্তু অসমীয়া ‘ৰ’ আৰু ‘ৱ’ আখৰ দুটা পোনপটীয়াকৈ পোৱা নগৈছিল৷ তাৰ উপৰিও ‘অভ্ৰ’ৰ আন এটা সমস্যা আছিল যিটো বিষয়ে বহু সময়ত সাধাৰণ ব্যৱহাৰকাৰী অৱগত নহ’লেও কম্পিউটাৰ বিশেষজ্ঞ কিছুমানে ভালদৰে বুজি উঠিছিল যে ‘অভ্ৰ’ৰ সহায়ত অসমীয়া লিখিলে তাত বাহ্যিকভাৱে গম নোপোৱাকৈয়ে কিছুমান যুক্তাক্ষৰত অসমীয়া ‘ৰ’ আখৰটোৰ ইউনিকোডে দিয়া কোডটোৰ সলনি বাংলা ‘ৰ’ৰ ক’ডটোহে থাকি যায়৷ ফলত অসমীয়া সমলবোৰো বাংলা সমল হিচাপে গুগলে চিনাক্ত কৰিবলৈ ধৰাত ই সামগ্ৰিকভাৱে অসমীয়া ভাষাৰ বাবেই এটা প্ৰত্যাহ৩ান হিচাপেই ঠিয় দিয়ে৷ গতিকে, সেই সময়ত ইণ্টাৰনেটত অসমীয়া সমল বৃদ্ধি কৰাতকৈও ইউনিক’ড কনচৰটিয়ামে অসমীয়া লিপিটোৰ বাবে সুকীয়া ব্যৱস্থা নিদিয়াটোহে প্ৰধান সমস্যা বুলি বহুতে গণ্য কৰিবলৈ লয়৷ কিন্তু সেই সময়ত এইটোও উপলব্ধি কৰা হৈছিল যে, ইউনিক’ডত অসমীয়া লিপিয়ে স্বকীয় স্বীকৃতি লাভ কৰাটো একেদিনাই সম্ভৱ হোৱা ঘটনা নহয়৷ গতিকে সেই সময়ত তৎকালীনভাৱে কম্পিউটাৰত এনে এটা অসমীয়া লিখন সঁজুলিৰ প্ৰয়োজন আহি পৰিছিল, যিটোত অসমীয়া ‘ৰ’ লিখিবলৈ যাতে ইউনিক’ডে প্ৰদান কৰা নিৰ্দিষ্ট ক’ডটোহে ব্যৱহৃত হয়৷ সেই সময়ত মাইক্ৰচফ্টে প্ৰদান কৰা অসমীয়া লিখন সঁজুলি আছিল যদিও ই সাধাৰণ ব্যৱহাৰকাৰীৰ বাবে সৰলতো নাছিলেই বৰঞ্চ যথেষ্ট আসোঁৱাহপূৰ্ণহে আছিল৷ ইয়াৰ আগতে ভাৰত চৰকাৰৰ বৈদ্যুতিন আৰু তথ্য-প্ৰযুক্তি মন্ত্ৰালয়ে ভাৰতৰ সংবিধানস্বীকৃত ভাষাকেইটাৰ ক্ষেত্ৰত প্ৰযুক্তিগত গৱেষণা আৰু ব্যৱহাৰিক সঁজুলি নিৰ্মাণৰ বাবে এটা অভিলাষী প্ৰকল্পৰ অধীনত যথেষ্ট পুঁজি আবণ্টন কৰিছিল৷ অসমৰো দুখন উচ্চ শিক্ষা প্ৰতিষ্ঠানে অসমীয়া আৰু উত্তৰ-পূবৰ আন কেইটামান ভাষাৰ প্ৰযুক্তিগত উন্নতি সাধন কৰাৰ বাবে এই পুঁজি লাভ কৰিছিল৷ কিন্তু দুখৰ কথা যে কাগজে-পত্ৰই তেওঁলোকে কৰা দুই এটা তাত্ত্বিক কামৰ তথ্য পোৱা গৈছিল যদিও সৰ্বসাধাৰণ ৰাইজে ব্যৱহাৰ কৰিব পৰাকৈ সৰল আৰু ব্যৱহাৰিক সঁজুলি উলিয়াই দিব নোৱাৰিলে৷
2013 চনত গুগোলৰ গৌতম গান্ধীৰ সৈতে বৈঠক |
গৌতম গান্ধী ডাঙৰীয়াৰ সৈতে বৈঠকত মিলিত হোৱাৰ পাছতেই ‘ভাষা প্ৰযুক্তি বিকাশ পৰিষদ’ৰ সদস্যসকলে সেই সময়ৰ আমট্ৰন(AMTRON) ৰ পৰিচালন সঞ্চালক এম. কে. যাদব ডাঙৰীয়াক সাক্ষাৎ কৰি অসমীয়া ফণ্ট নিৰ্মাণ কৰাৰ প্ৰয়োজনীয়তাৰ বিষয়ে বিশেষ আলোচনাত মিলিত হয়৷ সেই সময়ত এটা কথা ভালদৰেই উপলব্ধি কৰা হৈছিল যে, কম্পিউটাৰত ইউনিক’ড