কাঁনৰ ৰেড কাৰ্পেটঃ বিতৰ্ক বনাম বাস্তৱ কথাবোৰ
বিতোপন বৰবৰা
কাঁনৰ ৰেড কাৰ্পেট সম্পৰ্কে দুআষাৰমান লিখিবলৈ বা ৰেড কাৰ্পেট কাৰ্যসূচীটোৰ বিষয়ে বিতংকৈ লিখিবলৈ বহুতে দুদিনমানৰপৰা মোক অনুৰোধ কৰি আছে৷ তাৰ সঁহাৰিতে দুশাৰীমান লিখিবলৈ থিৰাং কৰিলোঁ৷ তদুপৰি আমাৰ সংবাদ মাধ্যমৰ সতীৰ্থসকলৰ বহুতেও কাঁন চলচ্চিত্ৰ মহোৎসৱটোৰ বিভিন্ন দিশ সন্দৰ্ভত বহু ভ্ৰান্ত ধাৰণা পোষণ কৰি থকা দেখিও তেওঁলোকৰো সহায় হওক বুলিও কথাখিনি লিখিছোঁ৷
এইখিনিতে কৈ লোৱা উচিত যে ২০১৫ চনত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ সমালোচকৰ সংস্থা ‘ফিপ্ৰেছকীৰ সদস্য হিচাপে মোক কাঁন চলচ্চিত্ৰ মহোৎসৱৰ মূল প্ৰতিযোগিতা শিতানৰ জুৰী হিচাপে আন দুজন সতীৰ্থৰ সৈতে নিৰ্বাচন কৰিছিল আৰু সেইবাৰ প্ৰত্যক্ষ কৰা অভিজ্ঞতাৰ ভিত্তিতে মই মোৰ মতামত আগবঢ়াইছোঁ৷ উল্লেখযোগ্য যে কাঁনত মূল প্ৰতিযোগিতাৰ লগতে ‘উন চাৰ্টেইন ৰিগাৰ্ড শিতান আৰু মহোৎসৱৰ বাহিৰৰ কিন্তু সমান্তৰাল শাখা হিচাপে মূল মহোৎসৱৰ সৈতে একেসময়তে আয়োজিত দুটা প্ৰতিযোগিতামূলক শাখা ক্ৰমে ‘ডাইৰেক্টৰছ ফৰ্টনাইট’ আৰু ‘ক্ৰিটিকছ উইক’ৰ বাবেও ‘ফিপ্ৰেছকীৰ ফালৰ পৰা তিনিজনীয়াকৈ আন দুটা জুৰীৰ দল গঠন কৰা হয়৷ মই যোৱাৰ কেইবাবছৰো আগেয়ে অসমৰ বিশিষ্ট চলচ্চিত্ৰ সমালোচক প্ৰয়াত আলটাফ মজিদেও ইয়াৰে ‘ক্ৰিটিকছ উইক’ শাখাটোৰ জুৰীৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছিল৷
যিয়েই নহওক আমাৰ বহু মানুহৰ ৰেড কাৰ্পেট সম্পৰ্কে হোৱা উৎসুকতাৰ সঁহাৰিত মই পোনচাটেই এইবুলিহে এটা প্ৰতি-প্ৰশ্ন কৰিব বিচাৰোঁ: What’s the big deal? কাঁনৰ ৰেড কাৰ্পেটত খোজ কঢ়াটো কিহৰনো ডাঙৰ কথাটো? আমি গৈ কিবা এভাৰেষ্টত ভৰি দিছোগৈনে, নে অলিম্পিকৰ এশ মিটাৰ দৌৰত প্ৰথম হৈছো? নে কাঁনৰ প্ৰসংগতে কবলৈ গ’লে না আমাৰ কোনো ছবি মহোৎসৱৰ কোনোবা প্ৰতিযোগিতাত আছে, না আমি গ্ৰেণ্ড প্ৰাইজ বা পাল্ম-এ-ডিয়ৰ বঁটা লাভ কৰিছোঁ৷
প্ৰতি বছৰে চলচ্চিত্ৰ, ফেশ্বন আৰু বিজ্ঞাপন জগতৰ হাজাৰে-বিজাৰে মানুহে কাঁনৰ ৰেড কাৰ্পেটত ভৰি দিবলৈ পায়৷ কিন্তু সেই লৈ চাৰিওফালে ফলাও কৰি ঘোষণা কৰিবলৈ তাৰ সৈতে কোনো বিশেষ কৃতিত্ব বা গৌৰৱৰ সম্পৰ্ক নাই৷ সঁচা ক’থা ক’বলৈ গ’লে কাঁন নালাগে আন বহু ডাঙৰ চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেট অনুষ্ঠানটো মূলতঃ এটা ব্যৱসায়িক অংগ, যাৰ সৈতে ডাঙৰ ডাঙৰ আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ ধনৰ লেনাদেনাৰ প্ৰশ্ন জড়িত হৈ থাকে৷ এক কথাত মহোৎসৱ এটা সুকলমে চলাবলৈ লগা বিপুল পৰিমাণৰ ধনৰ এটা মোটা অংশ এই ৰেড কাৰ্পেটৰপৰাই আহে৷
