মনৰ কথাঃ অসমত বৃদ্ধি পাইছে প্ৰকৃতিৰ ধ্বংস লীলাঃ শ্ল'গানতে সীমাবদ্ধ পৰিবেশ সংৰক্ষণ, প্ৰদূষণমুক্ত, বহনক্ষম উন্নয়ন :: ৰয়েল পেগু - অসমীয়াৰ সুখ-দুখ

xukhdukh.com :: Asomiyar xukhdukh - অসমীয়াৰ সুখ-দুখ :: ইউনিকোডত প্ৰকাশিত প্ৰথম অসমীয়া অনলাইন দৈনিক :: প্ৰতিদিন আপডেট | Content Rich Assamese online Daily / portal /e magazine: ভাল খবৰ, প্ৰৱন্ধ, বিশ্লেষণ, গ্ৰন্থ-আলোচনা, হাস্য-ব্যংগৰে সমৃদ্ধ...

মহীৰূহৰ লেখা

মনৰ কথাঃ অসমত বৃদ্ধি পাইছে প্ৰকৃতিৰ ধ্বংস লীলাঃ শ্ল'গানতে সীমাবদ্ধ পৰিবেশ সংৰক্ষণ, প্ৰদূষণমুক্ত, বহনক্ষম উন্নয়ন :: ৰয়েল পেগু

মনৰ কথাঃ অসমত বৃদ্ধি পাইছে প্ৰকৃতিৰ ধ্বংস লীলাঃ শ্ল'গানতে সীমাবদ্ধ পৰিবেশ সংৰক্ষণ, প্ৰদূষণমুক্ত, বহনক্ষম উন্নয়ন :: ৰয়েল পেগু

Share This

অসমত বৃদ্ধি পাইছে প্ৰকৃতিৰ ধ্বংস লীলাঃ শ্ল'গানতে সীমাবদ্ধ পৰিবেশ সংৰক্ষণ, প্ৰদূষণমুক্ত, বহনক্ষম উন্নয়ন

ৰয়েল পেগু
অসমক পৰিবেশ ৰাজ্য বোলা হয়। বিভিন্ন নদ-নদী, সেউজীয়া অৰণ্য, আদ্ৰভূমি, পাহাৰ-ভৈয়াম আদি মনোমোহা বৈচিত্ৰ্যময় প্ৰাকৃতিক পৰিবেশেৰে সমৃদ্ধ-চহকী বাবেই অসমক পৰিবেশ ৰাজ্য বোলা হয়। কিন্তু অসমখন শেহতীয়াকৈ প্ৰকৃতিৰ ৰোষত পৰিছে। চলাইছে প্ৰকৃতিয়ে ধ্বংস লীলা। থোৰতে ক'বলৈ গ'লে অসমবাসীয়ে অবাধ পৰিবেশ আৰু অৰণ্য ধ্বংসৰ কু-পৰিণাম ভুগিব লগা হৈছে।
চৰকাৰৰ পৰিবেশ সুৰক্ষা, প্ৰদূষণমুক্ত, বহনক্ষম উন্নয়ন আদি শ্ল'গানতে সীমাবদ্ধ হৈ আছে। অসমত বছৰি বৃদ্ধি পাইছে বান-খহনীয়াৰ ভয়াবহতা। বৃদ্ধি পাইছে ভূমিস্খলন। অসমৰ বিভিন্ন নদ-নদীবোৰ বহনক্ষমতা হেৰুৱাই পেলাইছে। অবাধে অৰণ্য ধ্বংস, জনসংখ্যা বৃদ্ধিৰ লগে লগে মানুহৰ কাৰ্যকলাপ বৃদ্ধি পোৱা, নদীৰ বক্ষ খনন কৰি অবাধে শিল-বালি সংগ্ৰহ কৰাৰ ফলত নদীসমূহৰ স্বাভাৱিক প্ৰাকৃতিক পৰিবেশ বিনষ্ট হৈ পৰিছে। নদীয়ে হেৰুৱাই পেলাইছে নিজৰ বহনক্ষমতা। মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে বিভিন্ন নদী-উপনদীৰ বক্ষ অস্বাভাৱিকভাৱে বাম হৈ উঠিছে। অসমখন এখন চৰিয়াৰ দৰে। চাৰিওফালে পৰ্বত-পাহাৰে আবৰি আছে। অৰণ্য ধ্বংস, খনন আৰু নদীৰ বক্ষৰ পৰা নিৰ্বিচাৰে অবাধে শিল সংগ্ৰহৰ ফলত কলহৰ কাণে ঢলাদি নামি অহা বানপানীৰ ধলে বিভীষিকা নমাই আনিছে। শেহতীয়াকৈ ডিমা হাচাও জিলাৰ হাফলং আদিত হোৱা বান বিভীষিকাৰ প্ৰলয় তাৰেই নমুনা।