সমৰ্থিত লিখন সঁজুলিৰ লগতে উপযুক্ত অসমীয়া ফণ্ট নিৰ্মাণৰো প্ৰয়োজনীয়তা আছিল৷ কাৰণ সেই সময়ত অসমীয়া লিখিবলৈ ব্যৱহৃত প্ৰায়ভাগ ফণ্টেই বাংলাদেশত নিৰ্মিত আৰু বাংলা ভাষাৰ বাবে প্ৰস্তুত কৰা ফণ্ট হোৱাৰ হেতুকে এইবোৰ অসমীয়া ভাষাৰ বাবে আঁসোৱাহপূৰ্ণ আছিল৷ আনহাতে, একোটা ফণ্ট-পৰিয়াল নিৰ্মাণ কাৰ্য যথেষ্ট খৰচী আৰু কষ্টসাধ্য হোৱাৰ বাবে মাত্ৰ চৰিগৰাকী সদস্যৰ জেপৰ ধনেৰে চলি থকা ‘ভাষা-প্ৰযুক্তি বিকাশ পৰিষদ’ৰ দ্বাৰা ফণ্ট-পৰিয়াল নিৰ্মাণ কৰি উলিওৱাটো সেই সময়ত কোনো প্ৰকাৰে সম্ভৱ নাছিল৷ কিন্তু অতি সুখৰ কথা যে, যথেষ্ট পলমকৈ হ’লেও ২০১৯ চনত অসম প্ৰকাশন পৰিষদৰ বৰ্তমান সচিব প্ৰমোদ কলিতা ডাঙৰীয়াই অতি আগ্ৰহেৰে ফণ্ট-পৰিয়াল নিৰ্মাণ কৰি উলিওৱাৰ ক্ষেত্ৰত ‘ভাষা প্ৰযুক্তি বিকাশ পৰিষদ’ক সহায় কৰিবলৈ আগবাঢ়ি আহে আৰু এই ক্ষেত্ৰত অসম প্ৰকশন পৰিষদৰ উপধ্যক্ষ সুমন্ত চলিহা ডাঙৰীয়াইও বিশেষ উৎসাহ প্ৰদানৰ ফলশ্ৰুতিতেই ২০২০ চনত বাণীকান্ত নামেৰে সম্পূৰ্ণ নিজস্বভাৱে ইউনিকোড সমৰ্থিত, ছপাযোগ্য এটা ফণ্ট পৰিয়াল নিৰ্মাণ কৰি উলিওৱা কাৰ্য সম্ভৱ হৈ উঠে৷
২০১৩ চনৰ আন এটা উল্লেখযোগ্য কথা হ’ল যে, সেই সময়ত উইকিমেডিয়া ফাউণ্ডেচনৰ বিষয়া সুভাশিষ পাণিগ্ৰাহীৰ সৈতে ‘ভাষা প্ৰযুক্তি বিকাশ পৰিষদ’ৰ এখন বৈঠক ডিব্ৰুগড় বিশ্ববিদ্যালয়ত অনুষ্ঠিত হয়৷ এই বৈঠকত অসমীয়া উইকিপেডিয়াত সমল বৃদ্ধিৰ কাৰিকৰী দিশবোৰৰ বিষয়ে বিষদভাৱে আলোচনা কৰা হয় আৰু পাণিগ্ৰাহী ডাঙৰীয়াক অসমীয়া লিখিবৰ ববে ‘ৰ’দালি’ক উইকিপেডিয়াত সংযোগ কৰাৰ প্ৰস্তাৱ দিয়া হয় ৷ এই আলোচনাৰ পৰা উইকিপেডিয়াত ‘ৰ’দালি’ৰ অন্তৰ্ভুক্তিয়ে যে সেইখন মঞ্চত অসমীয়া সমল বৃদ্ধিত বিশেষ অৰিহণা যোগাব সেই কথা পাণিগ্ৰাহী ডাঙৰীয়াই ভালদৰে বুজি উঠিছিল, কিন্তু তাতে উদ্ভৱ হোৱা সমস্যাটো হ’ল যে, এই সঁজুলি উইকিপেডিয়াত সংযোগ কৰিবলৈ হ’লে সঁজুলিটোক সেই মঞ্চত ব্যৱহাৰযোগ্য কৰিবলৈ কিছু সালসলনি ঘটাবলগীয়া হ’ব৷ এই ক্ষেত্ৰত পাণিগ্ৰাহী ডাঙৰীয়াই পৰিষদক সঁজুলিটো যিমান সোনকালে পৰা যায় উইকিপেডিয়াৰ বাবে উপযুক্ত কৰি তুলিবলৈ পৰামৰ্শ দিয়ে আৰু পাণিগ্ৰাহীৰ সেই পৰামৰ্শ অনুসৰি সঁজুলিটো উইকিপেডিয়াৰ বাবে সাজু কৰি সঁজুলিটো গ্ৰহণ কৰাৰ বাবে উইকিমেডিয়া ফাউণ্ডেশ্যনক দাখিল কৰা হ’ল৷ ৰ’দালিৰ ব্যৱহাৰযোগ্যতা সম্পৰ্কত আন্তঃৰাষ্ট্ৰীয় মঞ্চত বিভিন্ন পৰীক্ষা-নিৰীক্ষা চলোৱাৰ অন্তত অৱশেষত