যিহেতু জুৰীৰ সদস্যসকলক ৰেড কাৰ্পেট অনুষ্ঠানত ভাগ ল’বলৈ দিয়াটো নিয়ম, আমাৰ গোটেই দলটোৰ মুঠ নজন জুৰীৰ সদস্যকে এদিন আবেলি ৰেড কাৰ্পেট আনুষ্ঠানত ভাগ ল’বলৈ অনুৰোধ কৰা হৈছিল৷ কিন্তু আমাৰ দলটোৰ দুজনমানৰ বাদে সৰহভাগেই সেই প্ৰস্তাৱ অগ্ৰাহ্যহে কৰিলে৷ কিয়নো ৰেড কাৰ্পেটৰ ভৰি দিবলৈ পুৰুষসকলে ক’লা টাক্সেডো, বগা চাৰ্ট আৰু ক’লা টাই পৰিধান কৰাটো বাধ্যতামূলক আৰু মহিলাৰ বাবেও কিছুমান ড্ৰেছ ক’ড সুনিৰ্দিষ্ট কৰা থাকে৷ কিন্তু ইয়াতকৈও ‘কামোৰ’ কথাটো হ’ল গোটেই প্ৰক্ৰিয়াটোও যথেষ্ট সময়সাপেক্ষ অৰ্থাৎ প্ৰায় তিনি ঘণ্টামানৰ৷ তাৰ প্ৰস্তুতি অনুসৰি প্ৰথমে নিদিষ্ট হোটেল এখনলৈ নি সাজিবলৈ কাছিবলৈ দি তাৰ পিছত এশাৰী গাড়ীৰে ‘পেলেইছ দ্য ফেষ্টিভেল নামৰ মহোৎসৱ প্ৰাংগনলৈ অনা হয় আৰু যথেষ্ট নিয়মানুৱৰ্তিতাৰ মাজেৰে ৰেড কাৰ্পেটেৰে যাবলৈ দি প্ৰধানতঃ ‘গ্ৰেণ্ড অডিটৰিয়াম লুই লুমিয়েৰ’ৰ আবেলিৰ প্ৰদৰ্শনীটোলৈ যোৱাৰ ব্যৱস্থা কৰা হয়৷ প্ৰসংগত উল্লেখযোগ্য যে ৰেড কাৰ্পেটৰ আনুষ্ঠানিক অনুষ্ঠানভাগি আবেলিৰ পৰা সন্ধিয়া পৰ্যন্তহে হয় গতিকে আন সময়ত উল্লিখিত ছবিগৃহৰ প্ৰদৰ্শনীলৈ যাবলৈ সেই ৰেড কার্পেট গৰকিয়েই যাব লাগে৷ যিহেতু সেইচোৱাত মোবাইলেৰে ফটো ল’বলৈ দিয়া নহয় ‘ৰেড কাৰ্পেট গৰকিলো’ বুলি পৰম সন্তুষ্টি লোৱাৰ মানস কৰিলে এজন প্ৰফেছনেল ফটোগ্ৰাফাৰক বুজন পৰিমাণৰ ইউৰো দি বন্দবস্তি এটা কৰি ল’লেই হ’ল৷
এতিয়া কথা হ’ল কাঁনলৈ যোৱা যিকোনো এজন লোকেই ৰেড কাৰ্পেটৰ অনুষ্ঠানত ভাগ ল’বলৈ পায়নে? ইয়াৰ উত্তৰ হ’ল নাপায়, যদিহে আপুনি গ্লেমাৰাছ আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন ষ্টাৰ নহয়৷ বা যদিহে কোনো আন্তঃৰাষ্ট্ৰীয় ব্ৰেণ্ডৰ এম্বেছেডৰ নহয় অথবা সংবাদপত্ৰ বা আন স্বীকৃত মিডিয়াৰ প্ৰতিনিধি নহয়৷ কথাবোৰ থোৰতে এনেধৰণৰঃ
ক) যদি আপুনি উৎসৱৰ কোনো এটা প্ৰধান পৃষ্ঠপোষক কোম্পানীৰ ব্ৰেণ্ড এম্বেছাদৰ হয়, তেন্তে ৰেড কাৰ্পেটত নিশ্চয়কৈ ভৰি দিবলৈ পাব৷ দীপিকা পাডুকন, ঐশ্বৰ্য ৰায় বচ্চন আৰু সোণম কাপুৰ আদিয়ে প্ৰায়ে প্ৰসাধন সামগ্ৰী আৰু সৌন্দৰ্য্যৰ বিখ্যাত ব্ৰেণ্ড ‘ল’ৰিয়েল’ৰ ভাৰতীয় ব্ৰেণ্ড এম্বেছাদৰ হিচাপে ৰেড কাৰ্পেটত খোজ কাঢ়িছে, আনহাতে মাহিৰা খান একেটা ব্ৰেণ্ডৰ হৈ পাকিস্তানৰ প্ৰতিনিধি হিচাপে তাত ভৰি দিছে৷
