চিৰদিনৰ স্বৰ্ণকণ্ঠ
ড° প্ৰাণজিৎ বৰা
(কটনৰ সেই দিনবোৰৰে পৰা আজিলৈকে সাঙুৰি "মোৰ সংগীত অভিজ্ঞতা" নামেৰে এলানি লেখা লেখিবলৈ মন গৈ আছিল। সেইলানি লেখাত আমাক বিভিন্নধৰণে সমৃদ্ধ কৰা গীতবোৰকে ধৰি হিন্দুস্থানী- পাশ্চাত্য-থলুৱা আদি সংগীত সম্বন্ধেও নিজৰ ভাৱ-অনুভৱবোৰ লেখিম বুলি ভাবিছিলো। এটা সময়ত বহুবাৰ শুনা কিছুমান বিখ্যাত হিন্দী গীতৰ অনুবাদো ইয়াতে কৰাৰ কথা আছিল। প্ৰথমটো লেখা আৰম্ভ কৰিও এলাহতে থৈ দিছিলো। হঠাতে আজি খবৰ আহিল যে লতা মংগেশকাৰ আৰু নাই। মুহূৰ্তলৈ স্তব্ধ হৈ ৰ'লো। মোৰ প্ৰস্তাৱিত লেখাৰ বহুলাংশ অধিকাৰ কৰিলেহেঁতেন কেৱল লতা মংগেশকাৰে, তেওঁ গোৱা গীতে। এটা সময়ত ৰাতিৰ ৰাতিটো কেৱল লতা মংগেশকাৰৰ গীতেই শুনি পাৰ হৈছিল!! কিন্তু মোৰ এই লেখায়েই যে তেওঁৰ স্মৰণলেখা হ'ব, মই ভবা নাছিলো।
এই লেখাটো দুটা অংশত বিভক্ত। প্ৰথম অংশ আগতেই আৰম্ভ কৰা। দ্বিতীয় অংশ আজি মোৰ প্ৰিয় শিল্পীৰ চিৰবিদায়ৰ খবৰ আহিবৰ পিছত লেখা।)
(১)
পুহৰ ঠেঁটুৱৈ নিশা। কটনৰ ছেকেণ্ড মেচৰ ৰঙা টিনপাটবোৰ ৰাতিৰ নিয়ৰত তিতি থাকে। কুঁৱলীৰ মাজেৰে জোনটো ধূসৰ চিত্ৰকল্প এটাৰ দৰে ওলমি থাকে। সেই চিত্ৰকল্পৰ ধূসৰ পোহৰতে নৱবৰ্ষ আহে। ল'ৰামখাৰ গাত হাউচ উঠে। যোৱা শতিকাৰ নব্বৈৰ সেই আৰম্ভণিৰ সময়ত নতুন বছৰৰ শুভেচ্ছাৰ আদান-প্ৰদানৰ বাবে হোৱাটছ এপ, এছ এম এছ আদি দিবলৈ ম'বাইল ফোন, স্মাৰ্ট ফোন আদি নাছিল । আছিল Archies ৰ বিভিন্ন আকাৰৰ ধুনীয়া ধুনীয়া কাৰ্ড, নতুন বছৰৰ ডায়েৰী, নতুন বছৰটোৰ উপলক্ষত মেচৰ খানা ...
দয়ানন্দ ৰংপিৰ ফিলিপছৰ কেছেট প্লেয়াৰটো মই আবেলিতে আনি থৈছো। হোষ্টেলৰ ফিল্ডত সেয়া সন্ধিয়া ডাঙৰকৈ ধৰা জুইকুৰাৰ কাষত হাতত বাঁহীটো লৈ শৈলেনদা (শৈলেন গগৈ), ঘৰৰ পৰা আনি থোৱা ঢোলটো লৈ কোনোবা এটা, আন কাৰোবাৰ হাতত তাল এজোৰ ... পুহৰ সন্ধিয়া ল'ৰাহঁতৰ বিহুনামে কুঁৱলীৰ চেঁচা আৰু ধূসৰতা নেফানেফ কৰি পেলাইছে ...