দুবছৰৰ পিছত পাণিগ্ৰাহী ডাঙৰীয়াৰ সহযোগত উইকিপেডিয়াৰ অন্যতম লিখন সঁজুলি হিচাপে ‘ৰ’দালি’ক সংযোগ কৰা হয় যাতে সমলদাতাসকলে কোনো অতিৰিক্ত লিখন সঁজুলি সংযোগ নকৰাকৈয়ে সেই মঞ্চত অসমীয়া লিখিবপৰা হয়৷ উইকিপেডিয়াত ৰ’দালিৰ সংযোগে অসমীয়া ভাষাৰ সমল বৃদ্ধিত যে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিলে সি অনস্বীকাৰ্য৷ সম্ভৱতঃ এনেবোৰ প্ৰচেষ্টাৰ বাবেই ২০১৪ চনত মিজোৰামৰ আইজলত ৰ’দালিক ই-নৰ্থ ইষ্ট বঁটা প্ৰদান কৰা হয়৷
২০১৫ চনত নীপকোৰ অভিযন্তা তথা ভাষা প্ৰযুক্তি বিকাশ পৰিষদৰ অন্যতম সদস্য অভিজিত কলিতাই ফে’চবুকত ‘অসমীয়া গুগল ট্ৰেঞ্চলেট সম্পৰ্কীয় আলোচনা” নামৰ এটা গোট গঠন কৰি গুগল অনুবাদকত সমল প্ৰদান কৰাৰ আহ৩ান জনোৱাৰ লগতে তেখেতে নিজেও এই ক্ষেত্ৰখনত হাতে-কামে লাগি সমল বৃদ্ধি আৰু তাৰ শুদ্ধতাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখে৷ ২০০৯-১০ চনৰ পৰা অতি আন্তৰিকতাৰে সমল বৃদ্ধিত অৰিহনা যোগোৱা বিভিন্ন ক্ষেত্ৰৰ ব্যক্তিসকলৰ দৰে এই আহ্বানে বহু অসমীয়া ভাষাপ্ৰেমীক বিশেষভাৱে প্ৰভাৱিত কৰে৷ এনেদৰে বিভিন্ন মঞ্চৰ বিভিন্ন ব্যক্তি তথা এককভাৱেও এক নিৰৱচ্ছিন্ন প্ৰক্ৰিয়াৰে চলাই থকা প্ৰচেষ্টাৰ বাবেই অৱশেষত আজি ২০২২ চনত গুগল অনুবাদকৰ জৰিয়তে অসমীয়া ভাষাই পলমকৈ হ’লেও আংশিক সফলতাৰ মুখ দেখিলে৷
শেষত এটা কথা অতি গুৰুত্ব সহকাৰে উল্লেখ কৰা প্ৰয়োজন যে, ইণ্টাৰনেটৰ দৰে এক সুবিশাল মঞ্চত এটা ভাষা প্ৰতিষ্ঠা আৰু ইয়াৰ গুৰুত্ব বৃদ্ধিৰ বাবে এতিয়াও বহু কাম কৰিবলগীয়া আছে৷ ইয়াৰ বাবে কাৰিকৰী, ভাষিক, সামাজিক অংশগ্ৰহণ আদি কেইবাতৰপীয়া প্ৰচেষ্টাৰ প্ৰয়োজন হয় আৰু প্ৰতিটো তৰপৰে অৱদান অবিহনে এনে একোটা বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰা সম্ভৱ নহয়৷ সেইবাবেই এইখন জগতত কাম কৰি থকা প্ৰতিগৰাকী ব্যক্তি, প্ৰতিখন মঞ্চ, বিষয় বিশেষজ্ঞসকলৰ এক আন্তৰিক আৰু সৌহাদ্যপূৰ্ণ সহযোগিতাৰ প্ৰয়োজন৷ ভাষা এটা একোটা জাতিৰ স্বাভিমানৰ ভেটি, একোটা সংস্কৃতিৰ আবেগজড়িত সম্পত্তি, গতিকে ইয়াত প্ৰতিগৰাকী ব্যক্তিৰে দায়িত্ব থাকে, সেয়েহে আমি আমাৰ অসমীয়া ভাষাটোক এক সমূহীয়া প্ৰচেষ্টাৰে, সমূহীয়া সংকল্পৰে আগবঢ়াই নিয়াৰ বিকল্প বিচাৰিবলৈ যথেষ্ট কঠিন হ’ব৷
লেখাটি নিয়মীয়া বাৰ্তা কাকততো প্ৰকাশ পাইছে।
-----------------------------
প্ৰাসংগিক প্ৰৱন্ধ
No comments:
Post a Comment