বৈকল্পিক ৰাজনীতি, বিৰোধিতা আৰু বিৰোধীৰ বিকল্প
ইন্দ্ৰজিত বৰা
(১)
ৰাজনীতিয়ে তেতিয়াহে উত্তৰণৰ ভাষা বিচাৰি পায়, যেতিয়া মানুহে নিজস্ব মানৱীয় সত্বাটোক বাহ্যিক শক্তিবিলাকৰ ওচৰত সমৰ্পণ নকৰি সামাজিকভাৱে নিজে পৰিচালনা কৰাৰ সংকল্প লয় ৷ ৰাজনীতিৰ ভাষা যেনেকৈ সমাজৰ মেহনতী আৰু পদদলিতৰ ভাষা, তেনেকৈ মানৱীয় সত্বাটো সমৰ্পন কৰি দমনতন্ত্ৰৰ বলপূৰ্বক অংশীদাৰ হৈ পৰা নিৰ্যাতিত সকলৰো ভাষা ৷ ঐতিসাহিকভাৱে দমনতান্ত্ৰিক অসামাজিক প্ৰৱণতাই আত্মধংসী কৰ্মকাণ্ডৰ সৃষ্টি কৰি আহিছে ৷ সামগ্ৰিকভাৱে মানৱ প্ৰকৃতিক এনে কৰ্মকাণ্ডৰ পৰা উদ্ধাৰ কৰাতেই মানৱ মুক্তিৰ সংকল্প নিহিত হৈ আছে ৷ এই সংকল্পক সামাজিক কৰ্মকাণ্ড আৰু আচৰণলৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়াটোহে প্ৰকৃততে সামাজিক বিৱৰ্তন ৷ তাৰ বিপৰীতে, দমনতন্ত্ৰ বৰ্তি থকাৰ পৰিকল্পনা ৰাজনীতি নহয়, সেয়া কূট-কৌশলহে ৷
ৰাজনীতিৰ উপৰিসৌধীয় চৰিত্ৰ বিদ্যমান ৷ নিৰ্বাচনী ৰাজনীতিৰ দলগত বৈশিষ্ট্যত উত্তৰণৰ ভাষা পোৱাটো ঐতিহাসিকভাৱেই অসম্ভৱ৷ কাৰণ বাহ্যিকভাৱে প্ৰত্যক্ষ কৰাবোৰেই পোনপটীয়াকৈ তাৰ সাৰমৰ্ম নহয় ৷ ৰাজনৈতিক আহ্বানক বাহ্যিক শক্তিৰ পৰা মুক্ত কৰি স্বতন্ত্ৰতা আৰু স্বতঃস্ফুৰ্ততা প্ৰদান কৰিব পৰা সন্ধিক্ষণেই ঐতিহাসিকভাৱেও যুগান্তকাৰী ৷ ইয়েই মানৱ মুক্তিৰ মৌলিক চেতনা আৰু ৰাজনৈতিক উত্তৰণৰ ভাষা ৷ অন্যথা ৰাজনীতি হ’ব সৰ্বতোপ্ৰকাৰে স্থিতাৱস্থা বাহাল ৰখাৰ কূট-কৌশল যি ৰাজনীতিক হয়তো মধ্যযুগীয়া বিভেদৰ ভাষা দিব অথবা শ্লোগানধৰ্মী মিথ্য আদৰ্শবাদৰ সৃষ্টি কৰিব ৷ দুয়োটাই একেধৰণৰ কূট-কৌশলৰে পৰিনাতি ৷ অলপ গমি চালেই অনুধাৱন কৰিব পাৰি যে দুয়োটা সংস্কৰণৰ মূল উদ্দেশ্যৰ কোনো পাৰ্থক্য নাই ৷ মাথো পিন্ধি থকা পোছাকতহে ভিন্নতা আছে ৷ পোছাকে প্ৰকৃততে ব্যক্তিত্বৰ সম্ভেদ নিদিয়ে ৷ নহ’লে নব্য উদাৰতাবাদৰ দৰে পুঁজিবাদৰ শেহতীয়া আন্তঃগাঁথনিৰো ৰাজনৈতিক ভাষা আৰু পৃষ্ঠপোষকতা জানো মধ্যযুগীয়া বিভেদ হ’ব পাৰে ৷
