ভাৰতবৰ্ষত হাজাৰখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয় আছে কিন্তু কোনখন মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ত আপোনাৰ সন্তানটিক পঢুৱাব? UGC ৰ অধীনৰ মহাবিদ্যালয়/ বিশ্ববিদ্যালয় সমূহত শৈক্ষিক প্ৰশাসনিক তথা গুণগত মানদণ্ড নিৰূপণৰ বাবে NAAC ৰ ব্যৱস্থা থাকে৷ এই NAAC চাৰ্টিফিকেটখন হ'ল এক মূল্যাংকন মাপকাঠি তথা আশ্বাস যে এই মহাবিদ্যালয়খন বা বিশ্ববিদ্যালয়খনে গুণগত মানদণ্ডৰ শিক্ষা প্ৰদান কৰে৷
কিন্তু প্ৰাৰ্থমিক তথা মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত তেনে শৈক্ষিক অনুষ্ঠান সমূহৰ মানদণ্ড নিৰূপণৰ ক্ষেত্ৰত কোনো মাপকাঠি নাছিল৷ ধন্যবাদ চৰকাৰ তথা শিক্ষাবিভাগলৈ যে "গুণোৎসৱৰ" দৰে এক প্ৰক্ৰিয়া আৰম্ভ হ'ল৷ এখন অত্যন্ত ধাৰ থকা দা বা কটাৰীও ব্যৱহাৰ হৈ থাকোতে তাৰ ধাৰ কমি গৈ থাকে তথা শালত দি পুনৰ ধাৰ দিব লগিয়া হয়৷ বিদ্যালয় এখনতো কিবা কাৰণবশত ফলাফল উৰ্ধগামী বা নিম্নগামী হ'ব পাৰে৷ কিন্তু বিশ্লেষণ কোনে কৰিব? সাধাৰণতে চকুত নপৰা আসোঁৱাহ সমূহ বা উদ্ভাৱনী মূলক কাৰ্যসমূহ কোনে ফঁহিয়াই দেখুৱাব?
গুণোৎসৱ এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা আমি নিজকে কিমান সমল, সৱল তথা পৰিপূৰ্ণ তাক মূল্যাংকনৰ দ্বাৰা প্ৰকাশ কৰিব পাৰো৷ গুণোৎসৱ এক বোজা নহয়, অতিৰিক্ত দায়িত্ব নহয়, গুণোৎসৱ এক প্ৰতিযোগীতা নিজকে শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ৷ মই নিজকে বুলি এই বাবেই কৈছো কাৰণ কৰ্মৰত বিদ্যালয়খন নিজৰ ঘৰখনৰ দৰেই আপোন, ছাত্ৰছাত্ৰী সকল পৰিয়ালৰ অংশ৷ যদিহে আপুনি বিদ্যালয়খন মাহৰ মূৰত বেতন পোৱা এক চাকৰি বুলি ভাবিছে তেন্তে গুণোৎসৱ আপোনাৰ বাবে নহয়৷
শিক্ষকতা বৃত্তিটো অলপ অন্য বৃত্তিতকৈ পৃথক৷ বিশেষকৈ চৰকাৰী বিদ্যালয়ৰ শিক্ষক সকলৰ বাবে৷ সীমিত সুবিধাৰ মাজতে মধ্যবিত্ত বা দৰিদ্ৰ সীমাৰেখাৰ তলৰ পিতৃ-মাতৃৰ সেই সন্তানক আপোনালোকে এজন সক্ষম মানুহ হিচাপে গঢ়ি তোলাৰ দায়িত্ব লৈছে যি আপোনাৰ বাহিৰে অন্যজনে কৰিব নোৱাৰে৷ ঘৰত সেই পিতৃমাতৃয়ে পঢ়াব নোৱাৰে, দামী বিদ্যালয়ত