আনহাতে ‘গ্ৰে গুজ’ৰ হৈ ৰেড কাৰ্পেটত খোজ কাঢ়িছে হুমা কুৰেশ্বী আৰু কংগনা ৰানাউট আদিয়েও৷
খ) যদি আপুনি কিবা প্ৰকাৰে ‘গ্ৰেণ্ড অডিটৰিয়াম লুই লুমিয়েৰ’ৰ আবেলিৰ প্ৰদৰ্শনীটো চাবলৈ টিকেট যোগাৰ কৰিব পাৰে তেন্তে আপুনি প্ৰদৰ্শনীত প্ৰৱেশ কৰিব পাৰে আৰু সেই যাত্ৰাত আন ফটোগ্ৰাফাৰৰ হতুৱাই ফটোও তোলাব পাৰে৷ কিন্তু এইবোৰ আগেয়ে কোৱাৰ দৰে আনুষ্ঠানিক ৰেড কাৰ্পেট কাৰ্যসূচীৰ অংশ নহয়৷
গ) যদি আপুনি এখন ছবিৰ প্ৰিমিয়াৰৰ ঠিক আগতেই বিক্ৰী কৰা অতি সীমিত পৰিমাণৰ টিকেটৰ এটা টিকেট প্ৰদৰ্শনীৰ ঠিক আগে আগে খোলা কাউণ্টাৰৰপৰা কিনিব পাৰে, তেন্তে সেইটোকো ৰেড কাৰ্পেটৰ টিকট হিচাপে গণ্য কৰিব পাৰিব৷ মানে সেই ফালেৰে যোৱাৰ পথটো মুকলি হ’ব, যিদৰে মুকলি হ’ব প্ৰফেশ্বনেল ফটোগ্ৰাফাৰৰ হতুৱাই ফটো এখন তোলাই স্বস্তি, আনন্দ বা আত্মতুষ্টিত আত্মহাৰা হোৱাৰ পথ৷
ঘ) যদি আপোনাৰ ছবিখনে মহোৎসৱৰ কোনোবা এটা শিতানৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে, তেন্তে সেইটোৱেও ৰেড কাৰ্পেটত আপোনাৰ স্থান নিশ্চিত কৰিব৷ অতি কম সংখ্যক ভাৰতীয় ছবিয়েহে প্ৰকৃত চলচ্চিত্ৰ মহোৎসৱত স্থান লাভ কৰি আহিছে৷ যদিও মহোৎসৱৰ ‘উন চাৰ্টেইন ৰিগাৰ্ড’ শাখাটোত মাজে মাজে ভাৰতীয় ছবিয়ে স্থান পাই আহিছে. মূল প্ৰতিযোগিতাৰ শাখাটোত বিগত ২৮ বছৰতে কোনো ভাৰতীয় ছবিয়ে স্থান পোৱা নাই৷
ঙ) তদুপৰি, যদিহে মহোৎসৱৰ যিকোনো এটা আপুনি জুৰীৰ সদস্য, তেন্তেও, আপুনি ৰেড কাৰ্পেটত ভৰি দিব পাৰিব৷
পাদটীকাঃ ৰাইজসকল, আপোনালোকে ভাল ছবি নিৰ্মাণ কৰক, ভাল ছবিক আঁকোৱালি লওক, অসমীয়া ছবিক সঁচাকৈয়ে বিশ্বমানৰ কৰি তুলি কাঁন-ভেনিচ-বাৰ্লিণ আদি সৰ্ববৃহৎ মহোৎসৱত খদমদমোৱাৰ পৰিৱেশ গঢ় দিয়ক৷ বাকী এইবোৰ ৰেড কাৰ্পেটৰ সুখ বেছিদিন নাথাকে, ই জাতিৰ সন্মান, স্বাভিমান আৰু মৰ্যাদাৰো উত্তৰণ নঘটায়৷ বহুৱালিয়ে সীমা চেৰাই গৈছে, ক’ৰবাত এখন্তেক ৰৈ আমাৰ আত্মাৱলোকন কৰিবৰ সময় হল৷
আনুষ্ঠানিক ৰেড কার্পেটৰ অনুষ্ঠানভাগিৰ ফটোবোৰ সচৰাচৰ এনে হয় কিয়নো এই সময়খিনিত অসংখ্য ফটোগ্ৰাফাৰে বাটচোৱাৰ দুয়োকাষ আগুৰি থাকে।
লেখক বহু চিনেমা মহোৎসৱত জুৰীৰ সদস্য ৰূপে অভিজ্ঞ, তথা বিশিষ্ট লেখক, সাংবাদিক আৰু চিনেমা সমালোচক।
No comments:
Post a Comment