নিশাৰ খোৱা-বোৱা শেষ কৰি উঠি আটাইবোৰ শুইছে। আচৰিত কথা যে আজিকালিৰ নিচিনাকৈ নিশা বাৰ বজালৈ, বাৰ বজাত নতুন বছৰটোক আদৰিবলৈ, কোনো ৰৈ থকা নাছিল। কোনো ফটকা বা কোনো কেক নাছিল। সুৰাৰ প্ৰাধান্যও প্ৰায় নাছিলেই, কোনোবাই খাইছিল যদিও মনে মনে লগ হৈ খাই তাক ৰাজহুৱা কৰাৰ পৰা বিৰত আছিল। যি নহওক, সন্ধিয়াৰে পৰা ডাঙৰ ডাঙৰকৈ বাজি থকা ডেকবোৰ এঘাৰমান বজালৈ লাহে লাহে প্ৰায় নিতাল মাৰিছে। মই ৰৈ আছিলো ঠিক এইখিনি পৰলৈকে। দয়াদাৰ পৰা আনি থোৱা কেছেট প্লেয়াৰটোত লাহেকৈ মই মোৰ প্ৰিয় গানবোৰ কেছেট সলাই সলাই লগাই গ'লো।
লতা মংগেশকাৰৰ কণ্ঠৰ গান আটাইবোৰ।
জঠৰ ৰাতিৰ নীৰৱতা ভাঙি বাজি উঠিল প্ৰথমটো গীত,"চান্দ ফিৰ নিকলা মগৰ তুম না আয়ী ..." (चांद फिर निकला, मगर तुम न आये/जला फिर मेरा दिल, करुँ क्या मैं हाय/चांद फिर निकला ...)
'পেয়িং গেষ্ট' ছবিত কিম্বদন্তী অভিনেত্ৰী নুতনৰ লিপত এই গান কিমানবাৰ শুনিছো সেই তেতিয়াৰে পৰা?
এয়া গানেইনে?
হৃদয়ৰ একেবাৰে ভিতৰত খুন্দিওৱা এই সুৰ আৰু এই কণ্ঠ? শচীন দেৱ বৰ্মনৰ সংগীত সেয়া। ত্ৰিপুৰা ৰাজপৰিয়ালৰ সদস্যৰূপে বা ইংৰাজী সাহিত্যৰ স্নাতকোত্তৰৰূপে শচীন দেৱ বৰ্মনক হয়তো কোনেও নাজানে। তেওঁক সকলোৱে জানে মাথোঁ ভাৰতীয় ধ্ৰুপদী সংগীতৰ সৈতে উত্তৰ-পূৱৰ স্বকীয় লোকসংগীত মিলাই কৰা তেওঁৰ অনবদ্য সংগীতৰ বাবে। এইটো গীত বিখ্যাত উৰ্দু কবি-গীতিকাৰ মজৰুখ চুলতানপুৰীৰ ৰচনা। শচীন দেৱ বৰ্মনৰ কি সংগীত! আৰু লতাৰ কণ্ঠ!!
বহুতৰে গান শুনিছো যদিও লতা জানিবা সদায়েই একক। আবেগ-উদ্বেলিত অন্তৰক এই জগতৰ মায়া-মমতাৰেই অনন্তৰ আভাস দিব লাগে? কোমল কিবা এটাক আৰু কোমল কৰি তুলিব লাগে? মধুময় কিবা এটাক আৰু মধুময় কৰি তুলিব লাগে? কেৱল লতাৰ কণ্ঠত আছে সেই যাদু। চি ৰামচন্দ্ৰৰ সংগীতত প্ৰদীপ কুমাৰ-বীণা ৰায়ৰ বিখ্যাত "আনাৰকলি"ৰ বাবে লতাই গাইছিল "য়ে জীন্দেগী উচি কি হেয় ..." ৰাজেন্দ্ৰ কিষাণৰ ৰচনা আছিল এই গীত, "यह ज़िंदगी उसीकी है जो किसी का हो गया/प्यार ही में खो गया/यह ज़िंदगी उसीकी है जो/किसी का हो गया/प्यार ही में खो गया/यह जिंदगी उसी की हैं" কি সুৰ! কি মায়াসনা!! এখন সুকীয়া জগত যেন সেয়া!