সন্তানক পঢুৱাব নোৱাৰে৷ আপোনাৰ সন্তানটি তথা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ মুখবোৰলৈ চাব, বহুতৰ বাবে dominos pizza বা KFC হয়তো এটা সপোন৷ এজোৰ জোতা, এটা doremon অংকিত স্কুলবেগ হয়তো এটা সপোন৷ কিন্তু সেই সপোনতকৈও ডাঙৰ বিশ্বাস হ'ল যে ছাৰ-বাইদেউৱে আমাক পঢ়াইছে আমি ডাঙৰ মানুহ হ'ম৷ সপোনবোৰ কিনিম ডাঙৰ হৈ৷ আপুনি দায়বদ্ধ সেই কনমানি শিশুটিৰ সপোনবোৰৰ ওচৰত৷
গুণোৎসৱ আৰম্ভ হোৱাৰে পৰা প্ৰায় বাৰখন বিদ্যালয়ত বৰ্হিঃমূল্যায়কৰ ভূমিকা পালন কৰিলোঁ৷ বহুখিনি অভিজ্ঞতা হ'ল৷ তাৰে ব্যক্তিগত ভাবে মোৰ মনক প্ৰশান্তি দিয়া বা কষ্ট দিয়া কথা কেইটামান উল্লেখ কৰিব লৈছো৷ বেয়া নাপাব৷
১, প্ৰথম কথা বিদ্যালয়খন এশজনতকৈ তলত ২৫০০০ আৰু এশজনতকৈ অধিক শিক্ষাৰ্থী থাকিলে ৫০,০০০ টকাকৈ বিদ্যালয় একোখনে পাই৷ প্লিজ স্কুলৰ বাৰাণ্ডাৰ পকাতে থালখনলৈ মাটিত ভাত খাব নিদিব৷ প্লাষ্টিকৰ কঠ একোখনত বৰ বেছি দাম নপৰে৷ লাগিলে মাহত এখন কিনক৷ যদি চৰকাৰৰ ফাণ্ডৰ পৰা নিমিলে নিজৰ দৰমহাৰ পৰাই প্ৰতিজন শিক্ষকে বছৰত এখন মাটিত পাৰিব পৰা কঠ কিনক৷ যেতিয়া শিশু সকলে ভাতখোৱাৰ সময়ত আপুনি কিনি দিয়া কঠখন পাৰি ভাত খোৱা দেখিব, আপোনাৰ মনটোৱে শান্তি পাব৷ (সকলো বিদ্যালয়ক কোৱা নাই৷ বহুততে টিৰ্পাল বা পীৰাৰ ব্যৱস্থাও দেখিছো, কিন্তু মই বৰ্হিঃমূল্যায়ক হোৱা ৯ খন বিদ্যালয়ত মাটিত বহি খোৱা দেখা বাবে লিখিলো)
২, শ্ৰেণীকোঠাটোত অলাগতিয়াল ভাবে এসোপা chart লগাই নথব৷ কিবা পঢ়াই থকাৰ সময়ত শিশুৰ মন divert হয়৷ BEd পঢ়োতে শিকাইছিল যে TLM টোও ঢাকি থব লাগে, প্ৰয়োজন হোৱা সময়তহে দেখুৱাব লাগে৷ আনকি বৰ্ডত নিলিখা সময়ত হাতত চক মাটিডোখৰো লৈ থাকিব নালাগে৷ নহ'লে ছাত্ৰ-ছাত্ৰীৰ চকু তালৈ গৈ থাকে৷ বৰ্ড সদায় মছি থৈ আহিব লাগে৷ বহু বিদ্যালয়ৰ বৰ্ডত লিখিবলৈকে ঠাই নথকা হৈ থাকে৷ স্পষ্ট কলা বৰ্ডত লিখিব চেষ্টা কৰক৷
৩, শিক্ষাতকৈও অধিক গুৰুত্ব অনুশাসন৷ জীৱনৰ কঠিন পাঠ অনুশাসন৷ সেই পাঠটি দিয়াৰ যত্ন কৰক৷