স্থিতাৱস্থা মানে সাধাৰণতে ভবাৰ দৰে এক অপৰিৱৰ্তিত অৱস্থা নহয় ৷ ঐতিহাসিক পৰিৱৰ্তন অৱশ্যভাম্বী৷ নব্য উদাৰতাবাদৰ আগ্ৰাসনো জানো পৰিৱৰ্তন নহয় ৷ আচলতে এয়া দমনীয় আন্তঃগাঁথনিৰ স্থিতাৱস্থা ৷ তেনেকৈ ঐতিহাসিকভাৱেও পৰিৱৰ্তনে পৰিৱৰ্তনৰ স্বৰূপ উপলব্ধিৰ বাবেও নতুন নতুন সমল যোগাই আহিছে ৷ পিছে স্থিতাৱস্থাবাদী কূট-কৌশলত যিহেতু মানুহৰ নিজস্বতা নাথাকে পৰিৱৰ্তনো মানুহৰ বাবে এক অজ্ঞাত পৰিঘটনা হৈ পৰে ৷ আন্তঃগাঁথনিৰ পৰিৱৰ্তন মানৱ মুক্তিৰ বাবে আৱশ্যকীয় সমাজ উত্তৰণৰ অংশ হ’ব লাগিব ৷ তেতিয়াহে, ই মানৱ মুক্তিৰ বাট প্ৰশস্ত কৰা প্ৰক্ৰিয়া হ’ব পাৰে ৷
গতিকে ৰাজনীতিৰ দুটাই প্ৰধান বিকল্প - জনগণৰ আৰু শক্তি-সমীকৰণৰ । জনগণৰ ৰাজনীতিৰ হেজাৰটা বিকল্প নাই - এটাই । বাকী শক্তি-সমীকৰণৰ আৱৰণধৰ্মী ৰাজনৈতিক বিকল্প অলেখ । এই বিকল্পবোৰ নিৰ্বাচনী ৰাজনীতিৰ দলগত পৰিচিতি হিচাবে সৃষ্টি হয় । বিশেষকৈ অৰ্দ্ধ-পুঁজিবাদী সমাজত এই পৰিচিতিবোৰ টিকি থকাৰ অন্তৰালত এক ব্যাপক বিৱৰ্তিত জনসমষ্টিৰ উচ্চাকাংক্ষাই মূল চালিকাশক্তি হিচাবে কাম কৰে । দলগত পৰিচিতিৰে এক ভুৱা প্ৰতিযোগিতামূলক পৰিৱেশৰ সৃষ্টি হয় । শেষত যিটো বিকল্পই শক্তি-সমীকৰণৰ নিৰাপত্তা সুনিশ্চিত কৰিব পাৰে সেইটোৱেই জনপ্ৰিয় হৈ পৰে ।
(২)
নিৰ্বাচনী ৰাজনীতিৰ বৈকল্পিক ব্যাখ্যাবোৰ ব্যক্তিত্বকেন্দ্ৰিক পন্থাৰ (Personality Cult) ওপৰত নিৰ্ভৰশীল হৈ পৰাৰ প্ৰৱণতা থাকে ৷ ই দলগত পৰিচিতি সৃষ্টিৰ মূল চালিকশক্তি হৈ আহিছে । ব্যক্তিনমস্যতা অথবা তাৰ প্ৰতিক্ৰিয়া হিচাবে ভাৱমূৰ্তী ধংস কৰাটোৱেই ব্যক্তিত্বকেন্দ্ৰিক প্ৰৱণতা যিটো ইতিহাস অধ্যয়নৰ এক ডাঙৰ হেঙাৰ ৷ আচলতে ইতিহাসৰ বিভিন্ন স্তৰত সেই সময়ৰ আৰ্থ-সামাজিক গাঁথনিগত পৰিস্থিতি আৰু তাৰ উত্তৰণৰ পথ বিভিন্ন ব্যক্তিত্বৰ মাধ্যমেৰে প্ৰকাশ পায় । কিন্তু, মূল গাঁথনিগত প্ৰশ্নবোৰ ইচ্ছাকৃতভাৱে এৰাই চলিবৰ বাবেহে কেৱল এই ব্যক্তিত্বকেন্দ্ৰিক সমালোচনাৰ সৃষ্টি কৰা হয় ৷ তেনেদৰে বিৰোধী আৰু বিৰোধিতাক অনায়াসে একাকাৰ কৰি পেলোৱা হয় ।
উদাহৰণস্বৰূপে নেহৰুৰ ব্যক্তিত্বকেন্দ্ৰিক সমালোচনাই তল পেলাই দিয়া দুটা মৌলিক প্ৰশ্নৰ এটা হ’ল নেহৰু ঐক্যমতৰ ঐতিহাসিক বিশ্লেষণ ৷ লগে লগে স্বৰাজোত্তৰ ভাৰতত এটা জাতীয় আন্দোলনৰ পৰা নিৰ্বাচনী অংকলৈ ৰূপান্তৰিত হোৱা প্ৰক্ৰিয়াটোৰ বিশ্লেষণো তল পৰিল ৷ এনে সামগ্ৰিক আলোচনা মুষ্টিমেয় শক্তিৱন্তৰ স্বাৰ্থৰ পৰিপন্থী। তাৰ বিপৰীতে ব্যক্তিত্বকেন্দ্ৰিক পন্থা সদায় মুষ্টিমেয় শক্তিৱন্তৰ স্বাৰ্থৰ প্ৰতি সচেতন ৷ গুৰুত্বপূৰ্ণ কথাটো হ’ল সম্প্ৰতি নিৰ্বাচনকেন্দ্ৰিক ৰাজনীতিয়ে কেনেকৈ নেহৰুভিয়ান অৰ্থনীতিৰ উত্তৰোত্তৰ আলোচনাৰ চাহিদা কম কৰি পেলাইছে ৷ এনে নিৰ্বাচনী ৰাজনীতিও পৰিচিতিগত ৰাজনীতিৰে পৰিপূৰক । কাৰণ নেহৰুভিয়ান অৰ্থনীতিৰ আলোচনা মানে নেহৰু নামৰ ব্যক্তিজনৰ আলোচনা নহয়। নেহৰুভিয়ান অৰ্থনীতিৰ ঐতিহাসিক উত্তৰোত্তৰ আলোচনাৰ সৎসাহস নিশ্চয় লাগিব । স্বৰাজোত্তৰ ভাৰতবৰ্ষৰ সাংবিধানিক দায়বদ্ধতা আৰু তাৰ আৰ্থ-সামাজিক আৰু ৰাজনৈতিক ৰূপান্তৰৰ মাজৰ বৃহৎ অন্তৰালৰ ছবিখন বৰকৈ স্পষ্ট হৈ পৰিছিল ৷ সমকালিক মুষ্টিমেয়ৰ ন্যস্তস্বাৰ্থই এনেদৰেই স্থিতাৱস্থা বজাই ৰখাৰ আপ্ৰাণ চেষ্টা কৰিলেও ৰাজনৈতিক পৰিৱৰ্তন অনিবাৰ্য আছিল ৷ এক বিশদ পৰ্যালোচনা, প্ৰশাসনিক সংস্কাৰ আৰু গণতান্ত্ৰিক প্ৰক্ৰিয়াক অধিক সবল কৰি তোলাৰ দিশত ভৱিষ্যত কৰ্মপন্থাৰ নিৰূপন অপৰিহাৰ্য হৈ পৰিছিল ৷ প্ৰধানতঃ আৰ্থ-সামাজিক সমীকৰণ সলনি হৈছিল আৰু লগে লগে প্ৰয়োজন হৈছিল ৰাজনৈতিক পৰিৱৰ্তনৰ নতুন চুক্তিৰ ৷ কিন্তু, এই বৃহৎ আৰ্থ-সামাজিক পট পৰিৱৰ্তনৰ ৰাজনৈতিক নেতৃত্ব ধৰ্মীয় মেৰুবিভাজনেৰে দিব লগা হোৱাটো ভাৰতবৰ্ষৰ ৰাজনৈতিক ইতিহাসৰ বাবেই এক দুৰ্ভাগ্যজনক কথা ৷ যদিও বিভিন্ন ৰাজনৈতিক দল নিৰ্বিশেষে ধৰ্ম অথবা অন্যন্য পৰিচিতিক লৈ অনিয়মিত স্তৰত কৰি থকা নিৰ্বাচনী ৰাজনীতি বহু পুৰণা ৷ উন্নয়নবাদী ব্যৱস্থাৰ অধোগতিয়েই এনে নিৰ্বাচনী কুটিলতাৰ কাৰণ ৷ প্ৰশাসনিক ক্ষেত্ৰত ন্যস্তস্বাৰ্থৰ পোনপটীয়া হস্তক্ষেপ এক স্বাভাৱিক পৰিঘটনা হৈ পৰিছিল ৷ এনে অৰাজকতাৰ বিকল্প সকলোৰে কাম্য আছিল ৷
ৰাজনৈতিক সংকল্প আৰু প্ৰকল্প তৃণমূল আৰু সমাজ-সাংস্কৃতিক স্তৰলৈকে সম্প্ৰসাৰিত নহৈ মধ্যযুগীয়া শক্তি সমীকৰণৰ সৈতে আপোচ কৰাৰ লগে লগে হয়তো সাময়িক নিৰ্বাচনী ৰাজনীতি সুৰক্ষিত হৈ ৰ’ল । নিৰ্বাচনী ৰাজনীতিয়েই সৰ্বস্ব হৈ পৰাৰ লগে লগে সমাজ-সাংস্কৃতিক ক্ষেত্ৰখনত নুন্যতম কৰণীয়খিনিও আচলতে সুদূৰ পৰাহত ৰৈ গ’ল । ৰাজনীতি এক ফোঁপোলা নিৰ্বাচনী অংকত পৰিণত হ'ল । গতিকে সমাজৰ তৃণমূল পৰ্যায়লৈকে লৈ যাব পৰাকৈ বৈকল্পিক কাৰ্যসূচী লাগিব ।