মীনা কুমাৰীৰ বাবে লতাই গোৱা মোৰ চিৰদিনৰ প্ৰিয় এটা গীত বাজি উঠিল তাৰ পিছত। কামাল আমৰোহিৰ "পাকিজা" ছবিৰ "মৌচম হে আচিয়ানা" (मौसम है आशिकाना/ऐ दिल कहीं से उनको/ऐसे में ढूंढ लाना/मौसम है आशिकाना)। কি গান! আমাৰ লোককবিতাৰ দৰে মিঠা কথাকেইটা,
"कहना के रुत जवां है और हम तरस रहे है/
काली घटा के साये बिरहन को डस रहे है/
डर है ना मार डाले सावन का क्या ठिकाना/
सावन का क्या ठिकाना/मौसम है आशिकाना"
হঠাৎ মনত পৰি গ'ল বাৰমাহী গীতৰ প্ৰিয়তমৰ বাবে অধীৰ সেই বিৰহী নাৰীলৈ। লতাৰ মাতটোত সেই বিৰহ-আকুল হৃদয়ৰ হাহাকাৰ উফৰি উফৰি পৰিছে কেউপিনে। এক মিঠা উদাস-আকুলতা! দোঁকোলটকা হৈ বাগৰিছে যেনেদৰে তাৰ পিছত বাজি উঠা গীতটোত, "লগ যা গলে কে ফিৰ চে হাসী ৰাত হো না হো" (लग जा गले/ के फिर ये हसीं रात हो ना हो/ शायद फिर इस जनम में मुलाक़ात हो ना हो)। ১৯৬৪ চনৰ 'ৱ কৌন থী' ছবিত সাধনাৰ লিপত এই গীত। মদন মোহনৰ সংগীতত এই গান লেখিছিল বিখ্যাত গল্পকাৰ চাদাট হাচান মণ্টোৰ অন্তৰংগ বন্ধু ৰাজা মেহদী আলি খানে।
(২)
মদন মোহন আৰু লতাৰ যুগলবন্দীয়ে সম্ভৱতঃ বলীউডৰ পূৰ্বৰ সকলো ৰেকৰ্ড ভাঙি পেলাইছিল। মদন মোহনৰ সংগীততে লতাই গাইছিল "তু জাহা জাহা চলেগা" (तू जहाँ जहाँ चलेगा,/ मेरा साया, साथ होगा/मेरा साया)। 'মেৰা ছায়া' ছবিৰ বাবে ৰাজা মেহদী আলি খানৰ ৰচনা আৰু সাধনাৰ লিপত লতাৰ সেই অতুলনীয় মাতৰ এই গীত এতিয়াও যেতিয়া গুণগুণাওঁ, মনটো ভৰি পৰেঃ
तू अगर उदास होगा, तो उदास हूँगी मैं भी
नज़र आऊँ या ना आऊँ, तेरे पास हूँगी मैं भी
तू कहीं भी जा रहेगा, मेरा साया, साथ होगा ...
