অপৰিসীম ৰবীন্দ্ৰনাথ, জাতীয়তাবাদ আৰু স্বাধীনতাৰ সংজ্ঞা
ইন্দ্ৰজিত বৰা
“Patriotism can’t be our final spiritual shelter. I will not buy glass for the price of diamonds, and I will never allow patriotism to triumph over humanity as long as I live.”
- Rabindranath Tagore
কবিগুৰু ৰবীন্দ্ৰনাথে কৈছিল যে ৰাষ্ট্ৰৰ বিৱৰ্তনৰ ইতিহাসত প্ৰথম অৱস্থাত ভৌগোলিক সীমাই মানুহৰ সমন্বয়ৰ বিশ্বজনীন সংস্কৃতিক বাধা দিছিল, কিয়নো সেই সময়ত সেই সীমাবোৰ বাস্তৱ আছিল। লাহে লাহে এই সীমাবোৰ কিছুমান পৰম্পৰাগত কাল্পনিক ৰেখা হৈ পৰিছে, যি সেই বাধা দিব পৰা ক্ষমতা হেৰুৱাইছে। তেওঁ স্পষ্টকৈ কৈছিল যে মই জীয়াই থকালৈকে কেতিয়াও মানৱতাক দেশপ্ৰেমৰ ওচৰত সমৰ্পিত হ’বলৈ নিদিওঁ । আমি উপলব্ধি কৰিব পাৰোঁ যে পৰস্পৰ বিশ্বাস, আন্তৰিকতা আৰু ঘনিষ্ঠতাৰ মাজেৰে মানৱীয় সম্পৰ্কবিলাকে আত্মপ্ৰকাশ কৰে । মানৱীয় সম্পৰ্কবিলাকৰ সমষ্টিগত প্ৰৱণতা আছে, কিন্তু ইয়াৰ ভৌগলিক, সাংস্কৃতিক, ৰাজনৈতিক কিম্বা প্ৰতিষ্ঠানিক পৰিসীমা থাকিব নোৱাৰে। আচলতে প্ৰতি পৰিসীমাৰে এক ঐতিহাসিক সন্ধিক্ষণ থাকে যি সেই পৰিসীমা আৰু তাৰ ন্যায্যতাক ঐতিহাসিকভাৱে সূত্ৰায়ন কৰি আহিছে।
সাম্প্ৰতিক মানৱ সমাজৰ অন্তৰ্দ্বন্দ্ববিলাকক—ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব আৰু ব্যক্তি স্বাধীনতা—এই দুই প্ৰযুক্তিগত শীৰ্ষবিন্দুৰ মাজত সংস্থাপিত কৰাৰ চেষ্টা কৰা হয় । তেনেকৈয়ে ন্যায়ব্যৱস্থাৰ যোগেদি ৰাষ্ট্ৰৰ চাৰিসীমা আৰু ৰাষ্ট্ৰব্যৱস্থাৰ পৰিসীমাক ব্যক্তি স্বাধীনতাৰ একেবাৰে বৈপৰিত্যত নিৰাপদে ৰখাটো সম্ভৱ হৈ উঠে। কিন্তু মানৱ সমাজখন ৰাষ্ট্ৰৰ চাৰিসীমাৰে বৰ্ণনা কৰিব নোৱাৰি। ৰাষ্ট্ৰযন্ত্ৰৰ বৰ্ণনা নিশ্চয় কৰিব পাৰি । কেৱল ৰাষ্ট্ৰযন্ত্ৰৰ আওতাত আমাৰ বহু কথাই আউল লাগে। গণতান্ত্ৰিক ৰাষ্ট্ৰৰ গণতান্ত্ৰিক প্ৰমূল্য সাম্প্ৰতিক সমাজৰ আন্তঃগাঁথনিৰ ওচৰত শৰণাপন্ন। যেনেকৈ প্ৰভূত্ব নিম্নমুখী তেনেকৈ গণতন্ত্ৰ তাৰ সম্পূৰ্ণ বিপৰীতমুখী, অৰ্থাৎ ই তৃণমূল পৰ্যায়ৰ পৰা উৰ্ধমুখী। নিম্নমুখী গণতন্ত্ৰ নাথাকে, অৰ্থাৎ ৰাষ্ট্ৰৰ সিদ্ধান্ত মানেই গণতান্ত্ৰিক সমাজৰ সিদ্ধান্ত নহ’বও পাৰে। গণতান্ত্ৰিক ৰাষ্ট্ৰ একোখন বহিৰাগতই হওঁক অথবা আভ্যন্তৰীণ শক্তিয়েই হওঁক কোনো একচেটীয়া ক্ষমতাশালী শক্তিয়ে যদি নিয়ন্ত্ৰণৰ চেষ্টা কৰে, তেন্তে তাৰ গণতান্ত্ৰিক চৰিত্ৰৰ অৱনতি ঘটে । লগে লগে দেশৰ সমস্ত জনগণৰ মানৱীয় মূল্যই সদায় ৰাষ্ট্ৰৰ সাৰ্বভৌমত্বৰ দৰে প্ৰশ্ন একোটাৰ লগতেই চুক্তি কৰি থাকিব লগা হয়।