সাম্প্ৰতিক নিৰ্বাচনী ৰাজনীতিৰ প্ৰেক্ষাপটত আচলতে যেনেকৈ বিৰোধী নেতৃত্বৰ অভাৱ দেখা নাযায়, তেনেকৈ বিকল্প ৰাজনৈতিক আদৰ্শবাদৰো অভাৱ নাই ৷ আচলতে এতিয়া বিৰোধী আদৰ্শবাদী ব্যাখ্যাৰ চাহিদাহে কম ৷ স্বৰাজোত্তৰ ভাৰতত প্ৰায়বিলাক ৰাজনৈতিক আদৰ্শবাদ শাসনাধষ্ঠিত হৈছে ৷ গতিকে এই আদৰ্শবাদবোৰ যে সামৰ্থবান তাত সন্দেহ নাই ৷ দৰাচলতে সম্প্ৰতি এক ৰাজনৈতিক শক্তি হিচাবে আত্মপ্ৰকাশ কৰিব পৰাকৈ শক্তিশালী এক প্ৰতিষ্ঠান বিৰোধী বৈকল্পিক আৰ্থ-সামাজিক সমীকৰণ অনুপস্থিত ৷ অন্যথা আৰ্থ-সামাজিক শক্তিক উপযুক্ত ৰাজনৈতিক সংগঠনৰ প্ৰয়োজন হ’লে জনপ্ৰিয় ব্যাখ্যাৰ প্ৰতিষ্ঠা হয় আৰু নেতৃত্বৰ মাজত আকৰ্ষণীয় ব্যক্তিত্বও প্ৰকট হৈ উঠে ৷ আবেগিক প্ৰৱনতা আৰু ব্যক্তি নমস্যতাই বাগধাৰাৰ সৃষ্টি কৰিবলৈ সক্ষম হয় ৷ গতিকে প্ৰতিযোগিতামূলক নিৰ্বাচনী ৰাজনীতি আৰ্থ-সামাজিক সমীকৰণে চুক্তিবদ্ধ কৰা কেৱল এক সাংখ্যিক প্ৰকল্প মাত্ৰ । আৰ্থ-সামাজিক ৰূপান্তৰৰ দায়বদ্ধতা তাত নাই । নহ’লে গণতান্ত্ৰিক ৰাষ্ট্ৰব্যৱস্থাৰ প্ৰকল্পবিলাকৰ ৰাজনৈতিক ৰূপায়ণ অসম্ভৱ নহ’লহেতেন । এই সীমাবদ্ধতাই ৰাজনৈতিক শূণ্যতাৰ সৃষ্টি কৰে আৰু তাৰ প্ৰতিক্ৰিয়াশীল হিচাবে একচেটিয়া যুক্তিবোৰে ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ লাভ কৰে ।
(৩)
সংসদীয় গণতন্ত্ৰত বিৰোধীৰ ভূমিকা বুলি ক'লে সাধাৰণতে সংসদৰ মজিয়াত প্ৰদৰ্শন কৰা সমালোচনা আৰু প্ৰতিবাদবোৰৰ এক দৃশ্যাৱলী আমাৰ মনলৈ আহে । পিছে এই সচৰাচৰ প্ৰতিবাদী দৃশ্যপটটোৰ ভিত্তি কি ? দৰাচলতে গণতান্ত্ৰিক প্ৰমূল্যই সদায়েই বৈকল্পিক চিন্তাধাৰাৰ লগতে মানৱ উন্নয়নৰ দিশত তাৰ পদ্ধতিগত সামাজিক ৰূপান্তৰ দাবী কৰে । তাৰ বিপৰীতে, বিকল্প হিচাবে আত্মপ্ৰকাশ কৰা দলগত পৰিচিতিবোৰ যদি ছদ্মবেশী হয়, তেতিয়াহ'লে বাহ্যিকভাৱে আদৰ্শবান যেন লাগিলেও, প্ৰকৃততে কোনোধৰণৰ পদ্ধতিগত সামাজিক ৰূপান্তৰ হোৱাৰ সম্ভাৱনা নাথাকে । এই ছদ্মবেশী আদৰ্শবান সকল পৰিৱৰ্তনৰ বাহক হোৱাতকৈ, উলোটা আৰ্থ-সামাজিক শক্তি সমীকৰণৰ ৰাজনৈতিক সুৰক্ষাকৰ্মী হিচাবেহে কাৰ্যনিৰ্বাহ কৰা দেখা যায় ।
সেয়ে বিকল্প কেৱল নিৰ্বাচনী ৰাজনীতিৰ দলগত পৰিচিতিবিলাকৰ মাজতেই সীমাবদ্ধ নহয় । উদাহৰণস্বৰূপে ভাৰতীয় স্বাধীনতা আন্দোলনৰ নেতৃত্বক এটা নিৰ্বাচনী পৰ্যায়ৰ ৰাজনৈতিক দললৈ ৰূপান্তৰ কৰাৰ প্ৰায় সাত দশকৰ পাছত 'আমিও হিন্দু' বুলি দিব লগা হোৱা স্পষ্টিকৰণেই হওঁক অথবা 'কা'ৰ প্ৰতি দেখা পোৱা