কাঈফী আজমীয়ে লেখিছিল আনহাতে "জাৰা চি আহত হোতী হে" (ज़रा सी आहट होती है तो दिल सोचता है /कहीं ये वो तो नहीं, कहीं ये वो तो नहीं/ ज़रा सी आहट होती है ...) ৰ দৰে গীত। তেওঁৰে আন এক নজহা-নপমা ৰচনা ধৰ্মেন্দ্ৰ-শৰ্মিলা অভিনীত হৃষীকেশ মুখাৰ্জীৰ ১৯৬৬ চনৰ "অনুপমা" ছবিৰ এই গীতটো---"কুছ দিল নে কাহা":
लेता है दिल अंगड़ाइयां, इस दिल को समझाये कोई
अरमान ना आँखें खोल दें, रुसवा ना हो जाये कोई
पलकों की ठंडी सेज पर, सपनों की परियां सोती हैं
ऐसी भी बातें होती हैं
कुछ दिल ने कहा, कुछ भी नहीं
হেমন্ত মুখাৰ্জীৰ সংগীত আছিল এয়া। এই গীতৰ চিত্ৰায়ন আৰু শৰ্মিলা ঠাকুৰৰ লিপত লতাৰ মাতটো এক পাহৰিব নোৱৰা অভিজ্ঞতা। লতাৰ মাতটোৱে গীতৰ কথাখিনিক যেন নতুন কৰি পেলাইছে আৰু আমি নতুনকৈ দেখিছো অপাৰ সংবেদনশীল এগৰাকী নাৰীক। লতা তেনেকুৱাই। "অভিমান"ত জয়া ভাদুৰীৰ বাবে যেতিয়া লতাই গায়, "অৱ তো হে তুমসে হৰ খুচী অপনী" (अब तो है तुमसे हर खुशी अपनी/तुमपे मरना है ज़िंदगी अपनी) বা "পিয়া বিনা পিয়া বিনা" (पिया ऐसे रूठे, के होंठों से मेरे, संगीत रूठा/कभी जब मैं गाऊँ, लगे मेरे मन का, हर गीत झूठा/ऐसे बिछड़े, हो/ ऐसे बिछड़े मोसे रसिया/पिया बिना ... ), সেই কণ্ঠ এগৰাকী প্ৰেমাংগনা পৰিশীলিত নাৰীৰ কণ্ঠ যেন লাগে (শচীন দেৱ বৰ্মনৰে সংগীত), আনহাতে "মিলি"ত যেতিয়া "মেইনে কাহা ফুলো সে" (मैंने कहा फूलों से/ हँसो तो वो खिलखिला कर हँस दिये) গায়, এনে লাগে ফুলৰ মাজে মাজে যেন সঁচাকৈয়ে এজনী খিলখিল তৰুণী লৱৰি ফুৰিছে। একেই অনুভৱ হয় "লাভ ইন টকিঅ'" ৰ "চায়'নাৰা চায়'নাৰা" শুনিলে, বা "দিল অপনা ঔৰ প্ৰীত পৰাই" ছবিৰ "আজীৱ দাস্তান" (अजीब दास्तां है ये/कहाँ शुरू कहाँ खतम/ये मंज़िलें है कौन सी/न वो समझ सके न हम) শুনিলে... আনহাতে 'চম্বল কি কচম'ৰ "চন্দা ৰে" (चंदा रे/मेरे भईया से कहना/ बहना याद करे/चँदा रे मेरे भईया..) শুনিলে ভায়েকৰ বিৰহত কাতৰ ভনীয়েকজনীৰ দুখে হেঁচা মাৰি ধৰেহি। প্ৰখ্যাত উৰ্দু কবি সাহিৰ লুধিয়ানভীৰ ৰচনা আৰু বিখ্যাত সংগীত পৰিচালক খায়ামৰ ৰচনা আছিল লতাৰ এই অসাধাৰণ গীত।