বুজি পাও, সীমিত সুবিধা, অভিভাৱকে ঘৰত যত্ন নলয়, বানপানীৰ সমস্যা, কভিডৰ সমস্যা, শিক্ষক সকলক চৰকাৰে দিয়া দায়িত্ব তথা আনুসাংগিক বহুতো সমস্যা আছে৷ কিন্তু প্ৰতিটো সমস্যাৰ এক সমাধানো থাকে৷ সমস্যা সমূহ কিদৰে সীমিত সুবিধাৰে সমাধান কৰিছে সেইটো গুৰুত্বপূৰ্ণ৷ উদাহৰণ স্বৰূপে এখন বিদ্যালয়লৈ গৈছিলো বানপিড়িত অঞ্চলৰ বিদ্যালয়৷ বুজি পাও যে সেইবাটেদি চিমেন্ট বালি নিয়া কিমান কষ্টকৰ৷ কিন্তু ছাত্ৰী প্ৰসাৱগাৰটোৰ ফ্ল'ৰ ভঙা, প্ৰসাৱ জমাহৈ থাকে পানী মৰাৰ পিছতো৷ প্ৰধান শিক্ষকজনক মাতি নি ক'লো যে খুব বেছি দহ কেজি চিমেন্ট লাগিব আৰু এবষ্টা বালি৷ খৰালি কালতে স্কুললৈ আহোতে বেগটোতে অলপ অলপকৈ সামগ্ৰী সমূহ আনি ঠিক কৰাই ল'বচোন৷ সকলো চৰকাৰলৈ আশা কৰি নাথাকিব৷ দিনটোৰ বেছিভাগ সময় এই বিদ্যালয়তে কটায়, জীৱনৰ ত্ৰিশ বছৰ এই বিদ্যালয়খনে আপোনাক দৰমহা দিছে, এটা মাহৰ এশটকা এটা খৰছ কৰিলে আপোনাৰ নিশ্চয় ক্ষতি নহয়৷ পৰিবৰ্তে আজিৰ বিদ্যালয়খন সম্পূৰ্ণ বিপৰীত৷ প্ৰধান শিক্ষকজনে নিজৰ ঘৰ ভাঙোতে ৰাহি হোৱা টিঙৰে ৰান্ধনীঘৰৰ বাৰাণ্ডা বনাইছে৷ বিশ্বাস কৰক, নিম্ন বুনিয়াদি বিদ্যালয় কিন্তু সুকিয়া এটা পুথিভঁড়ালৰ ৰূম তথা TLM ৰখা ৰূম আছে৷ বিদ্যালয়ত গুটি লাগি থকা প্লাম গছ, আমলখি, নেমু ইত্যাদি গছ আছে৷ পলাশ, তেতেলি, শিলিখা আদিৰ গছৰে কি সুন্দৰ পৰিবেশ৷
বিদ্যালয়খন গাঁৱত থকা মন্দিৰ বা নামঘৰটোৰ দৰেই৷ এজন প্ৰধান শিক্ষক বা এজন শিক্ষকে ইচ্ছা কৰিলে বিদ্যালয়খনত কি কৰিব নোৱাৰে?
প্ৰশ্নবোৰ আপোনাসৱলৈ ৰাখিলো৷ উত্তৰ নালাগে৷ কিন্তু যদি শিক্ষকতা বৃত্তিৰ সমান্তৰালকৈ এখন বিদ্যালয়ৰ এজন শিক্ষকৰ শিক্ষকতা পেছা নহৈ এক নিচা হয়, কিবা এটা বিদ্যালয়খনৰ বাবে কৰাৰ আগ্ৰহ হয় বিস্বাস কৰক অনাবিল আত্মসন্তোষ্টি লাভ কৰিব, শিক্ষা ক্ষেত্ৰত সঁচা অৰ্থত পৰিবৰ্তন আহিব৷
অৱসৰৰ পিছত যেতিয়া বাৰাণ্ডাত বহি অকলশৰে ভাবিব যে জীৱনত কি কৰিলোঁ, এই সৰু সৰু কথাবোৰে সুখানুভূতি দিব৷ নিজেও কৰিব চেষ্টা কৰো, সেয়ে লিখিবলৈ এইকন সাহস কৰিছো৷
লেখকৰ নিজা ব্লগৰ ঠিকনাঃ https://debajitsaikiatezpur.blogspot.com/ লেখকৰ পূৰ্বে প্ৰকাশিত লেখাবোৰৰ একত্ৰ লিংকঃ
No comments:
Post a Comment