বৈচিত্ৰ্যময় আঞ্চলিক স্থিতিয়েই হওঁক, বিকল্প কেৱল নিৰ্বাচনী গণিতৰ পৰিকল্পনাতেই সীমাবদ্ধ হোৱা দেখা গৈছে । ‘কা’ৰ যোগেদি প্ৰতিফলিত হ’ল কেনেকৈ ছদ্মবেশী বিকল্পই প্ৰতিক্ৰিয়াশীলৰ ভূমিকা ল’ব পাৰে । সম্প্ৰতি নিৰ্বাচনী গণিতৰ সমাধান পদ্ধতিও চিন্তনীয় । ভাৰতীয় গণতন্ত্ৰই সত্তৰ বছৰ ধৰি গৌৰৱান্বিত হৈ অহা এই নিৰ্বাচনী গণিতৰ সমাধান পদ্ধতি তেনেই অগণতান্ত্ৰিক হৈ পৰাটোও এক ঐতিহাসিক পৰিঘটনা।
প্ৰকৃততে প্ৰতিষ্ঠানিক বিৰোধিতাৰ কথাহে কোৱা হয় । সেয়ে সাম্প্ৰতিক পৃথিৱীত শাসক আৰু বিৰোধীৰ ভূমিকাত কোন নামধাৰী দল আছে তাৰ গুৰুত্বতা আচলতে একেবাৰেই গৌণ । অৱশ্যে মধ্যবিত্তীয় দলগত আনুগত্যৰ বিচাৰত অন্য দল মানেই বিৰোধী । ই ধৰ্মীয় অথবা পন্থাগত আনুগত্যৰ দৰে একে । ই যেন মধ্যযুগীয়া আনুগত্যৰ এক আধুনিক পৰিচিতিগত সংস্কৰণ । মধ্যবিত্তৰ শ্ৰেণীস্বাৰ্থ সুৰক্ষিত হৈ থকালৈকে এই আনুগত্যৰ দ্বাৰা প্ৰদৰ্শিত ছদ্মবেশ অনায়াসে পৰিধান কৰি থাকিব পাৰে । সাধাৰণতে মধ্যবিত্তই প্ৰতিষ্ঠানিক বিৰোধিতাৰ বিপদ সংশয় বহন কৰিব নোৱাৰে আৰু সেয়ে ছদ্মবেশ সলনি কৰি থাকিব লগা হয় । এই বিভিন্ন ছদ্মবেশ বিলাকক হয়তো একো একোটা বিকল্প যেন লাগিব পাৰে । কিন্তু, সাম্প্ৰতিক পৃথিৱীত ক্ষমতাৰ শীৰ্ষবিন্দু নব্য-উদাৰতাবাদৰ সৈতে আপোচ কৰিবলৈ হেজাৰটা বিকল্প নাথাকে, ছদ্মবেশী পোচাকহে অনেক থাকে ।
শ্ৰেণীচেতনা আৰু সমাজ গাঁথনিৰ মাজত শ্ৰেণীস্বাৰ্থৰ সন্ধান এক স্বতঃস্ফূৰ্ত প্ৰক্ৰিয়া । বিৱৰ্তিত সমাজত শক্তিৱন্তই যেনেকৈ এই সন্ধান পাই আহিছে, তেনেকৈ মেহনতী ক্লীৱ হৈ পৰিছে । পিছে এই জড় সমাজ গাঁথনিটোত সকলোৱেই বিশেষভাৱে বন্দী । গতিকে বৈজ্ঞানিক মানসিকতাই জন্ম দিয়া মুক্ত চিন্তাধাৰা আৰু ঐতিহাসিক বস্তুবাদৰ দৰে উৎকৃষ্ট বিশ্লেষণাত্মক সমল থাকিও প্ৰয়োগিক দিশত সমাজ গাঁথনিটোৰ জড়তাখিনি ঐতিহাসিকভাবেই থিয় দিয়ে - এক অনিবাৰ্য ঐতিহাসিক প্ৰত্যাহ্বান হিচাবে । সেয়ে, নব্য-উদাৰতাবাদৰ আগ্ৰাসনৰ পৰা স্বাভাৱিকভাৱেই কোনো ৰাজনৈতিক ধাৰাই হাত সাৰি যোৱা নাই । সাম্প্ৰতিক পৃথিৱীত নুন্যতম বস্তুনিষ্ঠ বিচাৰ-বুদ্ধি প্ৰয়োগ কৰে বুলি দাবী কৰা - মধ্যমৰ পৰা বাওঁলৈকে - সকলোৱেই আপোচ কৰিবলৈ বাধ্য হৈছে ৷ সমাজৰ আৰ্থ-সামাজিক ভেটিলৈকে শিপোৱাৰ পাছত পৃষ্ঠভাগত