মুকেশৰ সৈতে লতাই সাহিৰৰ ৰচনাৰে গোৱা "কভী কভী মেৰে দিল মেঁ" বা ৰফীৰ সৈতে গোৱা তাজমহল ছবিৰ "যো ৱাদা কিয়া তো নিভানা পৰেগা" আৰু "ইজ্জত" ছবিৰ "য়ে দিল তুম বিন কহি লগতা নেহী" সম্ভৱতঃ অন্যতম শ্ৰেষ্ঠ দ্বৈত-সংগীতৰ ভিতৰতে পৰিব। "কভী কভী"ৰ সংগীত আছিল খায়ামৰ, আনহাতে হিন্দুস্থানী সংগীতৰ বিখ্যাত যুটী হৰিপ্ৰসাদ চৌৰাচিয়া আৰু শিৱ কুমাৰ শৰ্মাৰ সংগীতেৰে নিৰ্মিত "চিলচিলা"ত কিশোৰ কুমাৰৰ সৈতে গোৱা "দেখা এক খ্যাৱ' (देखा एक ख़्वाब तो ये सिलसिले हुए/दूर तक निगाहों में हैं गुल खिले हुए) অবিস্মৰণীয় এক সংগীত-অভিজ্ঞতা। এই গীতৰ গীতিকাৰ আছিল প্ৰসিদ্ধ উৰ্দু কবি জাভেদ আখটাৰ (জাভেদ আখটাৰৰ পিতাক জান নিচাৰ আখটাৰে আনহাতে লেখিছিল "য়ে দিল এ নাদান", খায়াম চাহাবৰ সংগীত আৰু লতাৰ কণ্ঠত যি প্ৰাণ পাই চিৰদিনৰ গীতত পৰিণত হৈছিল 'ৰেজিয়া চুলতান' ছবিত)।
কিশোৰ কুমাৰৰ সৈতেই গোৱা "আঁধী" ছবিৰ গুলজাৰৰ ৰচনাৰ সেই "তেৰে বিনা জীন্দেগী সে", "ইস মৌড় সে", "তুম আগেয়ী তো" এই তিনিটা গীত আৰু "ঘৰ" ছবিৰ কিশোৰৰ সৈতেই গোৱা "আপ কী আঁখো মে কুছ" (সেই আৰ ডি বৰ্মন, যাৰ "কিনাৰা" ছবিৰ সংগীতত লতাই গুলজাৰৰ ভাষাৰে নিজকণ্ঠেৰে নিজেই কৈ গৈছে, "मेरी आवाज़ ही, पहचान है") ৰ তুলনা হ'ব জানো কেতিয়াবা? দ্বৈত-সংগীতৰ কথা ওলাওতেই মনত পৰিছে লতাই হেমন্ত মুখাৰ্জীৰ সৈতে গোৱা "য়াদ কিয়া দিল নে (याद किया दिल ने कहाँ हो तुम/झूमती बहार है कहाँ हो तुम/प्यार से पुकार लो जहाँ हो तुम)। এই বিখ্যাত গীতৰ সংগীত আছিল শংকৰ-জয়কিষাণৰ। শংকৰ-জয়কিষাণৰ সংগীতত মান্না ডেৰ সৈতে লতাই আনহাতে গাইছিল "ৰাত ঔৰ দিন"ৰ সেই বিখ্যাত গীতঃ "দিল কি গিৰাহ খোল দো" (दिल की गिरह खोल दो, चुप न बैठो,/ कोई गीत गाओ आ आ आ आ,/ महफ़िल में अब कौन है अजनबी, तुम मेरे पास आओ)। হেমন্ত মুখাৰ্জীৰ সংগীততে একক কণ্ঠত ১৯৫৪ চনৰ "নাগিন"ৰ বাবে লতাই গাইছিল "মন ডোলে মেৰা তন ডোলে মেৰা"। ১৯৪৯ চনত খেমচান্দ প্ৰকাশৰ "মহল"ৰ মধুবালাৰ লিপত "আয়েগা আনেৱালা" আজিও নতুন। এই গীতৰ কাহানিও লগ এৰা নিদিয়া এটা কলিঃ
दीपक बग़ैर कैसे, पर्वाने जल रहे हैं