পৃথিৱীৰ গোলকীয় ভূপৃষ্ঠখন বিভক্ত কৰা চাৰিসীমাবোৰ এসময়ত একনায়কত্ববাদৰ শাসন পৰিধি হিচাবেই ঠিৰাং কৰা হৈছিল৷ পাছলৈ এই চাৰিসীমাক লৈ কৰা এখন আকাংক্ষিত সমাজৰ সংকল্পই হ’ল এখন আধুনিক ৰাষ্ট্ৰ ৷ গতিকে ৰাষ্ট্ৰ মানেই সমাজ নহয়, এখন আকাংক্ষিত সমাজৰ ৰূপৰেখা বুলিহে ক’ব পাৰি৷ এই সমাজ প্ৰতিষ্ঠাৰ দিকনিৰ্ণায়ক প্ৰকল্প হ’ল ৰাষ্ট্ৰব্যৱস্থা৷ এখন আকাংক্ষিত সমাজৰ এনেদৰে সংকল্প লোৱাটো মূলতঃ সাম্প্ৰতিক শ্ৰেণীবিভক্ত সমাজখনৰেই এক গণতান্ত্ৰিক প্ৰক্ৰিয়া বুলি কোৱা হয় ৷ এই সমকালীন শ্ৰেণীবিভক্ত সমাজখনেই ৰাষ্ট্ৰব্যৱস্থাক ৰাষ্ট্ৰযন্ত্ৰ হিচাবে পৰিচালিত কৰে । পুঁজিবাদৰ পূৰ্ণ বিকাশৰ লগে লগে ৰাষ্ট্ৰব্যৱস্থা এক সম্পূৰ্ণ ৰাষ্ট্ৰযন্ত্ৰ হৈ পৰে আৰু কোনোধৰণৰ গণতান্ত্ৰিক আনুষ্ঠানিকতাই ইয়াক স্বতন্ত্ৰতা প্ৰদান কৰাটো অসম্ভৱ হৈ পৰে ৷ তেনেকৈ উত্তৰ-ঔপনিৱেশিক সমাজত আমোলাতন্ত্ৰৰ মধ্যস্থতাত পৰম্পৰাগত ক্ষমতাশালী শ্ৰেণীবিলাকৰ মাজত সম্পাদিত উমৈহতীয়া চুক্তিয়ে ৰাষ্ট্ৰযন্ত্ৰক সময়সাপেক্ষে কিছু স্বতন্ত্ৰতা প্ৰদান কৰিব পাৰে ৷ দৰাচলতে সমাজত শ্ৰেণী বিকাশৰ ঐতিহাসিক প্ৰক্ৰিয়া আৰু লগে লগে উদ্ভৱ হোৱা সংঘাতে তেনে সময় সাপেক্ষ এনে বন্দোৱস্তী অনিবাৰ্য কৰি তোলে। সমাজৰ আৰ্থ-সামাজিক গাঁথনিৰ মাজত বৰ্তি থকা শক্তি-সমীকৰণৰ স্থিতাৱস্থাবাদী জড়তাই হ’ল প্ৰতিক্ৰিয়াশীল ৰাজনীতিৰ মুল পৃষ্ঠপোষক৷
অক্সফৰ্ড অভিধানৰ মতে স্বাধীনতা (Freedom) হ'ল, "The power or right to do or say what you want without anyone stopping you" or "The state of not being a prisoner or slave"। অভিধানৰ পাতত লিপিবদ্ধ স্বাধীনতাৰ (Freedom) তুলনাত্মক সংজ্ঞাটোৰ অন্তৰালত কেৱল ভাষাগত সৰলতা নাই । ইয়াৰ ঐতিহাসিক পটভূমি গুৰুত্বপূৰ্ণ। এইটো অনুধাৱন কৰিব পাৰি যে কোনো তুলনাত্মক পৰ্যবেক্ষণ অবিহনে স্বাধীনতাৰ এক "স্বাধীন" ধাৰণা উদ্ভৱ হোৱাটো ঐতিহাসিকভাৱেই