থকা ৰাজনৈতিক ধাৰা ছদ্মৱেশলৈ ৰূপান্তৰ হোৱাটো তেনেই সহজ কথা । ইয়াৰ ফলস্বৰূপেই সময়ে সময়ে ৰাজনৈতিকভাৱে সোঁ অৰ্থাৎ ফেচিবাদৰ উত্থান ঘটিছে ৷ সাম্প্ৰতিক পৃথিৱীত ঘোৰ অৰ্থনৈতিক সংকটৰ সময়ত যেতিয়া মানুহৰ ৰাজনৈতিক চিন্তা-চেতনা দিশহাৰা হৈছে, ফেচিবাদৰ বাবে এক অনুকুল পৰিৱেশ ৰচনা হৈ আহিছে ৷
অৱশ্যে বৈজ্ঞানিক দৃষ্টিভঙ্গীৰ পোষকতা কৰা সকলেও শেষত গৈ আপোচ কৰিবলগীয়া হোৱাৰ কাৰণ কাৰোবাৰ ব্যক্তিগত বিবুদ্ধি নহয়, বৰঞ্চ ই একেই বিশ্বজনীন প্ৰভাৱ ৷ কাৰণ নব্য-উদাৰতাবাদৰ আগ্ৰাসন কোনো বৈদেশিক শক্তিৰ দ্বাৰা সংঘটিত ইতিহাস বিৰুদ্ধ পৰিঘটনা নহয় । ই এক স্বতঃস্ফূৰ্ত ঐতিহাসিক পৰিঘটনা । সেয়ে বৈজ্ঞানিক দৃষ্টিভঙ্গীসম্পন্ন বস্তুবাদী মানুহ ভাৱবাদী হৈ পৰাৰ বহুত উদাহৰণ আছে ৷ কাৰণ পৰিবেশিক আপোচবোৰৰ অন্তৰ্নিহিত কাৰণবোৰো স্বতঃস্ফূৰ্ত আৰু ঐতিহাসিক ৷ কোনো ব্যক্তিবিশেষ কিয়, একো একোটা সংগঠন অথবা অনুষ্ঠান পথভ্ৰষ্ট হৈ পৰে ৷ পিছে কোনো ভাৱবাদী এজন জীৱনকালত বস্তুবাদী হোৱাটো প্ৰায় অসম্ভৱ ৷
এই ঐতিহাসিক আপোচৰ এক জ্বলন্ত উদাহৰণ হ’ল চীন ৷ এক সামন্তীয় সমাজ গাঁথনিৰ পৰাই চীনত যেনেকৈ কমিউনিষ্ট পাৰ্টিক মেহনতীৰ ক্ষমতা বুলি দাবী কৰা হ’ল তাৰ সমান্তৰালকৈ সমাজ গাঁথনিটোৰ মাজত নতুন নতুন বিৱৰ্তিত শক্তিৰ উদ্ভৱ হ’ল ৷ অতি-আমোলাতন্ত্ৰৰ কঠোৰ কাঠগৰাৰ মাজতেই চীনৰ সমাজখনত শ্ৰেণীৰ বিকাশ, বিন্যাস আৰু সংগঠন হৈছে । এই প্ৰক্ৰিয়াই নব্য-উদাৰতাবাদৰ পৃষ্ঠপোষকতাত এক চুড়ান্ত পৰ্যায় পাইছেগৈ । শক্তিৱন্ত শ্ৰেণীবিলাকে আমোলাতন্ত্ৰৰ মাজত নিজৰ সুৰক্ষা লাভ কৰি আহিল ৷ তেনেকৈ মেহনতীৰ শাসনভাৰ লোৱা চীনৰ কমিউনিষ্ট পাৰ্টি আজি নব্য উদাৰতাবাদী সাম্ৰাজ্যবাদৰ পৃষ্ঠপোষক ৷ এই প্ৰক্ৰিয়াত যি মেহনতীৰ নেতৃত্ব দি শাসনভাৰ লৈছিল সেই মেহনতীৰ অৱস্থাই জুৰুলা হৈ আহিল ৷ আশীৰ দশকৰ ছাত্ৰ বিক্ষোভ তাৰেই প্ৰতিফলন ৷ চীনৰ কমিউনিষ্ট পাৰ্টিয়ে দেশী শক্তিৱন্ত আৰু নব্য উদাৰবাদৰ পৃষ্ঠপোষক হৈ পৰা মানেই ই কেৱল মেহনতীৰ নামত এক লেবেল হৈ পৰা ৷ গতিকে, যি আৰ্থসামাজিক গতিশীলতাই নব্য উদাৰতাবাদৰ শৰনাপন্ন কৰালে তাৰ বিশ্লেষণ হ’ব লাগিব ৷ তেতিয়াহে দুবিধাবোৰ বুজা যাব আৰু বিকল্পৰ সন্ধান হ’ব ৷ কিন্তু এনে সংকটৰ সময়ত ফেচীবাদী শক্তিবিলাকে এনে ঐতিহাসিক