कोई नहीं चलाता, और तीर चल रहे हैं
तड़पेगा कोई कब तक, बे-आस बे-सहारे
लेकिन ये कह रहे हैं, दिल के मेरे इशारे
आएगा, आएगा, आएगा, आएगा आनेवाला
লতাৰ "নেনা বৰচে ৰিমঝিম ৰিমঝিম"ৰ কলি এটাই এতিয়াও খেদি ফুৰে মোক। লতাৰ মাতটোৰ প্ৰতিধ্বনি লৱৰিয়েই ফুৰে অহোৰাত্ৰ আৰু মাজে মাজে গুণগুণাওঃ
वो दिन मेरी निगाहों में/ वो यादें मेरी आहों में/ ये दिल अब तक भटकता है/ तेरी उल्फ़त की राहों में/ सूनी सूनी राहें /सहमी सहमी बाहें/ आँखों में हैं बरसों की प्यास/ नैना बरसे रिमझिम रिमझिम)
কেতিয়াবা আকৌ "য়ু হচৰত কে দাঘ" ( यूँ हसरतों के दाग़ मुहब्बत में धो लिये/ खुद दिल से दिल की बात कही और रो लिये), বা আন কেতিয়াবা "হাম প্যাৰ মে জলনেৱালো কো" (हम प्यार में जलनेवालों को
चैन कहाँ/ हाय, आराम कहाँ)।
এসময়ত নাচিৰুদ্দিন শ্বাহ অভিনীত "বাজাৰ" চাইছিলোঁ, কাহিনী কেতিয়াবাতে পাহৰিলো, কিন্তু খায়ামৰ সংগীতেৰে বন্ধা লতাৰ এটা গান ৰৈ গৈছে মনত, "দিখায়ে দিয়ো তো" (दिखाई दिए यूँ कि बेखुद किया/हमें आप से भी जुदा कर चले/दिखाई दिए यूँ...)। আন এটা প্ৰায়ে আওৰাই থকা লতাৰ গীত হৈছে "আপকী নজৰো মে চমঝা" (आपकी नज़रों ने समझा/प्यार के काबिल मुझे)।
ধ্ৰুপদী সংগীতৰ অনবদ্য স্পৰ্শৰে লতাই তেওঁৰ ভাতৃ হৃদয়নাথ মংগেশকাৰৰ সংগীত পৰিচালনাৰে ১৯৯০ চনৰ "লেকিন" ছবিত আমাক যি চমকপ্ৰদ গীত দি গৈছে, তাৰ তুলনা পিছে এই মুহূৰ্তত মোৰ মনলৈ অহা নাই। "লেকিন"ৰ "শুনিও জী", "মেঁ এক সদী সে", "কেশৰিয়া বালমা" আদি গীতত লতাৰ মাতটোৰ সেই মেজিক অনন্য, অনন্য, অনন্য। হৃদয়নাথ মংগেশকাৰৰ সংগীতেৰেই ১৯৯৩ চনৰ "মায়া মেমচাব" ছবিৰ আন এক পাহৰিব নোৱৰা গীত, "এক হাচিন নিগাহ' কা" (एक हसीं निगाह का/दिल पे साया है/जादू है जुनून है/कैसी माया है/यह माया है)।গুলজাৰৰ ৰচনা। গুলজাৰৰ ৰচনাৰেই আমাৰ ভূপেন হাজৰিকাৰ সংগীতেৰে আকৌ "ৰুদালি"ৰ "দিল হুম হুম কৰে"!
হিন্দীত বহুকেইটা এনেকুৱা গীত আছে য'ত পুৰুষ আৰু নাৰীৰ দুটা সংস্কৰণ আছে। ১৯৫৭ চনৰ "ৰাণী ৰূপমতী" ছবিত লতাই গোৱা "আ লোট কে আজা মেৰে মীত", 'সৰস্বতীচন্দ্ৰ' ছবিৰ "চন্দন সা বদন", 'চিৰাগ' ছবিৰ "তেৰে আখো কে চিৱা" বা 'মনজিল' ছবিৰ "ৰিমঝিম গিৰে সাৱন" ৰ পুৰুষ সংস্কৰণৰ বিপৰীতে লতাই গোৱা নাৰী সংস্কৰণকেইটাৰ আবেদনেই সুকীয়া।