অসম্ভৱ আছিল । তেনে ঐতিহাসিক পটভূমিত আধুনিক ৰাষ্ট্ৰৰ ঐতিহাসিক অনিবাৰ্যতাৰ মাজতেই স্বাধীনতা সংজ্ঞাবদ্ধ হৈছে । ৰাষ্ট্ৰই সমাজৰ শ্ৰেণী বিভাজনৰ ইতিহাস প্ৰতিফলিত কৰাৰ যোগেদি ৰাষ্ট্ৰৰ মাজত শ্ৰেণী চৰিত্ৰ গঢ় লৈ উঠিছে। সৰলভাৱে ক'বলৈ গ'লে সমাজিক সম্পৰ্কৰ মাজত থকা পৰাধীনতাৰ আনুষ্ঠানিক ৰূপান্তৰেই যিহেতু ৰাষ্ট্ৰৰ ক্ৰমবিকাশৰ উৎস, স্বাধীনতাৰ সংজ্ঞাও নিৰ্ধাৰণ কৰিছে গণতান্ত্ৰিক ৰাষ্ট্ৰই । গতিকে গণতান্ত্ৰিক ৰাষ্ট্ৰই নিৰূপণ কৰা ন্যায়িক তথা প্ৰশাসনিক প্ৰক্ৰিয়াৰ মাজেদিয়েই মানৱ স্বাধীনতাৰ সন্ধান কৰা হয় । এই সন্ধানৰ কোনো এক অনিবাৰ্য স্তৰত ৰাষ্ট্ৰৰ অস্তিত্বইও প্ৰশ্নৰ সন্মুখীন হোৱাটো স্বাভাৱিক ।
তেনেকৈয়ে স্বাধীনতাৰ ধাৰণাৰ সৈতে আধুনিক ৰাষ্ট্ৰ জড়িত হৈ পৰিছে । কাৰণ জাতীয়তাবাদে জন্ম দিয়া আধুনিক ৰাষ্ট্ৰই স্বাধীনতা সংজ্ঞাবদ্ধ কৰিছে । উত্তৰ-ঔপনিৱেশিক পৃথিৱীত এই ঐতিহাসিক প্ৰক্ৰিয়াটোত ঔপনিৱেশিকতাৰ পৰা মুক্ত স্বাধীন ৰাষ্ট্ৰই প্ৰাথমিকতা লাভ কৰিলে । কাৰণ "এখন স্বাধীন ৰাষ্ট্ৰইহে দেশৰ জনগণৰ স্বাধীনতা সুৰক্ষিত কৰিব পাৰিব" জাতীয় তেনেই সৰল ধাৰণাও সেই ঐতিহাসিক সন্ধিক্ষণৰ বাবে যুগান্তকাৰী আছিল । তেনেদৰে স্বাধীন ৰাষ্ট্ৰৰ সীমা আৰু পৰিধিয়ে স্বাধীনতাৰ সংজ্ঞাগত ভেটি নিৰ্ধাৰণ কৰিলে।
স্বাধীনতাৰ মৌলিক ধাৰণাৰ বাবে একেবাৰে মানৱ প্ৰকৃতিৰ পৰ্যায়ৰ পৰা বিশ্লেষণ আৰম্ভ কৰিব লাগিব। তেতিয়াহে মানৱ সমাজৰ সামগ্ৰিক অৱস্থিতি আৰু তাৰ চেতনাৰ ক্ৰমবিকাশৰ বিষয়ে অনুধাৱন কৰিব পৰা যাব । স্বাধীনতাৰ মৌলিক ধাৰণাটোৱেই হ'ল ব্যক্তি স্বাধীনতা । ই আচলতে মানৱ প্ৰকৃতিৰ সুৰক্ষা আৰু স্বায়ত্ততা । এই ব্যক্তি স্বাধীনতাৰ সংগ্ৰামখন ঐতিহাসিক । আকৌ সামাজিক সম্পৰ্ক মানৱ প্ৰকৃতিৰ এক অভিন্ন অংগ । সেয়ে ব্যক্তি স্বাধীনতাৰ এই প্ৰশ্নটোৰ সামগ্ৰিক সূত্ৰায়ন হৈ আহিছে । মাৰ্ক্সে কোৱাৰ দৰে “If man’s character was formed by circumstances then it would be necessary to make the circumstances human.” । পৰাধীনতা যিহেতু ঐতিহাসিকভাৱে এক সামগ্ৰিক বাস্তৱ, স্বাধীনতাৰ সূত্ৰায়নো সামগ্ৰিক হোৱাটো অৱশ্যম্ভাৱী । কিন্তু আচল প্ৰশ্নটো হ'ল কি হ'ব লাগিব এই সূত্ৰায়নৰ প্ৰযুক্তি ? বিশ্বজুৰি