পাহাৰবোৰ লাওলোৱা হৈ পৰিছে। উত্তৰ-পূবাঞ্চলৰ পাহাৰৰ মাটি ঠুনুকা। কিন্তু পাহাৰত চলি আছে অবিৰাম গতিত অৰণ্য ধ্বংস। জনসংখ্যা বৃদ্ধিৰ লগে লগে খেতিবাতিৰ বাবে ন ন অৰণ্য মুকলি হৈ আছে। বাট-পথ নিৰ্মাণ তথা বিভিন্ন উন্নয়নৰ নামত পাহাৰ কাটি বন ধ্বংসযজ্ঞ বৃদ্ধি পাইছে। যাৰ ফলত ঠুনুকা পাহাৰৰ মাটি বৰষুণৰ পানী কোমল কৰি পেলোৱা পিছত য'তে ত'তে দেখা দিছে ভয়াবহ ভূমিস্খলন। গছে মাটিৰ কঠিনতা ধৰি ৰাখে। কিন্তু অবাধে গছ-গছনি কাটি বন ধ্বংসযজ্ঞৰ ফলত গছবিহীন পাহাৰত ভূমিস্খলন, গছবিহীন নদীৰ পাৰত গৰাখহনীয়াৰ প্ৰকোপ বৃদ্ধি পাইছে। এইবোৰ অসমৰ ৰাইজে দেখি আহিছে। কিন্তু ইয়াৰ ভৱিষ্যতৰ ভয়াবহ পৰিণাম অনুধাৱন কৰিব পৰা নাই। অৰণ্য-নদীৰ স্বাভাৱিক প্ৰাকৃতিক পৰিবেশ সুৰক্ষা বাবে কোনো কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰা নাই।

মানৱসৃষ্ট প্ৰদূষণে বিভিন্ন নদীক মৃত্যুৰ মুখলৈ ঠেলি দিছে। জলাশয় পুতি ন ন বৃহৎ অট্টালিকা গঢ়ি উঠিছে। স্মাৰ্ট চিটি মহানগৰী গুৱাহাটীত কৃত্ৰিম বানৰ সমস্যা প্ৰতি বছৰে বৃদ্ধি পাইছে। আভিজাত্য মহানগৰী ৰাইজে কৃত্ৰিম বানত বাৰুকৈছে ভুক্তভুগী, জুৰুলা। ইয়াৰ বাবে মানৱসৃষ্ট প্ৰদূষণ, বহনক্ষম উন্নয়নৰ প্ৰতি ভেঙুচালি, চৰকাৰৰ আওকোণীয়া মনোভাব, ব্যৰ্থতা আদিয়ে প্ৰধান কৰক। প্ৰকৃতি-পৰিবেশে যিমানখিনিলৈ বহন কৰিব পৰা সিমানখিনিলৈহে উন্নয়ন হোৱা উচিত। কিন্তু প্ৰকৃতিৰ বহনক্ষমতাক চেৰাই গৈ উন্নয়ন, সভ্যতাৰ নামত উদ্যোগীকৰণ, নগৰিকৰণ নামত অবাধে নিৰ্মাণ কাৰ্য চলি আছে। যাৰ পৰিণতিত তথাকথিত আধুনিক-সভ্য মানুহে প্ৰকৃতিৰ ৰোষত পৰাটো অৱশ্যম্ভাৱী।

পৰিবেশ সংৰক্ষণৰ কাৰ্যকৰী পদক্ষেপ গ্ৰহণ কৰি প্ৰকৃতিৰ ৰোষৰ পৰা মানৱ সভ্যতাক বচাব লাগিব। পৰিবেশৰ অৱক্ষয় ৰোধ কৰি পৰিস্থিতিতন্ত্ৰক জীৱশ্ৰেষ্ঠ মানুহে পুনৰুদ্ধাৰ কৰি লাগিব। কিয়নো পৰিবেশক সুষম অৱস্থাত ৰাখিবলৈ মানুহৰে সক্ষমতা আছে। প্ৰদূষণমুক্ত অসম, বহনক্ষম উন্নয়নৰ বাস্তৱ ৰূপ দিব লাগিব। মহাবাহু ব্ৰহ্মপুত্ৰৰ লগতে বিভিন্ন নদী, উপ-নদীৰ স্বাভাৱিক প্ৰাকৃতিক পৰিবেশ সুৰক্ষা দিব লাগিব। অন্যথাই অনাগত দিনবোৰত অসমমুলুকত প্ৰকৃতিৰ ধ্বংসযজ্ঞ বৃদ্ধি পাব, প্ৰকৃতিৰ ৰোষৰ সন্মুখীন হ'ব লাগিব মানৱ সমাজ।
লেখক জোনাই নিবাসী এগৰাকী জ্য়েষ্ঠ সাংবাদিক, ম'বাইল : 9954638967

No comments:

Post a Comment