লতাৰ কণ্ঠৰ বঙলা গীত এসময়ত অনেক শুনিছিলো। "হতাম যদি তোতা পাখি", "না মন লাগে না", "নিঝুম সন্ধ্যায় পান্থ পাখিৰা", "ভালো কৰে তুমি চেয়ে দেখো", "আষাঢ় শ্ৰাৱণ মনে না তো মন", "ৰংগিলা বাঁশিতে কে ডাকে", "বাঁশি কেন গায়", "তোমাকে শুনাতে এ গান যে গেয়ে যায়", ইত্যাদি। কটনত পঢ়ি থকাৰ সময়ত লতাৰ বাংলা গীতৰ এইচ এম ভিৰ কিমান যে কেছেট কিনিছিলো! কেৱল "নিঝুম সন্ধ্যায় পান্থ পাখিৰা" গীতটো শুনিবলৈকে তিনিটামান কেছেট কিনিছিলো (প্ৰখ্যাত শিল্পী শোভা ব্ৰহ্মদেৱে আকাশবাণী গুৱাহাটীত "মোৰ প্ৰিয় গীত"ত এই গীতটোও বজাইছিল)। এসময়ত লতাৰ কণ্ঠত বুজি নাপালেও কানাড়া গান শুনি অবাক হৈ গৈছিলো। (লিংকটো দিছো, শুনি চাবচোনঃ https://youtu.be/F0sRnbw8_qY)
মিৰ্জা গালিৱৰ "হাজাৰো খ্যাহিশে এইচে কে হৰ খ্যাহিশে দম নিকলে" কেৱল লতাৰ কণ্ঠতহে ভাল লাগে এতিয়াও। জগজিত সিঙৰ সৈতে গোৱা "গম কা খাজানা তেৰা ভী হে মেৰা ভী" যেতিয়াই শুনো, সদায় এনে লাগে যেন এই প্ৰথম শুনিলোঁ! প্ৰসিদ্ধ উৰ্দু কবি শ্বাহিদ কবিৰে লেখিছিল এই যুগমীয়া গীতটো।
চিৰদিনৰ স্বৰ্ণকণ্ঠ লতা মংগেশকাৰৰ সংগীত একাষাৰে চিৰদিনৰ স্বৰ্ণপ্ৰপ্ৰাত। আমাৰ "চামেলি মেমচাব"ৰ স্ৰষ্টা নিৰোদ চৌধুৰীদেৱে "লতা, সুৰীয়া লতা" নামেৰে এখনি স্মৰণীয় জীৱনী কোন কাহানিবাতে লেখি গৈছে। সংগীতৰ শিখৰত আৰোহণ কৰিও লতাৰ যি চিৰনম্ৰ-চিৰপৰিশীলিত জীৱন, সেয়ে তেওঁক কেৱল দেৱীৰ ৰূপতহে প্ৰতিভাত কৰে। কে এল চাইগলৰ পৰা আৰম্ভ কৰি কিশোৰ কুমাৰলৈকে সংগীত জগতৰ মহীৰূহসকলক লৈ তেওঁৰ আন এক অনবদ্য বৰঙনি "শ্ৰদ্ধাঞ্জলি" কিমানবাৰ যে শুনিছো, সেই "শ্ৰদ্ধাঞ্জলি"ত পংকজ মল্লিকৰ প্ৰতি শ্ৰদ্ধাঞ্জলিকল্পে তেওঁ গোৱা মল্লিকৰ গীতেৰেই ক'ব খুজিছো, "তেৰে মন্দিৰ কা হু দীপক জল ৰহা..." (तेरे मंदिर का हूँ दीपक जल रहा/तेरे मंदिर का हूँ दीपक जल रहा/आग जीवन में मैं भर कर चल रहा/जल रहा/तेरे मंदिर का हूँ दीपक जल रहा...)