আমি দেখা বিভিন্ন স্বাধীনতা সংগ্ৰামবিলাকৰ এক অনিবাৰ্য পৰিণাম আছিল বিভিন্ন ধৰণেৰে সংজ্ঞাবদ্ধ কৰা জাতীয়তাবাদ । আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰই কোনো ভূখণ্ডৰ চাৰিসীমাক প্ৰতিপন্ন কৰিব পৰাকৈ তেনে জাতীয়তাবাদক বিধিবদ্ধ কৰি পেলায় । কিন্তু ৰাষ্ট্ৰ প্ৰযুক্তিৰ ৰূপায়ণত ব্যক্তি স্বাধীনতাৰ বিশ্বজনীনতা আৰু জাতীয়তাবাদৰ "আমি-তেওঁলোক" সংজ্ঞাৰ মাজত সংঘাত স্পষ্ট হৈ পৰে।
এইটো স্পষ্ট হৈ পৰে যে জাতীয়তাবাদৰ পুৰুষতান্ত্ৰিক ভেটি ব্যক্তি স্বাধীনতাৰ পৰিপন্থী । ব্যক্তি স্বাধীনতাৰ ঐতিহাসিক প্ৰশ্নটোক সমল হিচাবে লৈ আৰ্থসামাজিক শক্তি সমীকৰণে নিজৰ মতে জাতীয়তাবাদক সংজ্ঞাবদ্ধ কৰিবলৈ ব্যৱহাৰ কৰি আহিছে। তেনে কাল্পনিক সত্তাৰ পয়োভৰাত ব্যক্তি স্বাধীনতাৰ প্ৰশ্নটোৱেই অৱহেলিত হৈ ৰৈছে । জাতীয়তাবাদ শক্তিমানৰ খণ্ডযুদ্ধৰ ভাষাহে হৈ পৰিছে । তেনেকৈ জাতীয়তাবাদে মুষ্টিমেয়কৰণৰো সূত্ৰপাত কৰে। আধুনিক ৰাষ্ট্ৰৰ ছত্ৰছায়াত জাতীয়তাবাদেই জাতীয়তাবাদৰ পৰস্পৰ উপৰিসৌধীয় কাৰক হৈ পৰে ।
গতিকে আধুনিক গণতান্ত্ৰিক ৰাষ্ট্ৰও ব্যক্তি স্বাধীনতাক সুৰক্ষিত কৰাৰ এক সম্পূৰ্ণ নিৰ্ভৰযোগ্য প্ৰযুক্তি নহয় । বৰঞ্চ আৰ্থসামাজিক বিৱৰ্তনৰ বিভিন্ন স্তৰহে ৰাষ্ট্ৰৰ অনিবাৰ্য আৰু ঐতিহাসিক বিৱৰ্তন হিচাবে আত্মপ্ৰকাশ কৰে । ৰাষ্ট্ৰই সৃষ্টি কৰা পৰিসীমাবিলাকো ঐতিহাসিক ক্ৰমনিকাৰেই একো একোটা অৱধাৰিত পৰ্যায় । গণতান্ত্ৰিক ৰাষ্ট্ৰই মানৱীয় সম্পৰ্কৰ বিশ্বজনীনতাক স্বীকৃতি দিয়ে আৰু তাক কম-বেছি মাত্ৰাত সংবিধান আৰু ন্যায় ব্যৱস্থাত সন্নিৱিষ্টও কৰে । তৎসত্বেও ৰাষ্ট্ৰব্যৱস্থাটো অৱশেষত গৈ ৰাষ্ট্ৰযন্ত্ৰ হৈ পৰাটো অন্য এক ঐতিহাসিক ক্ৰমনিকা। তেনেকৈ বিৱৰ্তিত আৰ্থ-সামাজিক গাঁথনিটোৱে ৰাষ্ট্ৰৰ ভূমিকাক দ্বন্দ্বাত্মক কৰি পেলায় । কোনো পৰিসীমাই মানবীয় সম্পৰ্কক ৰক্ষণাবেক্ষণ নিদিয়ে । বৰঞ্চ এই পৰিসীমাবিলাকৰ সামাজিক উপযোগিতাই অমানৱীয় দ্বন্দ্বযুদ্ধৰহে সৃষ্টি কৰে । কেৱল প্ৰশাসনিক আৰু ন্যায়িক দৃষ্টিকোণে এই সকলো দ্বন্দ্বৰ উত্তৰো দিব নোৱাৰে ।
লেখকৰ আনবোৰ প্ৰকাশিত লেখাৰ একত্ৰ লিংকঃ https://www.xukhdukh.com/search/label/Indrajit%20Borah
No comments:
Post a Comment