আলোচনাৰ পৰা আঁতৰাই চমৎকাৰ ৰাজনৈতিক বিকল্পৰ সন্ধান দি নব্য-উদাৰতাবাদলৈ অহা তাৎকালিক ৰাজনৈতিক ভাবুকি প্ৰতিৰোধ কৰিবলৈ চেষ্টা কৰিব ৷ চীনত নব্য-উদাৰতাবাদী পৃষ্ঠপোষকতাৰ ৰাজনৈতিক সুৰক্ষা এতিয়ালৈকে কমিউনিষ্ট পাৰ্টিয়ে দি আহিছে । চীনৰ অতি-আমোলাতন্ত্ৰটো সম্পূৰ্ণকৈ এই পৃষ্ঠপোষকতাৰ বাবে নিয়োজিত হৈছে । এনে পৃষ্ঠপোষকতাৰ আৰ্থ-সামাজিক পৰিনাতি সমাগত, যি অৰ্থনৈতিক ব্যৱস্থাটো সম্পূৰ্ণকৈ বহতীয়া কৰি পেলাব পাৰে । এনে সংকটাপন্ন সন্ধিক্ষণত যেতিয়া এই ৰাজনৈতিক সুৰক্ষা অতি-আমোলাতন্ত্ৰৰ দমনেৰে অসম্ভৱ হৈ উঠিব, একেই পৃষ্ঠপোষকসকলেই ফেচীবাদৰো পৃষ্ঠপোষক হৈ পৰিব পাৰে । উল্লেখযোগ্য যে অতি-আমোলাতন্ত্ৰৰ দমন ফেচীবাদৰ সমকক্ষ । পাৰ্থক্য ইমানেই যে ফেচীবাদৰ নিচাসক্তিত মানুহে যিমানেই দমন নীতি নহওঁক হেলাৰঙে মুৰ পাতি লব পাৰে । চাবলৈ গ'লে একেই অস্ত্ৰোপচাৰৰ যান্ত্ৰনা - অধিনায়কত্ববাদী অতি-আমোলাতন্ত্ৰিক দমন যদি এনাস্থেচিয়া নিদিয়াকৈ কৰা অস্ত্ৰোপচাৰ হয়, ফেচীবাদ হ'ল এনাস্থেচিয়া দি কৰা অস্ত্ৰোপচাৰ । নব্য-উদাৰতাবাদৰ সংকটৰ দৰে জটিল অস্ত্ৰোপচাৰত ফেচীবাদী এনাস্থেচিয়া প্ৰয়োজনীয় হৈ পৰে । অন্যথা ৰজনৈতিক সুৰক্ষা অসম্ভৱ ।
শ্ৰেণীহীন সমাজহে লক্ষ, শ্ৰেণীহীন ৰাষ্ট্ৰ থাকিব নোৱাৰে ৷ ৰাষ্ট্ৰৰ শ্ৰেণী চৰিত্ৰ আছে আৰু সেয়ে, গণতান্ত্ৰিক ৰাষ্ট্ৰও এই চৰিত্ৰ বৰ্তাই ৰখাৰ এক ন্যায়িক ব্যৱস্থা মাথোঁ ৷ ৰাষ্ট্ৰৰ এই পৰ্যবেক্ষণিক বিশ্লেষণৰ লগত ঐতিহাসিক গতিশীলতাৰ অনুধাৱন খুবেই প্ৰয়োজনীয় ৷ ৰাষ্ট্ৰৰ উৎপত্তি আৰু ঐতিহাসিক ভূমিকাৰ ওপৰত এক বস্তুনিষ্ঠ আলোকপাত হ’ব লাগিব ৷ এইখিনিতে, শ্ৰেণীস্বাৰ্থৰ ন্যায়িক মেৰপাকত এখন গণতান্ত্ৰিক ৰাষ্ট্ৰইও সামাজিক ন্যায় প্ৰতিষ্ঠাৰ দিশত কিমান সুদুৰপ্ৰসাৰী পদক্ষেপ ল’ব পাৰিব, বিভিন্ন মঞ্চত এই বিতৰ্ক হৈ আহিছে ৷ একেবাৰে অৰ্থনৈতিক বিশ্লেষণলৈ আহিলে, পুঁজিবাদী বিকাশৰ বাটত এখন ৰাষ্ট্ৰৰ কেনেচীয়ান ভূমিকাৰ সীমাবদ্ধতা সকলোৰে জ্ঞাত আৰু আনকি বহু ক্ষেত্ৰত সমাজৰ কল্যানকামী নীতি আৰু আঁচনিৰ নামত ৰাষ্ট্ৰৰ ভূমিকা বিসংগতিপূৰ্ণ আৰু নেতিবাচক হোৱা দেখা যায় ৷ এই ঐতিহাসিক সীমাবদ্ধতাক হয়ভৰ দি অৰ্থনীতিক বাদ দিলেই পৰিচিতিকেন্দ্ৰিক বৈশিষ্ট্যতাবিলাকে সামাজিক আৰু ৰাজনৈতিক ক্ষেত্ৰখনত