আমাৰ অন্তৰ্মন্দিৰৰ দীপক হৈ চিৰদিন জ্বলি থাকিব সেই স্বৰ্ণকণ্ঠ।
শেষত এটা ঘটনাৰ কথা নক'লে নহ'ব।
কটনৰ দিনৰে কথা। ভালকৈ মনত আছে, জানুৱাৰীৰ সন্ধিয়া আছিল সেইটো। পাতলকৈ বৰষুণ দিছে। মই হোষ্টেলৰ বাৰাণ্ডাত থিয় দি আছো। ডনবক্সৰ কেঁকুৰিটোৰে ৰিক্সা এখন আহি এচ পি অফিচৰ (তেতিয়া এচ পি অফিচটো তাতে আছিল) সমুখেৰে বাট লৈছে। ৰিক্সাৱালাজন আদহীয়া মানুহ। তিতিবুৰি একাকাৰ। তেওঁ কিন্তু নিজৰ ভাৱত নিজেই মত্ত। কোবাকুবিকৈ ৰিক্সা চলাইছে আৰু জোৰজোৰকৈ গান গাইছে। কি গান আছিল জানেনে? দিলীপ কুমাৰ-বৈজয়ন্তীমালাৰ ১৯৬১ চনৰ বিখ্যাত ছবি "গংগা-যমুনা"ৰ শ্বাকিল বাদাউনিয়ে লেখা আৰু নৌশাদ আলি চাহাবে সংগীত কৰা লতাৰ কণ্ঠৰ সেই গানঃ "দো হংসো কি জোড়া বিচড় গয়ী ৰে"--
दो हंसों का जोड़ा बिछड़ गयो रे/
गजब भयो रामा, जुलम भयो रे/
दो हंसों का जोड़ा...
পাছ মুহূৰ্ততে আকৌ আন এটা গীতৰ কলি, লতাৰে গানঃ "জুলমি সংগ আঁখ লড়ি"--
ज़ुल्मी सैग आँख लड़ी
सखी मैं का से कहूँ
जाने कैसे ये बात बढ़ी
ज़ुल्मी सैग आँख लड़ी रे
উত্তৰ ভাৰতৰ বিয়া নামৰ সুৰত কৰা গীত, সলিল চৌধুৰীৰ সংগীত। দিলীপ কুমাৰ-বৈজয়ন্তীমালাৰে ছবি, ১৯৫৮ চনৰ হ'বলা, বিমল ৰয়ৰ পৰিচালনা, "মধুমতী" (য'ত লতাৰ আৰু এটা অতি বিখ্যাত গীত আছিল, "আজা ৰে পৰদেশী ৰে")।
ৰিক্সাৱালাজনে বৰষুণত তিতিবুৰি এই যে গানবোৰ চিঞৰি চিঞৰি গাইছিল, কি পাইছিল এই গীতবোৰত? আমি সৰু হৈ থাকোতে মাঘৰ বিহুৰ ভেলাঘৰৰ পৰা মাইকত ভাহি আহিছিল লতাৰ "ৰাম তেৰী গংগা মেইলি"ৰ গীত, আটাইতকৈ বেছিকৈ, হয়তো ৰিৱাইণ্ড কৰি কৰি, বাজিছিল, "হুচন' পাহাৰ' কা হো চায়েবান"---
हुस्न पहाड़ों का ओ साहिबा
हुस्न पहाड़ों का
क्या कहना की बारों महिने
यहाँ मौसम जाड़े का
পাহাৰীয়া সুৰক লৈ অভিনৱ সংগীত (ঋষি কাপুৰ অভিনীত "হেনা"কে ধৰি) সৃষ্টি কৰা ৰবীন্দ্ৰ জৈনৰ সংগীত আছিল সেয়া, ৰাজকাপুৰৰ ছবি। একেই সুৰক জীৱন্ত কৰি তোলা পূৰ্বে উল্লেখ কৰা হৰিপ্ৰসাদ চৌৰাচিয়া আৰু শিৱকুমাৰ শৰ্মাৰ সংগীতেৰে লতাৰ "তেৰে মেৰে হোঠো পে" শীৰ্ষক "চাঁদনী"ৰ গীতটি হোষ্টেলৰ লোহিতদাই (লোহিত বংজাঙ) বাঁহীত কম বজাইছিলনে?
সম্ভৱতঃ সেই ৰিক্সাৱালাজনেও আজি উচুপি উঠিছে। স্বাধীন ভাৰতত শ্ৰেণী-জাতি-বৰ্ণ-ধৰ্ম নিৰ্বিশেষে সম্ভৱতঃ আজিয়েই গোটেই ভাৰতবৰ্ষই 'একেলগ হৈ' সেই অনন্য কণ্ঠক সুঁৱৰিছে।
চিৰদিনৰ স্বৰ্ণকণ্ঠলৈ মোৰ প্ৰণিপাত।।
No comments:
Post a Comment