প্ৰধান্যতা লাভ কৰে ৷ তৃণমূল পৰ্যায়ত কল্যানকামী ৰাষ্ট্ৰৰ সংকল্প আৰু কাৰ্যকাৰিতাৰ মাজত থকা ঐতিহাসিক বিসংগতিয়ে তেনে এটা ৰাজনৈতিক প্ৰৱণতালৈ বৰঙনি যোগায় ৷ এক সাস্কৃতিক আপেক্ষিকতাৰে মনস্তাত্বিক জগতখনত উগ্ৰতাৰ সৃষ্টি কৰে ৷ মধ্যযুগীয়া ধৰ্ম অথবা গোষ্ঠীগত প্ৰভূত্ব-বৈষম্যৰ নিৰাময় সূত্ৰ তেনে পৰচিতিকেন্দ্ৰিক ৰাজনীতিৰে নিৰ্ণয় কৰিবলৈও ৰাষ্ট্ৰব্যৱস্থাৰ মাজত গণতান্ত্ৰিক পৰিসৰৰ সৃষ্টি হয় ৷ এনে একপক্ষীয় চিন্তাধাৰাক বিভিন্ন তথাকথিত পক্ষপাতিত্বৰে বৰ্তাই ৰখাৰ চেষ্টা কৰা হয় ৷ আচলতে দুটা একপক্ষীয় চিন্তাধাৰাই এটাই আনটোক প্ৰতিপন্ন নকৰে আৰু এই আপেক্ষিকতাৰ পৰা মুক্তি লাভ কৰিবলৈ বস্তুগত ভিত্তিৰ পৰ্যায়লৈকে যাব লাগিব ৷ কাৰণ পৰিচিতিকেন্দ্ৰিক বৈশিষ্ট্যতাবিলাকো ঐতিহাসিকভাৱে এক গতিশীল অৰ্থনৈতিক ভিত্তিৰ ওপৰতেই প্ৰতিষ্ঠিত ৷
ঐতিহাসিকভাৱে দেখা যায় যে যাক পুঁজিবাদৰ সোণালী দিন বুলি অভিহিত কৰা হয় সেয়া প্ৰকৃততে পুঁজিবাদৰ যান্ত্ৰনাৰ পৰা কিছু উপশম পোৱাৰ ব্যৱস্থাহে । পিছে এই সময়ছোৱাই হ'ল মাৰ্কেট লিবাৰেল সকল প্ৰকট হৈ উঠাৰ উপযুক্ত সময় । এই সময় ইমানেই মধুৰ যে তেওঁলোকে এনাস্থেচিয়া নিদিয়াকৈয়ে অস্ত্ৰোপচাৰ কৰাৰ কথা অনায়সে ব্যক্ত কৰিব পাৰে । প্ৰতিষ্ঠানিক দক্ষতাৰ মাপকাঠিক সমষ্টিগত দক্ষতাৰ সৈতে একাকাৰ কৰি নিজৰ খিচিৰি প্ৰযুক্তি আগবঢ়াব পাৰে । গতিকে ৰাষ্ট্ৰযন্ত্ৰৰ গণ্ডীৰ ভিতৰত উদাৰতাবাদৰ অনুশীলন কৰিবলৈ যাওঁতে এই প্ৰযুক্তিগত সীমাবদ্ধতাবোৰ আছে আৰু ৰাষ্ট্ৰৰ শ্ৰেণী চৰিত্ৰই আনকি উদাৰতাবাদকো ধোঁৱাময় কৰি পেলাব পাৰে ৷ সম্পত্তিৰ ঐতিহাসিক জমা প্ৰক্ৰিয়াক আঁকোৱালি লৈ বজাৰমুখী নব্য-উদাৰতাবাদীসকল কেতিয়াও উদাৰনৈতিক হ’ব নোৱাৰে ৷ এইটো নিশ্চিত যে বাস্তৱিকতে অৰ্থনৈতিক উদাৰতাবাদৰ অৱস্থান তেতিয়াহে অৰ্থপূৰ্ণ হ’ব যেতিয়া ভাৰা বিচাৰি থকা সম্পত্তিবোৰ আৰ্থ-সামাজিক বিৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি দ্ৰৱীভূত হ’ব অথবা নব্য পুঁজিলৈ ৰূপান্তৰ হয় । তাৰ বাবে এক সামগ্ৰিক পৰিসৰেই লাগিব ৷ গতিকে, ৰাষ্ট্ৰৰ শ্ৰেণী চৰিত্ৰক কিমান পৰ্যায়লৈকে প্ৰশমিত কৰিলে ই প্ৰগতিশীল আৰু সমাজ উত্তৰণ প্ৰক্ৰিয়াৰ অংশ হ’ব পাৰিব সেয়া এক জটিল প্ৰশ্ন ৷
No comments:
Post a Comment